বৰআই

বৰ‌আই (smallpox) বা বসন্ত ৰোগ ভেৰিঅ'লা মেজৰ (Variola major) and ভেৰিঅ'লা মাইনৰ (Variola minor) নামৰ দুবিধ ভাইৰাছে কৰা এবিধ সংক্ৰামক বেমাৰ। ইয়াক লেটিন নাম variola বা variola vera নামেৰেও জনা যায়। এই নাম দুটা varius (দাগযুক্ত) বা varus (শালমন)ৰ পৰা উদ্ভুত হৈছে। ইংৰাজীত ৰোগবিধক pox বা red plague বোলা হৈছিল; ১৫শ শতিকাত ভেৰিঅ'লাক great pox (ছিফিলিছ)-ৰ পৰা পৃথককৈ বুজাবলৈ smallpox শব্দটো প্ৰথম ব্যৱহাৰ কৰা হৈছিল। অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক আই (ডাঙৰ জোলা বান্ধে বাবে বৰ-আই) বোলা হয়। শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে বসন্ত (chicken pox আৰু measles-ৰ সৈতে) বুলি কোৱা হয়। ১৯৭৭ চনৰ ২৬ অক্টোবৰত শেষভাগৰ বাবে প্ৰাকৃতিকভাৱে হোৱা বৰ‌আইৰ (Variola minor) ৰোগী চিনাক্ত কৰা হৈছিল।

বৰআই
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
বৰআই
বৰ‌আইত আক্ৰান্ত এটি শিশু (বাংলাদেশ, ১৯৭৩)। সাধাৰণ প্ৰকাৰৰ বৰ‌আইত জোলাবোৰ ডাঠ তৰল পদাৰ্থৰে ভৰি থাকে আৰু প্ৰায়েই মাজ অংশত পোটোকা পৰি থাকে। বৰ‌আইৰ ই এটা প্ৰধান বৈশিষ্ট।
আই.চি.ডি.-10 B03
আই.চি.ডি.-9 050
ডিজিজেছ ডে'টাবে'ছ 12219
মেডলাইন প্লাছ 001356
ইমেডিচিন emerg/885
MeSH D012899

বৰ‌আইৰ ভাইৰাছে ছালৰ সৰু ৰক্তনলিকা, মুখ আৰু ডিঙিত ভিতৰত খোপনি পুতে। ছালত ই প্ৰথমে ৰঙচুৱা গুটি গুটি কৰে যিবোৰ পিছলৈ পানীজোলালৈ ৰূপান্তৰিত হয়। ভেৰিঅ'লা মেজৰে কম প্ৰাবল্যৰ ৰোগৰ সৃষ্টি কৰে (alastrim, cottonpox, milkpox, whitepox, আৰু Cuban itch বুলিও কোৱা হয়) যাৰ ফলত প্ৰায় ১% ৰোগীৰ মৃত্যু হয়। ভেৰিঅ'লা মেজৰে বেছি প্ৰাবল্যৰ ৰোগ কৰে আৰু ৩০-৩৫% ৰোগীৰ মৃত্যু হয়। V. major সংক্ৰমণৰ পলমীয়া জটিলতা হৈছে প্ৰধানকৈ মুখত হোৱা বৈশিষ্টমূলক দাগ (৬৫-৮৫% ৰক্ষা পৰা ৰোগীৰ ক্ষেত্ৰত)। কৰ্ণিয়াৰ আলচাৰৰ ফলত হোৱা অন্ধতা আৰু আৰ্থাইটিছ বা অষ্টয়'মায়েলাইটিছৰ ফলত হোৱা পংগুতা ২-৫% ৰোগীৰ ক্ষেত্ৰত পোৱা যায়।

প্ৰায় ১০০০০ বছৰৰ পূৰ্বে মানুহৰ মাজত বৰ‌আইয়ে দেখা দিয়া বুলি বিশ্বাস কৰা হয়। ইজিপ্টৰ ফাৰাও ৰামছেছ পঞ্চমৰ (Ramses V) মামীৰ দেহত পোৱা ৰঙচুৱা দাগ সম্ভৱতঃ ইয়াৰ সকলোতকৈ পুৰণি শাৰীৰিক প্ৰমাণ। ৰোগটোৱে ১৮শ শতিকাৰ শেষৰ বছৰকেইটাত বছৰি প্ৰায় ৪,০০,০০০ মানুহৰ প্ৰাণ লৈছিল (পাঁচজন শাসনকৰ্তাসহ), আৰু সকলো অন্ধতাৰ এক তৃতীয়াংশৰ কাৰণ আছিল। প্ৰাপ্ৰবয়স্ক আক্ৰান্ত ৰোগীৰ ২০-৬০% আৰু আক্ৰান্ত শিশুৰ ৮০%তকৈও বেছিৰ মৃত্যু ঘটিছিল। বিংশ শতিকাত প্ৰায় ৩০০-৫০০ নিযুত মানুহৰ মৃত্যুৰ বাবে এই ৰোগ দায়ী আছিল। ১৯৬৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছিল যে সেই বছৰত আনুমানিক ১৫ নিযুত মানুহ বৰ‌আইত আক্ৰান্ত হৈছিল আৰু ২ নিযুত মানুহ মৃত্যুমুখত পৰিছিল।

উনবিংশ আৰু বিংশ শতিকাজুৰি প্ৰতিষেধকৰ ব্যাপক ব্যৱহাৰৰ পিছত ১৯৭৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই বৰ‌আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে। নিৰ্মূল হোৱা দুটা সংক্ৰামক ৰোগৰ ভিতৰত আনটো হৈছে ২০১১ চনত নিৰ্মূল ঘোষণা কৰা rinderpest ৰোগ।

তথ্যসূত্ৰ

অতিৰিক্ত পঠন

বহিঃ সংযোগ

বৰ্গীকৰণ
বাহ্যিক সমল

Tags:

অসমবসন্ত ৰোগভাইৰাছশীতলা দেৱী

🔥 Trending searches on Wiki অসমীয়া:

ৰামধেনু (আলোচনী)গণতন্ত্ৰঅসম আন্দোলনবিবাহকোচ ৰাজবংশশ্ৰীনিবাস ৰামানুজনঅৰ্থনীতিচুটিগল্পগুৱাহাটীসন্ধিকৌটিল্যৰ অৰ্থশাস্ত্ৰশিশুমাটিপ্ৰাচীৰ পত্ৰিকানগাঁও জিলাদেউলঅসমৰ পৰম্পৰাগত সাজ-পাৰভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঅৰুণোদইমঙ্গলদৈ (লোকসভা সমষ্টি)এচিদ বৰষুণসপ্তকাণ্ড ৰামায়ণতিৱা জনগোষ্ঠীদ্বীপেন বৰুৱাসৌৰভ কুমাৰ চলিহাজৈন ধৰ্মঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকাপুতলা নাচসূৰ্যগুৱাহাটী উচ্চ ন্যায়ালয়ত্ৰিপুৰাগোৱালপৰীয়া লোকগীতযৌন সংগমপ্ৰাচীন গ্ৰীচলোকাচাৰজয়মতী কুঁৱৰীহিৰণ্যকশিপুএলবাৰ্ট আইনষ্টাইনভাৰতৰ সংবিধানঅৰ্জুন ভঞ্জনএ পি জে আব্দুল কালামনাগাৰা নামইবাঁকু বিচুঅসমৰ শাক-পাচলিৰ তালিকাবিষ্ণুদ্য টেল অফ গেঞ্জিউমানন্দঅষ্টাংগিক আৰ্য মাৰ্গমোগল সাম্ৰাজ্যডিমাছা জনগোষ্ঠীহালধীয়া সাংবাদিকতাআৱাহন (আলোচনী)অসমীয়া গীতি সাহিত্যআনন্দৰাম ঢেকিয়াল ফুকনমুগা (ৰেচম)ইয়াণ্ডাবু সন্ধিমাঘ বিহুবিহুৰ খাদ্যহাগা গেন্দেৰাপুথিভঁৰালঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাচন্দ্ৰযান-৩ফকৰা যোজনাঅংকীয়া নাটপৰিসংখ্যাআত্মজীৱনীডিব্ৰুগড় (লোকসভা সমষ্টি)অপৰিমেয় সংখ্যাঅৰুণাচল প্ৰদেশজাতীয়তাবাদম'হৰ শিঙৰ পেঁপাআন্তৰ্জাতিক শ্ৰমিক দিৱসলিংগভিত্তিক অধ্যয়নবেণুধৰ শৰ্মা🡆 More