নামবৰ অভয়াৰণ্য

নামবৰ অভয়াৰণ্য (ইংৰাজী: Nambor Wildlife Sanctuary) অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটা সংৰক্ষিত অঞ্চল। ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা এই অঞ্চলটো ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য ঘোষণা কৰা হয়। ইয়াৰ পৰা গোলাঘাট নগৰৰ দূৰত্ব ২৫ কিঃমিঃ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰত্ব ৬৫ কিঃমিঃ।

নামবৰ অভয়াৰণ্য
Nambor Wildlife Sanctuary
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
মানচিত্ৰত নামবৰ অভয়াৰণ্যৰ অৱস্থিতি
নামবৰ অভয়াৰণ্য
নামবৰ অভয়াৰণ্যৰ অৱস্থান
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ গোলাঘাট ডিফু
স্থানাংক 26°23′43″N 93°52′57″E / 26.39528°N 93.8825°E / 26.39528; 93.8825 93°52′57″E / 26.39528°N 93.8825°E / 26.39528; 93.8825
মাটিকালি ৩৭ বৰ্গ কিঃমিঃ
প্ৰতিস্থা ২৭ জুলাই ২০০০
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ইতিহাস

১৮৭২ চনৰ ৯ আগষ্টত গোলাঘাট মহকুমাৰ ১,৮১,৩৬৪ হেক্টৰ বনভূমিক ’নামবৰ সংৰক্ষিত বনাঞ্চল’ হিচাপে ঘোষণা কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ সৰ্বপ্ৰথম সংৰক্ষিত বনাঞ্চল বুলি জনা যায়। ১৯২৬ চনত বনাঞ্চলখনৰ কিছু অংশ ৰে’লপথ আৰু স্থলপথৰ বাবে মুকলি কৰাত মাটিকালি কমি ৭২,৪৮৬ হেক্টৰ হয়গৈ।

১৯৫২ চনৰ ১০ জুলাইত নামবৰ সংৰক্ষিত বনাঞ্চলৰ ৬.৫ বৰ্গ কিলোমিটাৰ অংশক ’গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য’ হিচাপে ঘোষণা কৰা হয়। ১৯৬৫-৬৬ চনত নামবৰক উত্তৰ নামবৰ আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল ৰূপে দুটা ভাগত বিভক্ত কৰা হয়।

২০০৩ চনৰ ৫ ছেপ্টেম্বৰত উত্তৰ নামবৰৰ ৫,৪৯২ হেক্টৰ বনভূমি আৰু উজনি-নামনি দৈগ্ৰোং সংৰক্ষিত বনাঞ্চলৰ ৯৭.১৫ বৰ্গ কিলোমিটাৰ সামৰি ’নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য’ গঠন কৰা হয়।

জৈৱ বৈচিত্ৰ্য

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ নামবৰ সংৰক্ষিত বনাঞ্চল গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত।

উদ্ভিদ

নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য গছ-গছনিৰ বাবেও বিখ্যাত। ইয়াত শাল, চেগুন, বনচোম, তিতাচঁপা, গমাৰি, হলখ আদি মূল্যৱান গছ থকাৰ লগতে লেতেকু, পনিয়ল, সুমথিৰা, বগীটেঙা আদি ফল-মূলৰ গছে আছে। প্ৰায় ৫০বিধ বিৰল প্ৰজাতিৰ অৰ্কিডেৰে বনাঞ্চলখন ভৰপূৰ। এই বনাঞ্চলত পোৱা আদাজাতীয় কৰ্মূল তামোলৰ লগত খোৱাৰ উপৰি সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয়।

    ভেলু, গমাৰী, আজাৰ, নাহৰ, পমা, বনচোম, উৰিয়াম (Udiyam) ইত্যাদি। তদুপৰি ইয়াত প্ৰায় ৫১ বিধ অৰ্কিডৰ প্ৰজাতিও পোৱা যায়।

জীৱ-জন্তু

নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱজন্তু আৰু গছ-গছনি আছে। হাতীৰ বাবে বিখ্যাত এই বনাঞ্চলত ধেকীয়াপতীয়া বাঘ, ঘোং, কেমটাই পহু, মেঠোন, হলৌ বান্দৰ, লাজুকী বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, শৰপহু, ভালুক, সুগৰী পহু, জহামাল, অজগৰ, ফেঁটীসাপ, গুই আদি বন্যপ্ৰাণী আছে।

পক্ষী

    সৰীসৃপ
    অজগৰ, ফেঁটী, বৰকাছ, উলূকাছ, দুৰাকাছ, খতৌকাছ আদি।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নামবৰ অভয়াৰণ্য ইতিহাসনামবৰ অভয়াৰণ্য জৈৱ বৈচিত্ৰ্যনামবৰ অভয়াৰণ্য উদ্ভিদনামবৰ অভয়াৰণ্য জীৱ-জন্তুনামবৰ অভয়াৰণ্য পক্ষীনামবৰ অভয়াৰণ্য তথ্য সংগ্ৰহনামবৰ অভয়াৰণ্য বাহ্যিক সংযোগনামবৰ অভয়াৰণ্যঅসমইংৰাজী ভাষাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকাৰ্বি আংলংগোলাঘাটগোলাঘাট জিলা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া কবিতাৰ ইতিহাসপ্ৰকাশ (আলোচনী)কুশান নৃত্যভাৰতৰ স্বাধীনতা আন্দোলনবিলনগাঁও জিলাআনন্দ চন্দ্ৰ আগৰৱালাচুতীয়া জনগোষ্ঠীআলোক তন্তুঅন্তঃস্ৰাৱী তন্ত্ৰবেঙেনাআটী সত্ৰহিন্দী ভাষাঅৰ্জুনশকুন্তলাভবানন্দ দত্তবিষ্ণুপ্ৰসাদ ৰাভাবাল্য বিবাহযতীন্দ্ৰ নাথ দুৱৰাঅষ্ট্ৰেলিয়াসৌৰভ কুমাৰ চলিহাবড়ো চুক্তি ২০২০দেৱকান্ত বৰুৱাজেং বিহুউপেন্দ্ৰনাথ ব্ৰহ্মভাৰতৰ সংবিধানঅসমৰ ৰাজ্যপালসকলৰ তালিকাবিজ্ঞাপনমায়ংঘৰৰামধেনুকছাৰী ৰাজ্যজীবনানন্দ দাসশৰাইঘাটৰ যুদ্ধপাচন নলীভাৰতৰ প্ৰধানমন্ত্ৰীঅসমৰ পৰম্পৰাগত সাজ- পাৰৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসঅসমীয়া গীতি সাহিত্যঅসমৰ শাক-পাচলিৰ তালিকাবেলচৰিত পুথিপদুমকামৰূপী প্ৰাকৃতবিদ্যুৎমানৱ শৰীৰআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডমালালা ইউছুফজাইসিন্ধু সভ্যতাদক্ষিণপাট সত্ৰৰাম সৰস্বতীকৰতল কমল কমল দল নয়নমহাভাৰতৰ পাত্ৰকবিতাকেন্দ্ৰীয় শাসিত অঞ্চলঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ভট্টদেৱৰ গদ্যশৈলীতামিলনাডুঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাজ্ঞানপীঠ বঁটাপ্ৰথম বিশ্বযুদ্ধগাখীৰথমাছ আলভা এডিচনঅমিতাধ্ৰুৱবাদভাৰত-ইউৰোপীয় ভাষা পৰিয়ালহেমকোষমাজুলীকাৰ্ল মাৰ্ক্সঅতুল চন্দ্ৰ হাজৰিকাঅংগৰাগ মহন্তকাঠৰ জোখ মাপজৈৱ বৈচিত্ৰ্যটকা (বাদ্য)বাথৌ ধৰ্মন'বেল বঁটা🡆 More