ভাৰতৰ চৰকাৰী ভাষাসমূহ

ভাৰতৰ সংবিধান অনুসৰি ভাৰত চৰকাৰৰ চৰকাৰী ভাষা হৈছে দেৱনাগৰী লিপিৰ হিন্দী আৰু ইংৰাজী। সংবিধানত কোনো জাতীয় ভাষা নাই। বিভিন্ন চৰকাৰী কাম-কাজত হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰা হয়; যেনে, সংসদৰ কামত, আইন আৰু ন্যায়িক কামত, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যোগাযোগ ইত্যাদি।ৰাজ্যসমূহে নিজৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰাৰ স্বাধীনতা আছে।মূলতঃ ১৪.৫-২৪.৫% লোকে হিন্দী কয়, কিন্তু প্ৰায় ৪৫% ভাৰতীয়ই হিন্দী বা ইয়াৰ উপভাষা কয়। এই জনসংখ্যাৰ ৪৫% হিন্দীভাষী ৰাজ্য যেনে বিহাৰ, উত্তৰপ্ৰদেশ ইত্যাদি ৰাজ্যত বাস কৰে। বাকী ভাৰতীয় ভাষাসমূহ ভাৰতৰ জনসংখ্যাৰ ১০%তকৈও কম লোকে কয়।

ভাৰতৰ চৰকাৰী ভাষাসমূহ
ভাৰতৰ বিভিন্ন অঞ্চলৰ প্ৰধান ভাষা

ৰাজ্যসমূহে আইনৰ দ্বাৰা নিজৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰিব পাৰে। সংবিধানৰ এই ধাৰাত ৰাজ্যসমূহে সেই ভাষাসমূহ কেৱল কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কাম-কাজৰ বাবেই নহয়, ৰাজ্যসমূহৰ নিজেও বিভিন্ন চৰকাৰী কাম-কাজৰ বাবেও ব্যৱহাৰ কৰিব পাৰে আৰু এই ভাষাসমূহৰ জৰিয়তে ৰাজ্যখনেও দেশৰ সৈতে সংযোগ স্থাপন কৰে।

ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত ইংৰাজী ভাষা যুক্তৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱহাৰ কৰা হৈছিল। ১৯৫০ চনত সংবিধান গৃহীত হোৱাৰ সময়ত ১৫ বছৰৰ ভিতৰত ক্ৰমান্বয়ে ইংৰাজীৰ ঠাইত হিন্দী ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও পিছলৈ আইন প্ৰণয়ন কৰি ইংৰাজী ভাষাৰ ব্যৱহাৰ অক্ষুণ্ণ ৰাখিছিল। আন ৰাজ্যৰ চৰকাৰী ভাষাৰ লগতে হিন্দীও চৰকাৰী ভাষা হৈয়েই আছে।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকামণিৰাম দেৱানদৰং জিলাৰবীন্দ্ৰনাথ ঠাকুৰবৰদৈচিলাৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছয়ুৰি গেগেৰিনপঞ্জাবী ভাষাগগনাব্ৰহ্মপুত্ৰ উপত্যকালোকবিশ্বাসঅসমীয়া উপন্যাসকমতা ৰাজ্যবড়ো সাহিত্য সভাস্থিতি শক্তিএলক'হলমুদ্ৰাস্ফীতিনেপালগৰু বিহুসংখ্যাপৰিয়ালকছাৰী ৰাজ্যডিব্ৰুগড়মাটিৰ হিচাপযোগেশ দাসঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবসন্ত ঋতুফুলডিমাছা ভাষাপুথিভঁৰালধুবুৰী জিলাভূপেন্দ্ৰ সংগীতফলঅসম আন্দোলনসাহিত্য সমালোচনাঅসম বিধানসভাবড়োলেণ্ডকলীয়াভোমোৰা সেতুঅসমৰ জিলাসমূহকলাৰামইয়াত এখন অৰণ্য আছিললেখকভাষা-বিজ্ঞান (গ্ৰন্থ)ৱিকিপিডিয়াস্বৰ্গপদ্মনাথ গোহাঞি বৰুৱাঅসমপ্ৰাকৃতিক সম্পদবিহুৰ বাদ্যযন্ত্ৰব্যাকৰণসাঁচিপাতৰ পুথি (উপন্যাস)কাৰ্বি ভাষাহিন্দ স্বৰাজঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাপৰ্যটনভূপেন হাজৰিকাৰ সাহিত্যহিন্দু ধৰ্মবেদনাৰীবাদহাবুংঅভিধানঁ (চন্দ্ৰবিন্দু)চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়পৰিৱেশবাদপবিতৰা অভয়াৰণ্যফলৰ তালিকানৰোৱা সত্ৰৰামচৰণ ঠাকুৰবৰাক নদীস্বাধীনতা দিৱস (ভাৰত)মাহবুৰঞ্জী সাহিত্য🡆 More