ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ

ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ (ইংৰাজী: Digital object identifier) বা DOI হৈছে ইলেক্ট্ৰনিক নথিপত্ৰ বা প্ৰকাশন চিনাক্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচন (International Organization for Standardization, চমুকৈ ISO)ৰ দ্বাৰা প্ৰত্যায়িত কৰা এটা নিৰ্দিষ্ট সংখ্যা। এই নম্বৰৰ সৈতে নথিটোৰ সৈতে জড়িত বিভিন্ন মেটাডাটা সংলগ্ন কৰা হয়। এই মেটাডাটাত নথিটোৰ অৱস্থান, যেনে নথিটো বিচাৰি পোৱা ইউআৰএল (URL) বা ৱেব ঠিকনা ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। কোনো এটা নথিৰ মেটাডাটা সলনি হ'ব পাৰে যদিও তাৰ doi সংখ্যা অপৰিৱৰ্তনীয়। যিকোনো এটা নথি (যেনে কিতাপ বা লেখা) এটা doi নম্বৰৰ দ্বাৰা চিনাক্ত কৰা বা আঙুলিয়াই দিয়াটো কেৱল এটা ইউআৰএল (URL) লৈ আঙুলিয়াই দিয়াতকৈ বহুত বেছি নিৰ্ভৰযোগ্য। কাৰণ ইউআৰএল সহজে সলনি হ’ব পাৰে, আৰু তাৰ ফলত নথিটো বিচাৰি পোৱাটো কঠিন হৈ পৰে। কিন্তু যদি এটা doi নম্বৰ থাকে, প্ৰকাশকে তেতিয়া কেৱল doi নম্বৰৰ মেটাডাটাৰ পৰা ইউআৰএল আপডেট কৰিব পাৰে।

ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ
ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ
Acronym DOI
Organisation International DOI Foundation
Introduced ২০০০; ২৪ বছৰ  আগতে (2000)
Example 10.1000/182
Website www.doi.org

ইউআৰএল (URL)ৰ দৰে DOI ব্যৱস্থা সকলোৰে বাবে মুকলি নহয়। DOI সংস্থাৰ সৈতে চুক্তিবদ্ধভাৱে জড়িতসকলেহে doi নম্বৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ আছে। আৰু এই সংযোগৰ বাবে সদস্যপদ মাচুল দিব লাগে। এই ব্যৱস্থাটো বিকশিত আৰু নিয়ন্ত্ৰণৰ বাবে কাম কৰা কেইবাটাও সংস্থা আন্তঃৰাষ্ট্ৰীয় ডি অ' আই ফাউণ্ডেচনে ৰক্ষণাবেক্ষণ আৰু পথ প্ৰদৰ্শন কৰে। ২০০০ চনৰ শেষৰ ফালৰ পৰা এই ব্যৱস্থাটো প্ৰকাশৰ ক্ষেত্ৰত বিকশিত আৰু সম্প্ৰসাৰণ কৰা হৈছে। ২০১১ চনৰ এপ্ৰিল মাহলৈকে বিশ্বজুৰি প্ৰায় ৪,০০০ সংস্থাই প্ৰায় ৫০ লাখ doi নম্বৰ জাৰি কৰিছে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰীকৃষ্ণকীৰ্তনজ্যোতি সংগীতকৃষ্ণ ভূঞামিৰি জীয়ৰীহাজং জনগোষ্ঠীঅনাভেদী যৌনক্ৰিয়াৰাৱণঅসমৰ কুঁহিলা শিল্পচকৰি ফেঁটী বুৰঞ্জীপ্লাষ্টিকধুবুৰী (লোকসভা সমষ্টি)বিজ্ঞানভাৰতৰ উপৰাষ্ট্ৰপতিৰাভা ভাষাভাৰতৰ উচ্চতম ন্যায়ালয়সৰস্বতী পূজাকম্পিউটাৰপাৰিপাৰ্শ্বিক সংঘাতসৰ্বানন্দ সোণোৱালচৰাইইংৰাজী ভাষাভগদত্তঅব্যয় পদআল্লাহঅসমৰ পৰম্পৰাগত খেল-ধেমালিসত্ৰীয়া নৃত্যতেজহাড়গোলকীয় উষ্ণতা বৃদ্ধিঅসমৰ সাধুকথাঅসমত মহাত্মাটকা (বাদ্য)সেউজ গৃহ প্ৰভাৱভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবেদগুকেশ ডিআৱাহন (আলোচনী)চুটিগল্পকমলাকান্ত ভট্টাচাৰ্য্যবাগ্‌ধ্বনিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাগৱেষণাকোষ (জীৱবিজ্ঞান)পাঠ্যক্ৰমসংস্কৃতিমণিপুৰ সংঘৰ্ষ ২০২৩পুঁজিবাদলোকসভাভঠেলিব্ৰহ্মগুপ্তউত্তৰ গুৱাহাটীবিহুগীতশাল গছমৃণাল কলিতাসৰ্বশিক্ষা অভিযাননলবাৰী জিলামৌলিক সংখ্যাহনুমান জয়ন্তীযোৰানামঅসম আৰক্ষীঅসমৰ লোকগীতভাৰতীয় শিল্পকলাশিৱসাগৰৰ শিৱদৌলছট পূজাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫মুগা (ৰেচম)ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাবানপানীযৌন প্ৰৱেশক্ৰিয়াসমাজবাদবহনক্ষম উন্নয়নৰ লক্ষ্যমেলেৰিয়াৱৰ্ল্ড ৱাইড ৱেব🡆 More