যৌন তৰলতা

যৌন তৰলতা (ইংৰাজী: Sexual fluidity) হৈছে যৌনতা বা যৌন পৰিচয়ৰ এক বা একাধিক পৰিৱৰ্তন। বেছিভাগ লোকৰ বাবে যৌন অভিমুখিতা স্থিৰ আৰু অপৰিৱৰ্তিত, কিন্তু কিছুমান গৱেষণাই এইটো সূচায় যে কোনো কোনো লোকে তেওঁলোকৰ যৌন অভিমুখিতা সলনি কৰিব পাৰে। গৱেষণাৰ পৰা এইটোৱো পোৱা গৈছে যে পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰত এনে পৰিৱৰ্তন অধিক সাধাৰণ। মনোচিকিৎসাৰ জৰিয়তে যৌন অভিমুখিতা সলনি কৰিব পৰাৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। যৌন পৰিচয় এজন ব্যক্তিৰ সমগ্ৰ জীৱনকালৰ যিকোনো সময়ত সলনি হ'ব পাৰে, আৰু এই পৰিৱৰ্তনৰ জৈৱিক লিংগ, যৌন আচৰণ বা প্ৰকৃত যৌন অভিমুখিতাৰ সৈতে সংগতি থাকিব পাৰে বা নাথাকিবও পাৰে।

যৌন অভিমুখিতা ব্যক্তি বিশেষৰ বাবে কোনো বিকল্প নহয়। যৌন অভিমুখিতা বিকাশৰ প্ৰকৃত কাৰণসম্পৰ্কে এক নিৰ্দিষ্ট ধাৰণা পোৱা নাযায়। এই সম্পৰ্কে অধিক তথ্যৰ বাবে আনুবংশিক, হৰমন, সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱবোৰ পৰীক্ষা কৰা হৈছে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে ই আনুবংশিক, হৰমন আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত হয়। যদিও যৌন অভিমুখিতাৰ কাৰণ সম্পৰ্কে কোনো এটা তত্ত্বই এতিয়ালৈকে ব্যাপক সমৰ্থন লাভ কৰা নাই, তথাপিও বিজ্ঞানীসকলে জৈৱিকভাৱে আধাৰিত তত্ত্বৰ পক্ষপাতী। কেইবা দশকধৰি কৰা গৱেষণাই এইকথা পোহৰলৈ আনিছে যে যৌন অভিমুখীতা বিপৰীত লিংগৰ প্ৰতি একচেটিয়া আকৰ্ষণৰ পৰা একে লিংগৰ প্ৰতি হোৱা আকৰ্ষণলৈকে যিকোনো সময়তে ধাৰাবাহিক অৱস্থাত থাকিব পাৰে।

পৃষ্ঠভূমি

যৌন অভিমুখিতাই যৌন পৰিচয় সঠিকভাৱে মূল্যাঙ্কন কৰাত প্ৰভাৱ পেলাব পাৰে। এজন ব্যক্তিৰ যৌন অভিমুখিতাৰ পৰিচয় তেওঁ গোটেই জীৱন পৰিক্ৰমাৰ কালচোৱাত সলনি হ'ব পাৰে। এই পৰিচয় জৈৱিক যৌনতা, যৌন আচৰণ বা প্ৰকৃত যৌন অভিমুখিতাৰ সৈতে সংৰেখিত হ'ব পাৰে বা নহ'বও পাৰে। যদিও চেণ্টাৰ ফৰ এডিকচন এণ্ড মেণ্টাল হেল্থ এণ্ড আমেৰিকান চাইকিয়াট্ৰিক এছ'চিয়েশ্যনৰ মতে কিছুমান লোকৰ বাবে যৌন অভিমুখীতা সহজাত, নিৰন্তৰ বা গোটেই জীৱনস্থিৰ, কিন্তু আন কিছুমানৰ বাবে ই সময়ৰ সৈতে পৰিৱৰ্তনশীল। আমেৰিকান চাইকোলজিকেল এছ'চিয়েশ্যনে যৌন অভিমুখিতা (এক সহজাত আকৰ্ষণ) আৰু যৌন অভিমুখিতা পৰিচয়ৰ মাজত পাৰ্থক্য থকা বুলি যুক্তি আগবঢ়াইছে(যি ব্যক্তি এজনৰ জীৱনৰ যিকোনো সময়তে সলনি হ'ব পাৰে)।

আমেৰিকান চাইকোলজিকেল এছ'চিয়েশ্যনৰ মতে "যৌন অভিমুখিতা ইচ্ছানুসাৰে সলনি কৰিব পৰা বিকল্প নহয়, আৰু যৌন অভিমুখিতা সম্ভৱতঃ পৰিৱেশ, জ্ঞানীয় আৰু জৈৱিক কাৰকৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলাফল... কম বয়সতে এক স্বৰূপ দিয়া হয়... [আৰু প্ৰমাণে দেখুৱায়] জৈৱিক কাৰক, যাৰ ভিতৰত আছে আনুবংশিক বা জন্মগত হৰমনৰ প্ৰভাৱ, আদিয়ে এজন ব্যক্তিৰ যৌনতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।" তেওঁলোকৰ মতে "যৌন অভিমুখীতাৰ পৰিচয় যৌন অভিমুখীতা নহয়। মনোচিকিৎসা, সমৰ্থনকাৰী গোট আৰু জীৱনৰ ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈ এই ধাৰণাটো সলনি হোৱা দেখা যায়।"

জীৱবিজ্ঞান আৰু স্থায়িত্ব

ৰূপান্তৰৰ বাবে কৰা চিকিৎসা (যৌন অভিমুখিতা সলনি কৰাৰ প্ৰয়াস) সফল হোৱাৰ হাৰ কম। যৌন পুনৰ্বিন্যাস চিকিৎসাপ্ৰচেষ্টাৰ মেচিঅ'ৰ (২০১১) এক সমীক্ষাত তেওঁ দুই ধৰণৰ অধ্যয়নক তালিকাভুক্ত কৰিছে যিয়ে সমকামী পুৰুষ আৰু সমকামী মহিলা সকলক সফলতাৰে বিষয়কামীলৈ ৰূপান্তৰিত কৰিছে বুলি দাবী কৰে আৰু চাৰিটা অধ্যয়নত ইয়াৰ বিপৰীত ফলাফল প্ৰকাশ পাইছে। তেওঁ এটা নমুনা ব্যৱহাৰৰে এই বিষয়ক বিতৰ্কৰ নিষ্পত্তি কৰিব বিচাৰিছিল। উক্ত গৱেষণাত বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় পৃষ্ঠভূমিৰ ৩৫জন প্ৰাক্তন ৰূপান্তৰৰ চিকিৎসা অংশগ্ৰহণকাৰী (৬২.২% পুৰুষ আছিল) আছিল। এজ সকলক বৰ্তমান বা পূৰ্বতে গে', লেচবিয়ান বা উভকামী বুলি চিনাক্ত কৰা হৈছিল। ফলাফলবোৰে সূচায় যে যৌন অভিমুখীতাৰ পূৰ্বৰ পৰা পৰৱৰ্তী চিকিৎসালৈ পৰিসাংখ্যিকভাৱে কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা নাছিল। এই চিকিৎসাৰ সময়ছোৱাৰ পিছত অৱশ্যে যৌন অভিমুখীতাৰ কেইটামান পৰিৱৰ্তন স্থায়ী নহ'ল। এই অধ্যয়নটোৱে যৌন অভিমুখীতাৰ জৈৱিক উৎপত্তিৰ সমৰ্থক হিচাপে থিয় হয়, কিন্তু মুখ্যতঃ পুৰুষৰ নমুনাৰ ক্ষেত্ৰততে এই ফলাফলবোৰ পোৱা গৈছিল।

যৌন অভিমুখিতাৰ জৈৱিক উৎপত্তিৰ সমৰ্থনত শিশোৱে শৈশৱত প্ৰকাশ কৰা কিছুমান সামাজিক ভাৱে লিংগ বিৰোধী বুলি বিবেচিত আচৰণ(যেনে এজন ল'ৰাই পুতলাৰ সৈতে খেলা), প্ৰাপ্তবয়স্ক অৱস্থাৰ ভৱিষ্যতবাণী কৰিবৰ বাবে সমাধানসূত্ৰ হিচাপে বিবেচিত হয়। শৈশৱৰ আচৰণৰ প্ৰতি লক্ষ্য ৰাখি কৰা বহুতো অধ্যয়নক সম্ভাব্য স্মৃতিশক্তিৰ ত্ৰুটিৰ বাবে সমালোচনা কৰা হয়; সেয়েহে ৰিগাৰ, লিনচেনমেয়াৰ, গিগাক্স, এণ্ড বেইলী (২০০৮)ৰ এক অধ্যয়নত শৈশৱৰ আচৰণ আৰু প্ৰাপ্তবয়স্কৰ যৌন অভিমুখীতাৰ মাজৰ সম্পৰ্ক অনুসন্ধান কৰিবলৈ ভিডিঅ'গ্ৰাফী মাধ্যমৰ ব্যৱহাৰ কৰা হৈছিল। এই অধ্যয়নৰ ফলাফলবোৰে জৈৱিক কাৰণক সমৰ্থন কৰে, কিন্তু যৌনতাৰ বিষয়ে সাংস্কৃতিক ধাৰণাবোৰে যৌন পৰিচয় গঠনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে এক বুজাবুজিও বিবেচিত হয়।

জন্মসূত্ৰে ভ্ৰাতৃসম্পৰ্ক আৰু পুৰুষ যৌন অভিমুখিতাৰ মাজৰ সম্পৰ্কৰ শক্তিশালী প্ৰমাণ আছে, আৰু পুৰুষ আৰু মহিলাৰ যৌন অভিমুখিতাৰ সম্ভাৱ্য জৈৱিক নিৰ্ধাৰকবোৰ অনুসন্ধান কৰিবলৈয়ো বহু জৈৱিক গৱেষণা কৰা হৈছে। এটা তত্ত্ব হৈছে দ্বিতীয়ৰ পৰা চতুৰ্থ আঙুলিৰ অনুপাত (২ডি:৪ডি) তত্ত্ব। কিছুমান অধ্যয়নে আৱিষ্কাৰ কৰিছে যে বিষমকামী মহিলাৰ সমকামী মহিলাৰ তুলনাত ২ডি:৪ডি অনুপাত অধিক আছিল কিন্তু বিষমকামী আৰু সমকামী পুৰুষৰ মাজত এই পাৰ্থক্য পোৱা নগ'ল। এইক্ষেত্ৰত টুইন আৰু পাৰিবাৰিক অধ্যয়নেও এক আনুবংশিক প্ৰভাৱ বিচাৰি পাইছে।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

আইজাক নিউটনঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিফণী শৰ্মামৃত্যুঞ্জয়হাঁওফাঁওমোৰো এটা সপোন আছেঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাবেণুধৰ শৰ্মাসমোচ্চাৰিত শব্দহিউৱেন-চাংজয়মতী (১৯৩৫ চলচ্চিত্ৰ)২ মে'গদ্যগমধৰ কোঁৱৰকোচ ৰাজবংশঅসম লোকসেৱা আয়োগউত্তৰ-পূব ভাৰতত্ৰিভুজনাগালেণ্ডপালি ভাষাপায়ু সংগমবৰদৈচিলাপৰিমেয় সংখ্যামাঘ বিহুএশিঙীয়া গঁড়অসমীয়া যুক্তাক্ষৰভাৰতৰ উচ্চতম ন্যায়ালয়দীনেশ চন্দ্ৰ গোস্বামীদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰসিন্ধু সভ্যতাদিহানামঅভিধানচামগুৰি সত্ৰনগাঁও জিলাঅণুবীক্ষণ যন্ত্ৰকবিতাঅসমৰ চাহ জনগোষ্ঠীসমাজমোৱামৰীয়া বিদ্ৰোহঅসম বিধানসভাচৰাইবিষুৱ ৰেখাবৰপেটা (লোকসভা সমষ্টি)মৈদামমেজিবিশেষ শিক্ষাডিম্পু বৰুৱাঝুমুৰদেওধনী নৃত্যহাড়গান্ধীবাদঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকানাগামিজস্বাভাৱিক সংখ্যাচাহেবপুৰাৰ বৰষুণঅসমীয়া ভাষা আন্দোলনযৌন প্ৰৱেশক্ৰিয়াপূৰ্ণ স্বৰাজবড়ো জনগোষ্ঠীনাগৰিকত্বমৌ-মাখিভিটামিনচৰক সংহিতাহেমকোষভাৰতীয় শিল্পকলামাধৱ কন্দলিসংক্ৰমণঅসমত দেখা চৰাইবোৰফাকুৱাগোলকীয় উষ্ণতা বৃদ্ধিপাঠ পৰিকল্পনাৰাভা জনগোষ্ঠীশৰৎচন্দ্ৰ গোস্বামীবৰপেটা সত্ৰব্ৰহ্মপুত্ৰ নদমৌখিক পৰম্পৰা🡆 More