হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা (১৯৪৩ -) এগৰাকী কবি, চুটি গল্প লেখক, প্ৰবন্ধ লেখক, ঔপন্যাসিক, কবিতাৰ সমালোচক আৰু অধ্যাপক। ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান (DGP) হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সাহিত্য বিষয়ক আলোচনী 'গৰীয়সী' আৰু ইংৰাজী দৈনিক কাকত 'দ্যা ছেণ্টিনেল'ৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। বৰ্তমানেও সাহিত্য জগতৰ লগত তেখেত জড়িত হৈ আছে।

হৰেকৃষ্ণ ডেকা
হৰেকৃষ্ণ ডেকা
জন্ম ১৯৪৩
পেচা আৰক্ষী বিষয়া, সাহিত্যিক
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি বঁটা (১৯৮৭)
অসম উপত্যকা সাহিত্য বঁটা (২০১০)

প্ৰাৰম্ভিক জীৱন

হৰেকৃষ্ণ ডেকাৰ জন্ম হৈছিল ১৯৪৩ চনত। পৈতৃক ঘৰ আছিল বৰ্তমানৰ নলবাৰী জিলাসৰ্থেবাৰী অঞ্চলত। কিন্তু তেখেতৰ শৈশৱ অতিবাহিত হৈছিল তিনিচুকীয়াত। তাতেই তেখেতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে প্ৰথমে কটন কলেজ আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লয়। ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।

কৰ্মজীৱন

১৯৬৫ চনৰ মাজভাগৰপৰা ১৯৬৮ চনলৈ গুৱাহাটীগুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬৮ চনত 'ভাৰতীয় আৰক্ষী সেৱা'ৰ অসম-মেঘালয় কেডাৰত যোগ দিয়ে। আৰক্ষী সেৱাৰ পৰা অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে। ২০০৮ চনৰ ডিচেম্বৰ মাহৰপৰা ২০১০ চনৰ নৱেম্বৰ মাহলৈ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা সমিতিৰ (National Security Advisory Board) সদস্য ৰূপে কাৰ্য নিৰ্বাহ কৰে॥ চাকৰিৰ পৰা অৱসৰৰ পাছত ডেকাই 'The Sentinel' কাকতৰ সম্পাদক ৰূপে কম সময়ৰ বাবে যোগ দি পাছলৈ সাহিত্য আলোচনী 'গৰীয়সী'ৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

সাহিত্য কৰ্ম

    কবিতা পুথি
  • স্বৰেবাৰ
  • ৰাতিৰ শোভাযাত্ৰা, ১৯৭৮
  • আন এজন, (বঙালী আৰু উড়িয়া ভাষালৈ অনূদিত)
  • সানমিহলি বৰ্ণমালা
  • সয়ম্বৰ, ১৯৭২
  • কবিতা ১৯৬০-১৯৮০, ২০০২
  • ভালপোৱাৰ বাবে এষাৰ, ২০০৩
  • সানমিহলি বৰ্ণমালা, ২০১০
  • সময় শব্দ জীৱন আৰু অন্যান্য
  • অন্য সেতুবন্ধ
  • খিৰিকীখনত নিলিখিবা আৰু ল'কডাউনৰ কবিতা
  • তিনিশৰীয়া কবিতা
  • স্বনিৰ্বাচিত কবিতা।
    অনুদিত কবিতা পুথি
  • Sea-Scare (ইংৰাজীলৈ অনূদিত কবিতা), ২০০১
  • প্ৰতিসাৰিত ৰশ্মি, ১৯৯২ (ছেইণ্টজন পাৰ্ছি, য়ানিছ ৰিছট'ছ, ভাস্ক' পোপা আৰু জেৰোস্লাভ ছিফাৰ্টৰ কবিতাৰ অনুবাদ)
    চুটি-গল্প সংগ্ৰহ
  • প্ৰাকৃতিক আৰু অন্যান্য, ১৯৮৫
  • মধূসূদনৰ দলং, ১৯৯২
  • বন্দীয়াৰ, ১৯৯৬ (উড়িয়া ভাষালৈ অনূদিত)
  • পোষ্টমডাৰ্ণ অথবা গল্প, ২০০১
  • মৃত্যুদণ্ড, ২০০৬
  • গল্প আৰু কল্প (Story and Fiction), ২০০৯
  • স্বৰ্ণবৃষ্টি
  • পাঁচৰ পিঠিত শূণ্য (নিৰ্বাচিত ৫০টা গল্প)
  • স্বনিৰ্বাচিত ২৫টা গল্প
    সাহিত্য সমালোচনা
  • আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ, ১৯৯৮
  • বীক্ষণ আৰু সন্ধান, ২০০০
  • সৃষ্টি আৰু দৃষ্টি, ২০০৬
  • আধুনিক কবিতা,
  • নীলমনি ফুকনঃ কবি আৰু কবিতা, ২০১০
  • অৱলোকন,
    উপন্যাস
  • আগন্তুক, ২০০৮
  • যাত্ৰাঃ এখন অসম্পূৰ্ণ উপন্যাসৰ বাৰটা অধ্যায়
  • ডিটেকটিভঃ দুখন ৰহস্য উপন্যাস
    সম্পাদিত কিতাপ
  • তৰুণ প্ৰজন্মৰ কবিতা, ২০০৫
    সামাজিক বিশ্লেষণ
  • প্ৰব্ৰজন আৰু অণুপ্ৰবেশ, ২০১০
  • সাৰ্বভৌমত্ব, সন্ত্ৰাসবাদ আৰু নাগৰিক সমাজ, ২০১০
  • এই সময়,
    স্মৃতিকথা
  • চোতালৰ আঁক-বাক
    ইংৰাজীলৈ অনুদিত কবিতা
  • One Hundred Poems of Harekrishna Deka.অনুবাদক: ছাদিকুল ইছলাম
  • Guilt and Other Stories. অনুবাদক: মিত্ৰা ফুকন

স্বীকৃতি আৰু সন্মান

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

হৰেকৃষ্ণ ডেকা প্ৰাৰম্ভিক জীৱনহৰেকৃষ্ণ ডেকা কৰ্মজীৱনহৰেকৃষ্ণ ডেকা সাহিত্য কৰ্ম[2]হৰেকৃষ্ণ ডেকা স্বীকৃতি আৰু সন্মানহৰেকৃষ্ণ ডেকা তথ্য সংগ্ৰহহৰেকৃষ্ণ ডেকা বাহ্যিক সংযোগহৰেকৃষ্ণ ডেকাঅসম আৰক্ষীগৰীয়সীদ্যা ছেণ্টিনেল

🔥 Trending searches on Wiki অসমীয়া:

নীলকণ্ঠী ব্ৰজলোকভাষাম'হৰ শিঙৰ পেঁপাঅসমীয়া গীতি সাহিত্যকোচ হাজোমুছলমানঅংকীয়া নাটপিয়লি ফুকনজঙ্গমভটিমাবেউলাশৰাইঘাট দলংআলুযোৰহাটবাঁহ পূজাতামিলনাডুনীলমণি ফুকন (কনিষ্ঠ)যোগেশ দাসকৃষ্ণচূড়াথাই ভাষাস্বচ্ছ ভাৰত অভিযানকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবৃন্দাবনী বস্ত্ৰমাতৃভাষাশব্দ (অভিধান)জীৱনৰ বাটতচন্দ্ৰকুমাৰ আগৰৱালাইংৰাজী ভাষাওচেনিয়াযৌন নিৰ্যাতনআউনীআটী সত্ৰৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসপানী বগলীস্বাধীনতা দিৱস (ভাৰত)ভ্ৰাম্যমাণ থিয়েটাৰদেৱদাসী নৃত্যৰংকেৰঅসমীয়া কবিতাৰ ইতিহাসকাৰ্বি ভাষাৰংঘৰমাহইছলামজিকিৰঅতুল চন্দ্ৰ হাজৰিকাপৰ্যাবৃত্ত তালিকাসাক্ষৰতাখোলপ্ৰহ্লাদ চৰিত্ৰঅসমৰ সত্ৰসমূহৰ তালিকাউত্তৰ-পূব ভাৰতবুৰঞ্জী সাহিত্যগামখাৰুমহামায়া ধামকোণভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামহাদেশমাটিভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰাজ্যসভাপোৱামক্কাইষ্ট ইণ্ডিয়া কোম্পানীলিংগপলাশীৰ যুদ্ধডিম্পু বৰুৱাগামোচাকথা কবিতাপাঠ পৰিকল্পনাহাবুংগুণাভিৰাম বৰুৱাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঘৰচিৰিকাতোলনি বিয়াভাৰতীয় জাতীয় কংগ্ৰেছমাটিৰ হিচাপত্ৰিভুজ🡆 More