যোগাসন: প্ৰাচীন ভাৰতৰ আধ্যাত্মিক অনুশীলন

যোগাসন বা যোগ বা যোগবিদ্যা বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। হিন্দু, বৌদ্ধ) আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ অনেক ঠাল-ঠেঙুলি, ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে। ইয়াৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য হল হঠ যোগ আৰু ৰাজ যোগ।

যোগাসন: প্ৰাচীন ভাৰতৰ আধ্যাত্মিক অনুশীলন
Yogi sitting in a garden

যোগৰ বিষয়ে উল্লেখ থকা সবাতোকৈ পূৰনি গ্ৰন্থসমূহৰ পৰা যোগবিদ্যাৰ সময়ক্ৰমৰ বিষয়ে স্পষ্টভাবে জনা নাজায়। কিছুমান গ্ৰন্থ যেনে হিন্দুসকলৰ উপনিষদ বা বৌদ্ধধৰ্মৰ পালী ভাষাত লিখা ধৰ্মশাস্ত্ৰ কিছুমানত যোগৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায়। পতজ্ঞলিৰ যোগসূত্ৰসমূহ খৃষ্টজন্মৰ প্ৰায় পাঁচশ বচৰৰ ভিতৰতেই লিখা হৈছিল যদিও বিংশ শতিকাতহে ই প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছিল। খৃষ্টিয় ১১ শতিকাত হঠ যোগৰ পুথিসমূহ আবিৰ্ভাব হৈছিল টান্ত্ৰিক পন্থাৰ পৰা।

স্বামী বিবেকানন্দৰ সফলতাৰ পাচত, উনৈশশ শতিকাৰ শেষভাগত আৰু বিংশশ শতিকাৰ প্ৰাৰম্ভনিৰে পৰা বিভিন্ন সময়ত ভাৰতবৰ্ষৰ যোগাচাৰ্য্যসকলে পচ্ছিমীয়া দেশসমূহত যোগবিদ্যাৰ প্ৰচাৰ কৰে। ১৯৮০ ৰ দশকত পাচ্ছাত্যৰ দেশসমূহত শৰীৰচৰ্চাৰ অংগ হিচাপে জনপ্ৰিয় হয়। অবশ্যে ভাৰতীয় পৰম্পৰাত যোগ কেবল এক শৰীৰচৰ্চাৰ অংগ মাত্ৰ জ্ঞান কৰা নহয়, ইয়াৰ এক আধ্যাত্মিক আৰু ধ্যানৰ প্ৰাণ থকা বুলি বিবেচনা কৰা হয়। তদুপৰি সাংখ্য দৰ্শনৰ লগত বহু মিল থকা যোগ হল হিন্দুধৰ্মৰ ছয়টা মূল ধাৰাৰ এটা, যাৰ নিজৰেই এক সুকীয়া মিমাংসা প্ৰণালী (epistemology) আৰু তত্ত (metaphysics) আছে।

কৰ্কতৰোগ, স্কিযোফ্ৰেনীয়া, হাপানী, হৃদৰোগ আদিৰ ক্ষেত্ৰত যোগৰ সুফলতাৰ বিষয়ে বহুতো পৰীক্ষা নিৰিক্ষা কৰা হৈছে। এনে পৰিক্ষাসমূহৰ ফলাফল এতিয়াও স্পষ্টভাবে নিৰ্ণয় কৰিব পৰা হোৱা নাই। আনহাতে কৰ্কতৰোগৰ ক্ষেত্ৰত কিছুমান পৰীক্ষাৰ পৰা জনা গৈছে যে যোগাভ্যাস কৰাৰ ফলৰ কৰ্কতৰোগ হোৱাৰ প্ৰৱণতা কমি যোৱা আৰু কৰ্কতৰোগীৰ মনস্তাত্বিকভাৱে ৰোগ নিৰাময় কৰাৰ সম্ভাবনা বৃদ্ধি হোৱাৰ সম্ভাবনা আছে।

তথ্যসূত্ৰ

Tags:

ৰাজ যোগ

🔥 Trending searches on Wiki অসমীয়া:

ক্ষবিত্তীয় ব্যৱস্থামিত্ৰদেৱ মহন্তমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅৰুণোদইগগনাভাৰতীয় দৰ্শনবুঢ়ী আইৰ সাধুঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাঅসমীয়া লোকসাহিত্যব'হাগ বিহুনিৰ্মলপ্ৰভা বৰদলৈফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাপবিতৰা অভয়াৰণ্যপৰিৱেশ অধ্যয়নভাৰতৰ স্বাধীনতা আন্দোলনহিতেশ ডেকামানচিত্ৰমনোবিজ্ঞানপ্ৰাঞ্জল শইকীয়াটকা (বাদ্য)তগৰচীনশূন্যলিংগভিত্তিক অধ্যয়নবাঁহনৰেন্দ্ৰ মোদীপথৰুঘাটৰ ৰণগৌতম বুদ্ধহয়গ্ৰীৱ মাধৱ মন্দিৰঊৰুমৈথুনদীপলিনা ডেকাউমাচল শিলালিপিবৰগীতসৌৰজগতঅসমীয়া উপন্যাসবাগৰুম্বাবিহু নৃত্যকুশল কোঁৱৰঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাব্ৰহ্মপুত্ৰ নদওৰাং ৰাষ্ট্ৰীয় উদ্যাননগাঁওসংস্কৃতিঅসমীয়া খাদ্যাভ্যাসমৌলানা আব্দুল হামিদ খান ভাসানীলক্ষ্মীধৰ শৰ্মাদৌল গোবিন্দ মন্দিৰমেলেৰিয়াসংক্ৰমণভাৰতভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাশকুন্তলানগাঁও জিলাহেমকোষকাতি বিহুকপৌ ফুলসাত বিহুৰামধেনুৰাছিয়াজয়সাগৰ পুখুৰীৰাসোৎসৱহাজোব’হাগসুশোভন সোনু ৰায়জোনবিৰি (অলংকাৰ)মৃত্যুপাটবাউসী সত্ৰঢোললোকসভাদ্য টেল অফ গেঞ্জিনৱবিধা ভক্তিঅসমৰ ধান খেতিৰ সঁজুলিসমূহজোৰোণনাগৰিকত্ব🡆 More