কপৌ ফুল: অৰ্কিড প্ৰজাতি

কপৌ ফুল (ইংৰাজী: Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।

কপৌ ফুল
কপৌ ফুল: স্থানীয় নাম সমূহ, বিস্তৃতি, যত্ন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বৰ্গ: Asparagales
পৰিয়াল: Orchidaceae
উপপৰিয়াল: Epidendroideae
গোত্ৰ: Vandeae
Subtribe: Aeridinae
গণ: Rhynchostylis
প্ৰজাতি: R. retusa
বৈজ্ঞানিক নাম
Rhynchostylis retusa

স্থানীয় নাম সমূহ

কপৌ ফুল: স্থানীয় নাম সমূহ, বিস্তৃতি, যত্ন 
এজোপা কপৌফুল
  • ব্লাণ্ট ৰাইনক'ষ্টাইলিচ (Blunt Rhynchostylis)
  • ছিনটাৰানামু (Chintaranamu)
  • ফক্সটেইল অৰ্কিড (Foxtail orchid)
  • কপৌ ফুল (kapau phool)
  • যুৱান হুই লান (Zuan Hui Lan)
  • আই য়া ৰেচ (Ai Ya Res (Thai))

বিস্তৃতি

কপৌ ফুল: স্থানীয় নাম সমূহ, বিস্তৃতি, যত্ন 
কপৌ ফুল, ওচৰৰ পৰা

এই অৰ্কিড অৰ্ধ পৰ্ণপাতী আৰু নিম্ন উচ্চতাৰ শুকান পৰ্ণপাতী অৰণ্য সমূহত ভূ-ভাগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা আৰম্ভ কৰি প্ৰায় ১৩০০ মিটাৰ লৈকে পোৱা যায়। ইহঁতৰ ভৌগোলিক বিস্তৃতি বাংলাদেশ, বেনিন, ম্যানমাৰ, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাউচ, মালয়েছিয়া, নেপাল, ফিলিপাইন, ছিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনামলৈকে বিয়পি আছে।

ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত পোৱা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।

কপৌ ফুল: স্থানীয় নাম সমূহ, বিস্তৃতি, যত্ন 
কপৌফুল

যত্ন

এই উদ্ভিদৰ বাবে সম পৰিমাণত জলযোগান আৰু গোটেই বছৰত সম পৰিমাণত সাৰৰ প্ৰয়োগৰ প্ৰয়োজন। যদিহে পাত বোৰ বেছিকৈ তিতি থাকে তেতিয়াহলে মৰি যোৱাৰ সম্ভাৱনা থাকে। ইহঁতে পৰোক্ষ পোহৰ পছন্দ কৰে। ফুল সাধাৰণতে বসন্তৰ শেষৰ ফালে ফুলে।

ব্যৱহাৰ

কপৌ ফুল: স্থানীয় নাম সমূহ, বিস্তৃতি, যত্ন 
অসমত পোৱা কপৌ ফুলৰ এজোপা গছ, ফুলৰ সৈতে

ঔষধিয় গুণৰ বাবে এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কাণ পকিলে বা কাণৰ বিষ হ'লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰৰস এক-দুইটোপাল ব্যৱহাৰ কৰা হয়।

অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া ব'হাগ বিহুৰ লগত ওতঃপ্ৰোত সমন্ধ আছে। বিহু নাচিবৰ বাবে বিহুৱতীৰ মূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ হয়। ডেকা- গাভৰু সকলে ইয়াক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰে। লগতে এই অৰ্কিডক উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰ চিহ্ন হিচাপেও প্ৰক্ষেপ কৰা যায়। স্থানীয় লোকৰ বিবাহ অনুষ্ঠানতো এই অৰ্কিডৰ ফুল ব্যৱহাৰ হয়। জনজীৱনৰ লগত ইয়াৰ ওতঃপ্ৰোত সমন্ধ আৰু গুৰুত্বৰ বাবে ইয়াক প্ৰায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ৰোপণ কৰা দেখা যায় আৰু লগতে ই অসমৰ ৰাজ্যিক ফুল হিচাপেও মান্যতা প্ৰাপ্ত।

তথ্য সংগ্ৰহ

Tags:

কপৌ ফুল স্থানীয় নাম সমূহকপৌ ফুল বিস্তৃতিকপৌ ফুল যত্নকপৌ ফুল ব্যৱহাৰকপৌ ফুল তথ্য সংগ্ৰহকপৌ ফুলঅৰ্কিডইংৰাজী ভাষাফুল

🔥 Trending searches on Wiki অসমীয়া:

লোকসভাৰামমোহন ৰায়অনাভেদী যৌনক্ৰিয়াএশিঙীয়া গঁড়সপ্তকাণ্ড ৰামায়ণদশাৱতাৰৰাজ্যসভাপ্ৰজ্ঞাপাতঅসমৰ মুখা শিল্পটকা (বাদ্য)মহেশ্বৰ নেওগপৃথিৱীৰ বায়ুমণ্ডলমূলা গাভৰুজ্যামিতিবৰগীতঅসমৰ সমস্যাকম্পিউটাৰশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘপ্ৰাকৃতিক সম্পদগুৱাহাটী (লোকসভা সমষ্টি)ক্ষচীনকেঁচুসাৰঅসমৰ সাধুকথাশ্ৰীমদ্ভগৱতগীতাফকৰা যোজনাৰাভা জনগোষ্ঠীপৰ্যটনবিদ্যুৎমই আৰু নেফাঅসম মাধ্যমিক শিক্ষা পৰিষদঅসমৰ জাতীয় গীতশকুন্তলা (চলচ্চিত্ৰ)দৰিদ্ৰতাসেউজ গৃহ প্ৰভাৱব্যৱস্থাপনাকাতি বিহুউপন্যাসসংঘাতৰাষ্ট্ৰসংঘ দিৱসমামণি ৰয়ছম গোস্বামীসতীদাহ প্ৰথাঅৰ্জুন ভঞ্জনঅসহযোগ আন্দোলনগৌতম বুদ্ধকীৰ্তন-ঘোষাপ্ৰেমচন্দজেং বিহুলোকসভাৰ অধ্যক্ষঅসমৰ ইতিহাসজৈৱ বৈচিত্ৰ্যউপনিষদঅসমীয়া লিপিৰ বুৰঞ্জীঅংকীয়া নাটআহোম ৰাজ্যদৌল গোবিন্দ মন্দিৰমহাদেশহাড়ভীমৰাও ৰামজী আম্বেদকাৰঅসমৰ মন্ত্ৰ-সাহিত্যচৰিত পুথিকপিৰাইটয়শব্দ প্ৰদূষণচকলংচন্দ্ৰকুমাৰ আগৰৱালাসতী সাধনীকিতাপ পঢ়াৰ আনন্দকোণকেওঁট জনগোষ্ঠীপ্ৰাকৃতিক দুৰ্যোগনৱবিধা ভক্তিকুশল কোঁৱৰপদ (ব্যাকৰণ)নাৰীবাদচিকিৎসা বিজ্ঞানগোপাল কৃষ্ণ গোখলেঅংগৰাগ মহন্ত🡆 More