বেংগালুৰু: ভাৰতৰ চহৰ

বেংগালুৰু (পূৰ্বে বাংগালোৰ, ইংৰাজী: Bengaluru.

['beŋgəɭuːru]) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী। এই চহৰক "ভাৰতৰ চিলিকন ভ্যেলী" বুলি জনা যায়।

বেংগালুৰু
ಬೆಂಗಳೂರು
—  মহানগৰ  —
বেঙ্গালুৰু (Bengaluru)
BangaloreMontage.pngঘড়ী কাঁটাৰ দিশত ক্ৰমে: ইউ বি চিটী, ইনফ'চিছ, লালবাগ, বিধান সভা, শিৱ মূৰ্তি, বাগমানে টেক পাৰ্ক। ‌
অন্য নাম: ভাৰতৰ চিলিকন ভ্যেলী
Garden City
বেংগালুৰু is located in কৰ্ণাটক
বেংগালুৰু: ভূগোল, অৰ্থনীতি, পৰিবহণ
বেংগালুৰু
কৰ্ণাটক ৰাজ্যৰ মানচিত্ৰত বেংগালুৰুৰ অৱস্থান
ভৌগোলিক স্থানাংক: 12°58′N 77°34′E / 12.967°N 77.567°E / 12.967; 77.567 77°34′E / 12.967°N 77.567°E / 12.967; 77.567
দেশ বেংগালুৰু: ভূগোল, অৰ্থনীতি, পৰিবহণ ভাৰত
ৰাজ্য কৰ্ণাটক
Region Bayaluseemē
জিলা বাংগালোৰ আৰবান
স্থাপন ১৫৩৭
প্ৰতিষ্ঠাপক Kempegowda I
চৰকাৰ
 - প্ৰকাৰ Mayor–Council
 - পৰিষদ BBMP
 - Mayor Manjunath Reddy
 - Commissioner G Kumar Nayak
মাটিকালি
 - চহৰাঞ্চল ৭০৯ কি.মি. 
(২৭৩.৭ বৰ্গ মাইল)
উচ্চতা ৯২০ মিটাৰ (৩,০১৮.৩৭ ফুট)
জনসংখ্যা (২০১১)
 - মহানগৰ ৮৪,২৫,৯৭০ জন
 - স্থান ৪thতম
 - মহানগৰ ৮৭,২৮,৯০৬ জন
 - মেট্ৰ ৰেংক ৫th জন
বিশেষণ Bangalorean
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
পিনক'ড 560 xxx
অঞ্চল কোড +91-(0)80
যানবাহনৰ নম্বৰ KA-01, 02, 03, 04, 05, 41, 50, 51, 53, 57, 58, 59, 60, 61
চৰকাৰী ভাষা কন্নড়
ৱেবছাইট www.bbmp.gov.in

ভূগোল

বেংগালুৰু দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পূব দিশত সমুদ্ৰ পৃষ্ঠৰ পৰা ৯০০ মিটাৰ (৩০০০ ফুট) উচ্চতাত অৱস্থিত। ই দাক্ষিণাত্য মালভূমি অঞ্চলৰ অন্তৰ্গত। চহৰখনৰ মাটিকালি প্ৰায় ৭০৯ বৰ্গ কিলোমিটাৰ। ২০১১১ চনৰ লোকপিয়ল অনুসৰি চহৰখনৰ মুঠ জনসংখ্যা প্ৰায় ৮৫ লাখ। জনসংখ্যাৰ হিচাপ অনুসৰি বেংগালুৰু ভাৰতৰ পঞ্চম বৃহৎ মহানগৰ আৰু বিশ্বৰ অষ্টাদশ বৃহৎ চহৰ। বেংগালুৰু ভাৰতৰ তথ্য প্ৰযুক্তিৰ প্ৰধান কেন্দ্ৰ হোৱা বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ জীৱিকাৰ বাবে আহে।

অৰ্থনীতি

বেংগালুৰু ভাৰতৰ তথ্য প্ৰযুক্তি শিল্পৰ ৰাজধানী। দেশৰ তথ্য প্ৰযুক্তি শিল্পত বেংগালুৰুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে ই ভাৰতৰ ছিলিকন উপত্যকা নামেৰে পৰিচিত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইচৰো), ভাৰতীয় তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠান ৱিপ্ৰ', ইনফ'চিছৰ দৰে প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় অৱস্থিত। এই চহৰত ২০০০ তকৈও অধিক তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠান আছে। কৃষি আৰু উৎপাদন শিল্প থকাৰ উপৰিও তথ্য প্ৰযুক্তিৰ শিল্প হৈছে কৰ্ণাটকৰ অৰ্থনীতিৰ প্ৰধান চালিকা শক্তি। ভাৰতৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্ট, বাংগালোৰ, হিন্দুস্তান এৰ'ন'টিক্স লিমিটেড, ভাৰত ইলেক্ট্ৰ'নিকছ্ আদি বেংগালুৰু চহৰতেই অৱস্থিত।

পৰিবহণ

স্থলপথ

বেংগালুৰু চহৰখনৰ ভিতৰত কেইবাটাও বাছ টাৰ্মিনেল আছে। চহৰখনৰ ভিতৰত বি. এম. টি. চি. ৰ যথেষ্ট সংখ্যক বাছে চলাচল কৰে। এইবোৰৰ ভিতৰত শীত তাপ নিয়ন্ত্ৰীত ভলভোৰ বাছসমূহো অন্যতম। সেইসমূহৰ ভিতৰত কিছু সংখ্যক বিমানবন্দৰৰ পৰাও চহৰখনৰ বিভিন্ন প্ৰান্তলৈ যাতায়ত কৰে।

ৰেলপথ

বেংগালুৰু ভাৰতীয় ৰেলৰ দক্ষিণ-পশ্চিম ৰে'লৱে মণ্ডলৰ অন্তৰ্গত। ইয়াৰ প্ৰধান ৰেল ষ্টেচন দুটা হৈছে বেংগালুৰু চিটি জংচন আৰু য়ছৱন্তপুৰ জংচন। আনহাতে ক্ষিপ্ৰ ৰেলসেৱা বাংগালোৰ মেট্ৰ' বা নাম্মা মেট্ৰ' চহৰ খনৰ যাতায়তৰ অন্যতম সুব্যৱস্থা।

বিমানপথ

বেংগালুৰুৰ প্ৰধান বিমান বন্দৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰ চহৰৰ মূলকেন্দ্ৰৰ পৰা প্ৰায় ৪০ কি.মি.দূৰত দেৱেনাহাল্লী নামৰ ঠাইত অৱস্থিত। ২০০৮ চনৰ পৰা এই বিমানবন্দৰ কাৰ্যক্ষম হৈছিল। এই বিমানবন্দৰ ভাৰতৰ তৃতীয় ব্যস্ততম বিমানবন্দৰ। ইয়াৰ পূৰ্বতে চহৰখনৰ পূব দিশত অৱস্থিত হাল (হিন্দুস্তান এৰোন'টিক লিমিটেড) বিমানবন্দৰৰ পৰা বিমান চলাচল কৰিছিল।

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ

Tags:

বেংগালুৰু ভূগোলবেংগালুৰু অৰ্থনীতিবেংগালুৰু পৰিবহণবেংগালুৰু বাহ্যিক সংযোগবেংগালুৰু তথ্য সংগ্ৰহবেংগালুৰুইংৰাজী ভাষাকৰ্ণাটক

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া যুক্তাক্ষৰপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ চিত্ৰকলাৰ ইতিহাসনগাঁও কুইজ ফ'ৰামকাৰ্ল মাৰ্ক্সকোণভাৰত ৰত্নচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াপালি ভাষাশব্দ (অভিধান)গামখাৰুশিল্প বিপ্লৱভাৰতৰ জাতীয় পতাকাশ্বজিবু নোংমা পানবাপদ্মা-পুৰাণৰুদ্ৰ কন্দলীজালিয়ানৱালাবাগৰ হত্যাকাণ্ডমাধৱ কন্দলিনয়নতৰাবাৰ্ট্ৰেণ্ড ৰাছেলসম্ৰাট অশোকবাঁহীউপভাষা২৯ মাৰ্চঅনুবাদগণৰাজ্য দিৱস (ভাৰত)সৰ্থেবাৰীদিহানামলাভলীনা বৰগোহাঁইসনজীদা খাতুনঅশোক স্তম্ভভট্টদেৱৰ গদ্যশৈলীঐনিতমজ্ঞানপীঠ বঁটাচীনা সাম্যবাদী বিপ্লৱঅশোক বনফ্ৰান্সনাগৰিকত্বসুভাষ চন্দ্ৰ বসুকয়লাঅখণ্ড সংখ্যাআৰ্যভট্টফিফা বিশ্বকাপঅনুৰাধাৰ দেশঝুমুৰঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাগোলকীয় উষ্ণতা বৃদ্ধিনাহৰসাত বিহুঅসমৰ সত্ৰসমূহৰ তালিকাভাৰতৰ সংবিধানদেউৰী জনগোষ্ঠীতাল (বাদ্যযন্ত্ৰ)ভূমি প্ৰদূষণকপিলীপৰীয়া সাধুশোভা ব্ৰহ্মঋতুবৰহমথুৰিস্বচ্ছ ভাৰত অভিযানভগ্নাংশভাৰতীয় নাগৰিকত্ব আইনশাল গছঅশোকাষ্টমীচিত্ৰ-ভাগৱতবিহুৰ বাদ্যযন্ত্ৰতিনিচুকীয়া জিলাভাৰতীয় দৰ্শনঅসমত দেখা পোৱা মাছৰ তালিকা🡆 More