পথৰুঘাটৰ ৰণ

পথৰুঘাটৰ ৰণ বা পাথৌঘাটৰ ধেৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ। ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।

পথৰুঘাটৰ ৰণ
পথৰুঘাটৰ ৰণ
পথৰুঘাটৰ ৰণৰ স্মাৰক
তাৰিখ ১৮৯৪ চনৰ ২৮ জানুৱাৰী
স্থান
কাৰণ খাজনা বৃদ্ধি

পশ্চাদপট

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ আৰু মানৰজাৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ চুক্তিমতে অসম, আৰাকাণ আৰু আভা ব্ৰিটিছ শাসনৰ অধীনলৈ যায়। ১৮৩৩ চনত মঙলদৈক সদৰ হিচাবে দৰং জিলা গঠন কৰা হয়। ডফলা আক্ৰমণ প্ৰতিহত কৰাৰ সুবিধাৰ্থে, বানপানী আদি কাৰনত ১৮৩৫ চনত দৰঙৰ সদৰ তেজপুৰলৈ স্থানান্তৰিত কৰা হয়।

ব্ৰিটিছ চৰকাৰে ১৮৩২-৩৩ চনত দৰঙত নাঙলে প্ৰতি ৩ টকাকৈ খাজনা ধৰি প্ৰজাৰপৰা মুঠ ৪১,৫০৬ টকা খাজনা উঠাইছিল। ১৮৪২-৪৩ চনত মাটি পিয়ল কৰি বস্তি (ঘৰ-বাৰী কৰাৰ উপযুক্ত), ৰুপিত (দ আৰু খেতিৰ উপযোগী) আৰু ফৰিঙতী (বাম খেতিৰ উপযুক্ত) - এই তিনি ভাগ কৰি খাজনা বঢ়ালে। এই হিচাপত ১৮৪২-৪৩ চনত ১,৩৫,৪৫৮, ১৮৫২-৫৩ চনত ১,৫৭,৭৫৯ আৰু ১৮৬২-৬৩ চনত ৭,৪৩,৪৮৯ টকা খাজনা উঠায়। ১৮৯২-৯৩ চনত পুনৰ মাটি পিয়ল কৰি ৫ টকাৰ হাৰত খাজনা বৃদ্ধি কৰা হয়।

এনে ধৰণৰ খাজনাৰ ফলত ৰাইজ জুৰুলা আৰু অতিষ্ঠ হৈ পৰি পথৰুঘাটত ৰাইজমেল পাতি ব্ৰিটিছৰ খাজনা নিদিবলৈ সিদ্ধান্ত লয়। লগতে ব্ৰিটিছকো সঁকিয়নি দিয়ে যে খাজনা কম নকৰিলে ৰাইজে বিদ্ৰোহৰ পথ ল'বলৈ বাধ্য হ'ব।

সমসাময়িক অন্যান্য কৃষক বিদ্ৰোহসমূহ

ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ সংঘটিত হৈছিল নগাওঁ জিলাৰ ফুলগুৰি নামে স্থানত, ১৮৬১ চনত। ফুলগুৰি ধেৱা নামে জনাজাত এই বিদ্ৰোহক কেৱল অসমৰে নহয়, ভাৰতৰে প্ৰথম আছিল। সেই সময়ত ফুলগুৰি অঞ্চলত কানি খেতি কৰা হেছিল। ব্ৰিটিছ চৰকাৰে স্বাধীনভাৱে কানি খেতি কৰা বন্ধ কৰি তোলাত চাৰি অনাকৈ ব্ৰিটিছ কানি বিক্ৰী কৰা আৰম্ভ কৰিলে। এই আইনৰ প্ৰতিবাদতে 'ফুলগুৰি ধেৱা' সংঘটিত হৈছিল।

ইয়াৰ পাচত ১৮৬৯ চনত বজালীত, ১৮৯৪ চনৰ ১০ জানুৱাৰীত ৰঙিয়াত, পাচলৈ কামৰূপৰ লচিমা, হাজো আদিৰ উপৰিও নলবাৰী, পাতিদৰং, টিহু, বৰভাগ আদিলৈও বিয়পে।

১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ ঘটনাৱলী

১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনাখন পথৰুঘাটত ৰাইজমেল বহিল। পথৰুঘাট অঞ্চলৰ গাঁওবোৰৰ পৰা বহুত হাজাৰ ৰাইজ আহি তহচিলদাৰৰ বাংলোৰ আগত সমৱেত হৈ "হৰি বোল", "আল্লাহু আকবৰ" আদি ধ্বনি দি ব্ৰিটিছৰ আগত প্ৰতিবাদ আৰম্ভ কৰি খাজনা কমাবলৈ দাবী উত্থাপন কৰিলে। তহচিলদাৰৰ ৰিপ'ৰ্টমৰ্মে দৰং জিলাৰ জিলাধিপতি মি. এণ্ডাৰচন, আৰক্ষী অধীক্ষক (J.R. Berington) আৰু মঙলদৈৰ মহকুমাধিপতি মি. ৰেমিংটনো সশস্ত্ৰ বাহিনীসহ তাত উপস্থিত হ'ল আৰু খাজনা কমাই দিয়া নহ’ব বুলি দৃঢ় অৱস্থান গ্ৰহণ কৰে। ৰাইজ উত্তেজিত হৈ পৰে আৰু দুইপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ক্ৰমশঃ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে আৰু চৰকাৰী বাহিনীয়ে বেৰিংটনৰ আদেশমৰ্মে মানুহৰ ওপৰত গুলীচালনা কৰে। ৰাইজে দলি-চপৰা, লাঠি-ফৰ্মুতি আদিৰে প্ৰত্যুত্তৰ দিয়ে যদিও তিষ্ঠিব নোৱাৰিলে। হিন্দু-মুছলমান নিৰ্বিশেষে থিতাতে ১৪০ জন নিহত আৰু প্ৰায় ১৫০ জন প্ৰজা আহত হল। চৰকাৰী হিচাপ মতে ১৫ জন নিহত আৰু ৩৭ জন আহত বুলি প্ৰকাশিত হয়।

পথৰুঘাটৰ স্মৃতি, প্ৰকাশন আদি

১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখটো সদৌ অসম ছাত্ৰ সন্থাকৃষক ছহিদ দিৱস হিচাবে পালন কৰি আহিছে। ২০০০ চনৰপৰা ২৯ জানুৱাৰী তাৰিখটোত ভাৰতীয় সেনাই পথৰুঘাটৰ ৰণৰ ছহীদ সকললৈ সামৰিক সন্মান জনাই আহিছে। ভাৰতীয় সেনাই পথৰুঘাটৰ ছহীদৰ সন্মানাৰ্থে এটা 'ছহীদ স্তম্ভ'ও স্থাপন কৰিছে।

তথ্য উৎস

Tags:

পথৰুঘাটৰ ৰণ পশ্চাদপটপথৰুঘাটৰ ৰণ ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ ঘটনাৱলীপথৰুঘাটৰ ৰণ পথৰুঘাটৰ স্মৃতি, প্ৰকাশন আদিপথৰুঘাটৰ ৰণ তথ্য উৎসপথৰুঘাটৰ ৰণঅসমইষ্ট ইণ্ডিয়া কোম্পানীদৰং জিলাপথৰুঘাটভাৰতমঙ্গলদৈ

🔥 Trending searches on Wiki অসমীয়া:

আকবৰঅসমত দেখা চৰাইবোৰহিমালয়নাহৰৰ গীতআহোম ভাষাভ্ৰাম্যমাণ থিয়েটাৰআহোম ৰাজ্যবিৰিঞ্চি কুমাৰ বৰুৱাৰাসায়নিক মৌলঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহলোকভাষাবাল্য বিবাহএচিদ বৰষুণগায়ত্ৰী মহন্তকেঁচুসাৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসহেমচন্দ্ৰ বৰুৱাতামোলব্ৰহ্মগুপ্তহনুমানঅসমৰ পৰম্পৰাগত সাজ-পাৰকল্পনা চাওলাকেঁচুৰাইমনা ৰাষ্ট্ৰীয় উদ্যানথমাছ আলভা এডিচনৰাষ্ট্ৰসংঘ দিৱসৰামায়ণবিষুৱ ৰেখাধানভৌতিক সংস্কৃতি২৫ এপ্ৰিলঘৰ শালিকাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঅসমীয়া উপন্যাসভগদত্তমৃণাল কলিতাকৃষ্ণচূড়ানক্ষত্ৰজ্যোতিপ্ৰসাদ আগৰৱালাপাৰ্ৱতি প্ৰসাদ বৰুৱাএলবাৰ্ট আইনষ্টাইনৰজনীকান্ত বৰদলৈউত্তৰ-পূব ভাৰতকৃষ্ণকান্ত সন্দিকৈপাচন তন্ত্ৰখেৰাইঅসমৰ শাক-পাচলিৰ তালিকাপৰিৱেশ বিজ্ঞানহিন্দু পদ্ধতিত সময়ৰ এককমৌখিক লোকসাহিত্যৰফিকুল হুছেইনৰাতি বিহুপীযুষ হাজৰিকাঅসমৰ চিত্ৰকলাৰ ইতিহাসপদ (ব্যাকৰণ)জাতনামঅম্বিকাগিৰি ৰায়চৌধুৰীপুঁজিবাদআমেৰিকা যুক্তৰাষ্ট্ৰবিষ্ণুপ্ৰসাদ ৰাভাপদ্মনাথ গোহাঞি বৰুৱামহিলাৰ বিৰুদ্ধে হিংসাপৰ্যাবৃত্ত তালিকাইষ্ট ইণ্ডিয়া কোম্পানীৰাজ্যসভাহাঁওফাঁওউমাচল শিলালিপিভূগোলডাকৰ বচনবৰপেটাক্ষকাতি বিহুপাৰিপাৰ্শ্বিক সংঘাতমিডিয়াৱিকি🡆 More