জিকিৰ

জিকিৰ (ইংৰাজী: Zikir) হৈছে এক প্ৰকাৰৰ ইছলাম ধৰ্মীয় স্তুতি গীত যাৰ দ্বাৰা অসমৰ থলুৱা ইছলাম ধৰ্মী লোক সকলে আল্লাহৰ স্তুতি কৰে। জিকিৰ শব্দটো আৰবী শব্দ ‘জিকিঅৰ’ শব্দৰ পৰা উদ্ভব হৈছে, যাৰ অৰ্থ হ’ল আল্লাৰ নাম স্মৰণ কৰা বা ঘনে ঘনে উচ্চাৰণ কৰা। এয়া ইছলাম ধৰ্মৰ পবিত্ৰ কাম বুলি গণ্য কৰা হয়। আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ ৰচনা কৰিছিল। আজান ফকীৰৰ আগমনৰ সময়ত অসমৰ মুছলমান সকলে নামাজ, ৰোজা, জাকাত আদি ইছলামীয় ৰীতি-নীতি, আচাৰ-অনুষ্ঠান নৈষ্ঠিক ভাবে পালন কৰা নাছিল। আজান পীৰ চাহাবে তেওঁলোকক ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ লিখিছিল। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধৰ্ম সম্বন্ধীয় কিছুমান পাৰ্চী, আৰবী শব্দ গীতসমূহত সোমাই পৰিছে। অসমীয়া দেহ বিচাৰ গীতৰ লগত সাদৃশ্য থকা এই গীতসমূহত আল্লাৰ নাম-কলিমা, দেহৰ ভংগুৰতা আদি বিষয়বোৰ অন্তৰ্ভুক্ত হৈছে।

জিকিৰ
জিকিৰ পৰিবেশন দৃশ্য প্ৰদৰ্শিত এক দেৱাল অংকন

জিকিৰসমূহ সমূহীয়াকৈ গোৱা হয় আৰু লোকগীতৰ দৰেই ইয়াৰ প্ৰকাশ ভংগী সহজ-সৰল। এই গীত পৰিবেশনত থলুৱা লোকবাদ্য দোতৰা, বাঁহী, টোকাৰি, বীণ আদিৰ ব্যৱহাৰ সততে দেখা যায়। বহি বহি গোৱাৰ লগতে জিকিৰ নাচি নাচি হাত চাপৰি বজাই, তাল ৰাখি বৃত্তকাৰে ঘূৰি গোৱাৰ ৰীতিও প্ৰচলন আছে। আজান ফকিৰে সৰহ ভাগ জিকিৰ ৰচনা কৰিছিল যদিও মুনীয়া দেৱান, বান্দৰ ফকিৰ, চৈয়দ মূৰতাজা, গোলাম হুছেইন, হৰিদাস কুমাৰ, বেথাই গুৱাল আদিয়েও জিকিৰ ৰচনা কৰিছিল।

'জিকিৰ'বোৰত বৈষ্ণৱীয় নামকীৰ্তনৰ প্ৰভাৱ ,মধূৰ সুৰ ,ইচলামীয় ধৰ্মতত্ব আৰু অসমীয়া ঘৰুৱা ভাষাৰ মাজত ফাৰ্চী ,আৰবী শব্দ প্ৰয়োগ লক্ষ্যণীয় বৈশিষ্ট। জিকিৰৰ ৰচনা কাল সম্পৰ্কে তলৰ গীতফাকি পোৱা যায়:

“দহশ দুকুৰি নৰীচন হিজিৰি
আকৌ পাঁচ বছৰ (বাৰ বছৰ) যায়
চাহ মিলনে এই জিকিৰ কৰিলে
কোৰাণ কিতাবত পাই।”

জাৰী

জাৰীবোৰ মৰ্চিয়া বা মহৰমৰ শোক গীত, এইবোৰ মৌখিক গীত। কাৰাবালাৰ কৰুণ কাহিনী অৱলম্বন কৰি জাৰী গীতসমূহ ৰচিত। আৰব দেশৰ যি ঐতিহাসিক কাহিনীৰ ভিত্তিত গীতবোৰ ৰচিত হৈছিল সেইবোৰে নিজা স্থানীয় ৰূপ হেৰুৱাই হাড়ে হিমজুৱে অসমীয়া ৰূপ লৈছে। জাৰী গালে বৰষুণ দিয়ে বুলি লোক বিশ্বাস প্ৰচলিত।

লগতে পঢ়ক

তথ্য সংগ্ৰহ

Tags:

অসমীয়া ভাষাআজান ফকীৰআল্লাহইংৰাজী ভাষাইছলামইছলাম ধৰ্মদেহ বিচাৰ গীতমুছলমান

🔥 Trending searches on Wiki অসমীয়া:

পদ্মনাথ গোহাঞি বৰুৱামাৰিয়া মণ্টেছৰীঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅৰ্জুন ভঞ্জনঅম্বুবাচীমালিনী থানসংস্কৃতিকৰম পূজাকৰ্কট ৰোগএৰিষ্ট'টলৰাজহুৱা ক্ষেত্ৰমুঠিখাৰুনগাঁও জিলাবিবাহভাৰতৰ উচ্চতম ন্যায়ালয়মিয়া খলিফাজৱাহৰলাল নেহৰুশ্ৰীমদ্ভগৱতগীতাঅসমীয়া ভাষা আন্দোলনগুৱাহাটী (লোকসভা সমষ্টি)খেতৰবৰপেটাজেতুকাকন্যা (ৰাশি)নৱকান্ত বৰুৱানাঙলহেপাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঅসম ক্ৰিকেট সন্থাৰিহাগঙ্গা নদীবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহমৌখিক ইতিহাসপাঠ পৰিকল্পনামাঘ বিহুম’বাইল ফোনগৰখীয়া দ'লনীতি আয়োগঅসম লোকসেৱা আয়োগচেৰা-বিহুযোৰানামমোৱামৰীয়া বিদ্ৰোহৰৌ মাছগুৰু আসনপ্ৰদূষণপুঠি মাছপুঁজিবাদআজান পীৰউৎসৱঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদপ্ৰসংগ প্ৰণালীগোলকীকৰণতাৰক চন্দ্ৰ গোস্বামীবসন্ত ঋতুমঙ্গলদৈ (লোকসভা সমষ্টি)ফ্ৰান্সসংঘাতসৌৰজগতঅসমীয়া খাদ্যাভ্যাসশিশুপুৰাণঅণুবীক্ষণ যন্ত্ৰগৱেষণাঅসমীয়া ব্যাকৰণচুটিগল্পঢোঁৰা সাপবানপানীসংগীতটুইটাৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীহাঁওফাঁওজ্যোতিপ্ৰসাদ আগৰৱালাআৰবী ভাষা🡆 More