ভাৰতীয় লোক দল

ভাৰতীয় লোক দল (ইংৰাজী: Bharatiya Lok Dal বা চমুকৈ BLD) ১৯৭৪ চনত গঠিত এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ চৰণ সিঙৰ নেতৃত্বত সাতটা সাতটা ৰাজনৈতিক দল একত্ৰিত কৰি এই দলটো গঠন কৰা হ’ল। জৰুৰীকালীন অৱস্থাৰ পিছত ১৯৭৭ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইন্দিৰাক প্ৰতিহত কৰিবলৈ গঠন কৰা জনতা মৰ্চাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আছিল ভাৰতীয় লোক দল। ১৯৭৭ৰ সাধাৰণৰ নিৰ্বাচনৰ পিছত ই জনতা পাৰ্টিত চামিল হৈ যায়।

ভাৰতীয় লোক দল
ভাৰতীয় লোক দল
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ২৯ আগষ্ট ১৯৭৪
বিলুপ্তি ১৯৭৭

ইতিহাস

চৰণ সিঙে কংগ্ৰেছৰ বিৰুদ্ধে এক ৰাষ্ট্ৰীয় বিকল্প হিচাপে বহুধা-বিভক্ত ৰাজনৈতিক দলবোৰক একগোট কৰাৰ নিৰন্তৰ প্ৰচেষ্টা চলাই গৈছিল। তাৰেই পৰিণতি হিচাপে ১৯৭৪ চনৰ ২৯ আগষ্টত সাতটা ৰাজনৈতিক দল লগলগাই ভাৰতীয় লোক দল নামেৰে নতুন দল এটা গঠন কৰা হয়। ইয়াত চামিল হোৱা দলবোৰৰ ভিতৰত চৰণ সিঙৰ ভাৰতীয় ক্ৰান্তি দলৰ উপৰিও আছিল ৰাজ নাৰায়ণৰ সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি, বিজু পাটনায়কৰ উৎকল কংগ্ৰেছ আৰু বলোৰাম মাধোকৰ ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দল। বি.এল.ডি.ত ভাৰতীয় জন সংঘ আৰু কংগ্ৰেছ (ও)-কো চামিল হোৱাৰ বাবে আহ্বান জনোৱা হৈছিল যদিও দল দুটাই নিজস্ব ৰাজনৈতিক পৰিচয় ত্যাগ কৰাৰ বাবে আগ্ৰহ নেদেখুৱালে।

১৯৭৭ৰ ১৮ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰে আৰু ২৩ জানুৱাৰীত লোকসভাত ৬ষ্ঠ লোকসভা গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। ইতিমধ্যে জৰুৰীকালীন অৱস্থাত কাৰাৰুদ্ধ কৰি থোৱা বিৰোধী নেতাবোৰকো মুকলি কৰি দিয়া হৈছিল।

ইন্দিৰা গান্ধীক প্ৰতিহত কৰিবলৈ জয়প্ৰকাশ নাৰায়ণৰ পথ-নিৰ্দেশনাত বিৰোধী দলসমূহ ঐকবদ্ধ হয়। ১৯৭৭ৰ ২৩ জানুৱাৰীত ভাৰতীয় লোক দল, জনসংঘ, কংগ্ৰেছ (ও) আদি বহুকেইটা সৰু-ডাঙৰ ৰাজনৈতিক দল একত্ৰিত হৈ জনতা পাৰ্টি নামে এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিয়া হ’ল। যিহেতু নিৰ্বাচনলৈ খুব কম সময় আছিল আৰু তেনে চমু সময়ত নিৰ্বাচন আয়োগৰ ওচৰত দল এটা পঞ্জীভূক্ত কৰা সম্ভৱ নহয়, সেয়েহে জনতা মৰ্চাৰ অংশীদাৰী সকলো দলে নিজা নিজা দলৰ নাম ত্যাগ কৰি ভাৰতীয় লোক দলৰ বেনাৰত আৰু প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একমাত্ৰ তামিলনাডু ৰাজ্যতহে জনতা মৰ্চাৰ অংশীদাৰ দল কংগ্ৰেছ (ও)-ই নিজা নাম আৰু প্ৰতীকেৰে নিৰ্বাচনত অৱতীৰ্ণ হয়। ১৯৭৭ৰ সাধাৰণ নিৰ্বাচনত বি.এল.ডি.য়ে ২৯৫খন আসন লাভ কৰে।


চামিল হোৱা দলসমূহ

তথ্য উৎস

Tags:

ইংৰাজী ভাষাইন্দিৰা গান্ধীচৰণ সিংজনতা পাৰ্টিভাৰতীয় জাতীয় কংগ্ৰেছ১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

🔥 Trending searches on Wiki অসমীয়া:

মিচিং জনগোষ্ঠীৰ সাজপাৰশ্ৰীনিবাস ৰামানুজনসন্ধ্যাৰাগ (চলচ্চিত্ৰ)জয়সাগৰ পুখুৰীএ পি জে আব্দুল কালামৰুক্মিণীনীলমণি ফুকন (জ্যেষ্ঠ)অসমৰ ধান খেতিৰ সঁজুলিসমূহজলবিদ্যুৎআধুনিকতাবাদনৱ-বৈষ্ণৱ ধৰ্মআন্তৰ্জাতিক শ্ৰমিক দিৱসঅসমৰ বাঁহ-বেতৰ শিল্পঅসমৰ শাক-পাচলিৰ তালিকাঅসম আৰক্ষীঅসম বিধানসভাআহোম বিবাহ পৰম্পৰাধানমানৱ শৰীৰৰাধাগোবিন্দ বৰুৱাজলবায়ুখনিকৰ (নাট)উত্তৰ-পূব ভাৰতজল প্ৰদূষণএডৱাৰ্ড জেনাৰমৌ-মাখিৰামায়ণধাতু আৰু অধাতুশিক্ষামনোমতীভঠেলিঅসমৰ সাহিত্যিকসকলৰ তালিকাঅভিযাত্ৰীপালি ভাষাশ্ৰী শ্ৰী বটদ্ৰৱা থানবিজ্ঞাপনবাঁহঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবধকাব্যগোৱালপাৰা জিলাৰুক্মিণী হৰণ নাটভাৰত ত্যাগ আন্দোলনৰুদ্ৰেশ্বৰ দেৱালয়২৪ এপ্ৰিলস্বাধীনতা দিৱস (ভাৰত)বৰপেটা (লোকসভা সমষ্টি)শৰীৰস্থানঘৰ শালিকাসূৰ্যদশাৱতাৰদৰ্শনঅসমৰ পোক - পৰুৱাঅসমৰ মন্ত্ৰ-সাহিত্যকামৰূপী লিপিআহোম ৰাজবংশঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাগণিতখোলপাকস্থলীজাতি লাউক্ষবসন্ত ঋতুপ্ৰাকৃতিক দুৰ্যোগসোণোৱাল কছাৰীগৰু বিহুশোণিত কুঁৱৰীসাগৰ দেখিছা (কবিতা সংকলন)কাঞ্চন (উপন্যাস)অসমীয়া ভাষাডিমাছা জনগোষ্ঠীকলিমাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবিজ্ঞানফাট বিহু🡆 More