মনালিছা

মনালিছা (Monalisa) ষষ্ঠদশ শতিকাৰ বিখ্যাত চিত্ৰশিল্পী ইটালীৰ লিঅ'নাৰ্ডো ডা-ভিন্সিয়ে (Leonardo da Vinci, ১৪৫২-১৫১৯) অংকন কৰা এখন প্ৰসিদ্ধ শিল্পকৃতি, নাম 'মনালিছা' ।

মনালিছা
ইটালীয়ান: La Gioconda, ফৰাছী: La Joconde
See adjacent text.
শিল্পী লিঅ'নাৰ্ড' ডা ভিন্সি
বছৰ অনুমানিক ১৫০৩-১৫০৬, সম্ভৱতঃ আনুমানিক ১৫১৭ চনলৈকে
প্ৰকাৰ তৈলচিত্ৰ
আয়তন 77 ছে.মি. × 53 ছে.মি. (সাঁচ:Convert/ছে.মি. × সাঁচ:Convert/ছে.মি.)
অৱস্থিতি Musée du Louvre, পেৰিছ

লিঅনাৰ্ডোৱে ১৫০৩ চনৰ পৰা ১৫০৭ চনৰ ভিতৰত এই ছবিখন সম্পূৰ্ণ কৰিছিল । ছবিখনৰ দৈৰ্ঘ্য ৭৭ চেণ্টিমিটাৰ আৰু প্ৰস্থ ৫৩ চেণ্টিমিটাৰ । এই ছবিখনত লিঅ'নাৰ্ডো ডা-ভিন্সিয়ে তেওঁৰ নিজৰে অংকন শৈলী 'ছুমেটো' (Sumato) পদ্ধতি ব্যৱহাৰ কৰিছিল । ছবিখনৰ মনালিছাৰ দেহাটো খণ্ডিত কঁকালৰ ওপৰত চিত্ৰিত হৈছে । মুখখন আছে দৰ্শকৰ ফালে । হাত দুখন ওপৰাউপৰিকৈ এক বিশেষ ভংগীত আছে ।

মনালিছা ছবিখনত তিনিটা প্ৰধান বৈশিষ্ট্য দেখা পোৱা যায়, প্ৰথমতে, ইটালীয়ান আৰ্টৰ আৰ্হিৰে হাতখন অংকিত কৰা হৈছে । বাহু তথা হাতৰে গঠিত ডিম্বাকৃতিৰ গঢ়ৰ দ্বাৰা নিম্নভাগৰ ছবিক ওচৰ চপোৱা হৈছে । দ্বিতীয়তে, ছবিখনৰ স্থলভাগ আৰু পাৰ্শ্বচিত্ৰণ চমত্কাৰ । তৃতীয় আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল মনালিছাৰ মুখৰ ৰহস্যময়ী হাঁহিটো । এই হাঁহিটোক লৈ মানুহৰ গৱেষণা, জল্পনা-কল্পনাৰ অন্ত নাই । কিছুমানে কয় মনালিছাৰ দাঁতৰ বিষ আছিল, আন কিছুমানৰ মতে মনালিছাৰ দাঁতেই নাছিল বা অতি বেয়া দাঁত আছিল (তাকে ঢাকি ৰাখিবলৈ যাওঁতে হাঁহিটো তেনে ধৰণৰ হ'ল !!) কোনো কোনোৰ মতে মনালিছাৰ এই হাঁহিয়ে চতুৰ মহিলাৰ ৰহস্যময়তা ইংগিত কৰিছে, আন এচামৰ মতে মনালিছাৰ গোপন প্ৰেম এই হাঁহিত প্ৰস্ফূটিত হৈছে । ইটালীৰ এজন চিকিত্সক ফিলিপো ছুৰানোৰ মতে মনালিছা অতিশয় উত্কণ্ঠা আৰু মানসিক চাপত ভুগি আছিল । তদুপৰি ছবিখন ফ্লোৰেন্সৰ এজন চহকী ব্যক্তি ডেল জিঅ'ক'ণ্ড'ৰ পত্নী মনালিছা ঘেৰাৰ্ডিনিৰ ছবি বুলি বহুতে ক'ব খোজে । ছবিখন অঁকা হ'লত জিঅ'ক'ণ্ড'ই হেনো ছবিখন পছন্দ নকৰিলে আৰু শিল্পীজনক ছবিখন অঁকাৰ বাবে পইচাও নিদিলে । ১৫১৭ চনত ফ্ৰান্সৰ ৰজা প্ৰথম ফ্ৰান্সিছে তেওঁৰ গা-ধোৱা ঘৰৰ বেৰত আঁৰিবলৈ ছবিখন ৪,০০০ সোণৰ ফ্লোৰিণ (প্ৰায় চাৰে পোন্ধৰ কিলোগ্ৰাম সোণ) দি কিনি লয় । মনালিছাৰ মূল ছবিখন বৰ্তমান ফ্ৰান্সৰ পেৰিছত অৱস্থিত লুভেৰ (Louvre) মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে । মনালিছা ছবিখনৰ অন্তৰ্নিহিত কাবিক্য সৌন্দৰ্যই আজিও শিল্পৰসিকসকলক আপ্লুত কৰি তোলে ।

Tags:

ইটালীলিঅ'নাৰ্ডো ডা-ভিন্সি

🔥 Trending searches on Wiki অসমীয়া:

কোষ (জীৱবিজ্ঞান)প্ৰাকৃতিক সম্পদছ'ভিয়েট সংঘভাৰতৰ ৰাষ্ট্ৰপতিকম্পিউটাৰনেলছন মেণ্ডেলাবিহু নৃত্যচ্যু-কা-ফাসমাজবাদঅসমৰ পৰম্পৰাগত খেল-ধেমালিপদ্মনাথ গোহাঞি বৰুৱালখিমপুৰ (লোকসভা সমষ্টি)নলবাৰীআকাশবাণী গুৱাহাটীঅসমৰ মুখা শিল্পঅনুৰাধা শৰ্মা পূজাৰীশ্বিলংবিশ্ব বেংকভগদত্তশিশু সাহিত্যমানুহগণিতঔষধি উদ্ভিদচিত্ৰা মণ্ডলঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকামূৰাৰা, ৰঙিয়াগৌতম বুদ্ধবহুকোষী জীৱওজাপালিভাৰতৰ নিৰ্বাচন আয়োগৰঙিয়া ৰেলৱে সংমণ্ডলতিনিচুকীয়া জিলাহিমাংশু প্ৰসাদ দাসড়কাঞ্চন (উপন্যাস)ৰূপালীমপ্ৰশান্ত মহাসাগৰবাৰেচহৰীয়া ভাওনা মহোৎসৱলাচিত বৰফুকননিৰ্মলপ্ৰভা বৰদলৈমহাসাগৰলোকসভানামনি অসমখ্ৰীষ্টান ধৰ্মঅসমৰ চলচ্চিত্ৰচৰাইদেউ জিলাজিকিৰকনকলতা বৰুৱাহিতেশ্বৰ বৰবৰুৱাসৌৰজগতলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসমত দেখা পোৱা সাপবোৰশূন্যপৃথিৱীপৰম্পৰাঅণুবীক্ষণ যন্ত্ৰজাভামহেঞ্জোদাৰোহেম বৰুৱা (ত্যাগবীৰ)ভূমি প্ৰদূষণসম্পাদনাভাৰতৰ সংবিধানভাৰতৰ জাতীয় পতাকাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদামাতৃভাষালোকবিশ্বাসগণৰাজ্য দিৱস (ভাৰত)হিন্দু ধৰ্মযোগ দৰ্শনযতীন বৰাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানবতৰআনন্দৰাম ঢেকিয়াল ফুকনঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামাছমানৱ ভূগোল🡆 More