ছুৱেজ খাল

ছুৱেজ খাল (আৰবী: قناة السويس, ইংৰাজী: Suez Canal) ভূমধ্য সাগৰ আৰু লোহিত সাগৰত সংযোগ কৰিবলৈ ছুৱেজ যোজকৰ মাজেদি খন্দা এটা খাল। এই খাল খন্দাৰ আগতে, কোনো জাহাজ ইউৰোপৰ পৰা এছিয়ালৈ আহোঁতে আফ্ৰিকা মহাদেশেদি বহু হাজাৰ কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছিল। এই অসুবিধা দূৰ কৰিবলৈ ফ্ৰান্সৰ এজন কূটনীতিবিদ আৰু অভিযন্তা ফাৰ্ডিনাণ্ড ডি লেছেপছে (Ferdinand da Lesseps) ইজিপ্টৰ শাসনকৰ্তা ছৈয়দ পাছাক এই খাল খন্দাৰ প্ৰস্তাৱ দিয়ে। অনুমতি পোৱাৰ পাচত, এটা কোম্পানী খুলি লেছেপছে ১৮৫৯ চনৰ ২৫ এপ্ৰিলত কাম আৰম্ভ কৰিলে। ১৬৪ কিলোমিটাৰ (১০২ মাইল) দৈৰ্ঘ্য, ৮ মিটাৰ (২৬ ফুট) দ খাল খন্দাৰ কাম সমাপ্ত হোৱাৰ পাচত ১৮৬৯ চনৰ ১৭ নৱেম্বৰত এই নতুন জলপথেদি জাহাজৰ যাতায়াত আৰম্ভ হ'ল। তাৰ পাচতো মাজে মাজে এই খালটোৰ উন্নয়নৰ কাম কৰা হৈছে। বৰ্তমান এই খালটোৰ দৈৰ্ঘ্য ১৯৩.৩০ কিলোমিটাৰ (১২০.১১ মিটাৰ), গভীৰতা ২৪ মিটাৰ (৭৯ ফুট) আৰু বহল প্ৰায় ২০৫ মিটাৰ (৬৭৩ ফুট)। ১৯৫৬ চনৰ ২৬ জুনত ইজিপ্টৰ ৰাষ্ট্ৰপতি আব্দুল নাছেৰে 'ছুৱেজ খাল কোম্পানী'টোক জাতীয়কৰণ কৰে আৰু তাৰ পাচৰ পৰা ছুৱেজ খালৰ দায়িত্ব সম্পূৰ্ণভাৱে ইজিপ্টৰ চৰকাৰৰ হাতলৈ যায়।

ছুৱেজ খাল
ছুৱেজ খাল
Specifications
Locks None
Geography
Branch(es) The New Suez Canal

বন্দৰসমূহ

শেহতীয়াকৈ ২০১৫ চনত ছুয়েজ খালৰ এক অংশ মুকলি কৰা হয়। ইয়াৰ উত্তৰৰ বন্দৰ (northern terminus ) ৰ নাম পৰ্ট ছেইদ (Port Said), য’ৰ পৰা সাগৰলৈ দুটা প্ৰধান পথ আছে। দক্ষিণৰ বন্দৰৰ নাম পৰ্ট টেউফিক (Port Tewfik)। ই ছুয়েজ মহানগৰত অৱস্থিত আৰু ইয়াৰপৰা সাগৰলৈ মূল পথ এটাই। পশ্চিমপাৰে থকা বন্দৰটো হৈছে ইছলামিয়া ( Ismailia )। ২০১২ চনত মুঠ ১৭,২২৫ বাহন এই খালেৰে পাৰ হৈ যায়।

ভৌগোলিক বিৱৰণ

ছুয়েজ খাল বাল্লাহ বাইপাছ (Ballah Bypass) আৰু গ্ৰেট বিটাৰ লেক (Great Bitter Lake) ৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰ মাজেদি সাগৰীয় পানী মুক্তভাৱে প্ৰবাহিত হৈছে।

পৰিচালনা

ছুয়েজ খাল ইজিপ্টত অৱস্থিত ছুয়েজ কেনেলল অথ’ৰিটি (Suez Canal Authority) ৰ দ্বাৰা পৰিচালিত কনষ্টাণ্টিন’পলৰ কনভেনশ্যন (Convention of Constantinople) অনুসৰি এই খাল যুদ্ধ বা সাধাৰণ পৰিস্থিতত, যিকোনো বাণিজ্য বা যুদ্ধৰ বাহনে ব্যৱহাৰ কৰিব পাৰে ( it may be used "in time of war as in time of peace, by every vessel of commerce or of war, without distinction of flag)"

আলোকচিত্ৰৰ ভঁৰাল

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

32°20′39″E / 30.705°N 32.34417°E / 30.705; 32.34417

Tags:

ছুৱেজ খাল বন্দৰসমূহছুৱেজ খাল ভৌগোলিক বিৱৰণছুৱেজ খাল পৰিচালনাছুৱেজ খাল আলোকচিত্ৰৰ ভঁৰালছুৱেজ খাল তথ্য সংগ্ৰহছুৱেজ খাল বাহ্যিক সংযোগছুৱেজ খালআৰবী ভাষাইংৰাজী ভাষাইউৰোপইজিপ্টএছিয়াফ্ৰান্সভূমধ্য সাগৰ

🔥 Trending searches on Wiki অসমীয়া:

পাণিনিপদ্মনাথ গোহাঞি বৰুৱাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)হাজোৰাজহুৱা ক্ষেত্ৰপাচন তন্ত্ৰমাজুলীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলসোৱণশিৰি নদীএকলব্যঅৰুণোদইবিয়া নামভাৰতীয় জাতীয় কংগ্ৰেছভূমিকম্পঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমৰ বাঁহ-বেতৰ শিল্পঅৰুণাচল প্ৰদেশসূৰ্যকুমাৰ ভূঞাভূপেন হাজৰিকাভলিবলএককোষী জীৱভাৰতীয় সাহিত্যঅন্নপ্ৰাশনবিশেষ শিক্ষালখিমপুৰ (লোকসভা সমষ্টি)বুৰঞ্জীআলেকজেণ্ডাৰ গ্ৰাহাম বে'লৰাজনৈতিক দলব’হাগগুৱাহাটীসংঘাতঅসীমত যাৰ হেৰাল সীমাপৰিয়ালনৰকাসুৰকানাই বৰশী বোৱা শিলালিপিশ্বিলংচুটিগল্পগড়গাঁওভাৰতীয় ৰেলত্ৰিপিটকজ্যোতিপ্ৰসাদ ৰচনাৱলীডিগবৈপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰনেতাই ধুবুনী ঘাটইন্দ্ৰবিহুগীতনিমাতী কইনাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঅসমীয়া ভাষানীতি আয়োগস্বদেশী আন্দোলনঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅমিয় কুমাৰ ভূঞাভাৰত-আৰ্য ভাষা পৰিয়ালহস্তীবিদ্যাৰ্ণৱসদৌ অসম ছাত্ৰ সন্থাতগৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভাস্কৰ (প্ৰথম)কলখামটি জনগোষ্ঠীনুৰ জাহানভাৰতৰ নিৰ্বাচন আয়োগশিক্ষাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫সৌৰভ কুমাৰ চলিহাওজাপালিবাজেটসংগীতবিত্তীয় ব্যৱস্থাজোনবিল মেলাগোৱালপৰীয়া লোকগীতচ'মাংকানআকবৰবিশ্ব মেলেৰিয়া দিৱসৰাইমনা ৰাষ্ট্ৰীয় উদ্যানদামোদৰ দেৱ🡆 More