আজান পীৰৰ দৰগাহ

আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ। এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে। উল্লেখ্য যে আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত এতিয়াও দেখিবলৈ পোৱা যায়। বাহিৰত এটা গড় আৰু গড়টোৰ ভিতৰত আৰু এটা সৰু গড় আছে। এই গড়টোৰ সোঁমাজতে এটা মছজিদ আৰু ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে। মছজিদৰপৰা অলপ আঁতৰত এটা ওখ আৰু আহল-বহল কবৰ আছে। এই কবৰটোকে আজান পীৰৰ কবৰ বুলি জনশ্ৰুতি আছে। পিছলৈ কবৰটো পুনৰ নিৰ্মাণ কৰা হয়। মঠটোৰ ভিতৰত এজোপা শৰা গছ আছে। জনশ্ৰুতি মতে, এই গছজোপাৰ তলতে আজান পীৰ চাহাবে সঙ্গীসকলৰ লগত একেলগে জিকিৰ গাইছিল, জিকিৰ ৰচিছিল আৰু চৰ্চা কৰিছিল। পিছলৈ এইজোপা শৰা গছৰপৰাই এই ঠাইখনিৰ নাম হ’লগৈ শৰাগুৰি চাপৰিআজান পীৰ চূণপোৰাত থকা কালতে আহোম ৰজাই শৰাগছৰ এজোপাৰ ১০০ বিঘা মাটি দি এটা গড় বন্ধাই দিছিল। ইয়াতে পীৰ চাহাবে আশ্ৰম পাতে। হজৰত পীৰৰ মৃত্যু কেতিয়া হ’ল সেই বিষয়ে নিশ্চিত কৰিব পৰা নাযায়। শৰাগুৰি চাপৰিৰ কাষত তেওঁৰ কবৰ আছে বুলি বিশ্বাস কৰি মুছলমান ধৰ্মীসকলে তেওঁক দৰ্শন কৰিবলৈ যায়। তেওঁৰ সমাধি স্থলটো হিন্দু-মুছলমানৰমানৰ মিলন ভূমি। গোটেই বছৰজুৰি দিখৌ মুখৰ ঘাটেদি তেওঁৰ দৰগাহলৈ অসংখ্য লোকৰ সমাগম হয়।

আজানপীৰৰ দৰগাহ
আজান পীৰৰ দৰগাহ
সাধাৰণ তথ্য
আজান পীৰৰ দৰগাহ is located in Assam
{{{alt}}}
অসমৰ মানচিত্ৰত অৱস্থান
ভৌগোলিক স্থানাংক 27°00′23″N 94°28′13″E / 27.0064°N 94.4703°E / 27.0064; 94.4703 94°28′13″E / 27.0064°N 94.4703°E / 27.0064; 94.4703
ৰাজ্য অসম
জিলা শিৱসাগৰ জিলা
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
নিৰ্দিষ্টকৰণ

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানবৰপেটাবিল গেট্‌ছমৈদামবিহু নৃত্যগাঁও পঞ্চায়তজতুৱা ঠাঁচযোৰহাট জিলাকপৌ ফুলধুবুৰী জিলাবুঢ়ী আইৰ সাধুলেছবিয়ানমাঘনোৱা দ’লআত্মসহায়ক গোটডিম্পু বৰুৱাব'হাগ বিহুমিচিং ভাষাপৰিৱেশ অধ্যয়নৰামায়ণস্বচ্ছ ভাৰত অভিযানশ্ৰী শ্ৰী বটদ্ৰৱা থানঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫উষ্ণতাফকৰা যোজনাপঞ্চভুজভাৰতত বাল্য বিবাহতামোলভাৰতীয় ৰেলভাৰতকৃষ্ণকান্ত সন্দিকৈস্বৰাজশুৱালকুছিদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰৰুবুল মাউতমহেন্দ্ৰ বৰাতীৰ্থনাথ শৰ্মাচ্যু-কা-ফাৰংবং তেৰাংজিকিৰৰমন্যাসবাদমায়ংবাগ্‌ধ্বনিঅষ্ট্ৰেলিয়াফণী শৰ্মাউমাচল শিলালিপিশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯স্বাভাৱিক সংখ্যাকুশান নৃত্যবাথৌ ধৰ্মঅসমৰ মহকুমাসমূহৰ তালিকাজিজিয়াচিত্ৰলেখা উদ্যানপ্ৰেমচন্দঅৰুণ শৰ্মাপুৰাণঅনুভৱ তুলসীঅসমীয়া ভাষাৰ শব্দসম্ভাৰবড়ো ভাষাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকানগেন শইকীয়ানীৰাজনা মহন্ত বেজবৰাএৰী ৰেচমমোহনদাস কৰমচান্দ গান্ধীৰাতি বিহুমই আৰু নেফাঘৰচিৰিকানিমলোকবিশ্বাসবিজ্ঞাপনযতীন্দ্ৰ নাথ দুৱৰা🡆 More