পেৰিছ

পেৰিছ হৈছে ফ্ৰান্সৰ আটাইতকৈ জনবহুল তথা ৰাজধানী চহৰ। ইয়াৰ মাটিকালি প্ৰায় ১০৫ বৰ্গ কিলোমিটাৰ (৪১ বৰ্গ মাইল)। ২০১৯ চনৰ তথ্যমতে পেৰিছৰ জনসংখ্যা আনুমানিক ২,১৬৫,৪২৩ জন। ২০২০ চনত ই বিশ্বৰ ৩৪ সংখ্যক আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ হিচাপে পৰিগণিত হৈছিল। ১৭ শতিকাৰ পৰাই পেৰিছ বিশ্বৰ বিত্ত, কূটনীতি, বাণিজ্য, ফেশ্বন, গেষ্ট্ৰ’নমি, বিজ্ঞান, আৰু কলাৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে আৰু বহুসময়ত ইয়াক বিশ্বৰ ৰাজধানী বুলিও উল্লেখ কৰা হৈছে।

Paris
পেৰিছ
পেৰিছ
পেৰিছ
পেৰিছ
জনসংখ্যা ২১,৬৫,৪২৩ জন
ৱেবছাইট www.paris.fr

ধৰ্ম

বিংশ শতিকাৰ আৰম্ভণিতে পেৰিছ আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ কেথলিক চহৰ। ফৰাচী লোকপিয়লৰ তথ্যত ধৰ্মীয় জনগাঁঠনিৰ বিষয়ে কোনো তথ্য নাই। ফ্ৰান্সৰ জনমত গৱেষণা সংস্থা Institut français d’opinion publique (IFOP)ই ২০১১ চনত কৰা এক সমীক্ষা অনুসৰি পেৰিছ অঞ্চলৰ ৬১ শতাংশ বাসিন্দাই নিজকে ৰোমান কেথলিক বুলি পৰিচয় দিছে। একেটা সমীক্ষাতে ৭ শতাংশ বাসিন্দাই নিজকে মুছলমান, ৪ শতাংশই প্ৰটেষ্টেণ্ট, ২ শতাংশই ইহুদী আৰু ২৫ শতাংশই ধৰ্মহীন বুলি পৰিচয় দিছে।

INSEE সমীক্ষা মতে, বিশেষকৈ আলজেৰিয়া, মৰক্কো আৰু টিউনিছিয়াত ৪ৰ পৰা ৫০ লাখ ফৰাচী বাসিন্দাৰ পূৰ্বজ অথবা অন্ততঃ এজন পিতৃ-মাতৃ মুছলমান প্ৰধান দেশীয় আছিল। ২০০৮ চনত IFOPৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে, এই মুছলমান প্ৰধান দেশসমূহৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ ভিতৰত ২৫ শতাংশই নিয়মীয়াকৈ মছজিদলৈ গৈছিল; ৪১ শতাংশই ধৰ্ম পালন কৰিছিল, আৰু ৩৪ শতাংশ লোক বিশ্বাসী আছিল যদিও ধৰ্ম পালন কৰা নাছিল। ২০১২ আৰু ২০১৩ চনত পেৰিছ চহৰত প্ৰায় ৫ লাখ মুছলমান, আইল ডি ফ্ৰান্স অঞ্চলত ১৫ লাখ মুছলমান আৰু ফ্ৰান্সত ৪ৰ পৰা ৫০ লাখ মুছলমান আছিল বুলি অনুমান কৰা হৈছিল।

পেৰিছ অঞ্চলৰ ইহুদী জনসংখ্যা ২০১৪ চনত ২ লাখ ৮২ হাজাৰ বুলি অনুমান কৰা হৈছিল, এয়া ইজৰাইল আৰু আমেৰিকাৰ বাহিৰে বিশ্বত যিকোনো দেশত থকা ইহুদীৰ সৰ্বাধিক জনঘনত্ব।

পৰ্যটন

হোটেলত থকাৰ তথ্য অনুসৰি ২০২০ চনত পেৰিছলৈ ১ কোটি ২৬ লাখ দৰ্শনাৰ্থী আহিছিল, যিটো ক’ভিড-১৯ ভাইৰাছৰ বাবে ২০১৯ চনৰ তুলনাত ৭৩ শতাংশ কম আছিল।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বহনক্ষম উন্নয়নৰ লক্ষ্যবাংলাদেশৰ মুক্তিযুদ্ধঅসমআধুনিকতাবাদমিঠু বৰুৱাভাষাবিজ্ঞানচ্যু-কা-ফাউদবৰ্মণ ৰাজবংশডিমাছা জনগোষ্ঠীবৰপুণিকলিমানৱবিধা ভক্তিজোনাকী (আলোচনী)এচিদ বৰষুণইংৰাজী ভাষানতুন দিল্লীশ্ৰী শ্ৰী বটদ্ৰৱা থানশ্ৰীমদ্ভগৱতগীতাৰমন্যাসবাদটকা (বাদ্য)বিজ্ঞানমাজুলীসন্ধিসংস্কৃতিগায়ত্ৰী মহন্তমিচিং ভাষানিমাতী কইনাপাচন তন্ত্ৰনগেন শইকীয়াবাগৰুম্বাজীৱনীপিয়লী ফুকন (চলচ্চিত্ৰ)সেউজ গৃহ প্ৰভাৱগুণাভিৰাম বৰুৱাঅসমীয়া কবিতাৰবীন্দ্ৰনাথ ঠাকুৰজয়সাগৰ পুখুৰীঅসমীয়া ভাষানাগৰিকত্বদেউলকৰ'নাভাইৰাছ ৰোগ ২০১৯শদিয়াকৰ্ণ (অংগ)নাগাৰাকুকুৰানবীনচন্দ্ৰ বৰদলৈপ্ৰাচীন গ্ৰীচছুনামিমাধৱদেৱপৰিৱেশ বিজ্ঞানঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমৰ ভূগোলমানৱ ভূগোললাভলীনা বৰগোহাঁইতেজপুৰগজেন্দ্ৰ মোক্ষকণী যুঁজবিয়া নামহাবুংইষ্ট ইণ্ডিয়া কোম্পানীভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনইয়াণ্ডাবু সন্ধিহাড়গিলাআন্তৰ্জাতিক মাতৃভাষা দিৱসইউটিউবমোহনদাস কৰমচান্দ গান্ধীমানচিত্ৰনগাঁও জিলাআলি আঃয়ে লৃগাংধেমাজি জিলানিকি তাম্বোলি১৯ এপ্ৰিলৰাভা জনগোষ্ঠীতাঁতশাল🡆 More