ভাৰতীয় ক্ৰান্তি দল

ভাৰতীয় ক্ৰান্তি দল (ইংৰাজী: Bharatiya Kranti Dal) ১৯৬৭ চনত চৰণ সিঙে বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু উৰিষ্যাৰ কংগ্ৰেছী-ত্যাগী নেতাসকলৰ সহযোগত গঠন কৰা ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ১৯৭৪ চনত ই ভাৰতীয় লোক দলৰ সৈতে চামিল হৈ যায়।

ভাৰতীয় ক্ৰান্তি দল
দলৰ নিৰ্বাচনী প্ৰতীক
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা মে' ১৯৬৭

ইতিহাস

ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলীয় কাম-কাজক লৈ দীৰ্ঘদিন ধৰি অসন্তুষ্ট হৈ পৰা চৰণ সিঙে ১৯৬৭ চনত উত্তৰ প্ৰদেশৰ ১৭জন বিধায়কৰ সৈতে কংগ্ৰেছ দল ত্যাগ কৰে আৰু ভাৰতীয় জনসংঘ আৰু সমাজবাদী পাৰ্টি সমূহৰ সৈতে লগ হৈ সংযুক্ত বিধায়ক দল নামেৰে মৰ্চা গঠন কৰে। সংযুক্ত বিধায়ক দলে চৰণ সিঙৰ মুখ্যমন্ত্ৰিত্বত উত্তৰ প্ৰদেশত প্ৰথম অ-কংগ্ৰেছী চৰকাৰ গঠন কৰে। কিন্তু মৰ্চাৰ অংশীদাৰ সমাজবাদী পাৰ্টিয়ে সমৰ্থন উঠাই লোৱাত দহমাহ পিছতে সিঙৰ চৰকাৰ ভাঙি যায়। ১৯৬৭ চনৰ মে' মাহত বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু উৰিষ্যাৰ কংগ্ৰেছী-ত্যাগী নেতাসকলৰ সহযোগত ভাৰতীয় ক্ৰান্তি দল গঠন কৰে। ১৯৬৮ চনত জন কংগ্ৰেছে ভাৰতীয় ক্ৰান্তি দলৰ সৈতে চামিল হয়। ১৯৬৯ চনৰ এপ্ৰিলত চৰণ সিঙে দলৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

চৰণ সিঙৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় চন্দ্ৰভানু গুপ্তা। কিন্তু চন্দ্ৰভানুৰ চৰকাৰো ভাঙি যোৱাত ১৯৬৯ চনত উত্তৰ প্ৰদেশত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হয়। এই নিৰ্বাচনত ২১১খন আসন লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথম স্থানত থাকে। ৯৮খন আসনেৰে দ্বিতীয় স্থানত থাকে ভাৰতীয় ক্ৰান্তি দলে। কংগ্ৰেছে সমুদায় ভোটৰ ৩৩.৬৯% পোৱাৰ বিপৰীতে বি.কে.ডি.য়ে পাইছিল ২১.২৯%। ১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত বি.কে.ডি.য়ে দেশৰ ভিতৰত মাত্ৰ ১খনহে লোকসভা আসনত জয়লাভ কৰিবলৈ সক্ষম হয়। ১৯৭৪ চনৰ ২৯ আগষ্টত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ বিৰুদ্ধে এক ৰাষ্ট্ৰীয় বিকল্প সৃষ্টি কৰিবলৈ বহুকেইটা ৰাজনৈতিক দল লগ লগাই ভাৰতীয় লোক দল নামেৰে এটা নতুন দল গঠন কৰা হয়। ভাৰতীয় ক্ৰান্তি দলো এই নতুন দলত চামিল হৈ যায়।

লগতে চাওক

তথ্য উৎস

Tags:

ইংৰাজী ভাষাউৰিষ্যাচৰণ সিংপশ্চিমবংগবিহাৰভাৰতীয় লোক দল

🔥 Trending searches on Wiki অসমীয়া:

এইচ.আই.ভি/এইড্‌ছহেম বৰুৱাহৰপ্পাব্ৰহ্মপুত্ৰ নদবিশ্ব মেলেৰিয়া দিৱসসাপঅংগনবাদীবাঁহীবিষুৱ ৰেখাসংস্কৃতিকাৰেংঘৰস্বদেশী আন্দোলনপোৱামক্কাঅপভ্ৰংশজোনবিল মেলাজেং বিহুকোচ ৰাজবংশীভট্টদেৱৰ গদ্যশৈলীশাল গছধৰ্মইন্দিৰা মিৰিবৰ্মণ ৰাজবংশসাগৰপৰ্যটনমহাদেশমহেশ্বৰ নেওগনিৰোদ চৌধুৰীশৰাইঘাটৰ যুদ্ধৰাষ্ট্ৰসংঘ দিৱসজুবিন গাৰ্গঅসমত দেখা পোৱা মাছৰ তালিকাবিজ্ঞানএককোষী জীৱঅন্নপ্ৰাশনপাইথেগাৰাছদীনেশ চন্দ্ৰ গোস্বামীসাহিত্যঅৰ্থব্যৱস্থাএকচেটীয়া বজাৰপ্ৰাকৃতিক পৰিৱেশকেতেকী ফুলকবিতাচাহনগাঁও জিলাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)মানৱ ভূগোলঅব্যয় পদগুগলহিমন্ত বিশ্ব শৰ্মাবায়ু প্ৰদূষণচাচনি মেৰবিলঠেঙ্গাল কছাৰী জনগোষ্ঠীবুঢ়ী আইৰ সাধুশ্ৰী শ্ৰী বটদ্ৰৱা থানমাঘ বিহুনামঘোষালোক-সংগীতজাতীয়তাবাদগুণমালাশকুন্তলাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাগুৱাহাটী (লোকসভা সমষ্টি)মৰাণ জনগোষ্ঠীঅভিযাত্ৰীঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদআনন্দৰাম ঢেকিয়াল ফুকনপদ (ব্যাকৰণ)অসমৰ মাছশোণিত কুঁৱৰীমোৰো এটা সপোন আছেসুতুলীপুথিভঁৰাল🡆 More