মাজুআই

মাজুআই, (chickenpox বা varicella) ভেৰিচেলা জ'ষ্টাৰ ভাইৰাছে কৰা এক অত্যাধিক সংক্ৰামক ৰোগ। ৰোগৰ ফলত ছালত ৰঙচুৱা দাগ পৰি পানীজোলা বান্ধে আৰু শেষত শুকাই যায়। ই সাধাৰণতে বুকু, পিঠি আৰু মুখত আৰম্ভ হৈ গোটেই গাতে বিয়পি পৰে।অন লক্ষণৰ ভিতৰত জ্বৰ, ভাগৰ লগা আৰু মূৰৰ বিষ প্ৰধান। লক্ষণবোৰ পাঁচৰ পৰা সাত দিনলৈকে থাকে। কেতিয়াবা জটিলতাৰ সৃষ্টি হৈ নিম'নিয়া, এন্‌কেফেলাইটিছ আৰু বেক্টেৰিয়াজনিত ছালৰ ৰোগ হয়। শিশুতকৈ বয়স্ক মানুহতহে ৰোগৰ প্ৰাবল্য বেছি হয়। ভাইৰাছবিধৰ সংস্পৰ্শলৈ অহাৰ ১০ৰ পৰা ২১ দিনৰ পাছত লক্ষণবোৰে দেখা দিয়ে।

মাজুআই (chickenpox)
অন্য নাম ভেৰিচেলা (varicella)
মাজুআই
মাজুআই হোৱা এজন লোক
বিভাগ সংক্ৰামক ৰোগ
লক্ষণ খজুৱতি, পানীজোলা, মূৰৰ বিষ, আভোক, জ্বৰ, ভাগৰ লগা
আৰম্ভণি অণুজীৱৰ সংস্পৰ্শলৈ অহা ১০-২১ দিনৰ পাছত
স্থায়িত্ব ৫-৭ দিন
কাৰণ ভেৰিচলা জ'ষ্টাৰ ভাইৰাছ
প্ৰতিৰোধ ভেৰিচেলা প্ৰতিষেধক
ঔষধ কালামিন লোচন, পেৰাচিতামল, এচাইক্ল'ভিৰ
মৃত্যু প্ৰতি বছৰে ৬,৪০০ (হাৰ্পিছ জ'ষ্টাৰকে ধৰি)

মাজুআই এক বায়ুবাহিত ৰোগ; ৰোগীৰ কাহ আৰু হাঁচিৰ পৰা বীজাণু সহজতে বিয়পি পৰে। ছালৰ ৰঙচুৰা দাগ হোৱাৰ দুদিন আগৰে পৰা সকলো পানীজোলা শুকোৱালৈকে বীজাণু বিয়পিব পাৰে। পানীজোলাৰ সংস্পৰ্শলৈ আহিলেও ৰোগ সোঁচৰে। হাৰ্পিছ জ'ষ্টাৰ হোৱা লোকে পানীজোলাৰ জৰিয়তে অনাক্ৰম্যতা নথকা লোককৈ ৰোগ নিয়পাব পাৰে। লক্ষণলৈ চাই প্ৰায় সকলো ক্ষেত্ৰতে ৰোগ নিৰ্ণয় কৰিব পাৰি; কিন্তু কেতিয়াবা পানীজোলাৰ পানী বা ক্ষতস্থানৰ শুকাল ছালৰ polymerase chain reaction (PCR) পৰীক্ষাৰে ৰোগ ধৰা পেলাব লাগে। লোকজনৰ প্ৰতিৰোধ ক্ষমতা আছেনে নাই চাবলৈ প্ৰতিদেহৰ পৰীক্ষা কৰিব পাৰি। মানুহৰ সাধাৰণতে এবাৰেই মাজুআই হয়। ভাইৰাছবিধে আকৌ সংক্ৰমণ কৰিলেও তেতিয়া সাধাৰণতে কোনো লক্ষণ নোলায়।

১৯৯৫ চনত ভেৰিচেলা প্ৰতিষেধক আৰম্ভ কৰাৰে পৰা মাজুআইৰ ৰোগীৰ সংখ্যা আৰু জটিলতা কমি আহিছে। প্ৰতিষেধকটোৱে ৭০-৯০% লোকক ৰোগৰ পৰা সুৰক্ষা দিয়ে। বহু দেশত শিশুক এই প্ৰতিষেধক দিয়াটো বাঞ্চনীয়। ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ তিনিদিনৰ ভিতৰত শিশুক প্ৰতিষেধক দিলেও ৰোগৰ প্ৰাবল্যৰ কমাৰ আশা অধিক। চিকিৎসা হিচাপে খজুৱতিৰ বাবে কালামিনা লোচন, খজুৱাওঁতে আঘাত নালাগিবলৈ নাখ চুটিকৈ ৰখা, জ্বৰৰ বাবে পেৰাচিতামল আদি প্ৰধান। জটিলতাৰ আশংকা থাকিলে এচাইক্ল'ভিৰৰ দৰে এণ্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰা হয়।

পৃথিৱীৰ সকলো ঠাইতে মাজুআই দেখা যায়। ২০১৩ চনত বিশ্বজুৰি ১৪ কোটি লোকৰ মাজুআই আৰু হাৰ্পিছ জ'ষ্টাৰ হৈছিল। প্ৰতিষেধক প্ৰচলনৰ আগতে ৰোগীৰ সংখ্যা আৰু প্ৰতি বছৰে জন্মলাভ কৰা লোকৰ সংখ্যা প্ৰায় একেই আছিল। ২০১৫ চনত মাজুআইৰ ফলত বিশ্বজুৰি ৬,৪০০ লোকৰ মৃত্যু হৈছিল – ১৯৯০ চনত এই সংখ্যা আছিল ৮,৯০০। প্ৰতি ৬০,০০০ ৰোগীৰ প্ৰায় এজনৰ মৃত্যু ঘটে। ঊনবিংশ শতিকাৰ শেষভাগলৈকে বৰআই আৰু মাজুআইক পৃথক ৰোগ হিচাপে গণ্য কৰা নহৈছিল। ১৯৮৮ চনত হাৰ্পিছ জ'ষ্টাৰৰ লগত ইয়াৰ সম্পৰ্ক ধৰা পৰে। ১৬৫৮ চনত প্ৰথমবাৰৰ বাবে chicken pox নামটো ব্যৱহৃত হৈছিল। নামটোত "chicken" শব্দ থকাক লৈ নানা ব্যাখ্যা আছে- ৰোগৰ প্ৰাবল্য আপেক্ষিকভাৱে কম হোৱাটো এটা যুক্তি।i

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

সাঁচ:Offline

Tags:

🔥 Trending searches on Wiki অসমীয়া:

খেলমা জনগোষ্ঠীদৰং জিলাডিম্বেশ্বৰ নেওগৰঘুনাথ চৌধাৰীশ্ৰীনিবাস ৰামানুজনতাল (বাদ্যযন্ত্ৰ)জাহ্নু বৰুৱাকুমাৰ ভাস্কৰ বৰ্মাযোগেশ দাসঅসমীয়া ভাষাৰ শব্দসম্ভাৰমাটিৰ হিচাপলক্ষ্মীধৰ শৰ্মাসাঁথৰআৱাহন (আলোচনী)ইউকো বেংকহোমেন বৰগোহাঞিবৰপেটাব্ৰজাৱলী ভাষাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকালেছবিয়াননামঘোষাঅংগনবাদীৰমন্যাসবাদবেংক অৱ বৰোদাপুঁজিবাদগগনাশাল গছনগাঁও জিলাঅসমৰ ইতিহাসচৰ্যাপদগ্ৰহাণুভাৰতৰ স্বাধীনতা আন্দোলনঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাভাৰতত নাৰীবাদপৰিসংখ্যানাগৰিকত্বঅৰুণোদইশিক্ষাৰ অধিকাৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যএশিঙীয়া গঁড়সাত বিহুঅসমৰ ছপাশালশৰৎচন্দ্ৰ গোস্বামীসাহিত্যপুতলা নাচভাৰতৰ সংবিধানজয়মতী (১৯৩৫ চলচ্চিত্ৰ)জাতীয়তাবাদশীতল যুদ্ধদিনলোকচিকিৎসাসত্ৰভাৰতৰ মুখ্য ন্যায়াধীশনেপালী জনগোষ্ঠীইটাখুলিৰ ৰণগোলকীকৰণঅসমৰ চলচ্চিত্ৰচানডুবি বিলহিচাপবিদ্যাচাহআহোম-মোগলৰ সংঘৰ্ষলোকগীতনয়নতৰাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমোৰ জীৱন সোঁৱৰণইন্দ্ৰা নূয়ীশিল্প বিপ্লৱঅসমৰ লোকবাদ্যঅভিধানপাঁচালীসামাজিক উপভাষাপাণিনিভট্টদেৱকাছবন্দে মাতৰম্‌পঞ্জাৱ এণ্ড সিন্ধ বেংকহেম বৰুৱাৰ ভ্ৰমণ সাহিত্য🡆 More