হাৰিয়ানা: ভাৰতৰ এখন ৰাজ্য

হাৰিয়ানা (হিন্দী: हरियाणा, পঞ্জাবী: ਹਰਿਆਣਾ) ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যৰ উত্তৰে পঞ্জাব আৰু হিমাচল প্ৰদেশ আৰু পশ্চিমে আৰু দক্ষিণে ৰাজস্থান অৱস্থিত। পূবে যমুনা নদী, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ। দিল্লী উত্তৰ, পশ্চিম আৰু দক্ষিণ – এই তিনি দিশৰ পৰা হাৰিয়ানাক আৱৰি আছে। এই কাৰণে হাৰিয়ানাৰ ৰাজ্যৰ বৃহৎ অংশ ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত। হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড় এখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পঞ্জাব ৰাজ্যৰো ৰাজধানী। সংস্কৃত ভাষাত হাৰিয়ানা শব্দৰ অৰ্থ “ঈশ্বৰৰ নিবাস“; এই শব্দটোৰ বুৎপত্তি সংস্কৃত “হৰি” (বিষ্ণুৰ আন এটা নাম) আৰু “অয়ন” (নিবাস) শব্দ দুটিৰ পৰা। আন এক মতবাদৰ মতে, সংস্কৃত “হৰিৎ” (সেউজীয়া) শব্দৰ পৰা এই নামৰ উৎপত্তি হৈছে; হাৰিয়ানা নাম এই ৰাজ্যৰ বৃহৎ হৰিৎ তৃণক্ষেত্ৰৰ পৰা আহিছে।

হাৰিয়ানা
हरियाणा, ਹਰਿਆਣਾ
—  ৰাজ্য  —
হাৰিয়ানা: ইতিহাস, অৰ্থনীতি, জনগাঁথনি
ভাৰতৰ মানচিত্ৰত হাৰিয়ানাৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত হাৰিয়ানাৰ অৱস্থান
হাৰিয়ানা: ইতিহাস, অৰ্থনীতি, জনগাঁথনি
হাৰিয়ানাৰ মানচিত্ৰ
হাৰিয়ানাৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (চণ্ডীগড়): 30°44′N 76°47′E / 30.73°N 76.78°E / 30.73; 76.78 76°47′E / 30.73°N 76.78°E / 30.73; 76.78
ৰাষ্ট্ৰ হাৰিয়ানা: ইতিহাস, অৰ্থনীতি, জনগাঁথনি ভাৰত
অঞ্চল উত্তৰ
প্ৰতিষ্ঠা ১ নভেম্বৰ ১৯৬৬
ৰাজধানী চণ্ডীগড়
জিলাৰ সংখ্যা ২১
চৰকাৰ
 - পৰিষদ হাৰিয়ানা বিধানসভা
 - ৰাজ্যপাল কপ্তান সিং চলাংকী
 -  মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ (ভাৰতীয় জনতা পাৰ্টী )
 - বিধানসভা এককক্ষীয় (৯০ আসন)
 - লোকসভা আসন ১০
 - ৰাজ্যসভা আসন
মাটিকালি
 - ৰাজ্য ৪৪,২১২ কি.মি. 
(১৭,০৭০.৩ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ২০তম
 - বনাঞ্চল ১,৬৮৪ কি.মি. 
(৬৫০.২ বৰ্গ মাইল)
 - জলাভূমি ৩,৫৫০ কি.মি. 
(১,৩৭০.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - ৰাজ্য ২,৫৩,৫৩,০৮১ জন
 - স্থান ১৬তমতম
 - জনঘনত্ব ৫৭৩ প্ৰতি বৰ্গ কি.মি. 
(১,৪৮৪.১ প্ৰতি বৰ্গ মাইল)
 - জনঘনত্ব স্থান ১১তমতম
 - চহৰাঞ্চল ৮৮,২১,৫৮৮ জন
 - গ্ৰাম্যাঞ্চল ১,৬৫,৩১,৪৯৩ জন
ভাষা
 - চৰকাৰী হিন্দী, পঞ্জাবী
 - আঞ্চলিক হাৰিয়ানভি ভাষা
ৰাজ্য প্ৰতীক
 - পক্ষী ক'লা ফ্ৰেংকলীন
 - পশু নীলগাই
 - ফুল পদুম
 - গছ আঁহত
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-HR
যানবাহনৰ নম্বৰ HR-xx
মানৱ সম্পদ উন্নয়ন সূচী বৃদ্ধি ০.৬৪৪ (medium)
মানৱ সম্পদ উন্নয়ন সূচীত স্থান ১৭তম (২০১১)
সাক্ষৰতা হাৰ ৭৬.৬৪ %
লিংগ অনুপাত ৮৭৭
গড় আয়ু ৬৬.২ বছৰ
জিডিপি ৩,০৯৩.২৬ বিলিয়ন (২০১১-১২)
জনমুৰি জিডিপি ১০৯,২২৭ (২০১১-১২)
আৰ্থিক বৃদ্ধি ৮.১ %
ৱেবছাইট www.haryana.gov.in

ইতিহাস

সুদূৰ অতীতত বৰ্তমান হাৰিয়ানা ভূখণ্ড উত্তৰ ভাৰতৰ কুৰু ৰাজ্যৰ অন্তৰ্গত আছিল। খ্ৰীষ্টীয় দ্বাদশ শতাব্দীত অপভ্ৰংশ লেখক বিবুধ শ্ৰীধৰৰ ৰচনাত হাৰিয়ানা নামৰ উল্লেখ পোৱা যায়। প্ৰাচীন কালত এই ৰাজ্য অধুনালুপ্ত সৰস্বতী নদীৰ পাৰত বিকশিত সিন্ধু সভ্যতা আৰু বৈদিক সভ্যতাৰ এটি অংশ আছিল। ভাৰতৰ ইতিহাসৰ অনেক দিশ নিৰ্ণায়ক যুদ্ধ এই অঞ্চলতে সংঘটিত হৈছে। ইয়াৰে ভিতৰত বিশেষভাবে উল্লেখনীয় মহাভাৰতত উল্লিখিত কুৰুক্ষেত্ৰৰ কুৰুক্ষেত্ৰ যুদ্ধ আৰু পানিপথৰ তিনিখন যুদ্ধ। ব্ৰিটিছৰ আমোলত হাৰিয়ানা ব্ৰিটিছ পঞ্জাব প্ৰদেশৰ অন্তৰ্ভুক্ত আছিল। ১৯৬৬ চনত ভাষাৰ ভিত্তিত ভাৰতৰ সপ্তদশ ৰাজ্য হিচিপে হাৰিয়ানাৰ আবিৰ্ভাৱ ঘটে। বৰ্তমান এই ৰাজ্য দেশৰ অন্যতম প্ৰধান খাদ্যশস্য আৰু দুগ্ধ উৎপাদক ৰাজ্য। ১৯৬০ দশকৰ ভাৰতৰ সেউজ বিপ্লৱৰ মাধ্যমত খাদ্য শস্য উৎপাদনত স্বনিৰ্ভৰশীলতা অনাৰ প্ৰয়াসৰ ক্ষেত্ৰত হাৰিয়ানা ৰাজ্যেৰ নাম বিশেষ ভাবে উল্লেখযোগ্য।

অৰ্থনীতি

হাৰিয়ানা ভাৰতৰ অন্যতম ধনী ৰাজ্য। এই ৰাজ্যৰ জনমুৰি আয় ৬৭,৮৯১ টকা; যি ভাৰতৰ তৃতীয় সৰ্বাধিক। তদুপৰি দেশৰ সৰ্বাধিক সংখ্যক গ্ৰামবাসী কোটিপতি এই ৰাজ্যত বাস কৰে। ১৯৭০ৰ দশকৰ পৰা এই ৰাজ্য কৃষি আৰু শিল্প বিশেষত উন্নতিসাধনৰ সূত্ৰপাত ঘটে। বৰ্তমান হাৰিয়ানা কেৱল ভাৰতেই নহয়, সমগ্ৰ দক্ষিণ এছিয়াৰ অন্যতম সম্পদশালী অঞ্চল হিচাপে পৰিগণিত হৈছে। ভাৰতত যাত্ৰীবাহী গাড়ী, দ্বিচক্ৰযান আৰু ট্ৰেক্টৰৰ বৃহত্তম উৎপাদক হল হাৰিয়ানা। ২০০০ চনৰ পৰা এই ৰাজ্যেৰ জনমুৰি বিনিয়োগ দেশৰ ভিতৰতে সৰ্বাধিক। গুৰুগ্ৰাম চহৰ বৰ্তমানে তথ্য প্ৰযুক্তি আৰু অট'মোবাইল শিল্পকেন্দ্ৰ হিচাপে সুনাম অৰ্জন কৰিছে। ভাৰতৰ বৃহত্তম অট'মোবাইল উৎপাদক মাৰুতি উদ্যোগ আৰু বিশ্বৰ বৃহত্তম দ্বিচক্ৰযান উৎপাদক হিৰ' হণ্ডাৰ প্ৰধান কেন্দ্ৰ গুৰুগ্ৰামত অৱস্থিত। পাণিপথ, পঞ্চকুলা আৰু ফৰিদাবাদো ৰাজ্যৰ অন্যতম শিল্পকেন্দ্ৰ। পাণিপথ তেল শোধনাগাৰ দক্ষিণ এছিয়াৰ দ্বিতীয় বৃহত্তম শোধনাগাৰ। তদুপৰি এই ৰাজ্য পুৰণি কিছু ইস্পাত আৰু বস্ত্ৰশিল্প কেন্দ্ৰ বিদ্যমান।

জনগাঁথনি

হাৰিয়ানাৰ অধিবাসী প্ৰধান জাতিগোষ্ঠী হ'ল জাট। হাৰিয়ানাৰ ৰাজনীতি জাট জাতিৰ দ্বাৰাই মূলত পৰিচালিত হয়। এই ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দলসমূহ হ'ল ভাৰতীয় ৰাষ্ট্ৰীয় লোক দল, হাৰিয়ানা জনহিত কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টী, বহুজন সমাজ পাৰ্টী। ৰাজ্যৰ অন্যান্য জনগোষ্ঠীৰ ভিতৰত উল্লেখযোগ্য আহীৰ, পঞ্জাবী, গুজ্জৰ, আগৰৱাল, ৰোৰ, ব্ৰাহ্মণ, ৰাজপুত আৰু চাইনি। হাৰিয়ানাৰ জনসংখ্যাৰ ৯০ শতাংশ হিন্দু, ৬.২ শতাংশ শিখ, ৪.০৫ শতাংশ মুছলমান আৰু ০.১ শতাংশ খ্ৰীষ্টান।

তথ্য সংগ্ৰহ

Tags:

হাৰিয়ানা ইতিহাসহাৰিয়ানা অৰ্থনীতিহাৰিয়ানা জনগাঁথনিহাৰিয়ানা তথ্য সংগ্ৰহহাৰিয়ানাউত্তৰ প্ৰদেশউত্তৰাখণ্ডকেন্দ্ৰীয় শাসিত অঞ্চলচণ্ডীগড়দিল্লীপঞ্জাব, ভাৰতপঞ্জাবী ভাষাবিষ্ণুভাৰতযমুনা নদীসংস্কৃত ভাষাহিন্দী ভাষাহিমাচল প্ৰদেশৰাজস্থানৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল

🔥 Trending searches on Wiki অসমীয়া:

শৰ্কৰাঅম্বিকাগিৰি ৰায়চৌধুৰীশ্ৰীকৃষ্ণকীৰ্তনঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলহৰিদেৱবিহুৰ বাদ্যযন্ত্ৰমাটিৰ হিচাপহনুমানঅসমীয়া কবিতানিচুকনি গীতজেতুকাডুবাইমুগা (ৰেচম)সৌৰজগতসন্ধ্যাৰাগ (চলচ্চিত্ৰ)নেলছন মেণ্ডেলালাক-নিভবেন্দ্ৰ নাথ শইকীয়াদিনএইচ টি এম এলভাৰতীয় দৰ্শনবিষ্ণুপ্ৰসাদ ৰাভামল্লিকা ফুলছক্ৰেটিছটকা (বাদ্য)ভীমৰাও ৰামজী আম্বেদকাৰতামোলযোৰহাট (লোকসভা সমষ্টি)পলাশীৰ যুদ্ধঅসমৰ সাধুকথামিৰি জীয়ৰীতথ্য প্ৰযুক্তিআৰবী ভাষাচাৰি কুমাৰভিটামিনৰাভা জনগোষ্ঠীঅসম সাহিত্য সভামাৰ্কাছ ৰাছফৰ্ডলোবানপানীকোচ ৰাজবংশপুৰাণযোগেশ দাসভাৰতীয় চলচ্চিত্ৰকামিনী কাঞ্চনসৰস্বতী পূজাআলি আঃয়ে লৃগাংভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকামানৰ অসম আক্ৰমণঅসমৰ মাছ ধৰা সঁজুলিৰামধেনু (আলোচনী)লোককথাবিনন্দ চন্দ্ৰ বৰুৱাঅসমীয়া ব্যাকৰণঅষ্ট্ৰেলিয়া২৩ এপ্ৰিলঅসমৰ জনগোষ্ঠীভাৰতৰ জাতীয় পতাকানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯কৰম পূজাজেং বিহুডিব্ৰু-শদিয়া ৰেলৱেআলুতথ্যডি এন এবহুভাষাবাদলিংগ স্তম্ভনঅসম লোকসেৱা আয়োগভাৰতৰ সংৰক্ষণ ব্যৱস্থাপঞ্চায়তী ৰাজকোচ ৰাজবংশীপাঁচালীৰাম🡆 More