গোৱা

গোৱা মাটিকালিত হিচাপত ভাৰতৰ সকলোতকৈ সৰু ৰাজ্য আৰু জনসংখ্যাৰ হিচাপত চতুৰ্থ সৰু ৰাজ্য। ভাৰতৰ পশ্চিম অংশত কোংকণ নামৰ অঞ্চলত অৱস্থিত গোৱাক উত্তৰে মহাৰাষ্ট্ৰ, পূব আৰু দক্ষিণে কৰ্ণাটক আৰু পশ্চিমে আৰৱ সাগৰে আগুৰি আছে। গোৱা ভাৰতৰ সকলোতকৈ ধনী ৰাজ্য আৰু ইয়াৰ গড় GDP ৰাষ্ট্ৰীয় মানকতকৈ আঢ়ৈগুণ বেছি। একাদশ অৰ্থনৈতিক আয়োগে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইয়াক সৰ্বোচ্চ স্থান দিছিল আৰু জনসংখ্যাক ৰাষ্ট্ৰীয় আয়োগে বাৰটা সূচকক ভিত্তি কৰি ইয়াক জীৱনৰ মানৰ বাবে শ্ৰেষ্ঠ স্থান দিছিল।

গোৱা
—  ৰাজ্য  —
গোৱা
ভাৰতত গোৱাৰ অৱস্থান
ভাৰতত গোৱাৰ অৱস্থান
গোৱা
গোৱাৰ মানচিত্ৰ
গোৱাৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (Panaji): 15°29′56″N 73°49′40″E / 15.49889°N 73.82778°E / 15.49889; 73.82778 73°49′40″E / 15.49889°N 73.82778°E / 15.49889; 73.82778
দেশ গোৱা ভাৰত
স্থাপিত ১৯৮৭
ৰাজধানী পানাজি
জিলা
চৰকাৰ
 - ৰাজ্যপাল মৃদুলা শিনহা
 - মুখ্যমন্ত্ৰী মনোহৰ পৰিকৰ (ভাজপা)
 - বিধানসভা এখন (৪০খন আসন)
 - লোকসভাৰ সমষ্টি
 - উচ্চ ন্যায়ালয় ব'ম্বে উচ্চ ন্যায়ালয়- গোৱা পীঠ
মাটিকালি
 - মুঠ ৩,৭০২ কি.মি. 
(১,৪২৯.৪ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক 28th
জনসংখ্যা (২০১১)
 - মুঠ ১৪,৫৭,৭২৩ জন
 - স্থান ২৫thতম
 - জনঘনত্ব ৩৯৩.৮ প্ৰতি বৰ্গ কি.মি. 
(১,০১৯.৯ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-GA
HDI বৃদ্ধি 0.779 (high)
HDI স্থান তৃতীয় (২০০৫)
সাক্ষৰতা ৮৭% (তৃতীয়)
চৰকাৰী ভাষা কোংকণী
ৱেবছাইট www.goa.gov.in
^* কোংকণী একমাত্ৰ চৰকাৰী ভাষা কিন্তু চৰকাৰী কাম-কাজত মাৰাঠীও ব্যৱহাৰৰ অনুমতি দিয়া হয়।

পানাজি গোৱাৰ ৰাজধানী, আৰু ভাস্ক' ডা গামা বৃহত্তম নগৰ। ১৬শ শতিকাত বেপাৰী হিচাপে গোৱালৈ আহি পিছলৈ ইয়াক জয় কৰা পৰ্তুগীজসকলৰ সাংস্কৃতিক প্ৰভাৱ ঐতিহাসিক নগৰ মাৰগাওত দেখিবলৈ পোৱা যায়। গোৱা পূৰ্বতে পৰ্তুগীজ উপনিবেশ আছিল; প্ৰায় ৪৫০ বছৰ বৰ্তি থকা এই অঞ্চলক ১৯৬১ চনত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।

বালিচৰ, উপাসনাৰ স্থান আৰু বিশ্ব ঐতিহ্য স্থানৰ বাবে জনাজাত গোৱালৈ বছৰি বৃহৎ সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমণ হয়। জৈৱবৈচিত্ৰৰ স্থান পশ্চিম ঘাটত অৱস্থিত বাবে গোৱাত নানা জীৱ-জন্তু আৰু উদ্ভিদ দেখিবলৈ পোৱা যায়।

শব্দৰ উৎপত্তি

প্ৰাচীন শাস্ত্ৰসমূহত গোৱাক বহু নামৰে জনা গৈছিল; যেনে গোমণ্ট, গোমঞ্চলা, গোপাকপট্টম, গোপকপুৰী, গোৱাপুৰী, গোৱেম, আৰু গোমণ্টক। ভাৰতীয় মহাকাব্য মহাভাৰতত গোৱাৰ অঞ্চলটোক গোপৰাষ্ট্ৰ বা গোৱাৰাষ্ট্ৰ, বোলা হৈছে যাৰ অৰ্থ "গৰুপালকৰ ৰাজ্য"। গোপকপুৰী বা গোপাকপট্টনম নামকেইটা কিছুমান প্ৰাচীন সংস্কৃত কাব্যত ব্যৱহাৰ কৰা হৈছে। হিন্দু শাস্ত্ৰ হৰিবংশ আৰু স্কন্দ পুৰাণতো এই নামবোৰ আছে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত গোৱাক অপৰান্থ নামেৰে জনা গৈছিল গ্ৰীক ভূগোলবিদ টেলেমীয়ে ইয়াৰ উল্লেখ কৰি গৈছে। ১৩শ শতিকাত গ্ৰীকসকলে ইয়াক নেলকিন্দ বুলি কৈছিল। গোৱাৰ আন আন ঐতিহাসিক নামসমূহ হৈছে ছিন্দপুৰ, ছন্দাবুৰ, আৰু মহাচপট্টম

উদ্ধৃতি

তথ্যসূত্ৰ

অতিৰিক্ত পঠন

  • Andrada (undated). The Life of Dom John de Castro: The Fourth Vice Roy of India. Jacinto Freire de Andrada. Translated into English by Peter Wyche. (1664). Henry Herrington, New Exchange, London. Facsimile edition (1994) AES Reprint, New Delhi. ISBN 81-206-0900-X.

বহিঃ সংযোগ

Tags:

গোৱা শব্দৰ উৎপত্তিগোৱা উদ্ধৃতিগোৱা তথ্যসূত্ৰগোৱা অতিৰিক্ত পঠনগোৱা বহিঃ সংযোগগোৱাআৰৱ সাগৰকৰ্ণাটকভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমহাৰাষ্ট্ৰ

🔥 Trending searches on Wiki অসমীয়া:

তেজপুৰজাতীয়তাবাদমণিৰাম দেৱান (চলচ্চিত্ৰ)কপৌ ফুলৱিকিপুথিভঁৰালদেওধনী নৃত্যগদ্যঅজন্তা গুহাসমূহসাঁচিপাতলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীজয়মতী কুঁৱৰীপিয়লি ফুকনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাআত্মসহায়ক গোটচাহবৰগীতনিৰুপমা বৰগোহাঞিঅসম আন্দোলনৰবীন্দ্ৰনাথ ঠাকুৰপাইথাগোৰাছৰ উপপাদ্যশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমীয়া লিপিৰ বুৰঞ্জীঅসমীয়া যুক্তাক্ষৰচিপাহী বিদ্ৰোহ ১৮৫৭কাছদৈনিক অসমঅৰুণোদইচৰ্যাপদভীমৰাও ৰামজী আম্বেদকাৰঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকাভট্টদেৱবিদ্যুৎযোৰহাটআহোম ৰাজ্যসুভাষ চন্দ্ৰ বসুললিত কলা একাডেমীভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাদেউৰী জনগোষ্ঠীশ্ৰীমন্ত শংকৰদেৱডিম্বেশ্বৰ নেওগচাণক্যমিচিং জনগোষ্ঠীৰ সাজপাৰগামখাৰুচৰাইমিৰি জীয়ৰীবৰাইল পৰ্বতসত্ৰঅখণ্ড সংখ্যাঅসমৰ জাতীয় গীতবিহু নৃত্যইণ্ডিয়ান বেংকবেংক অৱ মহাৰাষ্ট্ৰম'লকাঞ্চন (উপন্যাস)ব্ৰজাৱলী ভাষাধুবুৰী জিলাঅসমৰ কাঁহ শিল্পইছলামইটো সিটো বহুতোগোৱালপৰীয়া লোকগীতঅনন্ত কন্দলিঅসম চুক্তিগুৱাহাটীঅৰ্থনীতিঁ (চন্দ্ৰবিন্দু)আলি আঃয়ে লৃগাংবিৰিঞ্চি কুমাৰ বৰুৱাগোলাঘাট জিলাশকুন্তলাগৰু বিহুঐনিতমদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাকয়লা🡆 More