বান কি-মুন: দক্ষিণ কোৰিয়াৰ ৰাজনীতিবিদ

বান কি-মুন (ইংৰাজী: Ban Ki-moon) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী ৰাজনীতিবিদ তথা কূটনীতিবিদ। তেওঁ ২০০৭ চনৰ জানুৱাৰীৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ লৈকে ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাসচিব হোৱাৰ পূৰ্বে বান কি-মুনে দক্ষিণ কোৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত আৰু ৰাষ্ট্ৰসংঘত কূটনীতিবিদ হিচাপে কাম কৰিছিল। তেওঁ বিশ্ববিদ্যালয়ৰ স্নাতক শিক্ষা সমাপ্ত কৰাৰ বছৰতেই কূটনৈতিক সেৱাত প্ৰৱেশ কৰিছিল, আৰু ভাৰতৰ নতুন দিল্লীত তেওঁৰ প্ৰথম পদ গ্ৰহণ কৰিছিল।

বান কি-মুন
বান কি-মুন: দক্ষিণ কোৰিয়াৰ ৰাজনীতিবিদ
২০০৮ চনত বান কি-মুন
ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব
কাৰ্যকাল
১ জানুৱাৰী ২০০৭ – ৩১ ডিচেম্বৰ ২০১৬
সহকাৰী আশা-ৰোজ মিগিৰো
জেন ইলিয়াছন
পূৰ্বসূৰী ক'ফি আন্নান
উত্তৰসূৰী এণ্টনিও গুটেৰেছ
ব্যক্তিগত তথ্য
জন্ম ১৩ জুন, ১৯৪৪ (৭৯ বছৰ)
ইনচেই, জাপানী কোৰিয়া
(বৰ্তমানৰ ইউমচেয়ং কাউণ্টি, দক্ষিণ কোৰিয়া)
ৰাজনৈতিক দল নিৰ্দলীয়
দাম্পত্যসঙ্গী য়ু চুন-টাইক
সন্তান
শিক্ষা চিউল নেচনেল ইউনিভাৰ্চি (কলা স্নাতক)
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (স্নাতকোত্তৰ)
স্বাক্ষৰ বান কি-মুন: দক্ষিণ কোৰিয়াৰ ৰাজনীতিবিদ

২০০৬ চনৰ ১৩ অক্টোবৰত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা অষ্টম মহাসচিব ৰূপে নিৰ্বাচিত হয়। ২০০৭ চনৰ ১ জানুৱাৰীত তেওঁ ক'ফি আন্নানৰ উত্তৰাধিকাৰী ৰূপে মহাসচিবৰ পদ গ্ৰহণ কৰে। মহাসচিব হিচাপে তেওঁ বিশ্বজুৰি শান্তি ৰক্ষা আৰু ৰাষ্ট্ৰসংঘৰ নিযুক্তি পদ্ধতিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰৰ বাবে দায়বদ্ধ আছিল। কূটনৈতিকভাৱে বানে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষভাৱে শক্তিশালী দৃষ্টিভংগী গ্ৰহণ কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বক এই বিষয়টো বাৰে বাৰে হেঁচা দিছিল। লগতে দাৰ্ফুৰ সংঘৰ্ষৰ ওপৰত তেওঁ চুদানৰ ৰাষ্ট্ৰপতি ওমৰ আল-বছিৰক শান্তিৰক্ষী সৈন্যক চুদানত প্ৰৱেশ কৰিবলৈ অনুমতি দিবলৈ প্ৰেৰিত কৰিছিল।

২০১৬ চনৰ ৩১ ডিচেম্বৰত তেওঁ মহাসচিব পদৰ কাৰ্যকাল সমাপ্ত হয় আৰু সাধাৰণ সভাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে এণ্টনিও গুটেৰেছক নিযুক্তি দিয়ে। তেওঁক ২০১৭ চনৰ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছিল, পিছে তেওঁ ঘোষণা কৰে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।

জন্ম আৰু শিক্ষা

১৯৪৪ চনৰ ১৩ জুনত জাপানী কোৰিয়াৰ উত্তৰ চুংচিয়াং প্ৰদেশৰ ইউমচেয়ং কাউণ্টি (ইনচেই)-ৰ ৱাননাম টাউনশ্বিপৰ হেংচি নামৰ এখন সৰু কৃষি গাওঁত বান কি-মুনৰ জন্ম হৈছিল। চিউল নেচনেল ইউনিভাৰ্চিৰ পৰা কলা শাখাৰ স্নাতক আৰু হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম পি এ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

তেওঁ এজন ৰাজনীতিবিদ আৰু কূটনীতিবিদ আছিল যি জানুৱাৰী ২০০৭ ৰ পৰা ডিচেম্বৰ ২০১৬ লৈ ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

তথ্য সূত্ৰ

Tags:

ইংৰাজী ভাষাদক্ষিণ কোৰিয়ানতুন দিল্লীভাৰতৰাষ্ট্ৰসংঘ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ জাতীয় পতাকাকৰ্কট ক্ৰান্তিপৃথুবাজেটঅসমীয়া ভাষানাগৰিকত্বনৰনাৰায়ণফুলগুৰি ধেৱাউপনিষদভূমি প্ৰদূষণবৰদৈচিলাআজান পীৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাচন্দ্ৰকুমাৰ আগৰৱালাশ্বিলংগ্ৰহলোক-সংগীতজিকিৰজলসিঞ্চনভট্টদেৱৰ গদ্যশৈলীদৰ্শনমদন কামদেৱ দেৱালয়ভাৰতীয় জাতীয় কংগ্ৰেছঘৰৰাষ্ট্ৰসংঘ দিৱসমনোবিজ্ঞানফলৰ তালিকাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাএইচ.আই.ভি/এইড্‌ছশূন্যৰামধেনুব্যক্তিত্বঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাজ্ঞানপীঠ বঁটাবিবাহনলিনীবালা দেৱীকাৰ্বি জনগোষ্ঠীঅসমঅংকীয়া নাটনুৰ জাহান (মোগল সম্ৰাজ্ঞী)থমাছ আলভা এডিচনতাল (বাদ্যযন্ত্ৰ)পঞ্চায়তী ৰাজচৰ্যাপদপিঠাব্ৰহ্মপুত্ৰ উপত্যকাৰামধেনু (আলোচনী)উপন্যাসশব্দ প্ৰদূষণজৈৱিক কৃষিতুলসীমানৰ অসম আক্ৰমণভাষাসংগীতশোণিত কুঁৱৰীঅম্বুবাচীতেজব্ৰহ্মপুত্ৰ নদনেপোলিয়ন বোনাপাৰ্টসূৰ্যঅসমীয়া গীতি সাহিত্যচুটিগল্পভাৰতৰ প্ৰধানমন্ত্ৰীপদ্মনাথ গোহাঞি বৰুৱাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘএৰিষ্ট'টলদিনৰুক্মিণী হৰণ নাটবুৰঞ্জী সাহিত্য🡆 More