উদ্যোগ

উদ্যোগ (ইংৰাজী: Industry) হৈছে কোনো এক অৰ্থনীতি অথবা দেশত হোৱা কোনো সামগ্ৰী নাইবা সেৱাৰ উৎপাদন। কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গোটে কৰা আয়ৰ মুখ্য উৎসই ইয়াৰ সৈতে সম্পৰ্কিত উদ্যোগটোকে সূচায়। যেতিয়া কোনো এক বৃহৎ গোটৰ আয়ৰ উৎস বহুকেইটা হয় তেতিয়া সেই গোটটোৱে কেইবাটাও উদ্যোগিক ক্ষেত্ৰত কাম-কাজ চলাই নিয়া বুলি ধৰা হয়। উদাহৰণস্বৰূপে, ৰিলায়েঞ্চ ঔদ্যোগিক গোটে বহুকেইটা দিশত ব্যাৱসায়িক কাম-কাজ সম্প্ৰসাৰণ কৰিছে আৰু সেয়ে ই যোগাযোগ, জীৱন বীমা, খাৰুৱা তেল আদি বহুকেইটা ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত।

শ্ৰেণীবিভাগ

সাধাৰণ শ্ৰেণীবিভাগ

উদ্যোগসমূহৰ বিভিন্নধৰণে শ্ৰেণীবিভাগ কৰা হয়। ইয়াৰ ভিতৰত তিনি খণ্ডৰ সূত্ৰ বা থ্ৰি-চেক্টৰ থিয়ৰি (three-sector theory) আৰু উৎপাদিত সামগ্ৰীৰ ভিত্তিত কৰা শ্ৰেণীবিভাগেই প্ৰধান।

  1. তিনি খণ্ডৰ সূত্ৰ: অৰ্থনীতিৰ এই সূত্ৰ অনুসাৰে উদ্যোগসমূহক তিনিটা অৰ্থনৈতিক খণ্ড, যথাক্ৰমে প্ৰাথমিক বা আহৰণ খণ্ড, গৌণ বা নিৰ্মাণ খণ্ড আৰু তৃতীয় বা সেৱা খণ্ডত ভগাব পাৰি। কোনো কোনো লেখকে চতুৰ্থ বা জ্ঞান খণ্ড আৰু পঞ্চম বা সংস্কৃতি আৰু গৱেষণা খণ্ডৰ কথাও উল্লেখ কৰিছে।
  2. উৎপাদিত সামগ্ৰী: উৎপাদিত সামগ্ৰীৰ ভিত্তিত উদ্যোগসমূহক বিভিন্ন খণ্ড যেনে নিৰ্মাণ, ৰসায়ন, খাৰুৱা তেল, খাদ্য, ছফটৱেৰ, বস্ত্ৰ, বৈদ্যুতিন আদিত ভগাব পাৰি।

বিত্ত আৰু মাৰ্কেট ৰিচাৰ্ছ আদিৰ ক্ষেত্ৰত বজাৰৰ ভিত্তিত উদ্যোগৰ শ্ৰেণীবিভাজন কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগ

ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা বিভাগে কৰা আন্তঃৰাষ্ট্ৰীয় মানক ঔদ্যোগিক শ্ৰেণীবিভাগ (ইংৰাজী: International Standard Industrial Classification) বা চমুকৈ ISIC হৈছে সম্পূৰ্ণ তথা শৃংখলাৱদ্ধ ঔদ্যোগিক শ্ৰেণীবিভাগ।

ঔদ্যোগিক উৎপাদনৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ ক্ৰম

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু চি আই এ ৱৰ্ল্ড ফেক্টবুকৰ ২০১৮ চনৰ তথ্যৰ ভিত্তিত ঔদ্যোগিক উৎপাদনৰ ক্ৰম অনুসৰি বিশ্বৰ বৃহত্তম ৰাষ্ট্ৰসমূহ
অৰ্থনীতি
ঔদ্যোগিক উৎপাদনৰ ভিত্তিত বিশ্বৰ দেশসমূহ (বিলিয়ন আমেৰিকান ডলাৰ)
(01) উদ্যোগ  চীন
5,316
(—) উদ্যোগ  ইউৰোপিয়ান ইউনিয়ন
4,757
(02) উদ্যোগ  আমেৰিকা যুক্তৰাষ্ট্ৰ
3,877
(03) উদ্যোগ  জাপান
1,842
(04) উদ্যোগ  জাৰ্মানী
1,213
(05) উদ্যোগ  ৰাছিয়া
744
(06) উদ্যোগ  দক্ষিণ কোৰিয়া
651
(07) উদ্যোগ  ভাৰত
619
(08) উদ্যোগ  ফ্ৰান্স
589
(09) উদ্যোগ  যুক্তৰাজ্য
586
(10) উদ্যোগ  ইটালী
576
(11) উদ্যোগ  ব্ৰাজিল
549
(12) উদ্যোগ  কানাডা
518
(13) উদ্যোগ  মেক্সিকো
415
(14) উদ্যোগ  ইণ্ডোনেছিয়া
409
(15) উদ্যোগ  অষ্ট্ৰেলিয়া
409
(16) উদ্যোগ  স্পেইন
381
(17) উদ্যোগ  চৌদি আৰৱ
340
(18) উদ্যোগ  তুৰস্ক
302
(19) উদ্যোগ  পোলেণ্ড
221
(20) উদ্যোগ  টাইৱান
217

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু চি আই এ ৱৰ্ল্ড ফেক্টবুকৰ ২০১৫ চনৰ তথ্যৰ ভিত্তিত ঔদ্যোগিক উৎপাদন অনুসৰি বিশ্বৰ ২০খন দেশ

তথ্য সংগ্ৰহ

সহায়ক গ্ৰন্থ

  • Krahn, Harvey J., and Graham S. Lowe. Work, Industry, and Canadian Society. Second ed. Scarborough, Ont.: Nelson Canada, 1993. xii, 430 p. ISBN 0-17-603540-0

বাহ্যিক সংযোগ

Tags:

উদ্যোগ শ্ৰেণীবিভাগউদ্যোগ ঔদ্যোগিক উৎপাদনৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ ক্ৰমউদ্যোগ তথ্য সংগ্ৰহউদ্যোগ সহায়ক গ্ৰন্থউদ্যোগ বাহ্যিক সংযোগউদ্যোগইংৰাজী

🔥 Trending searches on Wiki অসমীয়া:

ৰঘুনাথ চৌধাৰীসূৰ্যকুমাৰ ভূঞাহোমেন বৰগোহাঞিখামটি জনগোষ্ঠীসেউজ গৃহ প্ৰভাৱআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিহাজোজাভাকোষ (জীৱবিজ্ঞান)অব্যয় পদশৰাইঘাটৰ যুদ্ধগমধৰ কোঁৱৰকীৰ্তন-ঘোষাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাহেম বৰুৱা (ত্যাগবীৰ)মই আৰু নেফাসৰ্বেপল্লী ৰাধাকৃষ্ণণ৭ ফেব্ৰুৱাৰীনলিনীবালা দেৱীশব্দমূৰাৰা, ৰঙিয়ামহেশ্বৰ নেওগঅসমৰ ৰাজ্যিক প্ৰতীকসমূহগুৰু আসনএহাত ডাবাভাৰতৰ প্ৰধানমন্ত্ৰীপাঠ পৰিকল্পনাপ্ৰাকৃতিক দুৰ্যোগশব্দ (অভিধান)সত্ৰজুবিন গাৰ্গমঙ্গলদৈ (লোকসভা সমষ্টি)কাৰ্বি আংলং জিলামণিকৰ্ণেশ্বৰ দেৱালয়আমযুগ্ম সংখ্যাইয়াণ্ডাবু সন্ধিঅপভ্ৰংশপাণবাৰী মছজিদআলেকজেণ্ডাৰ গ্ৰাহাম বে'লপাঠ্যক্ৰমধেমাজি জিলাজীৱঅসমৰ পৰম্পৰাগত খেল-ধেমালিবসন্ত ৰোগমানৱ ভূগোলনৱ-বৈষ্ণৱ ধৰ্মভাৰত-আৰ্য ভাষা পৰিয়ালনাৰীবেদভাৰতীয় জাতীয় কংগ্ৰেছসংযুক্ত মুক্তি বাহিনী, অসমমুগা (ৰেচম)পদ্মধৰ চলিহাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঢেঁকীঅসমৰ চাহ জনগোষ্ঠীব্যৱস্থাপনাযতীন্দ্ৰ নাথ দুৱৰাআলোচনীবায়ু প্ৰদূষণনগাঁও জিলাগগনাভাষাদেওপাহাৰভাৰতীয় জনতা পাৰ্টিছিৰিমাভো বন্দৰনাইকেউপভাষানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ড়ঋকবেদপাৰিজাত হৰণ নাটযতীন বৰা🡆 More