হাইকু

হাইকু (俳句 haikai verse?) এবিধ অতি চুটি কবিতা। জাপানত এই কবিতাৰ প্ৰথমে প্ৰচলন হৈছিল। হাইকু কবিতাৰ তিনিটা প্ৰধান বৈশিষ্ট্য হৈছে:

  • হাইকুৰ এটা বৈশিষ্ট্য হৈছে, 'কিৰু' (আক্ষৰিক অৰ্থঃ কটা) (kiru)। দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণ , যাক সাঙোৰা হয় এটা শব্দৰ দ্বাৰা। এই শব্দক 'কিৰেজি' (kireji) বোলা হয়। 'কিৰেজি'য়ে চিত্ৰকল্প বা ধাৰণা দুটাক লগ কৰাৰ উপৰিও নিৰ্ণয় কৰে সেই উপাদান কেইটা কি অৰ্থত সাঙোৰা হৈছে।
  • হাইকুৰ পৰম্পৰাগত ৰূপত সোতৰটা 'মাত্ৰা' থাকে। জাপানী ভাষাত 'অন' (ধ্বনি) আৰু 'জি' (বৰ্ণ) লগ লাগি এটা 'উচ্চাৰিত বৰ্ণ' (phonetic character) গঠিত হয়। ইংৰাজী অনুবাদত ইয়াক আখৰ (letter) বুলি কোৱা হৈছে, মূলত: এই ৰূপটো সংস্কৃতৰ 'মাত্ৰা'ৰ সমস্থানীয়। এই সোতৰটা 'মাত্ৰা' তিনিটা শাৰীত ৫, ৭, ৫-টাকৈ ভগোৱা থাকে। যিকোনো এটা শাৰীৰে শেষত 'কিৰেজি' এটা থাকিব পাৰে।
  • হাইকুত এটা ঋতুবাচক শব্দ থাকে। ইয়াক 'কিগো' (kigo) বোলা হয়। এই 'কিগো' সাধাৰণতে ঋতুবাচক শব্দৰ এখন বৃহৎ তালিকাৰ পৰা লোৱা হয়। তালিকাখনক 'ছাইজিকি' (saijiki) বোলা হয়। 'কিগো' শব্দটো প্ৰকৃতিৰ মাজৰ পৰা লোৱা হয়। সেইবাবেই হাইকু সমূহক মূলত: প্ৰকৃতিৰ কবিতা বুলি কোৱা হয়।
হাইকু

আধুনিক জাপানী হাইকু সমূহত ১৭ মাত্ৰাৰ নিয়মটো সদায়ে মানি চলা নহয়। প্ৰকৃতিৰ উল্লেখো সদায়ে নহয়। কিন্তু দুটা ভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ ৰীতি এতিয়াও মানি চলা হয়। অতি সম্প্ৰতি চিত্ৰকল্পবিলাক সাধাৰণতে দেখি থকা ঘটনা বা দৃশ্য হ'ব লাগে বুলি কোৱা হৈছে।

জাপানত হাইকু সমূহক ওপৰৰপৰা তললৈ লিখা হয়। ইংৰাজী বা অন্য ভাষাত ইয়াক তিনিটা শাৰী হিচাপে লিখা হয়।

হাইকুক আগতে হক্কু (hokku) বুলি কোৱা হৈছিল। হাইকু নামকৰণ প্ৰথমে কৰিছিল উনবিংশ শতাব্দীত মাশ্বাওকা শ্বিকিয়ে।

উদাহৰণ

এটা বহুল পঠিত হাইকু হৈছে 'মাৎছুয়ো বাছ''ৰ দ্বাৰা ৰচিত 'পুৰণি পুখুৰী'।

জাপানী ভাষাত:

    古池や蛙飛込む水の音
    ふるいけやかわずとびこむみずのおと (transliterated into 17 hiragana)
    furuike ya kawazu tobikomu mizu no oto (transliterated into romaji)

মাত্ৰা হিচাপে বিভাজিত:

    fu-ru-i-ke ya (৫)
    ka-wa-zu to-bi-ko-mu (৭)
    mi-zu no o-to (৫)

ইংৰাজী অনুবাদ (২০)

    old pond . . .
    a frog leaps in
    water’s sound

অসমীয়া অনুবাদ

    পুৰণি পুখুৰীত
    ভেকুলীটো জঁপিয়ালে
    পানীত শব্দ

অইন ভাষাত হাইকু

হাইকু জাপানৰ বাহিৰেও বৰ্তমান অন্যান্য ভাষাটো ৰচনা কৰা হয়। মূ ল জাপানী ভাষাৰ শব্দ-বিন্যাসৰ নিয়মবিলাক অইন ভাষাত কঠোৰ ভাৱে মানি চলাটো সম্ভৱ নহয়। কিন্তু প্ৰকৃতিৰ উল্লেখ আৰু ভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ ৰীতি মানি চলা হয়।

অসমীয়া ভাষাত হাইকু

জয়ন্তী চুতীয়াই 'বাছ'ৰ হাইকু ভ্ৰমণ' নাম দি মাৎছুয়ো বাছ'ৰ 'হাইকু ভ্ৰমণ' কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে। অৱশ্যে কিতাপখন গদ্য আৰু কবিতাৰ সংমিশ্ৰণ। এই কিতাপখনত হাইকুৰ বাহিৰে অন্যান্য আংগিকৰো কবিতা আছে।

তথ্য উৎস

Tags:

হাইকু উদাহৰণহাইকু অইন ভাষাত হাইকু অসমীয়া ভাষাত হাইকু তথ্য উৎসহাইকুজাপান

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত ৰত্নচামগুৰি সত্ৰমাইলছ ব্ৰনছনলোকাচাৰকনকলতা বৰুৱামৌখিক ইতিহাসশামুকভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যহয়গ্ৰীৱ মাধৱ মন্দিৰধেমাজিপাঠ্যক্ৰমবিজ্ঞানঅসমৰ মুখা শিল্পডিব্ৰুগড়জ্যামিতিবাঁহচি এছ এছএশিঙীয়া গঁড়মই আৰু নেফাকীৰ্তন ঘোষা সংকলনচীনঅসমৰ গামোচাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহউপনিষদযাদৱ পায়েংদশাৱতাৰবতাহঅৰুণোদইকেশৱ মহন্তভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য২৫ এপ্ৰিলআনন্দ চন্দ্ৰ আগৰৱালানাৰীবাদভাৰতত মহিলা শিক্ষাশূন্যসত্যেন্দ্ৰনাথ শৰ্মাগণৰাজ্য দিৱস (ভাৰত)মণিপুৰকল্পনা চাওলামিচিং জনগোষ্ঠীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিঅসমৰ তামোল-পাণ সংস্কৃতিমৌলিক সংখ্যাহিমন্ত বিশ্ব শৰ্মাদৌল গোবিন্দ মন্দিৰগদ্যভাষাপাইথেগাৰাছমিৰি জীয়ৰীগোপাল কৃষ্ণ গোখলেঅৰুণাচল প্ৰদেশৰুক্মিণী হৰণ নাটমাধৱদেৱআৰবী ভাষাৰাতি বিহুজৈৱ বৈচিত্ৰ্যকামৰূপ ৰাজ্যকথা-ভাগৱতকাঠনিবাৰী ঘাটভাৰতৰ স্বাধীনতা আন্দোলনবিশ্ব বাণিজ্য সংস্থাউৎসৱহস্তীবিদ্যাৰ্ণৱঅনুৰাধা শৰ্মা পূজাৰীলাচিত বৰফুকনমিচিং জনগোষ্ঠীৰ সাজপাৰবিষুৱ ৰেখাভবেন্দ্ৰ নাথ শইকীয়াতাল (বাদ্যযন্ত্ৰ)অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাকামৰূপ জিলা🡆 More