ভাৰতীয় প্ৰশাসনিক সেৱা

ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ (ইংৰাজী: Indian Administrative Service, IAS) সৰ্বভাৰতীয় সেৱাৰ প্ৰশাসনিক বিভাগ। ই ভাৰতৰ প্ৰতিষ্ঠিত অসমৰিক সেৱাসমূহৰ ভিতৰত অন্যতম। ভাৰতীয় পুলিচ সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱা সৰ্বভাৰতীয় সেৱাৰ মুখ্য তিনিটা বিভাগ। এই সেৱাৰ বিষয়া সকলে ভাৰত চৰকাৰ আৰু প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ সেৱা আগবঢ়ায়। আই এ এছ বিষয়া সমূহে ভাৰত চৰকাৰৰৰ অধীনস্থ বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগতো সেৱা আগবঢ়ায়।

ভাৰতীয় প্ৰশাসনিক সেৱা
সেৱাৰ ইতিবৃত্তি
পৃৰ্বৰ নাম ইম্পেৰিয়েল চিভিল ছাৰ্ভিছ (আইচিএছ)
স্থাপন ১৮৫৮
(ইম্পেৰিয়েল চিভিল ছাৰ্ভিছ )
২৬ জানুৱাৰী ১৯৫০
(ভাৰতীয় প্ৰশাসনিক সেৱা)
দেশ ভাৰত
প্ৰশিক্ষণ অনুষ্ঠান লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী, মছুৰী, উত্তৰাখণ্ড
কেডাৰ নিয়ন্ত্ৰক কৃতপক্ষ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ, কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়, ভাৰত চৰকাৰ
মন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰী
আইনী ব্যক্তিত্ব চৰকাৰী; অসামৰিক সেৱা
কৰ্তব্য নীতি নিৰ্ধাৰণ
নীতি ৰূপায়ণ
জন প্ৰশাসন
আমোলাতন্ত্ৰৰ শাসন
সচিবীয় সহায়তা (কেন্দ্ৰ আৰু ৰাজ্য)
পূৰ্বৰ সেৱা ইম্পেৰীয়েল চিভিল ছাৰ্ভিছ (১৮৫৮–১৯৪৬)
কেডাৰ শক্তি ৪,৯২৬ জন (৩,৫১১জন সংঘ লোক সেৱা আয়োগৰ দ্বাৰা পোনপটীয়াকৈ নিযুক্তি আৰু ১,৪১৫ জন ৰাজ্যিক লোকসেৱাৰ পৰা পদোন্নীত)
বাছনি অসামৰিক সেৱা পৰীক্ষা
সংস্থা আই এ এছ (কেন্দ্ৰীয়) সংস্থা
অসামৰিক সেৱাৰ মুৰব্বী
ভাৰতৰ কেবিনেট সচিব প্ৰদীপ কুমাৰ সিনহা, আই এ এছ

ৱেষ্টমিনিষ্টাৰ সংসদীয় চৰকাৰ অনুধাৱন কৰা আন দেশৰ দৰে ভাৰতীয় প্ৰশাসনিক সেৱা ভাৰতৰ স্থায়ী আমোলাতন্ত্ৰৰ অন্তৰ্ভুক্ত। ইয়াৰ লগতে ই ভাৰত চৰকাৰৰ কাৰ্যনিৰ্বাহকৰ অংশ। সেয়ে আমোলাতন্ত্ৰ সাধাৰণতে ৰাজনৈতিক ভাবে নিৰপেক্ষ আৰু যি কোনো চৰকাৰ বা পৰিস্থিতিত দেশৰ সেৱাৰ বাবে সদা নিয়োজিত।

সেৱাত নিয়োজিত হোৱাৰ পিছত প্ৰশাসনিক বিষয়া সকলে কিছুদিন উপ-সংমণ্ডলীয় দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰপিছত তেওঁলোক ভাৰতৰ বিভিন্ন জিলাসমূহৰ উপায়ুক্ত পদত অধিষ্ঠিত হয়। এই পদত কেইবাবছৰ সেৱা আগবঢ়োৱা পিছত (কোনো কোনো ৰাজ্যত প্ৰায় ১৬ বছৰ) এজন বিষয়াক গোটেই ৰাজ্যৰ সংমণ্ডলৰ মুৰব্বী পদ সংমণ্ডল অধিকাৰী হিচাপে পদোন্নতি দিয়া হয়।

উচ্চ দৰমহা নিৰীখ লাভ কৰা বিষয়া সকলে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰণালয়ত সেৱা আগবঢ়ায়। এই স্তৰত প্ৰশাসনিক বিষয়া সকলে আন্তৰ্জাতিক স্তৰৰ দ্বীপক্ষীক বা বহুপক্ষীক অনুষ্ঠানত দেশক প্ৰতিনিধিত্ব কৰে। ইয়াৰ লগতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সংস্থা সমূহ যেনে বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, এছিয়ান উন্নয়ন বেংক, এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংক, ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সহযোগী সংস্থা সমূহতো ভাৰতৰ হৈ সেৱা আগবঢ়ায়। প্ৰশাসনিক বিষয়া সকলে ভাৰতৰ নিৰ্বাচনী আয়োগৰ লগত জড়িত হৈ ভাৰতত নিৰ্বাচন অনুষ্ঠিত কৰে।

তথ্য উৎস

Tags:

ইংৰাজী ভাষাভাৰত চৰকাৰ

🔥 Trending searches on Wiki অসমীয়া:

এশিঙীয়া গঁড়গুৱাহাটী বিশ্ববিদ্যালয়মাটিলভিতাজেং বিহুঅংকীয়া নাটভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাজৱাহৰ নৱোদয় বিদ্যালয়ভগ্নাংশঅসমৰ পৰম্পৰাগত সাজ- পাৰগাখীৰঅসমীয়া ব্যাকৰণতিনিচুকীয়া জিলাবিশ্ব বেংকঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবেউলাসত্ৰীয়া নৃত্যতামোলঅভয়াপুৰীঅম্বুবাচীবিহুশাল গছনাটকবৌদ্ধ ধৰ্মআনন্দ চন্দ্ৰ আগৰৱালামিচিং ভাষাআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিৰাভা জনগোষ্ঠীপলাশীৰ যুদ্ধৰাষ্ট্ৰসংঘমৌখিক লোকসাহিত্যপৰিৱেশ তন্ত্ৰঅসমৰ চলচ্চিত্ৰহিমা দাসসন্ধিঅৰ্জুন ভঞ্জনযোৰহাট জিলাকুন্তীজাপিভাৰতৰ সংবিধানখোলযৌন নিৰ্যাতনসৌৰ শক্তিআত্মসহায়ক গোটগণেশ গগৈকামৰূপী প্ৰাকৃতচৰ্যাপদপৰিমেয় সংখ্যাসাত বিহুভেঁকুৰকৃষ্ণচূড়াহুঁচৰিভাৰতীয় জনতা পাৰ্টিবিহুৰ সাজ-পোচাক আৰু অলংকাৰলক্ষ্মীধৰ শৰ্মাশিৱসাগৰকামাখ্যা মন্দিৰইষ্ট ইণ্ডিয়া কোম্পানীঅনিৰুদ্ধদেৱমণিৰাম দেৱানযাদৱ পায়েংশুৱালকুছিসমাজতত্ত্ববেঙেনাআটী সত্ৰশৰাইঘাট দলংতেজপুৰগৰ্ভপাতআন্তৰ্জাতিক শ্ৰমিক দিৱসদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰমোৰ জীৱন সোঁৱৰণসাম্যবাদী সমাজচৈয়দা আনোৱাৰা টাইমূৰ২৮ এপ্ৰিল🡆 More