বিষ্ণু খাৰঘৰীয়া: অসমীয়া অভিনেতা

বিষ্ণু খাৰঘৰীয়া (ইংৰাজী: Bishnu Khargharia, জন্ম-১৯৪৬) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা বিষ্ণু খাৰঘৰীয়াই ১৯৭১ চনত চিনেমাৰ জগতখনত প্ৰৱেশ কৰে৷ তেখেতৰ প্ৰথমখন চিনেমা আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত অৰণ্য ৷ ২০২১ বৰ্ষত তেখেতে অভিনয়-জীৱনত সোণালী জয়ন্তী স্পৰ্শ কৰে৷ জাহ্নু বৰুৱা, মুনীন বৰুৱাকে ধৰি বহুকেইগৰাকী প্ৰতিষ্ঠিত চলচ্চিত্ৰকাৰৰ ছবিত মননশীল অভিনয় কৰি সুখ্যাতি অৰ্জন কৰা অভিনেতাজনে বিগত পাঁচ দশকত ত্ৰিশতকৈও অধিকসংখ্যক ছবিত অভিনয় কৰিছে৷ সাগৰলৈ বহুদূৰ, বান্ধোন, কণিকাৰ ৰামধেনু, আজান ফকীৰ চাহেব, ফিৰিঙতি হৈছে তেখেতৰ কেইখনমান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰকৰ্ম৷ ১৯৯৫ আৰু ২০১২ চনত তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে৷ ২০১২ চনত তেখেতক প্ৰাগ চিনে বঁটা-প্ৰদান অনুষ্ঠানত জীৱনজোৰা সাধনাৰ বঁটাৰে সন্মানীত কৰা হয়৷

বিষ্ণু খাৰঘৰীয়া
বিষ্ণু খাৰঘৰীয়া: পৰিয়াল আৰু শিক্ষা, কৰ্মজীৱন, বঁটা আৰু সন্মান
আজান ফকীৰৰ জীৱনীমূলক কাহিনীৰে নিৰ্মিত আজান ফকীৰ চাহেব নামৰ অসমীয়া চলচ্চিত্ৰখনত আজান ফকীৰৰ ৰূপত বিষ্ণু খাৰঘৰীয়া
জন্ম ১৯৪৬
অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৭১-বৰ্তমান
উল্লেখযোগ্য কৰ্ম
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫, ২০১২)
  • জীৱনজোৰা সাধনাৰ বঁটা(২০১২)

পৰিয়াল আৰু শিক্ষা

১৯৪৬ চনৰ ডিব্ৰুগড়ৰ আমোলাপট্টিত বিষ্ণু খাৰঘৰীয়াৰ জন্ম হৈছিল৷ পিতৃ আছিল ভুৱন চন্দ্ৰ খাৰঘৰীয়া আৰু মাতৃ আছিল দিব্যলতা খাৰঘৰীয়া৷ পিতৃ আছিল এগৰাকী অভিনেতা৷ তেখেতে মঞ্চৰ লগতে ৰূপালী পৰ্দাতো অভিনয় কৰিছিল৷ চলচ্চিত্ৰকাৰ ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ডক্তৰ বেজবৰুৱাত তেখেতে অভিনয় কৰিছিল৷ বিষ্ণু খাৰঘৰীয়াই অভিনয়ৰ প্ৰেৰণা লাভ কৰিছিল পিতৃৰ পৰাই৷

বিষ্ণু খাৰঘৰীয়াই স্কুলীয়া জীৱনৰ পাতনি মেলে ডিব্ৰুগড়তে৷ পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে৷ পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ সময়তে বিষ্ণু খাৰঘৰীয়াই ডিব্ৰুগড়ৰ 'জয়শ্ৰী সংঘ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা লাচিত বৰফুকন নামৰ নাটকখনত শিশু চৰিত্ৰ ৰূপায়ণ কৰে৷ ছাত্ৰাৱস্থাতেই তেখেতে ডিব্ৰুগড়ৰ নাট্যসন্ধ্যাবোৰতো অভিনয় কৰিছিল৷ ষাঠিৰ দশকত তেখেতে কাশ্মীৰ কুমাৰী নামৰ নাটকখনত প্ৰভাৱশালী অভিনয় কৰে৷ আনহাতে সত্তৰৰ দশকৰ পৰা তেখেতে অপেছাদাৰী নাট্যগোষ্ঠীৰ লগত জড়িত হৈ পৰে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ আন এজন প্ৰসিদ্ধ অভিনেতা বিজু ফুকনৰ লগতো তেখেতে সেই সময়তে নাটকত অভিনয় কৰিছিল৷

কৰ্মজীৱন

অসমীয়া চলচ্চিত্ৰত অভিনয়

সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি অৰণ্যৰ যোগেদি বিষ্ণু খাৰঘৰীয়াৰ অভিষেক ঘটে৷ ১৯৭১ চনত মুক্তিলাভ কৰা এই ছবিখনত অসমৰ এগৰাকী পৰিচিত অভিনয়-শিল্পী বিদ্যা ৰাওৱে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল৷ নিশাৰ চকুলো নামৰ ছবিখনত বিষ্ণু খাৰঘৰীয়াই নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল৷ বৃষ্টি নামৰ চলচ্চিত্ৰত জয়ন্ত হাজৰিকা কণ্ঠদান কৰা এটি গীত সুৰাত মগন ভয়াল ৰাতিত বিষ্ণু খাৰঘৰীয়াই স্মৰণীয় প্ৰদৰ্শন আগবঢ়ায়৷ এইখন ছবিয়ে মুক্তি লাভ কৰিছিল ১৯৭৫ চনত৷ আজান ফকীৰৰ জীৱনভিত্তিক কথাছবি আজান ফকীৰ চাহেবত বিষ্ণু খাৰঘৰীয়াই কেন্দ্ৰীয় চৰিত্ৰত অৱতীৰ্ণ হয়৷ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত কথাছবি 'সাগৰলৈ বহুদূৰ'ত তেখেতে এজন নাৱৰীয়াৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শক আৰু সমালোচকৰ পৰা ভূয়সী প্ৰশংসা অৰ্জন কৰে৷ অভিনয়ৰ বাবে তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এইখন ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনয়ৰ সন্মান লাভ কৰে৷

ৰঞ্জিত দাসে পৰিচালনা কৰা সংস্কাৰ নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে বিষ্ণু খাৰঘৰীয়াই ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ অৰূপ মান্নাৰ দ্বাৰা নিৰ্দেশিত ছবি জীৱন তৃষ্ণা হৈছে অভিনেতাজনৰ আন এক উল্লেখনীয় ছবি৷ এইখন ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে শ্ৰেষ্ঠ সহ-অভিনেতাৰ সন্মান লাভ কৰে৷

বিষ্ণু খাৰঘৰীয়াই নিপ বৰুৱাৰ দ্বাৰা নিৰ্মিত ছবি মণিমা নামৰ বাংলা ছবিখনতো অভিনয় কৰিছে৷ ইয়াৰ উপৰি অসমীয়া ভাষাত নিৰ্মিত বহুকেইখন ভিচিডিৰ গুৰুত্বপূৰ্ণ ছবিত তেখেতে সফল অভিনয় কৰিছে৷

তেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি তলত তালিকাভূক্ত কৰা হৈছে :

নাটকত

বঁটা আৰু সন্মান

বিষ্ণু খাৰঘৰীয়াই লাভ কৰা বঁটাসমূহ
বৰ্ষ বঁটা শিতান চলচ্চিত্ৰ পৰিচালক তথ্যসূত্ৰ
১৯৯৫ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিচাৰকৰ বিশেষ উল্লেখ বঁটা সাগৰলৈ বহু দূৰ জাহ্নু বৰুৱা
১৯৯৬ চিংগাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ শ্ৰেষ্ঠ অভিনেতা সাগৰলৈ বহু দূৰ জাহ্নু বৰুৱা
১৯৯৭-৯৮ ৰাজ্যিক চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেতা সংস্কাৰ ৰঞ্জিত দাস
২০০৫ এন ই টিভি বঁটা দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা জীৱন তৃষ্ণা অৰূপ মান্না
২০০৯ ৰাজ্যিক চলচ্চিত্ৰ বঁটা গিৰিশ চৌধুৰী শ্ৰেষ্ঠ সহ-অভিনেতা বসুন্ধৰা হীৰেন বৰা
২০১২ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিচাৰকৰ বিশেষ উল্লেখ বঁটা বান্ধোন জাহ্নু বৰুৱা
প্ৰাগ চিনে এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা
২০১৪ ৰ'দালি বঁটা শ্ৰেষ্ঠ অভিনেতা পানী যদুমণি দত্ত
২০১৬ প্ৰাগ চিনে এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা অন্তৰ্দৃষ্টি(The man with the Bainocular) ৰীমা দাস
২০১৮ অসম ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ তচদ্দুক ইউছুফ শ্ৰেষ্ঠ নেতিবাচক খলনায়ক বঁটা
২০২০-২১ প্ৰাগ চিনে এৱাৰ্ড বিচাৰকৰ বিশেষ উল্লেখ বঁটা দ্বীপেন গান্ধী (ছবিগৃহত এতিয়ালৈকে মুক্তি পোৱা নাই) কংকন ৰাজখোৱা

সন্মানসমূহ


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

বিষ্ণু খাৰঘৰীয়া পৰিয়াল আৰু শিক্ষাবিষ্ণু খাৰঘৰীয়া কৰ্মজীৱনবিষ্ণু খাৰঘৰীয়া বঁটা আৰু সন্মানবিষ্ণু খাৰঘৰীয়া সন্মানসমূহবিষ্ণু খাৰঘৰীয়া তথ্য সংগ্ৰহবিষ্ণু খাৰঘৰীয়া বাহ্যিক সংযোগবিষ্ণু খাৰঘৰীয়াঅসমীয়া চলচ্চিত্ৰঅৰণ্য (চলচ্চিত্ৰ)আজান ফকীৰ চাহেবইংৰাজী ভাষাকণিকাৰ ৰামধেনুজাহ্নু বৰুৱাপ্ৰাগ চিনে বঁটাফিৰিঙতিবান্ধোনমুনীন বৰুৱাসমৰেন্দ্ৰ নাৰায়ণ দেৱসাগৰলৈ বহুদূৰৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

🔥 Trending searches on Wiki অসমীয়া:

মাঘ বিহুসংগীতআহোম ৰাজবংশপাণিনিউমাচল শিলালিপিপঞ্জাৱ এণ্ড সিন্ধ বেংককাৰ্ল মাৰ্ক্সঅসমীয়া ভাষাৰ শব্দসম্ভাৰইয়াত এখন অৰণ্য আছিলবৰাক নদীকলাগড়গাঁওঅংকীয়া নাটভাৰতত বাল্য বিবাহদৈনিক অসমপাঠ পৰিকল্পনাখোলজাহ্নু বৰুৱাবাঁহী (আলোচনী)পদ্মা-পুৰাণযোৰহাটআধুনিকতাবাদবুৰঞ্জীবিদ্যুৎএচিদ বৰষুণৰামায়ণচিৰাং জিলাকবিৰত্ন সৰস্বতীকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানদেওধাই অসম বুৰঞ্জীকলাজজ্ঞানপীঠ বঁটানীলমণি ফুকন (জ্যেষ্ঠ)চৰাইঅভিজ্ঞানম শকুন্তলমভট্টদেৱৰ গদ্যশৈলীস্বদেশী আন্দোলনখ্ৰীষ্টান ধৰ্মবিশ্ব থিয়েটাৰ দিৱসস্বামী বিবেকানন্দগৰু বিহুমাটিবৈচাগুযৌতুকমৌখিক সাহিত্যবুঢ়ী আইৰ সাধুজোনবিৰি (অলংকাৰ)লিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভাৰতগঙ্গা নদীভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাকোণবানপানীমানস ৰাষ্ট্ৰীয় উদ্যানইতিহাসপ্ৰাকৃতিক দুৰ্যোগগদী ভাষা২৯ মাৰ্চঅশোকাষ্টমীউৎসৱসপ্তকাণ্ড ৰামায়ণচাণক্যগুৱাহাটী উচ্চ ন্যায়ালয়ৰূপনাথ ব্ৰহ্মপুথিভঁৰালসমাজবাদডিমাছা জনগোষ্ঠীপীতাম্বৰ কবিশোভা ব্ৰহ্মসংখ্যাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)সংগীত নাটক একাডেমী বঁটাএৰিষ্ট'টলপঞ্জাৱ নেচনেল বেংকঅসমৰ পৰম্পৰাগত সাজ- পাৰজয়মতী কুঁৱৰী (নাটক)বনলতা সেন (কবিতা)🡆 More