দাদৰা আৰু নগৰ হাভেলী: পশ্চিম ভাৰতৰ জিলা

দাদৰা আৰু নগৰ হাভেলী (/ˈdɑːdrɑː...ˌnʌɡər həˈvɛli/) পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ই দুটা পৃথক ভৌগোলিক অঞ্চলৰে গঠিত। সেই দুই অঞ্চল হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত অৱস্থিত নগৰ হাভেলী আৰু তাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সম্পূৰ্ণৰূপে গুজৰাটে আৱৰা দাদৰা অঞ্চল। ছিলভাচা দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ১৭৮৩ চনৰ পৰা বিংশ শতিকাৰ মাজে ভাগলৈ এই অঞ্চল পৰ্তুগীজ সকলৰ অধীনত আছিল।

দাদৰা আৰু নগৰ হাভেলী
—  কেন্দ্ৰীয় শাসিত অঞ্চল  —
Dadra and Nagar Haveli Silvassa.jpgছিলভাচাৰ দমন গংগা নদী
দাদৰা আৰু নগৰ হাভেলী: ইতিহাস, প্ৰশাসন, জন-গাঁথনি
দাদৰা আৰু নগৰ হাভেলীৰ মোহৰ
দাদৰা আৰু নগৰ হাভেলী: ইতিহাস, প্ৰশাসন, জন-গাঁথনি
দেশ দাদৰা আৰু নগৰ হাভেলী: ইতিহাস, প্ৰশাসন, জন-গাঁথনি ভাৰত
স্থাপন ১১ আগষ্ট ১৯৬১
ৰাজধানী আৰু বৃহত্তম চহৰ ছিলভাচা
চৰকাৰ
 - প্ৰশাসক প্ৰফুল খোদা পেটেল
 - সাংসদ মোহনভাই সঞ্জীৱভাই ডেলকাৰ
 - উচ্চ ন্যায়ালয় বোম্বে উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ ৪৯১ কি.মি. 
(১৮৯.৬ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৩২তম
উচ্চতা ১৬ মিটাৰ (৫২.৪৯ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৩,৪২,৮৫৩ জন
 - স্থান ৩৩rdতম
 - জনঘনত্ব ৬৯৮.৩ প্ৰতি বৰ্গ কি.মি. 
(১,৮০৮.৫ প্ৰতি বৰ্গ মাইল)
ভাষা
 - চৰকাৰী হিন্দী ভাষা, গুজৰাটী ভাষা
সময় অঞ্চল IST (গ্ৰী.মা.স.+৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-DN
যানবাহনৰ নম্বৰ DN-09
জিলাৰ সংখ্যা
মানৱ উন্নয়ন সূচাংক বৃদ্ধি
০.৬১৮ (২০০৫)
মানৱ উন্নয়ন সূচাংক উচ্চ
ৱেবছাইট dnh.nic.in

২০১৯ চনত ভাৰত চৰকাৰে দাদৰা আৰু নগৰ হাভেলীক দমন আৰু দিউৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।

ইতিহাস

৪৫০ বছৰতকৈ অধিক কাল আৰৱ সাগৰৰ উপকূলীয় দমন আৰু দিউ অঞ্চল, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত আছিল। ১৯৬১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে অপাৰেচন বিজয়ৰ জৰিয়তে গোৱা, দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলী ভাৰত গণৰাজ্যত অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ পৰ্টুগালে ভাৰতৰ এই অন্তৰ্ভুক্তিক স্বীকৃতি জনোৱা নাছিল।

প্ৰশাসন

দাদৰা আৰু নগৰ হাভেলী: ইতিহাস, প্ৰশাসন, জন-গাঁথনি 
ছিলভাচা টাউন হল

প্ৰশাসনিক সুবিধাৰ বাবে দাদৰা আৰু নগৰ হাভেলীক দুটা তালুকাত ভাগ কৰা হৈছে। সেই দুইটা তালুকা হ'ল: দাদৰা আৰু নগৰ হাভেলী। দাদৰা তালুকাৰ সদৰ হৈছে দাদৰা চহৰ। এই তালুকা দাদৰা চহৰ আৰু দুখন গাঁৱৰে গঠিত। সেউদৰে নগৰ হাভেলী তালুকাৰ সদৰ ছিলভাচা। এই তালুকা ছিলভাচা আৰু ৬৪টা গাঁৱৰে গঠিত।ভাৰতীয় সংবিধান মতে ইয়াৰ শাসন কাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন প্ৰশাসকে পালন কৰে। তেওঁক শাসন কাৰ্যত সহায়ৰ বাবে অন্যায় বিষয়া সমূহ থাকে। বৰ্তমান ইয়াৰ প্ৰশাসক প্ৰফুল খোদা পেটেল।

জন-গাঁথনি

২০১১ চনৰ লোকপিয়ল মতে দাদৰা আৰু নগৰ হাভেলীৰ মুঠ জনসংখ্যা ৩,৪২,৮৫৩ জন। ই জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৫৬৬তম স্থান অধিকাৰ কৰিছে। ইয়াৰ জন ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৬৯৮ জন। ২০০১ চনৰ পৰা ২০১১ চনলৈ দাদৰা আৰু নগৰ হাভেলীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৫৫.৫% আছিল আৰু ই সমগ্ৰ ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি। ইয়াৰ লিংগ অনুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৭৭৫ গৰাকী মহিলা আৰু সাক্ষৰতা হাৰ ৭৭.৬৫%।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

দাদৰা আৰু নগৰ হাভেলী ইতিহাসদাদৰা আৰু নগৰ হাভেলী প্ৰশাসনদাদৰা আৰু নগৰ হাভেলী জন-গাঁথনিদাদৰা আৰু নগৰ হাভেলী তথ্য উৎসদাদৰা আৰু নগৰ হাভেলী বাহ্যিক সংযোগদাদৰা আৰু নগৰ হাভেলীen:Help:IPA for Englishগুজৰাটমহাৰাষ্ট্ৰৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

নাথ-যোগী সম্প্ৰদায়শ্ৰীমদ্ভগৱতগীতাভাৰতৰ নিৰ্বাচন আয়োগঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাঅসমীয়া যুক্তাক্ষৰভাৰতত নাৰীবাদঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিআবেগম'লৰোমান সাম্ৰাজ্যকোচ ৰাজবংশীঅসমৰ সত্ৰসমূহৰ তালিকানগাঁওঅশোকাষ্টমীফুলৰাম সৰস্বতীভঠেলিভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধানবৈচাগুখেলমা জনগোষ্ঠীভাষামৌলিক সংখ্যাউষ্ণতাসিন্ধু সভ্যতাআজান পীৰসালোক সংশ্লেষণঅজন্তা গুহাসমূহভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যডিগবৈ তেল শোধনাগাৰপুথিভঁৰালগামোচানাট্য শাস্ত্ৰকলাজবীজগণিতগঙ্গা নদীহেমচন্দ্ৰ গোস্বামীহনুমানসদৌ অসম ছাত্ৰ সন্থাঅসমইটাখুলিৰ ৰণঅভিধানগণতন্ত্ৰফিফা বিশ্বকাপধ্ৰুৱবাদসাত বিহুচন্দ্ৰপ্ৰভা শইকীয়ানীসনজীদা খাতুনপবিতৰা অভয়াৰণ্যবায়ু প্ৰদূষণলক্ষ্মীনাথ বেজবৰুৱাচানডুবি বিলঅসমীয়া গালি-গালাজসিংহৰঘুনাথ চৌধাৰীহোমেন বৰগোহাঞিচৰাইমাটিৰ হিচাপ৯ জুনশিলঘাটপাঁচালীমনোবিজ্ঞানশাল গছআনন্দৰাম ঢেকিয়াল ফুকনজৈৱ বৈচিত্ৰ্যলোকসভাঅৰুণোদইশিৱসাগৰৰ শিৱদৌললক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানদেউৰী জনগোষ্ঠীৰেখাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাশ্ৰী সূৰ্য পাহাৰঅসম আৰক্ষীজেং বিহু🡆 More