অৰুণ শৰ্মা

অৰুণ শৰ্মা (ইংৰাজী: Arun Sharma, ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। 'শ্ৰী নিবাৰণ ভট্টাচাৰ্য' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে।

অৰুণ শৰ্মা
অৰুণ শৰ্মা
জন্ম ১৯৩১ চন
সেন্দূৰী আলি, ডিব্ৰুগড়, অসম, ভাৰত
মৃত্যু ২৭ মাৰ্চ ২০১৭ (৮৫ বছৰ)
নতুন দিল্লী
পেচা সহিত্যিক, নাট্যকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি আশীৰ্বাদৰ ৰং
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৯৭)
দাম্পত্যসংগী আৰতি শৰ্মা
সন্তান নন্দিনী, অচিন্ত

প্ৰাৰম্ভিক জীৱন

১৯৩১ চনত ডিব্ৰুগড় জিলাৰ সেন্দূৰী আলিত অৰুণ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল তিলক চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল নৰ্মদা কুমাৰী দেৱী। তেওঁৰ পিতৃ সেই সময়ৰ দা টাইমছ অফ ইণ্ডিয়াৰ সম্পাদক আছিল। ১৯৩৫ চনত তেওঁৰ পৰিয়াল হেলেমৰ ওচৰৰ হেলেমগুৰিৰ এখন গাঁৱলৈ গুছি যায়। তিলক চন্দ্ৰ শৰ্মাই গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ তেতিয়াৰ পৰা খেতি আৰু সমাজ সেৱাৰ লগত নিজকে জড়িত কৰি ৰাখে। অৰুণ শৰ্মাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু তাৰপৰাই ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজৰ পৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত শিক্ষা বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ৰ পৰাই তেওঁ নাটক আৰু কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।

কৰ্মজীৱন

১৯৫৪ চনত দ্যা আছাম ট্ৰিবিউন কাকতৰ আৰ্হি কাকত চাওঁতা হিচাপে অৰুণ শৰ্মাই নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছলৈ এই কাকতৰ সহকাৰী সম্পাদক হৈছিল। ১৯৫৫ চনত তেওঁ জন্ম হোৱা গাঁও হালেমলৈ উভতি যায় আৰু তাত এম চি ডি হাইস্কুলত সহকাৰী অধ্যক্ষ পদত যোগদান কৰে। ১৯৬০ চনত তেওঁ পুনৰ গুৱাহাটীলৈ উভতি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত হৈ থাকে। প্ৰথমতে ইয়াত প্ৰযোজক হিচাবে কাম কৰিছিল আৰু পিছত জ্যেষ্ঠ প্ৰযোজক হৈছিল। তেওঁ শিক্ষাবিষয়ক প্ৰচাৰ বিভাগৰ মুৰব্বী আছিল আৰু এই বিভাগটোৱে শ্ৰেণীকোঠাৰ বাহিৰত অতিৰিক্ত জ্ঞান যোগাৱাৰ এক মাধ্যম আছিল। ১৯৬৯ চনত তেওঁ লণ্ডনৰ বি বি চিত ৰেডিঅ’ প্ৰ’গাম প্ৰডাকচনৰ ওপৰত ছমহীয়া প্ৰশিক্ষণ লৈছিল। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত নাটক বিভাগৰ সহায়ক আছিল। এই সময়তে তেওঁ ৪৭খন নাটক আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ নেচনেল প্ৰ’গামৰ বাবে আৰু যথেষ্ট সংখ্যক অনাতাঁৰ তথ্যচিত্ৰ (Radio Documentary) ৰচনা আৰু নিৰ্দেশনা কৰে। তেওঁ এই তথ্যচিত্ৰসমূহৰ বাবে তিনিটাকৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ সঞ্চালক হিচাবে কাৰ্য্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ ১৯৯০ চনত শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ’, নৰ্থ ইষ্ট চাৰ্ভিচৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অৱসৰ গ্ৰহণ কৰা পাছত অৰুণ শৰ্মা সাপ্তাহিক অসমীয়া বাতৰি কাকত পূৰ্বাচলৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯০-১৯৯২) হিচাপে আৰু ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈকে অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰে। সেই সময়তে অসমত বিভিন্ন বিবাদ হৈছিল আৰু তেওঁক স্থানীয় চাহ উদ্যোগ আৰু অসমীয়া লোকসকল মাজত মিলা-প্ৰীতি আনিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। ২০০৫ চনত তেওঁ অসম বুৰঞ্জীক কেন্দ্ৰ কৰি son-et-lumiere (sound-and-light show) ৰচনা কৰি প্ৰদৰ্শন কৰে আৰু ইয়াক দৈনিক গুৱাহাটীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ২০০২ চনত অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল।

ব্যক্তিগত জীৱন

১৯৫৯ চনত উজানবজাৰৰ মুক্তিযুঁজাৰু চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সন্তান দুটা: নন্দিনী আৰু অচিন্ত।

নাট্য আৰু সাহিত্যিক জীৱন

  • পঢ়ি থকা কালছোৱাত উৰুখা পঁজা নাটকৰ অভিনয়
  • পাঁচমাহৰ বাবে প্ৰশিক্ষণৰ অৰ্থে লণ্ডনলৈ যাত্ৰা (১৯৬৯)
  • সন্ধ্যাৰাগ চলচ্চিত্ৰত অভিনয় (১৯৭৫)
  • আলেখ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে জাপান ভ্ৰমণ (১৯৭৯)
  • হাৱাৰ্ড বিশ্ববিদ্যালয়ৰত গৱেষণা পাঠৰ বাবে লণ্ডন ভ্ৰমণ (১৯৯৯)
  • ৰাষ্ট্ৰসংঘঅনাতাঁৰ কেন্দ্ৰত এঘণ্টীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ
  • টেলিফিল্ম স্তব্ধ প্ৰহৰত মূল চৰিত্ৰত অভিনয় (২০০৪)
  • শংকৰদেৱ কলাক্ষেত্ৰৰ শব্দজ্যোতিৰ কলা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ (২০০৫)

স্বীকৃতি আৰু বঁটা

  • শ্ৰী নিবাৰণ ভট্টাচাৰ্য শীৰ্ষক নাটকখন সাহিত্য সভাৰ দ্বাৰা শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত (১৯৬৭)
    সাহিত্যৰ বাবে
    অনাতাঁৰ প্ৰচাৰৰ বাবে
  • জাপানত অনুষ্ঠিত আলেখ্য প্ৰতিযোগিতাত এছিয়া পেছিফিক এৱাৰ্ড (১৯৮০)
    Japan Prize (1980) International for the radio documentary “All Buds to bloom”.
  • ABU (Asia-Pacific Broadcasting Union) Award (1982) for the radio documentary “Caution : Danger Ahead”.
  • প্ৰাঁ ফিউচাৰ বাৰ্লিন বঁটা (১৯৮২)
    Prix Futura Berlin Commendation certificate (1983) for the radio documentary “All Lips to Smile”.
  • Akashvani Award (Second best radio play in India) for the play titled “Kukurnechia Manuh”.

সাহিত্য কৃতী

নাট্য সম্ভাৰ

  1. শ্ৰী নিবাৰণ ভট্টাচাৰ্য (১৯৬১)
  2. জিণ্টি (১৯৬২)
  3. পৰশুৰাম (১৯৬২)
  4. উৰুখা পঁজা (১৯৬৪)
  5. আহাৰ (১৯৬৪)
  6. পুৰুষ (১৯৬৪)
  7. কুকুৰনেচীয়া মানুহ (১৯৬৫)
  8. চিঞৰ (১৯৭২)
  9. বুৰঞ্জী পাঠ (১৯৭৪)
  10. পদ্মা-কুন্তী (১৯৭৬)
  11. পোষ্টাৰ (১৯৮২)
  12. বাঘজাল (১৯৮৪)
  13. নেপোলিয়ন আৰু ডেৰিজী ৯১৯৮৫)
  14. অন্য এক অধ্যায় (১৯৯৪)
  15. অগ্নিগড় (১৯৯৬)
  16. অদিতিৰ আত্মকথা (২০০০)
  17. চক্ৰব্যূহ (২০০৩)
  18. চিত্ৰলেখা (গৰীয়সীত প্ৰকাশিত) (২০০৮)

উপন্যাস

  1. আশীৰ্বাদৰ ৰং
  2. উভলা শিপা
  3. পৰশুৰাম
  4. যযাতি আৰু ৰঞ্জনা
  5. সংকল্প

অনুবাদ সাহিত্য

  1. মালায়লম একাংকিকা নাট
  2. পঞ্জাবী একাংকিকা নাট
  3. বঙালী উপন্যাস "ইচ্ছামতী'ৰ অসমীয়া অনুবাদ

অন্যান্য

  1. গৰীয়সী আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰবন্ধ তথা কবিতা প্ৰকাশ

মৃত্যু

২০১৭ চনৰ ২৭ মাৰ্চ তাৰিখে নতুন দিল্লীৰ সমীপৰ মেডান্ত দ্য মেডিছিটীত পুৱা ৮৫ বছৰ বয়সত অৰুণ শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

অৰুণ শৰ্মা প্ৰাৰম্ভিক জীৱনঅৰুণ শৰ্মা কৰ্মজীৱনঅৰুণ শৰ্মা ব্যক্তিগত জীৱনঅৰুণ শৰ্মা নাট্য আৰু সাহিত্যিক জীৱনঅৰুণ শৰ্মা স্বীকৃতি আৰু বঁটাঅৰুণ শৰ্মা সাহিত্য কৃতীঅৰুণ শৰ্মা মৃত্যুঅৰুণ শৰ্মা তথ্য সংগ্ৰহঅৰুণ শৰ্মা বাহ্যিক সংযোগঅৰুণ শৰ্মাঅনাতাঁৰআশীৰ্বাদৰ ৰংইংৰাজী ভাষাসাহিত্য অকাডেমি বঁটা

🔥 Trending searches on Wiki অসমীয়া:

২০২৩অসমৰ শাক-পাচলিৰ তালিকাপ্ৰাকৃতিক দুৰ্যোগকুলিযৌন সংগমমানৰ অসম আক্ৰমণঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাভগ্নাংশ (গণিত)শ্ৰীমদ্ভগৱতগীতাব্ৰহ্মপুত্ৰ উপত্যকাপৰিমেয় সংখ্যাবৃক্কভাৰতীয় জাতীয় কংগ্ৰেছচ'জুনঅসম বিধানসভাচুডাংফামঘাই ওজাআগ্নেয়গিৰিপ্লেটোমৌখিক লোকসাহিত্যজয়মতী কুঁৱৰীতিৱা জনগোষ্ঠীশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯সংস্কৃত ভাষাচাহেবপুৰাৰ বৰষুণদ্বিতীয় বিশ্বযুদ্ধনীতি আয়োগঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাসমাসগুৱাহাটীৰোজানাটকৰাম মন্দিৰ, অযোধ্যাপৰিসংখ্যাদিনলিপিহাড়অসমৰ চাহ জনগোষ্ঠীসাত বিহুমানুহৰ কংকালডিমাছা জনগোষ্ঠীজিকিৰকালিদাসৰমজানঅৰ্জুন ভঞ্জনহোলিকাঅন্নপ্ৰাশনমৌখিক ইতিহাসধূমকেতুৱিকিপিডিয়াৰ তালিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকামৰমৰ দেউতাশিমলুমুদ্ৰা বজাৰউইলিয়াম শ্বেইকছপীয়েৰঅসমৰ সাহিত্যিকসকলৰ তালিকাৰংনাৰী আৰু ধূম্ৰপানৰাভা জনগোষ্ঠীভাৰত ত্যাগ আন্দোলনবৰগীতম’বাইল ফোনৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘমেক্সিকোঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫সমাৰ্থক শব্দঅহিংসাকীৰ্তন-ঘোষাসুন্দৰীদিয়াৰ সুঁৱেৰী উৎসৱমোহনদাস কৰমচান্দ গান্ধীভাৰতত মহিলা শিক্ষালভিতাপুৰন্দৰ সিংহঅসমৰ পৰম্পৰাগত খেল-ধেমালি🡆 More