লেখক

লেখক (ইংৰাজী: Writer) হ’ল এনে এগৰাকী ব্যক্তি যিয়ে নিজৰ ধাৰণাসমূহ প্ৰেৰণ কৰিবলৈ বিভিন্ন লেখাৰ শৈলী আৰু কৌশল ব্যৱহাৰ কৰে৷ লেখকসকলে বিভিন্ন ধৰণৰ সাহিত্যিক কলা আৰু সৃষ্টিশীল লেখা; যেনে:- উপন্যাস, চুটিগল্প, গ্ৰন্থ , কবিতা, ভ্ৰমণ কাহিনী, নাটক, চিত্ৰনাট্য, টেলিপ্লে, গীত, আৰু প্ৰবন্ধৰ লগতে সাধাৰণ জনতাৰ বাবে আগ্ৰহৰ বিষয় হ’ব পৰা অন্যান্য প্ৰতিবেদন আৰু বাতৰি প্ৰবন্ধ যুগুত কৰে৷ লেখকৰ গ্ৰন্থ বা ৰচনাসমূহ অনেক মাধ্যমত প্ৰকাশ পায়। যিসকল দক্ষ লেখকে ভাষা ব্যৱহাৰ কৰি ধাৰণা ভালদৰে প্ৰকাশ কৰিবলৈ সক্ষম হয়, তেওঁলোকে প্ৰায়ে এখন সমাজৰ সাংস্কৃতিক বিষয়বস্তুত যথেষ্ট অৰিহণা যোগায়।

লেখক
লেখক
লেখক
কেইগৰাকীমান অসমীয়া লেখক বাওঁফালৰপৰা যথাক্ৰমে; পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, কৃষ্ণকান্ত সন্দিকৈ

"লেখক" শব্দটো কলা আৰু সংগীতৰ অন্য ঠাইতো ব্যৱহাৰ কৰা হয়; যেনে:- গীতিকাৰ বা চিত্ৰনাট্যকাৰ, কিন্তু স্বতন্ত্ৰ "লেখক" শব্দটোৱেও সাধাৰণতে লিখিত ভাষাৰ সৃষ্টিক বুজায়। কিছুমান লেখকে মৌখিক পৰম্পৰাৰ বাবে কাম কৰে।

লেখকে কাল্পনিক বা অকাল্পনিক কেইবাটাও ধাৰাত সমল প্ৰস্তুত কৰিব পাৰে। আন লেখকসকলে তেওঁলোকৰ ধাৰণাসমূহৰ মাজত যোগাযোগ বৃদ্ধি কৰিবলৈ একাধিক মাধ্যম; যেনে: গ্ৰাফিক্স বা চিত্ৰণ ব্যৱহাৰ কৰে। শেহতীয়াকৈ নাগৰিক আৰু চৰকাৰী মঞ্চৰ পাঠকসকলে অকাল্পনিক কাৰিকৰী লেখকৰ বাবে এক চাহিদাৰ সৃষ্টি কৰিছে, যাৰ দক্ষতাই ব্যৱহাৰিক বা বৈজ্ঞানিক ধৰণ বুজিব পৰা, বোধগম্য আৰু ব্যাখ্যাত্মক নথিৰ সৃষ্টি কৰিব পাৰে। কিছুমান লেখকে তেওঁলোকৰ লেখা বৃদ্ধি কৰিবলৈ ছবি (চিত্ৰ, চিত্ৰকলা, গ্ৰাফিক্স) বা মাল্টিমিডিয়া ব্যৱহাৰ কৰে। বিৰল ক্ষেত্ৰত সৃষ্টিশীল লেখকসকলে নিজৰ ধাৰণাসমূহ সংগীতৰ লগতে শব্দৰ জৰিয়তেও প্ৰকাশ কৰিবলৈ সক্ষম হয়।

নিজৰ লিখিত ৰচনা প্ৰস্তুত কৰাৰ লগতে লেখকসকলে প্ৰায়ে তেওঁলোকে কেনেকৈ লিখে (তেওঁলোকৰ লেখা প্ৰক্ৰিয়া); তেওঁলোকে কিয় লিখে (অৰ্থাৎ তেওঁলোকৰ প্ৰেৰণা) আৰু আন লেখকৰ ৰচনাৰ ওপৰতো মন্তব্য কৰে (সমালোচনা)৷

লেখক(Writer) শব্দটো ৰচয়িতা (Author) শব্দৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হৈছে যদিও পিছৰ শব্দটোৰ অৰ্থ কিছু বহল আৰু ইয়াৰ ৰচনা বেনামী, অজ্ঞাত বা সহযোগী হ’লেও কোনো লেখাৰ বাবে আইনী দায়িত্ব প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৰচয়িতাৰ জৰিয়তে প্ৰায়ে কিতাপ এখনৰ লেখকক বুজোৱা হয়৷

প্ৰকাৰ

লেখকসকলে নিজৰ ধাৰণা প্ৰকাশ কৰিবলৈ একাধিক সাহিত্যিক ধাৰাৰ মাজৰ পৰা কোনোবা এটা বাছি লয়। বেছিভাগ লেখাই আন এটা মাধ্যমত ব্যৱহাৰৰ বাবে খাপ খুৱাব পাৰি। যেনে- লেখকৰ ৰচনা ব্যক্তিগতভাৱে পঢ়িব পাৰি বা নাটক বা চিনেমাত আবৃত্তি কৰিব পাৰি বা পৰিবেশন কৰিব পাৰি। যেনে:- ব্যংগ ৰচনা এখন কবিতা, ৰচনা, চলচ্চিত্ৰ, কমিক নাটক, বা সাংবাদিকতাৰ এটা অংশ হিচাপে লিখা হ’ব পাৰে। চিঠিৰ লেখকত সমালোচনা, জীৱনী বা সাংবাদিকতাৰ উপাদান থাকিব পাৰে।

বহু লেখকে মিশ্ৰিত ধাৰাত কাম কৰে। ধাৰাটোৱে প্ৰাচল নিৰ্ধাৰণ কৰে যদিও সকলো ধৰণৰ সৃষ্টিশীল অভিযোজনৰ চেষ্টা কৰা হৈছে: উপন্যাসৰ পৰা চলচ্চিত্ৰলৈ; কবিতা লিখিবলৈ; ইতিহাসৰ পৰা সংগীতলৈ। লেখকসকলে হয়তো এটা ধাৰাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰি আন এটা ধাৰালৈ সলনি হ’ব পাৰে। উদাহৰণস্বৰূপে, ইতিহাসবিদ উইলিয়াম ডালৰিম্পলে ভ্ৰমণ সাহিত্যৰ ধাৰাৰে জীৱন আৰম্ভ কৰিছিল আৰু পাছলৈ তেখেতে সাংবাদিক হিচাপেও লিখিছিল। বহু লেখকে কল্পকাহিনী আৰু অকল্পকাহিনী দুয়োটা ধাৰাতে ৰচনা প্ৰস্তুত কৰিছে৷ আন কিছুমানে দুয়োটাকে অতিক্ৰম কৰি অন্য ধাৰাত লিখিছে। উদাহৰণস্বৰূপে, জৰ্জেট হেয়াৰৰ দৰে ঐতিহাসিক ৰোমাঞ্চৰ লেখকসকলে ঐতিহাসিক যুগত নিৰ্মিত চৰিত্ৰ আৰু গল্পৰ সৃষ্টি কৰে। এই ধাৰাটোত ইতিহাসৰ নিশ্চয়তা আৰু ৰচনাখনত বাস্তৱিক বিৱৰণৰ মাত্ৰা দুয়োটাতে বিতৰ্কৰ প্ৰৱণতা দেখা যায়। কিছুমান লেখকে সৃষ্টিশীল কল্পকাহিনী আৰু গুৰুতৰ বিশ্লেষণ দুয়োধৰণৰে নিজৰ ভাৱ প্ৰকাশ কৰে৷ কেতিয়াবা আন নাম ব্যৱহাৰ কৰি নিজৰ ৰচনাক তেওঁলোকে পৃথক কৰে। উদাহৰণস্বৰূপে ক্ৰাইম ফিকচন লিখা ড’ৰথী ছেয়াৰ্ছ এগৰাকী নাট্যকাৰ, ৰচনাকাৰ, অনুবাদক আৰু সমালোচক আছিল।

বঁটা-বাহন

যিসকল সাহিত্যিকৰ লেখা উৎকৃষ্ট বুলি বিবেচিত হৈছে, সেইসকল সাহিত্যিকক বহু বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ব্যক্তিগত দেশসমূহে প্ৰদান কৰা বহুতো সাহিত্যিক বঁটা, যেনে:- প্ৰিক্স গনকোৰ্ট আৰু পুলিৎজাৰ বঁটাৰ লগতে সাহিত্যৰ নোবেল বঁটা আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বঁটাও অন্যতম।

ভাৰতীয় প্ৰেক্ষাপটত জ্ঞানপীঠ বঁটা, সাহিত্য অকাডেমি বঁটা আদি অন্যতম৷

অসমৰ প্ৰেক্ষাপটত অসম উপত্যকা সাহিত্য বঁটা, প্ৰবীণা শইকীয়া বঁটা, প্ৰকাশন পৰিষদ বঁটা, মুনীন বৰকটকী বঁটা আদি অন্যতম৷

লগতে চাওক

অসমীয়া সাহিত্য পুৰস্কাৰ

তথ্যসূত্ৰ

Tags:

লেখক প্ৰকাৰলেখক বঁটা-বাহনলেখক লগতে চাওকলেখক তথ্যসূত্ৰলেখকইংৰাজী ভাষাচুটিগল্পনাটকভ্ৰমণ সাহিত্য

🔥 Trending searches on Wiki অসমীয়া:

যোগেশ দাসগগৈলখিমপুৰ (লোকসভা সমষ্টি)পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰহেম বৰুৱা (ত্যাগবীৰ)উৎসৱভাৰতীয় নাগৰিকত্ব আইনকোচ ৰাজবংশীভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমালিতাসেউজ গৃহ প্ৰভাৱসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ইংলেণ্ডভাৰতৰ সংৰক্ষণ ব্যৱস্থাএচিদ বৰষুণসম্ৰাট অশোকমণিকৰ্ণেশ্বৰ দেৱালয়ঢ়শিক্ষালখিমপুৰ জিলাচৰ্যাপদঅৰ্থনীতিউদাৰনৈতিকতাবাদফুলঅসমীয়া লিপিৰ বুৰঞ্জীবিশ্ব স্বাস্থ্য সংস্থাঅণুজীৱঅংগৰাগ মহন্তদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰামায়ণপ্ৰাকৃতিক দুৰ্যোগগমধৰ কোঁৱৰগায়ন-বায়নআকবৰঅসীমত যাৰ হেৰাল সীমাঘৰ শালিকাঅসমৰ সাধুকথাগোৱালপৰীয়া লোকগীতভূগোলতগৰপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাসংগীতভূমিস্খলনত্ৰিপিটকঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহপৃথুঅসমত দেখা পোৱা মাছৰ তালিকাকলিতা জনগোষ্ঠীমণিৰাম দেৱান (চলচ্চিত্ৰ)নেপোলিয়ন বোনাপাৰ্টপদ্মধৰ চলিহাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদসৌৰজগতমৰাণ জনগোষ্ঠীমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰত-চীন যুদ্ধআগ্নেয়গিৰিজল সংৰক্ষণকৰ'নাভাইৰাছ ৰোগ ২০১৯ৱিকিপিডিয়াগান্ধীবাদঅসমৰ ৰেচম শিল্পজৈৱিক কৃষিযোগ দৰ্শনঅস্বাভাৱিক মনোবিজ্ঞানঅসমীয়া জাতিথাই ভাষাঅসম গণ পৰিষদশ্ৰীনিবাস ৰামানুজনশেৱালি ফুলবৈচাগুমৌলিক সংখ্যা🡆 More