চাইপ্ৰাছ

চাইপ্ৰাছ (i/ˈsaɪprəs/; গ্ৰীক: Κύπρος ; তুৰস্কীয়া: Kıbrıs সাঁচ:IPA-tr), আনুষ্ঠানিকভাৱে চাইপ্ৰাছ গণৰাজ্য এখন দ্বীপ ৰাষ্ট্ৰ, ছিৰিয়া আৰু তুৰস্কৰ তটৰ কাষৰ। যদিও চাইপ্ৰাছ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত, আৰু সেয়েহে এই ৰাষ্ট্ৰৰ অৱস্থান এছিয়া আৰু ইউৰোপেৰে গঠিত ইউৰেছিয়াত বুলি কোৱা হয়, ৰাষ্ট্ৰসংগই এই দেশক পশ্চিম এছিয়াত অৱস্থিত বুলি স্বীকৃতি দিছে। আন্তৰ্জাতিক আইন অনুসৰি, চাইপ্ৰাছ ৰাজ্যৰ সাৰ্বভৌমত্ব চাইপ্ৰাছ দ্বীপ আৰু কাষৰ সাগৰীয় অঞ্চললৈ বিস্তাৰিত, ব্ৰিটিছৰ দখলত থকা আক্ৰটিৰি আৰু ডেকেলিয়া অঞ্চল বাদে। চাইপ্ৰাছ মেডিটেৰেনিয়ানৰ জনসংখ্যা আৰু মাটিকালি, উভয় দিশৰেপৰা ৩য় বৃহৎ দেশ। এই দেশ ইউৰোপীয় সংঘৰ সদস্য।

চাইপ্ৰাছ গণৰাজ্য
Κυπριακή Δημοκρατία (Greek)
Kıbrıs Cumhuriyeti  (Turkish)
চাইপ্ৰাছ
ৰাষ্ট্ৰীয় সঙ্গীত
Ὕμνος εἰς τὴν Ἐλευθερίαν
"মুক্তিৰ মন্ত্ৰ"

চাইপ্ৰাছ-ৰ অৱস্থান
চাইপ্ৰাছ-ৰ অৱস্থান
Location of Cyprus (green) and Northern Cyprus (brighter green) in the European Union (light green)চাইপ্ৰাছ (সেউজীয়া), উত্তৰ চাইপ্ৰাছ (উজ্জ্বল সেউজীয়া), ইউৰোপীয় সংঘ (পাতল সেউজীয়া)
ৰাজধানীনিক'ছিয়া
35°10′N 33°22′E / 35.167°N 33.367°E / 35.167; 33.367
ৰাষ্ট্ৰভাষা (সমূহ)
  • গ্ৰীক
  • তুৰ্কিছ
Minority languages
  • আৰ্মেনিয়ান
  • চাইপ্ৰিয়ট আৰবী
Vernaculars
  • চাইপ্ৰিয়ট গ্ৰীক
  • চাউপ্ৰিয়ট টুৰ্কিছ
জনগোষ্ঠীসমূহ 
  • গ্ৰীক চাইপ্ৰিয়ট
  • তুৰ্কিছ চাইপ্ৰিয়ট
  • আৰ্মেনিয়ান
  • সংখ্যালঘু
জাতীয়তাসূচক বিশেষণ চাইপ্ৰিয়ট
চৰকাৰ য়ুনিটেৰি প্ৰেচিডেন্সিয়েল কন্সটিট্যুচনেল ৰিপাব্লিক
 -  ৰাষ্ট্ৰপতি নিকছ আনাষ্টাসিয়েডছ
স্বাধীন পূৰ্বে যুক্তৰাজ্যৰ দখলত
 -  জুৰিছ আৰু লণ্ডন চুক্তি ১৯ ফেব্ৰুৱাৰি ১৯৫৯ 
 -  স্বাধীনতা ১৬ আগষ্ট ১৯৬০ 
 -  স্বাধীনতা দিৱস ১ অক্টোবৰ ১৯৬০ 
 -  ইউৰোপীয় সংঘত যোগদান কৰিলে]] ১ মে' ২০০৪ 
মাটিকালি
 -  মুঠ ৯,২৫১ বৰ্গ কিমি (১৬৮)
৩,৫৭২ বৰ্গ মাইল 
 -  জলভাগ (%) ৯ (৮৩৩ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১৩ আনুমানিক ১১,৪১,১৬৬'"`UNIQ--ref-০০০০০০০২-QINU`"''"`UNIQ--ref-০০০০০০০৩-QINU`"' (১৫৮)
 -  ২০১১ লোকপিয়ল ৮,৩৮,৮৯৭'"`UNIQ--ref-০০০০০০০৪-QINU`"''"`UNIQ--ref-০০০০০০০৫-QINU`"' 
জিডিপি (পিপিপি) ২০১৪ আনুমানিক
 -  মুঠ $২৭.৫১৬ বিলিয়ন (১২৫)
 -  জনমুৰি $৩০৮৮২ (৩৭)
জিডিপি (নামমাত্ৰ) ২০১৪ আনুমানিক
 -  মুঠ $২৩.২৬৩ (১০৫)
 -  জনমুৰি $২৬১০৯ (৩১)
জিনি সহগ? (২০১১) 29.1 (১৯)
মানৱ উন্নয়ন সূচক (২০১৩) 0.845 (৩২)
মুদ্ৰা ইউৰো (EUR)
সময় অঞ্চল পূব ইউৰোপ সময় (ইউটিচি+2)
 -  গ্ৰীষ্মকালীন (ডিএছটি) পূব ইউৰোপীয় গ্ৰীষ্মকালীন সময় (ইউটিচি+3)
গাড়ী চলোৱা হয় left
ইণ্টাৰনেট টিএলডি .cy
কলিং ক'ড ++357

বুৰঞ্জী

এই ভূমিত মানৱ ইতিহাসৰ চিন খ্ৰীষ্টপূৰ্ব ১০,০০০ৰো আগৰ খিৰ'কিছিয়াৰ অৱশেষত পোৱা যায়। চাইপ্ৰাছ বিশ্বৰ কিছু আটাইতকৈ পুৰণি পানীৰ কোঁৱাৰ ঠাই। ২০০০ খ্ৰীষ্টপূৰ্বত এই ভূমি মাইচেনিয়ান গ্ৰীকসকলে দখল কৰিছিল। চাইপ্ৰাছৰ স্থানৰ নীতিগত গুৰুত্বৰ বাবে এচিৰিয়ান, ইজিপ্ছিয়ান, পাৰ্চী আদি বিভিন্ন শক্তিয়ে এই ভূমি দখল কৰিছিল। পাৰ্চীসকলৰ পাছত ৩৩৩ খ্ৰীষ্টপূৰ্বত এই ভূমি এলেগজেণ্ডাৰ মহানে অধিকাৰ কৰিছিল। এই ভূমি টলেমিক ইজিপ্ট, শাস্ত্ৰীয় আৰু পূৰ্ব দিশৰ ৰোমান সাম্ৰাজ্য, আৰবী খালিফাতন্ত্ৰ, ফৰাচী লিচিনান সাম্ৰাজ্য, ভেনেচিয়ান আৰু অট্টমান সাম্ৰাজ্যৰ দখলতো আছিল।

১৮৭৮ৰপৰা ব্ৰিটিছে শাসন কৰা চাইপ্ৰাছ আনুষ্ঠানিকভাৱে ১৯১৪ চনত ব্ৰিটিছৰ দখললৈ গ'ল। ১৯৫০ৰ দশকত তুৰস্কমূলীয় চাইপ্ৰিয়ট নেতাসকল আৰু তুৰস্কৰ মূল নীতি আছিল চাইপ্ৰাছত ব্ৰিটিছ শাসনৰ অৱসান ঘটায়, চাইপ্ৰাছক তুৰস্কত অন্তৰ্ভুক্ত কৰা। আন হাতে, একে সময়তে, সংখ্যাগুৰু গ্ৰীক চাইপ্ৰিয়ট নেতাসকল, গ্ৰীচ আৰু গোৰা গ্ৰীক গিৰ্জাৰ মূল নীতি আছিল চাইপ্ৰাছত ব্ৰিটিছ শাসনৰ অৱসান ঘটায় এই দেশক গ্ৰীচৰ অন্তৰ্ভুক্ত কৰা। ১৯৫০ৰ দশকৰ ৰাষ্ট্ৰীয়তাবাদী হিংসাৰ পাছত ১৯৬০ চনত চাইপ্ৰাছে স্বাধীনতা লাভ কৰিলে। ১৯৬৩ চনত ১১ বছৰীয়া সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হ'ল। প্ৰায় ২৫,০০০ তুৰস্ক মূলীয় চাইপ্ৰিয়টৰ স্থানান্তৰণৰ পাছত দেশখনত তুৰস্ক মূলীয় চাইপ্ৰিয়টৰ প্ৰতিনিধিত্ব অন্ত কৰিলে। ১৫ জুলাই ১৯৭৪ চনত গ্ৰীক চাইপ্ৰয়ট ৰাষ্ট্ৰীয়তাবাদীসকলৰ সহযোগত গ্ৰীক সামৰিক জুণ্টাই চাইপ্ৰাছ দখলৰ চেষ্টা কৰিছিল। এই ঘটনাই তুৰস্কৰ চাইপ্ৰাছ আক্ৰমণ আৰু দকলক প্ৰেৰিত কৰিলে, উত্তৰ চাইপ্ৰাছ তুৰস্কৰ দখললৈ গ'ল, ১,৫০,০০০ গ্ৰীক চাইপ্ৰিয়ট আৰু ৫০,০০০ তুৰস্ক মূলীয় চাইপ্ৰিয়ট স্থানান্তৰ হ'ল। ১৯৮৩ চনত সেই স্থানত এক পৃথক, স্বাধীন তুৰস্ক মূলীয় চাইপ্ৰিয়ট ৰাজ্য, উত্তৰ চাইপ্ৰাছ গঠন হ'ল। এই ঘটনাৱলী আৰু ফলস্বৰূপে গা কৰা ৰাজনৈতিক পৰিস্থিতি বৰ্তমানেও বিবাদৰ বিষয়।

তথ্য সংগ্ৰহ


Tags:

Listenen:Help:IPA for Englishইউৰেছিয়াইউৰোপএছিয়াচিত্ৰ:En-us-Cyprus.oggছিৰিয়াতুৰস্কৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

ৰাজিয়া চুলতানাদৰ্শনদশৰথভাৰতৰ স্বাধীনতা আন্দোলনমোৰো এটা সপোন আছেচোৰধৰাপাতঘৰ শালিকানাগৰিকত্বতলাতল ঘৰডিব্ৰুগড় বিশ্ববিদ্যালয়অসমীয়া খবৰৰাষ্ট্ৰসংঘ দিৱসযৌন সংগমকাতি বিহুনৱবিধা ভক্তিপুষ্টিকাৰকদেৱকান্ত বৰুৱাৱেবছাইটভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাটকা (বাদ্য)খ্ৰীষ্টান ধৰ্মসাঁচিপাতশামুকশিক্ষাৰ অধিকাৰপীযুষ হাজৰিকাপৰ্যাবৃত্ত তালিকাবতাহমৌৰ্য সাম্ৰাজ্যইংৰাজী ভাষাঈয়াৰুইঙ্গমৰজনীকান্ত বৰদলৈঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহসমবাহু ত্ৰিভুজহাজোশালস্তম্ভ ৰাজবংশকোচ ৰাজবংশগঙ্গা নদীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যবাল্য বিবাহহেম বৰুৱাৰামধেনুনাট্য শাস্ত্ৰকৃষিশ্ৰীকৃষ্ণকীৰ্তনডিম্বেশ্বৰ নেওগপথৰুঘাটৰ ৰণহেমচন্দ্ৰ বৰুৱামিচিং জনগোষ্ঠীৰ সাজপাৰআহোম-মোগলৰ সংঘৰ্ষচিপাহী বিদ্ৰোহ ১৮৫৭বিত্তীয় ব্যৱস্থাশব্দ প্ৰদূষণনাৰীৰূপালীমভ্ৰাম্যমাণ থিয়েটাৰবুঢ়ী আইৰ সাধুচামগুৰি সত্ৰবিহুৰক্তদলশক্তিবসন্ত ঋতুশোণিত কুঁৱৰীবৰপেটা (লোকসভা সমষ্টি)সাধুকথাসাপনলবাৰী জিলাভাৰত ৰত্নঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলআৰ্যভট্টদৌল গোবিন্দ মন্দিৰসালোক সংশ্লেষণপাইথাগোৰাছৰ উপপাদ্যমানৰ অসম আক্ৰমণৰাম🡆 More