চলচ্চিত্ৰ সন্ধ্যাৰাগ

সন্ধ্যাৰাগ (ইংৰাজী: Sandyaraag) ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। 'বানপ্ৰস্থ' শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।

সন্ধ্যাৰাগ
(Cry of Twilight)
চলচ্চিত্ৰ সন্ধ্যাৰাগ
পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়া
চিত্ৰনাট্য ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰযোজক ভবেন্দ্ৰ নাথ শইকীয়া
অভিনয়ত ৰুণু দেৱী
অৰুণ শৰ্মা
(তলত চাওক)
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্য
সংগীত পৰিচালক ৰমেন চৌধুৰী
ইন্দ্ৰেশ্বৰ শৰ্মা
প্ৰভাত শৰ্মা
মুক্তি
৫ আগষ্ট ১৯৭৭
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

ছবিখনৰ কাহিনী

সন্ধ্যাৰাগ পুতলী নামৰ দুখুনী বিধবা এজনীৰ কাহিনী। তেওঁৰ জীয়েক দুজনী- চাৰু আৰু তৰু। জীয়েক দুজনীক নগৰৰ দুঘৰ চহকী মানুহৰ ঘৰলৈ বনকৰা ছোৱালী হিচাপে পঠিয়াই দিয়া হয়। ডাঙৰজনী ছোৱালী চাৰুক এজনী বনকৰা ছোৱালী হ'লেও এগৰাকী পৰিয়ালৰ সদস্যৰ দৰেই গৃহস্থই আকোৱালী লয়। কিন্তু সৰুজনী তৰুৰ সিমানখিনি সৌভাগ্য নাছিল। তাই অনবৰত লম্পট গিৰিহঁত আৰু তেওঁৰ ডেকা পুত্ৰৰ পৰা গা বচাই চলিবলগীয়া হয়। বিবাহোপযুক্ত হোৱাত দুয়োজনীয়ে চহৰৰ পৰা গুচি আহিবলৈ বাধ্য হয়। কিন্তু নগৰীয়া জীৱনত অভ্যস্ত হৈ উঠা সিহঁতে গাঁৱলৈ ঘূৰি আহি সংস্থাপনৰ অভাৱত চৰম দাৰিদ্ৰৰ মুখামুখি হবলগীয়া হয়। অৱশেষত দাৰিদ্ৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সন্তান জন্ম দিব পৰা শক্তি নথকা বুলি জানিও পূৰ্বৰ মালিকৰ ড্ৰাইভাৰজনৰ সৈতে বিয়াত বহিবলৈ তৰুৱে সিদ্ধান্ত লয়। তৰুৱে বায়েকক তাইক লগত নিবলৈ কয়। আনহাতে মাক পুতলীয়েও জীয়েকৰ সন্তান হ'লে লাচনী-পাচনী কৰিবলৈ যিহেতু এগৰাকী অভিজ্ঞ মানুহৰ দৰকাৰ, সেয়ে তেৱোঁকো লগত নিবলৈ জীয়েকক অনুৰোধ কৰে।

অভিনয়ত

  • ঈশান বৰুৱা
  • বিষ্ণু বৰুৱা
  • আনন্দ মোহন ভাগৱতী
  • মামণি দাস
  • সংগীতা শইকীয়া
  • তৃপ্তিকল্প হাজৰিকা
  • ৰূপম বৰুৱা
  • উপকুল বৰদলৈ

কলা-কুশলী

(তথ্যপেৰাত উল্লেখ নথকাসকল)

ছবিৰ গীত

সন্ধ্যাৰাগত ২টা গীত আছে।

  1. ভালকৈ ধৰিবি ব'ঠা
  2. আমি নিৰাশাৰ

ৰাইজৰ সঁহাৰি

সন্ধ্যাৰাগ ব্যৱসায়িকভাবে সফল হৈছিল। অভিনয় শিল্পী আৰু কলা-কুশলীসকলক পাৰিশ্ৰমিক দি তথা ছবি নিৰ্মাণ কৰোঁতে লোৱা ধাৰ-ঋণ পৰিশোধ কৰাৰ পাছতো কিছু টকা প্ৰযোজক ডঃ শইকীয়াৰ হাতত ৰৈ গৈছিল বুলি তেখেতে 'জীৱন বৃত্ত'ত উল্লেখ কৰি গৈছে।

বঁটা আৰু স্বীকৃতি

  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) (১৯৭৭)
  • ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
  • ১৯৭৮ চনত চেন্নাইত অনুষ্ঠিত ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (তৃতীয় ফিল্মোৎসৱ) প্ৰদৰ্শিত
  • চেকোস্লোভাকিয়াৰ কাৰ্ভই ভাৰি চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত (১৯৭৮)
  • স্পেইনৰ ভায়াডলিড চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত (১৯৭৮)

সন্ধ্যাৰাগৰ কেইটামান দৃশ্য

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

চলচ্চিত্ৰ সন্ধ্যাৰাগ ছবিখনৰ কাহিনীচলচ্চিত্ৰ সন্ধ্যাৰাগ অভিনয়তচলচ্চিত্ৰ সন্ধ্যাৰাগ কলা-কুশলীচলচ্চিত্ৰ সন্ধ্যাৰাগ ছবিৰ গীতচলচ্চিত্ৰ সন্ধ্যাৰাগ ৰাইজৰ সঁহাৰিচলচ্চিত্ৰ সন্ধ্যাৰাগ বঁটা আৰু স্বীকৃতি[1]চলচ্চিত্ৰ সন্ধ্যাৰাগ সন্ধ্যাৰাগৰ কেইটামান দৃশ্যচলচ্চিত্ৰ সন্ধ্যাৰাগ তথ্যসূত্ৰচলচ্চিত্ৰ সন্ধ্যাৰাগ বাহ্যিক সংযোগচলচ্চিত্ৰ সন্ধ্যাৰাগঅসমীয়া চলচ্চিত্ৰইংৰাজী ভাষাভবেন্দ্ৰ নাথ শইকীয়া

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ব্যাকৰণঅনাভেদী যৌনক্ৰিয়াকাৰ্বি ভাষাএ কে গাৰ্নিআধুনিকতাবাদচীনদুৰ্গাবৰ কায়স্থলক্ষ্মীধৰ শৰ্মাভগ্নাংশ (গণিত)সৰস্বতী পূজাখিলঞ্জীয়া লোকইউনিক’ডজাভাখাৰখোৱামেকুৰীসৰস্বতীমাজুলীচৰকাৰভাৰতৰ উচ্চতম ন্যায়ালয়সংক্ৰমণপাটবাউসী সত্ৰওৰাং ৰাষ্ট্ৰীয় উদ্যানচ্যু-লিক-ফাঅসমৰ ধান খেতিৰ সঁজুলিসমূহৰাষ্ট্ৰসংঘতথ্যবাগ্‌ধ্বনিসাহিত্য অকাডেমি বঁটাপৰিৱেশ তন্ত্ৰতেজভঠেলিপূৰ্ণ স্বৰাজআৱাহন (আলোচনী)যৌন সংগমহেমচন্দ্ৰ গোস্বামীবকুল ফুলৰ দৰে (গ্ৰন্থ)হাতীপটিভাৰত-ইউৰোপীয় ভাষা পৰিয়ালছক্ৰেটিছব্যৱস্থাপনাকেতেকীৰংকেশৱ মহন্তভাৰতৰাভা জনগোষ্ঠীভাৰতৰ নিৰ্বাচন আয়োগকাঞ্চন (উপন্যাস)স্বামী বিবেকানন্দঢোলঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঅসমীয়া ভাষা আন্দোলনএলুমিনিয়ামআহোম ধৰ্মনৱবিধা ভক্তিবিৰিঞ্চি কুমাৰ বৰুৱাকেন্দ্ৰীয় শাসিত অঞ্চললাচিত বৰফুকনদুৰ্গা পূজাডিব্ৰুগড় বিশ্ববিদ্যালয়মুগা (ৰেচম)অনুৰাধাৰ দেশশাল গছজোৰোণচলচ্চিত্ৰমৈদামবিদ্যুৎখেৰাইভেঁকুৰত্ৰিভুজলোক-নৃত্যজেং বিহুবৰপেটা সত্ৰভট্টদেৱহাবুং🡆 More