আন্তৰ্জাতিক যোগ দিৱস

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস (ইংৰাজী: International Yoga Day) হিচাপে ঘোষণা কৰে। যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পিছত অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ২১ জুন দিনটো উত্তৰ গোলাৰ্দ্ধত বছৰৰ আটাইতকৈ দীঘল দিন।

আন্তৰ্জাতিক যোগ দিৱস
আন্তৰ্জাতিক যোগ দিৱস
২০১৬ চনত দিল্লীত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ চিত্ৰ
সম্পূৰ্ণ নাম International Day of Yoga - IDY
অন্য নাম যোগ দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিশ্ব যোগ দিৱস
পালন কৰে বিশ্বজুৰি
প্ৰকাৰ ৰাষ্ট্ৰসংঘ
তাৰিখ ২১ জুন
উদযাপন যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰা।
সম্পৰ্কিত যোগাসন, ধ্যান, স্বাস্থ্য
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰৰ একে তাৰিখে
অৱধি ১ দিন
সংঘটন বাৰ্ষিক

উৎস

আন্তৰ্জাতিক যোগ দিৱস 
নতুন দিল্লীত যোগ দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ২১ জুন ,২০১৫

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত (UNGA) ভাষণৰ সময়ত প্ৰথমে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ধাৰণাটো প্ৰস্তাৱ কৰিছিল। তেওঁ এইদৰে কৈছিল:

Yoga is an invaluable gift of India's ancient tradition. It embodies unity of mind and body; thought and action; restraint and fulfillment; harmony between man and nature; a holistic approach to health and well-being. It is not about exercise but to discover the sense of oneness with yourself, the world and the nature. By changing our lifestyle and creating consciousness, it can help in well being. Let us work towards adopting an International Yoga Day.

—  Narendra Modi, UN General Assembly

এই প্ৰাৰম্ভিক প্ৰস্তাৱৰ পিছত ৰাষ্ট্ৰসংঘই ২০১৪ চনত "যোগ দিৱস" শীৰ্ষক প্ৰস্তাৱৰ খচৰা গ্ৰহণ কৰে। ভাৰতৰ প্ৰতিনিধি দলে এই আলোচনা আহ্বান কৰে।

২০১৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ১০ টকাৰ স্মৃতি মুদ্ৰা সৃষ্টি কৰিছিল। ২০১৭ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ ডাক প্ৰশাসনে (UNPA) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এখন পৃষ্ঠাত যোগাসন সংলগ্ন কৰি ১০ টা ডাকটিকট জাৰি কৰিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষানৰেন্দ্ৰ মোদীভাৰতভাৰতৰ প্ৰধানমন্ত্ৰীযোগাসনৰাষ্ট্ৰসংঘ

🔥 Trending searches on Wiki অসমীয়া:

স্বৰাজইংৰাজী ভাষাসৰ্বশিক্ষা অভিযানঅসমৰ জিলাসমূহনাটকখেৰাইঅখণ্ড সংখ্যাআজান পীৰৰ দৰগাহকবিৰত্ন সৰস্বতীবজ্ৰাংগী আইজেৰুজালেমআনন্দৰাম ঢেকিয়াল ফুকন২৭ মাৰ্চনগাঁও জিলামৃত্যুনিউটনৰ গতিৰ সূত্ৰজীৱনীভাৰতত বাল্য বিবাহদুৰ্গাবৰ কায়স্থবাগ্‌ধ্বনিনাৰায়ণদেৱবানপানীভূপেন হাজৰিকাঅসমীয়া জাতিমহাযানআহোম ৰাজ্যবুৰঞ্জী সাহিত্যদেওধাই অসম বুৰঞ্জীনাৰীবাদভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাগদ্যফলৰ তালিকাঅসমৰ ইতিহাসদশাৱতাৰতাপগতি বিজ্ঞানমাৰিয়া মণ্টেছৰীঅশোকাষ্টমীবৈচাগুবিহুভ্ৰাম্যমাণ থিয়েটাৰম'লঢোলনৰনাৰায়ণ সেতুপাইথেগাৰাছৰুদ্ৰ কন্দলীমণিৰাম দেৱান (চলচ্চিত্ৰ)চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়হিচাপবিদ্যাবিজ্ঞাপনবেটুপাতনগাঁও কুইজ ফ'ৰামঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅণুবীক্ষণ যন্ত্ৰখাজুৰাহোচুতীয়া ৰাজ্যকামৰূপ ৰাজ্যলিংগভিত্তিক অধ্যয়নগোলকীয় নাগৰিকত্বঅসমীয়া কবিতাৰ ইতিহাসলক্ষ্মীনন্দন বৰাঅৰুণোদইবৰষুণৱেষ্ট ইণ্ডিজস্নায়ুকোষচলচ্চিত্ৰসোণোৱাল কছাৰীশোভা ব্ৰহ্মপিয়লি ফুকনমামণি ৰয়ছম গোস্বামীআন্তৰ্জাতিক নাৰী দিৱসঅসমীয়া লোকসাহিত্যগৱেষণা🡆 More