বুঢ়া চাপৰি অভয়াৰণ্য

বুঢ়া চাপৰি অভয়াৰণ্য (ইংৰাজী: Bura Chapori Wildlife Sanctuary) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।

বুঢ়া চাপৰি অভয়াৰণ্য
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
বুঢ়া চাপৰি অভয়াৰণ্য
মানচিত্ৰত বুঢ়া চাপৰি অভয়াৰণ্যৰ অৱস্থিতি
বুঢ়া চাপৰি অভয়াৰণ্য
অসমতবুঢ়া চাপৰি অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ তেজপুৰ
স্থানাংক 26°51′57″N 92°50′53″E / 26.86583°N 92.84806°E / 26.86583; 92.84806 92°50′53″E / 26.86583°N 92.84806°E / 26.86583; 92.84806
মাটিকালি ৪৪.০৬ বৰ্গ কিলোমিটাৰ
প্ৰতিস্থা 1974
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ভৌগোলিক বিৱৰণ

এই বন্যপ্ৰাণী অভয়াৰণ্য ব্ৰহ্মপুত্ৰনদীৰ উত্তৰ পাৰে শোণিতপুৰ জিলাত অৱস্থিত। তেজপুৰ চহৰ আৰু গুৱাহাটীৰ পৰা এই বনাঞ্চলৰ দুৰত্ব ক্ৰমে ৪০ কিমি আৰু ১৮১ কিমি। এই বনাঞ্চলৰ মাটিকালি প্ৰায় ৪৪.০৬ বৰ্গ কিলোমিটাৰ। ইয়াত প্ৰধানকৈ ঘাঁহনি আৰু জলাহভূমি তথা অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়।

ইতিহাস

ইয়াক ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়।

জৈৱবৈচিত্ৰ্য

বুঢ়া-চাপৰি বনাঞ্চৰ জৈৱবৈচিত্ৰ্য খুবেই চহকী। বিশেষকৈ ইয়াক উলূম’ৰাৰ বাবে অতি উপযোগী বনাঞ্চল বুলি গণ্য কৰা হয়। অন্যান্য প্ৰাণী তথা চৰাই চিৰিকটি সমূহ হ’ল-

    স্তন্যপায়ী প্ৰাণী

এশিঙীয়া গঁড়, বনৰীয়া ম’হ, অসমীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল, শৰপহু, খটীয়া পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, সুগৰী পহু, হেপা, হাতী ইত্যাদি।

    চৰাই-চিৰিকটি

আমৰ’লীয়া হাঁহ, মাছোৰোকা, মৌপিয়া, লক্ষ্মী ফেঁচা, লৰীয়তী, শামুকভঙা, শেন, শৰালি হাঁহ, দেওৰাজ হাঁহ, নীলকণ্ঠ, পাকৈঢোৰা, ফেঁচু, পাটিশগুণ, পানী কাউৰী, বতা চৰাই, বনকুকুৰা, বনচিৰিকা, বামুণ বগলী, বামুণী হাঁহ, খন্তীয়া হাঁহ, গলমণিকা, সখিয়তী, সাতভনী, বৰ বগ, বৰটোকোলা, সোণ বাঢ়ৈটোকা,সৰুমূগী হাঁহ, হয়কলি, হাইঠা, হাড়গিলা, ঘিলা হাঁহ, চাকৈ-চকোৱা, ৰাজ ভাটৌ, ৰামপৰা, কলীমূৰী হাঁহ, [[ক পাকৈঢোৰা]], কাকলি হাঁহ, কামচৰাই, কুটুম চৰাই

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

বুঢ়া চাপৰি অভয়াৰণ্য ভৌগোলিক বিৱৰণবুঢ়া চাপৰি অভয়াৰণ্য ইতিহাসবুঢ়া চাপৰি অভয়াৰণ্য জৈৱবৈচিত্ৰ্যবুঢ়া চাপৰি অভয়াৰণ্য তথ্যসূত্ৰবুঢ়া চাপৰি অভয়াৰণ্য বাহ্যিক সংযোগবুঢ়া চাপৰি অভয়াৰণ্যঅসমইংৰাজী ভাষাশোণিতপুৰ

🔥 Trending searches on Wiki অসমীয়া:

বগীবিল দলংশিৱনাথ বৰ্মনডিম্বেশ্বৰ নেওগপ্ৰাচীন গ্ৰীচওজাপালিলোকসভানৃত্যভিটামিনঔ টেঙাঅন্তঃস্ৰাৱী তন্ত্ৰবাণাসুৰসৌৰজগতমুহাম্মাদ২০২২ ফিফা বিশ্বকাপপীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)চিতল মাছভট্টদেৱৰ গদ্যশৈলীপাৰ চৰাইনিউটনৰ গতিৰ সূত্ৰজৈৱ বৈচিত্ৰ্যচি (প্ৰগ্ৰামিং লেংগুৱেজ)প্ৰতিজৈৱিকউপভাষা২ মে'ৰাসোৎসৱসম্ৰাট অশোকযোৰহাট জিলাঅসমৰ ইতিহাসমোৰ জীৱন সোঁৱৰণসৌৰ শক্তিগৱেষণাবৈষ্ণৱ সাহিত্যহিমবাহলক্ষ্মীধৰ শৰ্মামে ডাম মে ফিকুন্তীগান্ধীবাদএশিঙীয়া গঁড়মালালা ইউছুফজাইগুণমালাপানীসংগীতসূত্ৰধাৰ নৃত্যহাজোপদ্মনাথ গোহাঞি বৰুৱাগাঁও পঞ্চায়তহোমি জাহাঙ্গীৰ ভাবাঅংগৰাগ মহন্তঅসমীয়া খাদ্যাভ্যাসঅম্বুবাচীধুবুৰী জিলাভেঁকুৰৱিকিপিডিয়াসমাজবাদদীপলিনা ডেকামাছঅসমৰ সাহিত্যিকসকলৰ তালিকাবৰ্মণ ৰাজবংশগাঁঠিয়ন খুন্দাগোলাঘাট জিলাদেৱকান্ত বৰুৱাসৌৰভ কুমাৰ চলিহাউপেন্দ্ৰচন্দ্ৰ লেখাৰুপুৰাণবৰগীতসত্ৰথাই ভাষামানৱ শৰীৰখামটি জনগোষ্ঠীদিছপুৰনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতামকৰাবাজেটৰুক্মিণী হৰণ নাটপাঠ পৰিকল্পনা🡆 More