মানুষী চিল্লাৰ

মানুষী চিল্লাৰ (ইংৰাজী: Manushi Chhillar; জন্ম ১৪ মে' ১৯৯৭) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৭ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখল কৰে। তাৰ আগতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল। আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা মিছ ৱৰ্ল্ড বিজয়ী মানুষী ষষ্ঠ গৰাকী ভাৰতীয় মহিলা। ইয়াৰদ্বাৰা ভাৰতে ভেনিজুৱেলাৰ লগত আটাইতকৈ বেছি সংখ্যক অৰ্থাৎ ৬ বাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ জয় কৰা দেশ হৈ পৰিল। ১৭ বছৰ আগতে ২০০০ চনৰ মিছ ৱৰ্ল্ডৰ খিতাপ প্ৰিয়ংকা চোপ্ৰায়ে পঞ্চম বাৰৰ বাবে ভাৰতলৈ আজুৰি আনিছিল।

মানুষী চিল্লাৰ
মানুষী চিল্লাৰ
জন্ম ১৪ মে', ১৯৯৭ (২৬ বছৰ)
হাৰিয়ানা, ভাৰত
শিক্ষানুষ্ঠান চেইণ্ট থমাছ স্কুল
ভগৎ ফুল সিং চিকিৎসা মহাবিদ্যালয়
পেচা মডেল
উচ্চতা ১.৭৫ মিটাৰ (৫ ফুট ৯ ইঞ্চি)
পদবী মিছ ৱৰ্ল্ড ২০১৭
(বিজয়ী)
ফেমিনা মিছ ইণ্ডিয়া ২০১৭
(বিজয়ী)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৭ চনৰ ১৪ মে তাৰিখে মানুষীৰ হাৰিয়ানাৰ এক সুশিক্ষিত পৰিয়ালত জন্ম হৈছিল। তেওঁৰ পিতৃ ড॰ মিত্ৰ বসু চিল্লাৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ বিজ্ঞানী আৰু মাতৃ ড॰ নীলম চিল্লাৰ মানৱ ব্যৱহাৰ সম্বন্ধ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক তথা স্নায়ৱিক ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী।

তেওঁ চেইণ্ট থমাছ'ছ স্কুলত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে আৰু বৰ্তমান হাৰিয়ানাৰ ভগৎ ফুল সিং মহিলা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞান পঢ়ি আছে। তেওঁ এগৰাকী কুচিপুড়ি নৃত্য পটীয়সী তথা বিখ্যাত ৰাজা আৰু ৰাধা ৰেড্ডীৰ পৰা তেওঁ নৃত্য শিক্ষা গ্ৰহণ কৰিছে।

তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়তো শিক্ষা লাভ কৰিছিল।

সৌন্দৰ্য প্ৰতিযোগিতা

২০১৭ চনৰ ২৫ জুন তাৰিখে মানুষীয়ে তেওঁৰ ৰাজ্য হাৰিয়ানাক প্ৰতিনিধিত্ব কৰি ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত তেওঁ মিছ ফটোজেনিক খিতাপ জয় কৰাৰ লগতে চূড়ান্ত প্ৰতিযোগিতাৰ খিতাপ নিজৰ দখললৈ আনে। মিছ ইণ্ডিয়া ২০১৭ জয় কৰাৰ বাবে তেওঁ মিছ ৱৰ্ল্ড ২০১৭ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়।

মিছ ৱৰ্ল্ড ২০১৭ প্ৰতিযোগিতাততেও টপ মডেল, পিপলছ চইছ আৰু মাল্টি মিডিয়া প্ৰতিযোগিতাত চেমি ফাইনেলিষ্ট আৰু বিউটি ৱিথ পাৰপছত সহঃ ৱবিজয়ীৰ খিতাপ লাভ কৰে। তেওঁৰ বিউটি ৱিথ পাৰপছৰ প্ৰকল্প আছিল প্ৰকল্প শক্তি। এই প্ৰকল্পত মহিলা সকলক ঋতুচক্ৰৰ সময়ত লবলগীয়া চাফ-চিকুণতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। প্ৰকল্পৰ বাবে তেওঁ প্ৰায় ২০খন গাঁও ভ্ৰমণ কৰি প্ৰায় ৫০০০ মহিলাক সামৰিলে। ২০১৭ চনৰ ১৮ নৱেম্বৰ তাৰিখে চীন দেশৰ চনায়াত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত মানুষী চিল্লাৰক চূড়ান্ত বিজয়ী ঘোষণা কৰা হয়। মিছ ৱৰ্ল্ড বিজয়ী তেওঁ ষষ্ঠ গৰাকী ভাৰতীয়।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

মানুষী চিল্লাৰ প্ৰাৰম্ভিক জীৱন আৰু শিক্ষামানুষী চিল্লাৰ সৌন্দৰ্য প্ৰতিযোগিতামানুষী চিল্লাৰ তথ্য উৎসমানুষী চিল্লাৰ বাহ্যিক সংযোগমানুষী চিল্লাৰইংৰাজী ভাষাপ্ৰিয়ংকা চোপ্ৰাফেমিনা মিছ ইণ্ডিয়া

🔥 Trending searches on Wiki অসমীয়া:

পৰিয়ালঅনিৰুদ্ধদেৱশিৱসাগৰ পুখুৰীভূমিস্খলনমূৰাৰা, ৰঙিয়াভাৰতীয় ভাষাফকৰা যোজনাব্যাকৰণসাঁথৰঅসীমত যাৰ হেৰাল সীমাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানচন্দ্ৰকুমাৰ আগৰৱালাডিগবৈদৰ্শনমালিতাআগ্নেয়গিৰিইংলেণ্ডউমানন্দউগ্ৰতাৰা দেৱালয়ওজাপালিযৌন সংগমগৱেষণাঅণুবীক্ষণ যন্ত্ৰশক্তিবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসমৰুভূমিসমাজতত্ত্বশিশু সাহিত্য২৬ এপ্ৰিলমণিৰাম দেৱান (চলচ্চিত্ৰ)লুই পেষ্ট'ৰযাদৱ পায়েংমেলেৰিয়াপুঁজিবাদঅসমৰ ৰাজ্যপালসকলৰ তালিকাশ্বিলংভূগোলচলচ্চিত্ৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাসম্পাদনাকোষ (জীৱবিজ্ঞান)আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাসন্ধিজন গণ মনহিউমাছতেজজীৱনৰ বাটতপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যসংস্কৃতিভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসহযোগ আন্দোলনবৌদ্ধ ধৰ্মশামুকভলিবলবেদলাচিত বৰফুকনসমাৰ্থক শব্দপুৰাণশ্ৰী সূৰ্য পাহাৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামানৱ ভূগোলসমাজবাদশালস্তম্ভ ৰাজবংশপূৰ্ণ স্বৰাজগায়ন-বায়নস্বাভাৱিক সংখ্যামৰাণ জনগোষ্ঠীঅস্বাভাৱিক মনোবিজ্ঞানপ্লেটোবাণিজ্য🡆 More