সংগীত নাটক একাডেমী: ভাৰতৰ ।

সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।

সংগীত নাটক একাডেমী
Sangeet Natak Akademi
সংগীত নাটক একাডেমী: ভাৰতৰ ।
নতুন দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গত অৱস্থিত ৰবীন্দ্ৰ ভৱন, সাহিত্য অকাডেমি, ললিত কলা একাডেমী আৰু সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয়
প্ৰতিষ্ঠা মে' ৩১, ১৯৫২ (1952-05-31) (৭১ বছৰ পূৰ্বে)
প্ৰধান  কাৰ্যালয় ৰবীন্দ্ৰ ভৱন, ফিৰোজশ্বাহ ৰোড, নতুন দিল্লী
সেৱা  ক্ষেত্ৰ ভাৰত
ৱেবছাইট sangeetnatak.org

ইতিহাস

১৯৫২ চনৰ ৩১ মে' তাৰিখে ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰথম নিৰ্দেশক আছিল ডঃ পি. ভি. ৰাজমান্নাৰ। ১৯৫৩ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে সংসদ ভৱনত আয়োজিত এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ইয়াক উদ্বোধন কৰে। একাডেমী খনে সংগীত নাটক একাডেমী ফেল'শ্বিপ আৰু বঁটা আগবঢ়ায়।

কাৰ্য

একাডেমী খনে দেশৰ পৰিবেশ্য কলা অৰ্থাৎ সংগীত, নৃত্য আৰু নাটকৰ শীৰ্ষ অনুষ্ঠান হিচাপে কাৰ্য কৰে। ভাৰতীয় পৰিবেশ্য কলাৰ বিকাশ আৰু প্ৰচাৰ ইয়াৰ অন্যতম প্ৰধান লক্ষ্য। ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ স্বৰূপ পৰিবেশ্য কলাৰ মাধ্যমৰে প্ৰচাৰ কৰা হয়। ই দেশে বিদেশে নানা অনুষ্ঠান আৰু কাৰ্যসূচী আয়োজিত কৰে। লগতে চৰকাৰৰ লগত লগ লাগি পৰিবেশ্য কলাৰ উন্নতিৰ হকে কাম কৰে।

সংগীত নাটক একাডেমীয়ে প্ৰতিষ্ঠা কৰা কেইখন মান অনুষ্ঠান হ'ল,

  • মণিপুৰী নৃত্য একাডেমী, ইম্ফল
  • সত্ৰীয়া নৃত্য কেন্দ্ৰ
  • কথক নৃত্য কেন্দ্ৰ (ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠান, নতুন দিল্লী)
  • ৰবীন্দ্ৰ ৰংশাল কেন্দ্ৰ
  • কুটিয়াট্টম কেন্দ্ৰ, তিৰুঅনন্তপুৰম
  • ছাউ কেন্দ্ৰ, বাড়িপাৰা, জামছেদপূৰ
  • উত্তৰ-পূব কেন্দ্ৰ

লগতে একাডেমী খনে

  • নাটক, সংগীত আৰু নৃত্য পৰিবেশন আৰু শিক্ষণত আৰ্থিক সাহায্য প্ৰদান কৰে
  • পৰিবেশ্য কলাৰ গৱেষণা, তথ্য চিত্ৰ আৰু প্ৰকাশৰ বাবে পুঁজিৰ যোগান ধৰে
  • সভা, সমিতি, আলোচনা চক্ৰৰ আয়োজন কৰে
  • পৰিবেশ্য কলাৰ ইলেকট্ৰনিক মাধ্যমত সংৰক্ষণ কৰে
  • চৰকাৰক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়

তথ্য উৎস

Tags:

ভাৰত চৰকাৰ

🔥 Trending searches on Wiki অসমীয়া:

ভাস্কৰ (প্ৰথম)পদ্মনাথ গোহাঞি বৰুৱাবিষুৱ ৰেখাচ্যু-কা-ফাভট্টদেৱৰ গদ্যশৈলীভাইৰাছঅসমৰ চিত্ৰকলাৰ ইতিহাসকপৌ ফুলশকুন্তলা (চলচ্চিত্ৰ)লিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকমলাকান্ত ভট্টাচাৰ্য্যআগ্নেয়গিৰিঅসহযোগ আন্দোলনব্ৰহ্মপুত্ৰ নদঅপাৰেটিং চিষ্টেমসেউজ গৃহ প্ৰভাৱবিশ্বনাথ ঘাটজাতি লাউকোষ (জীৱবিজ্ঞান)মানুহৰ কংকালৰুক্মিণী হৰণ নাটভাৰতৰ সংৰক্ষণ ব্যৱস্থাপৰিৱেশ বিজ্ঞানসাহিত্য সমালোচনাহৰিবৰ বিপ্ৰবসন্ত ৰোগঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বৰ্মণ ৰাজবংশভাৰতীয় জাতীয় কংগ্ৰেছহনুমানযতীন বৰাআইদেউ সন্দিকৈবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসাধুকথাগৌতম বুদ্ধভাৰতীয় নাগৰিকত্ব আইনযৌন সংগমবলোৰামবগেজাৰী গীতবৃহস্পতি গ্ৰহনাট্য শাস্ত্ৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাজাতীয়তাবাদমিজোৰামবাণীকান্ত কাকতিব্যষ্টিবাদী অৰ্থনীতিলক্ষ্মীনাথ বেজবৰুৱাৰাজনৈতিক দলকীৰ্তন-ঘোষাএ পি জে আব্দুল কালামফাকুৱাভাৰতৰ উচ্চতম ন্যায়ালয়চন্দ্ৰকান্ত অভিধানশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাউমাচল শিলালিপিঅসমৰ লোকবাদ্যশিক্ষাৰ অধিকাৰআত্মজীৱনীশিৱসাগৰৰ শিৱদৌলপৰ্যাবৃত্ত তালিকাপাঠ পৰিকল্পনাহাজোগোপীনাথ বৰদলৈস্বাধীনতা দিৱস (ভাৰত)মিচিং জনগোষ্ঠীঅসম আৰক্ষীঅশ্বিনী কুমাৰ বৰুৱাআলেকজেণ্ডাৰ ফ্লেমিংভঠেলিকাঞ্চন (উপন্যাস)ধৰ্মবিশ্ব মেলেৰিয়া দিৱসবিহুগীত🡆 More