ভাৰতীয় ৰেল

ভাৰতীয় ৰে'ল (ইংৰাজী: Indian Railways, চমুকৈ IR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰে'লপথ আৰু ৭,৫০০টা ষ্টেচনৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা (networks)। ভাৰতীয় ৰে'লে বছৰি ৭৫০ কোটি অথবা দিনে ২ কোটিতকৈয়ো অধিক যাত্ৰী (ইয়াৰ আধাতকৈ বেছি উপনগৰীয় ৰে'লৰ যাত্ৰী) আৰু দিনে ২৮ লাখ টন সামগ্ৰী কঢ়িয়ায়। ২০১১-১২ চনত ভাৰতীয় ৰে'লে যাত্ৰীৰ পৰা ২৮,৬৪৫.৫২ কোটি আৰু সামগ্ৰীৰ পৰা ৬৯৬৭৫.৯৭ কোটি টকা উপাৰ্জন কৰিছিল।

ভাৰতীয় ৰেল
ধৰণ ভাৰত চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান
স্থাপিত ১৬ এপ্ৰিল ১৮৫৩
মুখ্য কাৰ্যালয় নতুন দিল্লী, ভাৰত
দেশ/অঞ্চল ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব
বিনয় মিট্টল
(চেয়াৰমেন)
পৰিসেৱা যাত্ৰীবাহী ৰেল
মালগাড়ী
বাছ সেৱা
পৰ্যটন সেৱা
পাৰ্কিং সেৱা
অন্যান্য সম্পৰ্কীয় সেৱা
ৰাজহ বৃদ্ধি ১০৬,৬৪৭ কোটি টকা (২০১১-১২)
মুঠ আয় বৃদ্ধি ৯,৬১০ কোটি টকা (২০১১-১২)
স্বত্বাধিকাৰী ভাৰত চৰকাৰ (১০০%)
কৰ্মচাৰীৰ সংখ্যা ১৪ লাখ (২৯১১)
বিভাগসমূহ ১৭টা জ'ন
ৱেবছাইট http://www.indianrailways.gov.in
ভাৰতীয় ৰেল
ৰিপৰ্টিং মাৰ্ক IR
অঞ্চল ভাৰত
কাৰ্যকাল ১৬ এপ্ৰিল ১৮৫৩–বৰ্তমানলৈ
ট্ৰেক গজ ১৬৭৬ মিঃ মিঃ; ১০০০ মিঃ মিঃ; ৭৬২ মিঃ মিঃ; ৬১০ mm
বৈদ্যুতিকৰণ ২১,৫০০ কিঃমিঃ
দৈৰ্ঘ্য ৬৫,০০০ কিঃমিঃ
ৱেবছাইট http://www.indianrailways.gov.in
ভাৰতীয় ৰেল
Indian railway schematic map

১৮৫৩ চনত ভাৰতত প্ৰথম ৰে'লপথ নিৰ্মাণ কৰা হৈছিল ব'ম্বে আৰু থানেৰ মাজত। ১৯৫১ চনত ভাৰতত চলি থকা সকলো ৰে'ল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰে'ল" নামকৰণ কৰা হয়। ভাৰতীয় ৰেলৰ অধীনত ব্ৰডগ'জ, মিটাৰগ'জ আৰু নেৰ'গ'জ ৰেলপথেৰে দীৰ্ঘ দূৰত্বৰ আৰু উপনগৰীয়- উভয় প্ৰকাৰৰ ৰে'লেই চলাচল কৰে। ভাৰতৰ বহুকেইখন ঠাইত ইয়াৰ ডবা আৰু ইঞ্জিন নিৰ্মাণৰ কাৰখানাও আছে। ভাৰতীয় ৰেলে দেশখনৰ ২২খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চল ৰে'ল জালিকাৰে সামৰি লৈছে তথা নেপাল, বাংলাদেশ আৰু পাকিস্তানলৈয়ো সীমিত আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়াইছে।

ভাৰতীয় ৰে'ল ১৪ লাখ কৰ্মচাৰীৰে বিশ্বৰ চতুৰ্থ বৃহৎ ব্যৱসায়িক নিয়োগকৰ্তা। ভাৰতীয় ৰে'ল ২২৯,৩৮১টা মালগাড়ীৰ ডবা, ৫৯,৭১৩টা যাত্ৰী ডবা আৰু ৯,২১৩টা ইঞ্জিনৰ গৰাকী। প্ৰতিদিনে চলাচল কৰা ৰে'লৰ সংখ্যা প্ৰায় ১০,০০০ খন। ২০১২ চনৰ ৩১ মাৰ্চৰ দিনালৈকে ২২,২২৪ কিলোমিটাৰ ৰে'লপথ (মুঠ ৰেলপথৰ ৩৪%) বৈদ্যুতিকৰণ কৰা হৈছে। ১৯৬০ চনৰে পৰা ভাৰতীয় ৰে'লৰ বৈদ্যুতিক পথত ২৫,০০০ ভল্ট এ.চি. বিদ্যুৎ (অভাৰহেড ট্ৰেক্‌ছন) ব্যৱহাৰ কৰা হয়।

ইতিহাস

ভাৰতীয় ৰেল 
ভাৰতীয় ৰেল 
ভাৰতীয় ৰেল 
বোম্বে বৰোদা এণ্ড চেণ্ট্ৰেল ইণ্ডিয়া ৰেলৱেৰ মুখ্য কাৰ্যালয়, ১৯০৫

ভাৰতৰ ৰে'ল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমিটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰে'লপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰে'লৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং।

প্ৰশাসনিক আৰু অৰ্থনৈতিক কাৰণত ব্ৰিটিছে ভাৰতত ৰে'লপথ নিৰ্মাণ কৰাৰ বাবে বহুদিন ধৰি গুণা-গঁথা কৰি আছিল। তদুপৰি বিশাল ঊপনিবেশখনত নিয়ন্ত্ৰণত ৰখাৰ খাটিৰত দ্ৰুতগতিত সৈন্য সঞ্চালন কৰাও ব্ৰিটিছসকলৰ বাবে আৱশ্যকীয় হৈ পৰিছিল। স্বাভাৱিকতে তাৰ বাবে প্ৰয়োজন আছিল এক বিশাল ৰে'লৱে নেটৱৰ্কৰ। এনে উদ্দেশ্য আগত ৰাখি ব্ৰিটিছ সংসদত গৃহীত হোৱা এখন আইনৰ যোগে ১৮৪৯ চনৰ ১ আগষ্টত "দি গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰে'লৱে" (Great Indian Peninsula Railway) গঠন কৰা হৈছিল। মুখ্য কাৰ্যলয় স্থাপন কৰা হৈছিল মুম্বাইৰ ব'ৰী বন্দৰত। কোম্পানীটোৰ অংশ মূলধন আছিল ৫০,০০০ পাউণ্ড। ১৮৪৯ চনৰ ১৭ আগষ্টত পেনিনচুলা ৰেলৱেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৫৬ কিঃ মিঃ দৈৰ্ঘ্যৰ এটা ৰেলপথ স্থাপন আৰু পৰিচালনা সম্পৰ্কীয় এখন চুক্তিত আৱদ্ধ হয়। ১৬ এপ্ৰিল ১৮৫৩ তাৰিখটো ভাৰতীয় ৰে'ল পৰিবহণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ভাৰতত মুম্বইৰ ব'ৰী বন্দৰ ষ্টেচনৰ পৰা থানেলৈকে প্ৰথম ৰে'লৰ যাত্ৰা আৰম্ভ হৈছিল। ফকলেণ্ড নামৰ সৰু ভাপ ইঞ্জিন এটাই টানি নিয়া ১৪টা ডবাৰ ৰে'লখনত সিদিনা কোনো সাধাৰণ যাত্ৰী নাছিল; আছিল ৪০০জন বিশিষ্ট ব্যক্তি। ২১ জাঁই তোপধ্বনিৰে এই ঐতিহাসিক যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছিল আবেলি ৩-৩৫ বজাত। ব'ৰী বন্দৰ ষ্টেচনক পৰৱৰ্তী কালত ভিক্টোৰিয়া টাৰ্মিনাছ আৰু বৰ্তমান ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি নামকৰণ কৰা হ'ল। গ'থিক স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰা এই ষ্টেচনটোৱে বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পাইছে।

১৮৪৫-৪৬ চনত কলকাতাৰ পৰা আৰু দিল্লীলৈ ৰে'লপথ বহুওৱাৰ বাবে জৰীপ কৰা হয়। ইয়াৰ তিনি বছৰ পাছতে ইষ্ট ইণ্ডিয়া ৰেলৱেই হাওৰাৰ পৰা পাণ্ডুৱালৈ ৰে'লপথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰে। ইষ্ট ইণ্ডিয়া ৰে'লৱেৰ মুখ্য কাৰ্যালয় আছিল হাওৰাত। ১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কিঃ মিঃ দৈৰ্ঘ্যৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰে'লৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ হয়।

মাদ্ৰাজ ৰে'লৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা (Veyasarpandy) আৰু ৱালাজা ৰ'ড বা আৰকটলৈ (Walajah Road) ৬৩ কিঃমিঃ ৰেলপথ ১৮৫৬ চনৰ ১ জুলাইৰ দিনা মুকলি কৰে। আৰ আৰ ভাণ্ডাৰীয়ে তেওঁৰ 'চাউদাৰ্ণ ৰে'লৱে' নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে মাদ্ৰাজ প্ৰেচিডেঞ্চিত ১৮৩৬ চনতে ৩.৫ মাইল (৫.৬ কিঃমিঃ) দৈৰ্ঘ্যৰ এটা ৰে'লপথ বহুওৱা হৈছিল। এইটোৱে ভাৰতৰ সৰ্বপ্ৰথম ৰেলপথ। ৰেড হিলৰ পৰা চেইণ্ট থমাচ মাউণ্টৰ শিলৰ খনিলৈকৈ মাত্ৰ শিল কঢ়িওৱাৰ উদ্দেশ্যে এই পথটো নিৰ্মাণ কৰা হৈছিল। তদুপৰি মাদ্ৰাজ প্ৰেচিডেঞ্চিয়ে ১৮৩২ চনত সৰ্বপ্ৰথম ৰে'লপথ নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰিছিল। ইয়াৰ পাছতহে বেংগল আৰু বোম্বে প্ৰেচিডেঞ্চিয়ে এনে প্ৰস্তাৱ আগবঢ়াইছিল। এলাহাবাদৰ পৰা কানপুৰলৈকে ১১৯ মাইল দৈৰ্ঘ্যৰ ৰেলপথ ১৮৫৯ চনৰ ৩ মাৰ্চত মুকলি কৰা হৈছিল। ই আছিল উত্তৰ ভাৰতৰ প্ৰথম ৰে'লপথ। ১৮৮৯ চনত বহুওৱা হৈছিল দিল্লী- আম্বালা- কালকা পথ।

১৮৭৪ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত নৰ্থ বেংগল ষ্টেট ৰে'লৱেই বৰ্তমান বাংলাদেশৰ হাৰ্ডিঞ্জ ব্ৰিজৰ পৰা চিলাহাটী হৈ উত্তৰ বংগৰ শিলিগুৰিলৈ এটা ২৫০ কিঃমিঃ দৈৰ্ঘ্যৰ ৰেলপথ নিৰ্মাণ কৰিছিল। ১৮৮২ চনত অসম ৰে'লৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰেলপথ স্থাপন কৰিছিল। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা দিনজানলৈ নিৰ্মাণ কৰা ১৫ কিঃ মিঃ দৈৰ্ঘ্যৰ মূলতঃ চাহপাত আৰু কয়লা কঢ়িয়াবলৈ নিৰ্মাণ কৰা এই ৰে'লপথ ১৯৮৪ চনত মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ কৰা হৈছিল। এই কোম্পানীটোৱে "ডিব্ৰু-শদিয়া ৰে'লৱে়" নামেৰে অসমত প্ৰথম যাত্ৰীবাহী ৰে'লৰ প্ৰচলন কৰিছিল। আনহাতে ইষ্টাৰ্ণ বেংগল ৰে'লৱেই হালদিবাৰী-শিলিগুৰি, বাৰসোই-কিসানগঞ্জ, মণিহাৰি-কাটিহাৰ-কাসবা ৰেলপথকেইটা ১৯০০ চনৰ কিছু আগতে নিৰ্মাণ কৰি উলিয়াইছিল। ১৯০০- ১৯১১ চনৰ ভিতৰত হাচিমাৰা-আলিপুৰ দুৱাৰ, গীতালদহ- বামনহাট, গোলোকগঞ্জ-ধুবৰী-আমিনগাঁও, ৰঙিয়া-ৰঙাপাৰা ৰেলপথকেইটা নিৰ্মাণ কৰা হৈছিল। অসমৰ বৰাক উপত্যকাৰ ৰেলপথ সম্প্ৰসাৰণৰ কাম কৰিছিল আসাম বেংগল ৰেলৱেই।

সংগঠন

ৰেলৱে মণ্ডল

ভাৰতীয় ৰেল 
দিল্লীত থকা ভাৰতীয় ৰে'লৰ মুখ্য কাৰ্যালয়
ভাৰতীয় ৰেল 
দক্ষিণ ৰে'লৱেৰ মুখ্য কাৰ্যালয়, চেন্নাই
ভাৰতীয় ৰেল 
পশ্চিম ৰে'লৱেৰ মুখ্য কাৰ্যালয়, মুম্বাই
ভাৰতীয় ৰেল 
মধ্য ৰে'লৱেৰ মুখ্য কাৰ্যালয়, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ, মুম্বাই

স্বাধীনতাৰ পাছত ভাৰতৰ ৰে'ল পৰিবহণক ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু পৰিচালনাৰ সুবিধাৰ্থে ১৯৫১-৫২ চনত ভাৰতীয় ৰে'লক ৬টা মণ্ডলত বিভাজন কৰা হয়। পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় ৰে'লৰ আৰু কিছুমান মণ্ডলৰ সৃষ্টি কৰা হয়। শেহতীয়াকৈ ভাৰতীয় ৰে'লৰ মুঠ মণ্ডল ১৭ টা প্ৰতিটো মণ্ডলক একাধিক ডিভিজনত ভাগ কৰা হৈছে। বৰ্তমান ভাৰতীয় ৰেল মুঠ ডিভিজনৰ সংখ্যা ৬৮ টা।

স্থাপনাৰ তাৰিখ মণ্ডল সদৰ ডিভিজন
১৪-৪-১৯৫১ দক্ষিণ ৰে'লৱে
Southern Railway
চেন্নাই চেন্নাই, ত্ৰিচি, মাদুৰাই,
পালাক্কাড, চালেম, ত্ৰিবান্দ্ৰম
৫-১১-১৯৫১ মধ্য ৰে'লৱে
Central Railway
মুম্বাই মুম্বাই, ভুচাৱল, পুণে,
চোলাপুৰ, নাগপুৰ
৫-১-১৯৫১ পশ্চিম ৰে'লৱে
Western Railway
মুম্বাই মুম্বাই চেণ্ট্ৰেল, ৰতলম, আহমেদাবাদ,
ৰাজকোট, ভাৱনগৰ, বদোদৰা
১৪-৪-৯৫২ উত্তৰ ৰে'লৱে
Northern Railway
নতুন দিল্লী দিল্লী, আম্বালা, ফিৰোজপুৰ,
লক্ষ্ণৌ, মোৰাদাবাদ
১৪-৪-১৯৫২ উত্তৰ-পূব ৰেলৱে
North Eastern Railway
গোৰখপুৰ ইজ্জত নগৰ, লক্ষ্ণৌ, বাৰাণসী
১৪-৪-১৯৫২ পূব ৰেলৱে
Eastern Railway
কলকাতা হাওৰা, শিয়ালদহ, আচানচোল,
মালদা
১৯৫৫ দক্ষিণ পূব ৰেলৱে
South Eastern Railway
কলকাতা আদ্ৰা, চক্ৰধৰপুৰ, খৰগপুৰ,
ৰাঁচী
১৯৫৮ উত্তৰ-পূব সীমান্ত ৰেলৱে
Northeast Frontier Railway
গুৱাহাটী আলিপুৰ দুৱাৰ, কাটিহাৰ, ৰঙিয়া,
লামডিং, তিনিচুকীয়া
২-১০-১৯৬৬ দক্ষিণ মধ্য ৰে'লৱে
South Central Railway
চেকেন্দ্ৰাবাদ চেকেন্দ্ৰাবাদ, হায়দৰাবাদ, গুণ্টাকল,
গুণ্টুৰ, নান্দেন, বিজয়ৱাড়া
১-১০-২০০২ পূব মধ্য ৰে'লৱে
East Central Railway
হাজীপুৰ দানাপুৰ, ধানবাদ, মুগলচৰাই,
সমষ্টিপুৰ, সোণপুৰ
১-১০-২০০২ উত্তৰ পশ্চিম ৰেলৱে
North Western Railway
জয়পুৰ জয়পুৰ, আজমেৰ, বিকানীৰ,
জোধপুৰ
১-৪-২০০৩ দক্ষিণ পূব মধ্য ৰে'লৱে
South East Central Railway
বিলাসপুৰ বিলাসপুৰ, ৰায়পুৰ,
নাগপুৰ
১-৪-২০০৩ দক্ষিণ পশ্চিম ৰে'লৱে
South Western Railway
হুবলী হুবলী, বাংগালুৰু, মহিশূৰ,
১-৪-২০০৩ পশ্চিম মধ্য ৰে'লৱে
West Central Railway
জব্বলপুৰ জবলপুৰ, ভূপাল, কোটা
১-৪-২০০৩ পূব উপকূলীয় ৰে'লৱে
East Coast Railway
ভুৱনেশ্বৰ খুৰ্দা ৰোড, চম্বলপুৰ, ৱালটায়াৰ,
১-৪-২০০৩ উত্তৰ মধ্য ৰে'লৱে
North Central Railway
এলাহাবাদ এলাহাবাদ, আগ্ৰা, ঝাঁসী
৩১-১২-২০১০ মেট্ৰ' ৰে'লৱে, কলকাতা
Metro Railway, Kolkata
কলকাতা

নিয়োগ আৰু প্ৰশিক্ষণ

ভাৰতীয় ৰে'লৰ কৰ্মচাৰীসকলক ৰাজপত্ৰিত ("ক" বৰ্গ আৰু "খ" বৰ্গ) আৰু অৰাজপত্ৰিত ("গ" বৰ্গ আৰু "ঘ" বৰ্গ) হিচাপে ভাগ কৰা হৈছে। 'ক' বৰ্গৰ কৰ্মচাৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগে নিযুক্তি দিয়ে। "গ" বৰ্গ আৰু 'ঘ' বৰ্গৰ কৰ্মচাৰীসকলক ২০খন ৰে'ল নিয়োগ বোৰ্ডে (Railway Recruitment Board) নিযুক্তি দিয়ে। এই নিয়োগ বোৰ্ডবোৰক "ৰে'ল নিয়োগ নিয়ন্ত্ৰণ বোৰ্ডে" (Railway Recruitment Control Board) নিয়ন্ত্ৰণ কৰে। ভাৰতীয় ৰেলৰ সকলো বৰ্গৰ বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠানৰ সংখ্যা ২৯১ টা। "ক" বৰ্গৰ বিষয়াসকলক এইকেইটা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হয়।

  1. ৰে'লৱে ষ্টাফ কলেজ, বডোদাৰা (Railway Staff College, Vadodara)।
  2. ভাৰতীয় ৰে'ল চিভিল ইঞ্জিনিয়াৰিং সংস্থান, পুণে (Indian Railway Institute of Civil Engineering, Pune)।
  3. ভাৰতীয় ৰে'ল চিগনেল ইঞ্জিনিয়াৰিং আৰু দূৰসঞ্চাৰ সংস্থান (Indian Railway Institute of Signal and Telecommunications Engineering, Secunderabad)।
  4. ভাৰতীয় ৰে'ল মেকানিকেল আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং সংস্থান (Indian Railway Institute of Mechanical and Electrical Engineering, Jamalpur)।
  5. ৰে'ল সুৰক্ষা বল একাডেমী (RPF Academy, Lucknow)।

উৎপাদন গোট

ভাৰতীয় ৰেল 
বৈদ্যুতিক ইঞ্জিনৰ পেণ্টোগ্ৰাফ (Pentograph)
ভাৰতীয় ৰেল 
চিত্তৰঞ্জন লোকোমটিভ ৱৰ্কচত নিৰ্মাণ কৰা এটা WAP-5 ইঞ্জিন, ভূপাল ষ্টেচনত
ভাৰতীয় ৰেল 
নিউ জলপাইগুৰি ষ্টেচনত ৰৈ থকা WDP4 ডিজেল ইঞ্জিন বাজ

ভাৰতীয় ৰে'লে ৰে'ল মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত ৰেলৰ চলন্ত সম্পদৰ (rolling stock) বেছি অংশই (ডবা, ইঞ্জিন বা ইয়াৰ অংশ বিশেষ) ৮ টাকৈ উৎপাদন গোটত নিৰ্মাণ কৰে। ভাৰতীয় ৰে'ল চলন্ত সম্পদ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাই নহয়, বহুকেইখন দেশলৈ ই সামগ্ৰী ৰপ্তানিও কৰে। প্ৰতিটো উৎপাদন গোটৰ মুৰব্বী এজন মহা প্ৰবন্ধক।

ক্ৰমিক নং নাম সংক্ষিপ্ত ৰূপ স্থাপনা বৰ্ষ অৱস্থান মুখ্য উত্পাদন
১. গোল্ডেন ৰক লোকোমটিভ ৱৰ্কশ্বপচ্
Golden Rock Locomotive Workshops
GOC ১৯২৮ ত্ৰিচি ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন
২. চিত্তৰঞ্জন লোকোমটিভ ৱৰ্কচ্
Chittaranjan Locomotive Works
CLW ১৯৪৭ চিত্তৰঞ্জন, আচানচোল বৈদ্যুতিক ইঞ্জিন
৩. ডিজেল লোকোমটিভ ৱৰ্কচ্
Diesel Locomotive Works
DLW ১৯৬১ বাৰাণসী ডিজেল ইঞ্জিন
৪. ডিজেল লোকো মডাৰ্নাইজেচন ৱৰ্কচ্
Diesel-Loco Modernisation Works
DMW ১৯৮১ পাতিয়ালা ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন
৫. ইণ্টিগ্ৰেল কোচ ফেক্টৰী
Integral Coach Factory
ICF ১৯৫২ চেন্নাই যাত্ৰীবাহী ডবা
৬. ৰে'ল কোচ ফেক্টৰী
Rail Coach Factory
RCF ১৯৮৬ কাপুৰথালা যাত্ৰীবাহী ডবা
৭. ৰে'ল হুইল ফেক্টৰী
Rail Wheel Factory
RWF ১৯৮৪ বাংগালুৰু ৰেলৰ চকা আৰু এক্সেল
৮. ৰে'ল হুইল ফেক্টৰী
Rail Wheel Factory
RWF 2011 চাপ্ৰা, বিহাৰ ৰেলৰ চকা আৰু এক্সেল

অন্যান্য সহযোগী প্ৰতিষ্ঠান

ৰে'ল মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা ভাৰতীয় ৰেলৰ কেইটামান সহযোগী প্ৰতিষ্ঠান আছে, যি কেইটা প্ৰতিষ্ঠান ৰেলৱেৰ নিৰ্মাণ, গৱেষণা, আধুনিকীকৰণ,সূচনা প্ৰণালী, অনলাইন টিকট প্ৰণালী, পৰ্যটন আদি বিভিন্ন কাৰ্যত জড়িত। সেইকেইটা হ'ল

ক্ৰমিক নং নাম সংক্ষিপ্ত ৰূপ কাৰ্যাৱলী
১. ভাৰত ৱাগন এণ্ড ইঞ্জিনিয়াৰিং কোম্পানী
Bharat Wagon and Engineering Co. Ltd.
BWEL মালগাড়ীৰ বিভিন্ন প্ৰকাৰৰ ডবা নিৰ্মাণ কৰে।
২. ৰে'লৱে সূচনা প্ৰণালী কেন্দ্ৰ
Centre for Railway Information Systems
CIRS ভাৰতীয় ৰেলৰ সমগ্ৰ কম্পিউটাৰ সম্বন্ধীয় গতিবিধিৰ ছত্ৰ-সংগঠন।
৩. ভাৰতীয় কণ্টেইনাৰ নিগম লিমিটেড
Container Corporation of India Ltd.
CONCOR ৬১ টাতকৈয়ো অধিক টাৰ্মিনেল যোগে অন্তঃ-প্ৰদেশ আৰু বন্দৰ, লগতে বিভিন্ন মহানগৰসমূহৰ মাজত ৰেল আৰু মটৰ পথৰে কণ্টেইনাৰ সেৱা আগবঢ়ায়।
৪. ডেডিকেটেড ফ্ৰেট কৰিড'ৰ
Dedicated Freight Corridor Corporation of India Ltd.
DFCCIL মালগাড়ীৰ তৰিৎ সঞ্চালনৰ বাবে ডেডিকেটেড ফ্ৰেইট কৰিড'ৰৰ নিৰ্মাণ, পৰিচালনা আৰু তদাৰক কৰিবলৈ গঠন কৰা এটা সংস্থা।
৫. ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচন
Indian Railway Catering and Tourism Corporation
IRCTC যাত্ৰীৰ আহাৰ, ই-টিকেটিং, হোটেল, বিমান, ৰেল পৰ্যটন।
৬. ইৰকন ইণ্টাৰনেচনেল লিনিটেড
IRCON International Ltd
IRCON এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষীকৃত নিৰ্মাণ-সংস্থা। ইৰকনে ভাৰতত ২৮০ টাতকৈয়ো অধিক আৰু বিদেশত ৯০টাতকৈয়ো অধিক পৰি-গাঁথনিমূলক প্ৰকল্প সফলতাৰে সমাপ্ত কৰিছে।
৭. ইণ্ডিয়ান ৰে'লৱে ফাইনেঞ্চ কৰ্পোৰেচন লিমিটেড
Indian Railway Finance Corporation Limited
IRFC ভাৰতীয় ৰেলৰ বিভিন্ন যোজনাৰ বাবে বিত্তৰ যোগান ধৰিবলৈ বজাৰৰ পৰা ধনৰাশি সংগ্ৰহ কৰে। এই ধন, বিশেষকৈ চলন্ত সম্পদ ক্ৰয় আৰু বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্যৱহাৰ হয়।
৮. কোঙ্কণ ৰে'লৱে কৰ্পোৰেচন
Konkan Railway Corporation
KRCL ভাৰতৰ পশ্চিম উপকূলৰ দুৰ্গম কোঙ্কণ অঞ্চলত মহাৰাষ্ট্ৰ, গোৱা আৰু কৰ্ণাটক ৰাজ্যক সংযোগ কৰি ৭৬০ কিঃমিঃ পথত ৰেলসেৱা আগবঢ়াইছে।
৯. মুম্বাই ৰে'লৱে বিকাশ কৰ্পোৰেচন
Mumbai Railway Vikas Corporation
MRVC মুম্বাই উপনগৰীয় ৰেলৰ পৰি-গাঁথনিৰ উন্নয়ন
১০. ৰে'লটেল কৰ্পোৰেচন অৱ ইণ্ডিয়া
Railtel Corporation of India
RailTel ৰে'ল নিয়ন্ত্ৰণ পদ্ধতি আৰু সুৰক্ষাৰ হেতু ব্ৰডবেণ্ড টেলিকম আৰু মাল্টিমেডিয়া নেটৱৰ্ক তৈয়াৰ কৰা।
১১. ৰে'ল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক চাৰ্ভিছ
Rail India Technical and Economic Services
RITES পৰিবহণ, পৰিগাঁথনি আৰু সম্বন্ধিত প্ৰাদ্যোগিকী ক্ষেত্ৰৰ এটা বহু-অনুশাসনমূলক পৰামৰ্শ সংগঠন।
১২. ৰে'ল বিকাশ নিগম
Rail Vikas Nigam
RVNL ৰে'লপথ আৰু বৃহৎ দলং নিৰ্মাণ আদি পৰিযোজনাসমূহ কাৰ্যকৰী কৰাৰ বাবে বিত্তীয় আৰু মানৱ সংসাধনৰ ব্যৱস্থা কৰে।

আনহাতে দিল্লীৰ মেট্ৰ' ৰে'ল ব্যৱস্থা পৰিচালিত কৰা "দিল্লী মেট্ৰ' ৰে'ল কৰ্পোৰেচন" (DMRC) এটা স্ব-শাসিত প্ৰতিষ্ঠান। কলকাতা মেট্ৰ'ৰ বাদে অন্যান্য মহানগৰৰ মেট্ৰ' ৰে'ল ব্যৱস্থাৰ সৈতে ভাৰতীয় ৰেলৰ সংযোগ নাই।

চলন্ত সম্পদ

ইঞ্জিন

ভাৰতীয় ৰেল 
আগ্ৰা ষ্টেচনত দুটা ভাপ ইঞ্জিনে পানী ভৰাইছে
ভাৰতীয় ৰেল 
ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয়ত এটা 'বেয়াৰ গেৰেট ৬৫৯৪' ইঞ্জিন

ভাৰতীয় ৰে'লত দুই ধৰণৰ ইঞ্জিন ব্যৱহাৰ হয়- ডিজেল আৰু বৈদ্যুতিক ইঞ্জিন। ইতিমধ্যে ভাপ ইঞ্জিন ভাৰতীয় ৰেলৰ পৰা নাইকিয়া হৈ গৈছে। অৱশ্যে কেইখনমান ঐতিহ্য ৰেলত (Heritage Train) ভাপ ইঞ্জিন ব্যৱহাৰ কৰা হয়। ইঞ্জিনবোৰক ট্ৰেক গজ, ইন্ধন, কি কামৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু ইঞ্জিনৰ শক্তি বা মডেল নম্বৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয় আৰু ইয়াক চাৰি বা পাচটা ইংৰাজী আখৰেৰে চিহ্নিত কৰা হয়।

  • ১ম আখৰটোৱে বুজায় কি ট্ৰেক গজৰ বাবে ইঞ্জিনটো নিৰ্মাণ কৰা হৈছে – W – ব্ৰডগজৰ বাবে, Y – মিটাৰগজৰ বাবে, Z – ২ ফুট ৬ ইঞ্চি বহল নেৰ'গজৰ বাবে, N – ২ ফুট বহল নেৰ'গজৰ বাবে।
  • ২য় আখৰটোৱে বুজায় ইঞ্জিনটো কি শক্তিৰ চালিত হয় – D – ডিজেলেৰে চালিত, C – ডি.চি. বিদ্যুতেৰে চালিত, A – এ.চি. বিদ্যুতেৰে চালিত, CA – ডি.চি আৰু এ.চি. উভয় বিদ্যুতেৰ ইঞ্জিন চালিত (CAক এটা আখৰ বুলি গণ্য কৰা হয়), B – বেটাৰীৰে চালিত(এনে ইঞ্জিন বিৰল)।
  • ৩য় আখৰটোৱে বুজায় কি কামৰ বাবে ইঞ্জিনটো নিৰ্মাণ কৰা হৈছে – G-মালগাড়ীৰ বাবে, P-যাত্ৰীবাহী গাড়ীৰ বাবে, M-যাত্ৰীবাহী আৰু মালগাড়ী উভয়ৰে বাবে, S-চাণ্টিঙৰ বাবে, U-উপনগৰীয় ৰে'লৰ বাবে (Electric multiple unit), R-ৰেলি কাৰৰ বাবে।
  • ৪ৰ্থ আখৰটোৱে বুজায় ইঞ্জিনৰ অশ্বশক্তি (horsepower) বা মডেল নম্বৰ।

উদাহৰণ স্বৰূপে, WDG-4 ইঞ্জিন মানে হ'ল – ই এটা ব্ৰডগজ ইঞ্জিন, ডিজেলেৰে চালিত হয়, মালগাড়ীৰ বাবে নিৰ্মিত আৰু ইয়াৰ অশ্বশক্তি ৪০০০ (১০০০ অশ্বশক্তি = ১)।

উল্লেখযোগ্য যে এই শ্ৰেণী বিভাজন পদ্ধতি ভাপ ইঞ্জিনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, যিহেতু ভাপ ইঞ্জিন ইতিমধ্যে ভাৰতত বন্ধ হৈ গৈছে। পুৰণি পদ্ধতিত ভাপ ইঞ্জিনবোৰক M বা WP শ্ৰেণী বুলি সূচীত কৰা হৈছিল।

১৯৫১ চনৰ ৩১ মাৰ্চত ভাৰতীয় ৰে'লৰ ভাপ ইঞ্জিন ৮,১২০ টা, ডিজেল ইঞ্জিন ১৭টা আৰু বৈদ্যুতিক ইঞ্জিন ৭২টা থকাৰ বিপৰীতে ২০১১ চনৰ ৩১ মাৰ্চত ইঞ্জিনৰ সংখ্যা এনেধৰণৰ – ভাপ ইঞ্জিন ৪৩ টা, ডিজেল ইঞ্জিন ৫,১৩৭টা আৰু বৈদ্যুতিক ইঞ্জিন ৪,০৩৩ টা।

মালগাড়ীৰ ডবা

১৯৫১ চনৰ ৩১ মাৰ্চত মালগাড়ীৰ ডবাৰ সংখ্যা আছিল ২০৫,৫৯৬ টা। ১৯৮০ চনৰ ৩১ মাৰ্চত হয়গৈ ৪০৫,১৮৩ টা। কিন্তু ডবাৰ সংখ্যা ক্ৰমশঃ কমি গৈ ২০১০ চনৰ ৩১ মাৰ্চত হ'ল- ২১৯,৯৩১ টা। এই সংখ্যা প্ৰয়োজনতকৈ বহু কম। মটৰ পৰিবহণৰ প্ৰভুত্বৰ বাবে ৰেল বিভাগৰ মাল পৰিবহণৰ পৰা হোৱা আয় কমি গৈছে। ১৯৫০-৫১ চনত ভাৰতীয় ৰে'লে ৯৩০ লাখ টন মাল পৰিবহণ কৰাৰ বিপৰীতে ২০০৯-১০ চনত পৰিবহণ কৰিছিল ৮৯২০ লাখ টন। কিন্তু মাল পৰিবহণৰ এই বৰ্দ্ধিত পৰিমাণ ট্ৰাকেৰে কঢ়িওৱা মালৰ পৰিমাণতকৈ বহু কম। ১৯৫১ চনত ৰেল পৰিবহণ আৰু মটৰ পৰিবহণৰ অংশ আছিল ক্ৰমে ৬৫% আৰু ৩৫%। বৰ্তমান ৰে'ল পৰিবহণৰ অংশ কমি হ'লগৈ মাত্ৰ ৩০%।

যাত্ৰীবাহী ৰেলৰ ডবা

ভাৰতত যাত্ৰীবাহী ৰে'লৰ বিভিন্ন প্ৰকাৰৰ ডবা আছে। Electric Multiple Unit (EMU) ডবা কলকাতা, মুম্বাই, দিল্লী, চেন্নাই, হায়দৰাবাদ, পুণা আৰু বাংগালুৰুত চলাচল কৰা উপনগৰীয় ৰে'লত ব্যৱহাৰ হয়। এনে ডবাৰ সংখ্যা ২০১০ চনৰ ৩১ মাৰ্চত আছিল ৭,৪৭৪ টা। EMU ডবাৰ দুটা শ্ৰেণী আছে- প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। দুয়োটা শ্ৰেণীত কেৱল বহা আসনৰহে ব্যৱস্থা আছে। আনহাতে ২০১০ চনৰ ৩১ মাৰ্চত EMU বাদ দি যাত্ৰীবাহী ৰে'লৰ ডবাৰ সংখ্যা আছিল ৪৩,৫১৮টা আৰু অন্যান্য ডবাৰ (সামগ্ৰী কঢ়িওৱা ডবা, গাৰ্ডৰ ডবা, ডাক কঢ়িওৱা ডবা, ভোজন ডবা আদি) সংখ্যা আছিল ৬,৫০৫ টা।

আয়

ভাৰতীয় ৰে'লে ৭০% ৰাজহ মাল পৰিবহণৰ পৰা আৰু ৩০% যাত্ৰী পৰিবহণৰ পৰা লাভ কৰে। ২০১১-১২ বৰ্ষত ৰেল বিভাগৰ মাল পৰিবহণ আৰু যাত্ৰী পৰিবহণৰ পৰা হোৱা আয় আছিল ক্ৰমে ৬৮,৬২০ কোটি টকা আৰু ৩০,৪৬০ কোটি টকা। আয়ৰ বেছি অংশ মাল পৰিবহণৰ পৰাই আহে। ৰেল বিভাগে যাত্ৰীভাড়া কম কৰি ৰাখিছে আৰু যাত্ৰীভাড়াৰ পৰা হোৱা লোকচান মাল পৰিবহণৰ পৰা হোৱা আয়ৰ পৰা পুৰায়। ১৯৯০ চনৰ পৰা ৰে'ল বিভাগে মালগাড়ীৰ একক ডবা ভাড়ালৈ দিয়া পদ্ধতিৰ সলনি কৰি সম্পূৰ্ণ ৰেক (full rake) ভাড়ালৈ দিয়া পদ্ধতি প্ৰৱৰ্তন কৰিছে। ভাৰতীয় ৰেলে কঢ়িওৱা সামগ্ৰীৰ ভিতৰত কয়লা, চিমেণ্ট, খাদ্য শস্য আৰু লোৰ আকৰেই প্ৰধান।

ট্ৰেক আৰু গজ

ভাৰতীয় ৰেল 
দাৰ্জিলিংৰ এক নেৰ' গজ ট্ৰেন

ভাৰতীয় ৰে'লত চাৰি প্ৰকাৰৰ গজ আছে: ব্ৰড গজ – বহল ১৬৭৬ মিঃমিঃ, মিটাৰ গজ – বহল ১০০০ মিঃমিঃ আৰু দুই ধৰণৰ নেৰ' গজ। এটা নেৰ' গজৰ বহল ৭৬২ মিঃমিঃ আৰু আনটো নেৰ' গজৰ বহল ৬১০ মিঃমিঃ। মুঠ পথ (route) দৈৰ্ঘ্য ৬৫,০০০ কিঃমিঃৰ বিপৰীতে মুঠ ৰে'ল চিৰিৰ (tract) দৈৰ্ঘ্য ১,১৫,০০০ কিঃমিঃ। ২০১২ চনৰ ৩১ মাৰ্চলৈ ৩৪% ৰেলপথ বৈদ্যুতিকৰণ কৰা হৈছে। মুঠ ৰে'ল চিৰিৰ (track) ৯১% আৰু মুঠ ৰেল পথৰ (route) ৮৬% ব্ৰড গজ। মুঠ পথ দৈৰ্ঘ্যৰ ৭% মিটাৰ গজ পথ। ইউনিগজ প্ৰকল্পৰ অধীনত বিশ্ব ঐতিহ্যৰ অধীনস্থ ৰেল পথবোৰক বাদ দি অন্যান্য পথসমূহক ব্ৰড গজলৈ ৰূপান্তৰণৰ কাম চলি আছে। নেৰ' গজ ৰেলপথৰ দৈৰ্ঘ্য ২,০০০ কিঃমিঃ। সাধাৰণতে নেৰ' গজ ৰেল পথ পাহাৰীয়া অঞ্চলত দেখা যায়। দাৰ্জিলিং হিমালয়ান ৰেলৱে, কালকা-চিমলা ৰেলৱে আৰু কাংগ্ৰা ভেলী ৰেলৱে তিনিটা লেখত লবলগীয়া নেৰ' গজ পথ। .

বৰ্তমান ভাৰতৰ ৰে'লপথত প্ৰিষ্ট্ৰেচড কংক্ৰীট (prestressed concrete), ষ্টীল অথবা কাষ্ট আইৰণৰ শ্লীপাৰ (Sleepers) ব্যৱহাৰ কৰা হয়। বহুল ভাবে প্ৰিষ্ট্ৰেচড কংক্ৰীট শ্লীপাৰেই ব্যৱহাৰ কৰা হয়। অতীতত ব্যৱহাৰ কৰা কাঠৰ শ্লীপাৰ বৰ্তমান নাইকিয়া হৈ গৈছে।

যাত্ৰীবাহী ৰে'লৰ প্ৰকাৰ

ভাৰতীয় ৰেল 
ৰাজধানী এক্সপ্ৰেছ
ভাৰতীয় ৰেল 
এখন এক্সপ্ৰেছ ৰেল

গড় বেগ, থামন (halts) আৰু যাত্ৰীলৈ আগবঢ়োৱা সুবিধাৰ ওপৰত ভিত্তি কৰি যাত্ৰীবাহী ৰেলসমূহক নিম্নোক্ত শ্ৰেণীত বিভাজন কৰা হৈছে।

ক্ৰম ৰেলৰ নাম বিৱৰণ
দুৰন্ত এক্সপ্ৰেছ ২০০৯ চনত দুৰন্ত এক্সপ্ৰেছ সেৱা আৰম্ভ কৰা হয়। মহানগৰ আৰু ৰাজ্যৰ ৰাজধানী সংযোগী বাণিজ্যিক থামনবিহীন (non-stop) দ্ৰুতগামী ৰে'ল।
ৰাজধানী এক্সপ্ৰেছ সম্পূৰ্ণৰূপে বাতানুকুল আৰু সংৰক্ষিত আসনৰ দ্ৰুতগামী ৰে'ল। বেগ ঘণ্টাত প্ৰায় ১৩০ কিঃ মিঃ। ৰাজধানী এক্সপ্ৰেছেৰে ভাৰতৰ মুখ্য নগৰসমূহক ৰাজধানী নতুন দিল্লীক সংযোগ কৰা হৈছে।
শতাব্দী এক্সপ্ৰেছ সম্পূৰ্ণৰূপে বাতানুকুল আৰু সংৰক্ষিত আসনৰ দ্ৰুতগামী ইণ্টাৰচিটি ৰে'ল।
গৰীৱ ৰথ সম্পূৰ্ণৰূপে বানানুকুল দ্ৰুতগামী ৰে'ল। দুটা শ্ৰেণীৰ আসন উপলব্ধ- বাতানুকুল-৩ আৰু বাতানুকুল চেয়াৰ কাৰ শ্ৰেণী। আৰ্থিক কাৰণত ৰাজধানী এক্সপ্ৰেছেৰে ভ্ৰমণ কৰিবলৈ সক্ষম নোহোৱা যাত্ৰীসকললৈ লক্ষ্য ৰাখি এই ৰেলখন প্ৰচলন কৰা হৈছিল।
জনশতাব্দী সম্পূৰ্ণৰূপে সংৰক্ষিত আসনৰ দ্ৰুতগামী ইণ্টাৰচিটি এক্সপ্ৰেছ। শতাব্দী এক্সপ্ৰেছৰ অনুকৰণত এই ৰে'লখন প্ৰচলন কৰা হৈছিল। অধিকতম বেগ ঘণ্টাত ১৩০ কিঃমিঃ। ৰে'লখন দুটা শ্ৰেণীৰ আসন উপলব্ধ- বাতানুকুল চেয়াৰ কাৰ আৰু চিটাৰ শ্ৰেণী (Seater Class)।
সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ কোনো এখন বিশেষ ৰাজ্যৰ সৈতে দেশৰ ৰাজধানীৰ দ্ৰুত সংযোগ কৰিবলৈ এই ৰেলখন প্ৰচলন কৰা হৈছিল। সংশ্লিষ্ট ৰাজ্যখনৰ বাদে এই ৰেলখন পাৰ হৈ যোৱা আন কোনো ৰাজ্যত ইয়াৰ বাণিজ্যিক থামন নাই।
হমসফৰ এক্সপ্ৰেছ ২০১৬ৰ ৰেল বাজেটত এই ৰেলখনৰ বিষয়ে ঘোষণা কৰা হয়। মূলতঃ সাধাৰণ জনতাক 'বিলাসী' ৰেলৰ মাদকতা দিবলৈ প্ৰচলন কৰা ই এখন সম্পূৰ্ণৰুপে বাতানুকুল থ্ৰি টিয়েৰ ডবাযুক্ত ৰেল॥
দ্ৰুতগামী মেইল আৰু এক্সপ্ৰেছ ৰেল গড়বেগ প্ৰতি ঘণ্টাত ৫৫ কিঃমিঃ। মেইল/ এক্সপ্ৰেছৰ তুলনাত থামনৰ সংখ্যা কম, এই ৰেলত যাত্ৰা কৰা যাত্ৰীৰ পৰা অতিৰিক্ত চুপাৰফাষ্ট চাৰচাৰ্জ আদায় কৰা হয়।
মেইল আৰু এক্সপ্ৰেছ ৰেল ভাৰতৰ গৰিষ্ঠ সংখ্যক ৰেল এই শ্ৰেণীৰ। তুলনামূলকভাৱে গুৰুত্বপূৰ্ণ ষ্টেচনবোৰত এই ৰেল ৰয়।
১০ যাত্ৰীবাহী আৰু বেগী যাত্ৰীবাহী ৰেল কম বেগৰ আৰু সাধাৰণতে দ্বিতীয় শ্ৰেণীৰ অসংৰক্ষিত আসনৰ ৰেল। সকলো ষ্টেচনতে ৰয়। বেগী যাত্ৰীবাহীবোৰ অৱশ্যে কিছুমান ষ্টেচনত নৰয়। কিছুমান বিশেষ নৈশ যাত্ৰীবাহীত শয়নযান শ্ৰেণী, প্ৰথম শ্ৰেণী আৰু বাতানুকুল-৩ শ্ৰেণীৰ ডবা সংযোগ কৰা হয়।
১১ উপনগৰীয় ৰেল মুম্বই, দিল্লী, কলকাতা, চেন্নাই, হায়দৰাবাদ আৰু পুণাৰ নগৰ অঞ্চলত চলাচল কৰে। সাধাৰণতে প্ৰতিটো ষ্টেচনত ৰয়। আসন অসংৰক্ষিত।
১২ মেট্ৰ' ৰেল বৃহৎ মহানগৰীৰ পৰিবহণৰ গুৰুত্বপূৰ্ণ মাধ্যম। কলকাতা মেট্ৰ' ৰেলৰ বাদে অইনবোৰ মেট্ৰ' ভাৰতীয় ৰেলৰ পৰিসীমাৰ বাহিৰত।

যাত্ৰীবাহী ৰেলৰ শ্ৰেণী

ভাৰতীয় ৰেল 
ৰাজধানী এক্সপ্ৰেছৰ এটা বাতানুকুল প্ৰথম শ্ৰেণীৰ ডবাৰ অন্তৰ্ভাগ
ভাৰতীয় ৰেল 
শতাব্দী এক্সপ্ৰেছৰ এটা চেয়াৰ কাৰ শ্ৰেণী ডবাৰ অন্তৰ্ভাগ
ভাৰতীয় ৰেল 
এটা শয়ন যান শ্ৰেণীৰ ডবা

ভাৰতীয় ৰেলত বাতানুকুল অথবা অবাতানুকুল একাধিক শ্ৰেণী আছে। এখন ৰেলত এটা বা একাধিক শ্ৰেণী থাকিব পাৰে। মন্থৰ গতিৰ যাত্ৰীবাহী ৰেলবোৰত সাধাৰণতে অসংৰক্ষিত দ্বিতীয় শ্ৰেণীৰ আসন থকাৰ বিপৰীতে ৰাজধানী, দুৰন্ত, শতাব্দী আৰু গৰীৱ ৰথ ৰেলত কেৱল বাতানুকুল শ্ৰেণীহে আছে। ৰাজধানী, দুৰন্ত আৰু শতাব্দী ৰেলত যাত্ৰীসকলক যোগান ধৰা খাদ্যৰ মূল্য টিকটৰ সৈতে সংযোজিত হৈ থাকে। প্ৰায় প্ৰতিখন দূৰণিবতীয়া ৰেলত পেণ্ট্ৰি কাৰৰ (pantry car) ব্যৱস্থা থাকে। পেণ্ট্ৰি কাৰৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক নিজৰ আসনত খাদ্য যোগান ধৰে।

ক্ৰমিক নং শ্ৰেণী সংক্ষিপ্ত নাম
বাতানুকুল ১ম শ্ৰেণী (Air-conditioned 1st Class) 1A
১ম শ্ৰেণী (1st Class) FC
বাতানুকুল ২-খলপীয়া শয়ন (Air-conditioned 2 tier Sleeper) 2A
বাতানুকুল ৩-খলপীয়া শয়ন (Air-conditioned 3 tier Sleeper) 3A
বাতানুকুল ৩-খলপীয়া সুলভ (Air-coditioed 3 tier Economy) 3E
বাতানুকুল চকী যান শ্ৰেণী (Air-conditioned Chair Car) CC
শয়ন যান (Sleeper Class) SL
২য় শ্ৰেণী বৈঠক (2nd Seating) 2S
অসংৰক্ষিত ২য় শ্ৰেণী (2nd Class) II

ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য তালিকাত ভাৰতীয় ৰেল

ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকা ভাৰতীয় ৰেলৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ (আগৰ নাম ভিক্টোৰিয়া টাৰ্মিনাচ) আৰু ভাৰতৰ পাৰ্বত্য ৰেলে স্থান পাইছে। বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভূক্ত ভাৰতৰ পাৰ্বত্য ৰেলত তিনিটা ৰেলৱে অন্তৰ্ভুক্ত হৈছে:

  • ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য পৰীক্ষামূলক তালিকাত (UNESCO world heritage tentative list) বিশ্বৰ দীৰ্ঘতম নেৰ' গজ (৬১০ মিঃমিঃ) ৰেলৱে 'মহাৰাজ ৰেলৱে' বা 'গোৱালিয়ৰ লাইট ৰেলৱে'ই স্থান পাইছে।

কেইখনমান উল্লেখযোগ্য ৰেল

ভাৰতীয় ৰেল 
চায়েঞ্চ এক্সপ্ৰেছ
ভাৰতীয় ৰেল 
মূলভূমিৰ সৈতে ৰামেশ্বৰমক সংযোগ কৰা পামবান দলং
  • ভাৰতীয় ৰেলে বিশেষকৈ বিদেশী পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি ৰাজকীয় সা-সুবিধাৰে কেইখনমান অতি বিলাসী পৰ্যটন ৰেলৰ প্ৰৱৰ্তন কৰিছে। সেই কেইখন হ'ল:
  1. পেলেচ অন হুইলচ (Palace on Wheels): ভাৰতীয় ৰেল আৰু ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যমত এই ৰেলখন চলোৱা হৈছে। ই বিশ্বৰ দহখন বিলাসী ৰেলৰ অন্যতম। যাত্ৰাৰ আৰম্ভণী আৰু,সামৰণি ষ্টেচন দিল্লী। পেলেচ অন হুইলচৰ সাদিনীয়া ভ্ৰমণসূচীত ৰাজস্থানৰ জয়পুৰ, চেৱাই মাধোপুৰ, চিতোৰগড়. উদয়পুৰ, যোধপুৰ, ভৰতপুৰ আৰু উত্তৰ প্ৰদেশৰ আগ্ৰাক সামৰি লৈছে। [1]
  2. ডেক্কান অ'ডিচি (Deccan Odyssey): ভাৰতীয় ৰেল আৰু মহাৰাষ্ট্ৰ পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যমত ২০০৫ চনত ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। ইয়াক ইউৰোপৰ পৰ্যটন ৰেল অ'ৰিয়েণ্টেল এক্সপ্ৰেছ বা দক্ষিণ আফ্ৰিকাৰ পৰ্যটন ৰেল ব্লু ট্ৰেইনৰ সৈতে তুলনা কৰা হয়। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি ষ্টেচন মুম্বাইছত্ৰপতি শিৱাজী টাৰ্মিনাছ। ডেক্কান অ'ডিচিৰ ভ্ৰমণসূচীত আছে- সিন্ধুদূৰ্গ, গোৱা, কোহলাপুৰ, ঔৰঙ্গাবাদ আৰু নাচিক। [2]
  3. গোল্ডেন চেৰিয়ট (The Golden Chariot): ভাৰতীয় ৰেল আৰু কৰ্ণাটক ষ্টেট টুৰিজিম ডেভলপমেণ্ট কৰ্পোৰেচনৰ যুগ্ম উদ্যমত ২০০৮ চনত ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি ষ্টেচন যশোৱন্তপুৰম (বাংগালুৰু)। গোল্ডেন চেৰিয়টৰ 'প্ৰাইড অৱ চাউথ' শীৰ্ষক ভ্ৰমণসূচীত কাবিনী, শ্ৰীৰঙ্গপট্টনম, মহীশূৰ, শ্ৰাৱণবেলাগোলা, বেলুৰ, হালেবিল, হাম্পি, বাদামী, পাট্টাদকাল আৰু গোৱাক সামৰি লৈছে। আনহাতে 'চাউদাৰ্ণ স্প্লেণ্ডাৰ' শীৰ্ষক ভ্ৰমণসূচীত সামৰি লোৱা পৰ্যটন কেন্দ্ৰবোৰ হ'ল- চেন্নাই, মহাবলীপুৰম, পণ্ডিচেৰী, টিৰুচিৰাপল্লী, টাঞ্জোৰ, মাদুৰাই, কন্যাকুমাৰী, থিৰুঅনন্তপুৰম আৰু আলেপ্পি। [3]
  4. ৰয়েল ৰাজস্থান অন হুইলচ (Royal Rajasthan on Wheels): ভাৰতীয় ৰেল আৰু ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ যুগ্ম উদ্যম। যাত্ৰাৰ আৰম্ভণি আৰু সামৰণি হয় দিল্লীৰ চফদৰজং ষ্টেচনত। সাদিনীয়া ভ্ৰমণসূচীত সামৰি লোৱা পৰ্যটন কেন্দ্ৰবোৰ হল- যোধপুৰ, উদয়পুৰ, চিতোৰগড়, চেৱাই মাধোপুৰ, জয়পুৰ, খাজুৰাহো (মধ্য প্ৰদেশ), বাৰাণসী (উত্তৰ প্ৰদেশ) আৰু আগ্ৰা
  5. মহাৰাজচ্ এক্সপ্ৰেছ (Maharajas' Express): ভাৰতীয় ৰেলৰ সহযোগী প্ৰতিষ্ঠান IRCTC য়ে এই বিলাসী ৰেলখন চালনা (operate)) কৰে। মহাৰাজ এক্সপ্ৰেছৰ বিভিন্ন মূল্যৰ একাধিক ভ্ৰমণসূচী আছে। সেইবোৰ হ'ল – ১. ইণ্ডিয়ান স্প্লেণ্ডাৰ, ২. হেৰিটেজ অৱ ইণ্ডিয়া, ৩. ট্ৰেজাৰ্চ অৱ ইণ্ডিয়া, ৪. জেমচ অৱ ইণ্ডিয়া আৰু ৫. ইণ্ডিয়ান পেনোৰামা। [4]
  • ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচনে বিলাসী ৰেল মহাৰাজ এক্সপ্ৰেছ চালনা কৰাৰ উপৰিও আৰু কেইখনমান পৰ্যটন ৰেল চলায়। সেই কেইখন হ'ল-
  1. মহাপৰিনিৰ্বাণ এক্সপ্ৰেছ
  2. ভাৰত তীৰ্থ
  3. পঞ্জ তখট দৰ্শন
  4. ভাৰত দৰ্শন
  5. ষ্টীম এক্সপ্ৰেছ
  6. কালকা-চিমলা বিশেষ ৰেল
  7. দাৰ্জিলিং হিমালয়ান পৰ্যটন ৰেল।
  • চায়েঞ্চ এক্সপ্ৰেছ ১৬টা বাতানুকুল ডবাযুক্ত এই ৰেলখন এখন ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী। ভাৰতৰ" বিজ্ঞান আৰু প্ৰাদ্যোগিকী মন্ত্ৰনালয়" আৰু "পৰিবেশ আৰু বন মন্ত্ৰনালয়"ৰ যৌথ সহযোগত এই ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। [5]
  • লাইফলাইন এক্সপ্ৰেছ (Lifeline Express) এখন বিশেষ ৰেল, যিখনক এখন ভ্ৰাম্যমাণ চিকিত্সালয় বুলি কব পাৰি। ভাৰতৰ গ্ৰামাঞ্চলৰ ৰাইজত চিকিত্সা সেৱা আগবঢ়াবলৈ ভাৰতৰ "ৰেল মন্ত্ৰালয়" আৰু "স্বাস্থ্য মন্ত্ৰালয়"ৰ যৌথ প্ৰচেষ্টাত এই ৰেলখন প্ৰৱৰ্তন কৰা হৈছে। ৰেলখনত অস্ত্ৰোপচাৰ কক্ষকে ধৰি ৰোগী থাকিবলৈ ৱাৰ্ডো আছে।
  • বিবেক এক্সপ্ৰেছ ভাৰতৰ সকলোতকৈ দীৰ্ঘ দূৰত্বৰ ৰেল। এই ৰেলখনে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ ৪,২৮৬ কিঃমিঃ দূৰত্ব ৮২ ঘণ্টা ৩০ মিনিটত অতিক্ৰম কৰে।
  • হাওৰা ডেৰাডুন ডাবল ডেকাৰ এক্সপ্ৰেছ ভাৰতৰ প্ৰথম বাতানুকুল ডাবল ডেকাৰ ৰেল। ২০১১ চনৰ ১ অক্টোবৰৰ পৰা হাওৰা আৰু ঝাৰখণ্ড ৰাজ্যৰ ধানবাদৰ মাজত এইখন ৰেলৰ চলাচল আৰম্ভ হয়।

প্ৰতিবেশী দেশৰ সৈতে ৰেল সংযোগ

ভাৰতীয় ৰেল 
জয়নগৰ - জনকপুৰ পথৰ এখন নেৰ'গজ ৰেল
  • ভাৰতীয় ৰেল  নেপাল: নেপালৰ সৈতে ভাৰত দুটা ৰেলপথেৰ সংযোজিত হৈ আছে – ১। ৰাক্সৌল (ভাৰত) – বীৰগঞ্জ (নেপাল) ৰুট, ২) জয়নগৰ (ভাৰত) – জনকপুৰ (নেপাল) ৰুট। প্ৰথম পথটো মিটাৰগজৰ আৰু দ্বিতীয় পথটো নেৰগজৰ যদিও ব্ৰডগজলৈ ৰূপান্তৰণৰ কাম চলি আছে।
  • ভাৰতীয় ৰেল  পাকিস্তান: ভাৰত আৰু পাকিস্তানৰ মাজত দুখন আন্তঃৰাষ্ট্ৰীয় ৰেল চলাচল কৰে – ১) থৰ এক্সপ্ৰেছ (Thar Express) – ভাৰতৰ 'ভগত কী কোঠী' ষ্টেচন পাকিস্তানৰ কৰাচীৰ মাজত, ২) সমঝৌতা এক্সপ্ৰেছ (Samjhauta Express) – ভাৰতৰ অমৃতসৰ জংচন আৰু পাকিস্তানৰ লাহোৰ জংচনৰ মাজত (আতাৰি ষ্টেচন হৈ)।
  • ভাৰতীয় ৰেল  বাংলাদেশ: ২০০৮ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ কলকাতা আৰু বাংলাদেশৰ ঢাকাৰ মাজত মৈত্ৰী এক্সপ্ৰেছ (Maitree Express) নামৰ এখন আন্তঃৰাষ্ট্ৰীয় ৰেলৰ চলাচল আৰম্ভ হৈছে। তদুপৰি ভাৰতৰ সিঙ্গাবাদ আৰু পেট্ৰাপোলৰ পৰা বাংলাদেশৰ ৰোহনপুৰ আৰু বেনাপোললৈ মালগাড়ী সেৱা চলি আছে। ২০১১ চনৰ চেপ্তেম্বৰত ভাৰত আৰু বাংলাদেশ চৰকাৰে ভাৰতৰ আগৰতলা আৰু বাংলাদেশৰ আখাউৰা উপজিলাৰ মাজত আন এখন যাত্ৰীবাহী ৰেল চলাচলৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

সমস্যা আৰু বিচাৰ্য বিষয়

  1. ভাৰতীয় ৰেলত এতিয়াও ১৯৬২ চনৰ প্ৰযুক্তি বিদ্যমান। অৱশ্যে দ্ৰুতগতিত ভাৰতীয় ৰেলৰ কাৰিকৰী বিকাশ হৈ আছে। ইঞ্জিন, ডবা, ৰেলপথৰ আধুনিকীকৰণৰ কাম বহু বাকী। ভাৰতত ১০০ বছৰতকৈয়ো পুৰণি ৩৬,০০০খন ৰেল দলং আছে। এই দলংবোৰেৰে গধূৰ আৰু শক্তিশালী ৰেল পাৰ হৈ যোৱা কোনোমতে বিপদমুক্ত নহয়। কিন্তু ভাৰতীয় ৰেলত বিনিয়োগৰ পৰিমাণ বহু কম। স্বাভাৱিকতে আধুনিকীকৰণৰ কামো পিছ পৰি আছে। ২০০৪ চনত ভাৰতীয় ৰেলে মাত্ৰ ২২০ কিঃমিঃ নতুন পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। তাৰ বিপৰীতে চীন চৰকাৰে বছৰি ১১০০ কিঃমিঃতকৈয়ো অধিক ৰেলপথ বছৰি নিৰ্মাণ কৰে।
  2. ভাৰতীয় ৰেলৰ তুলনামূলকভাৱে দুৰ্ঘটনাৰ সংখ্যা সৰহ। দুৰ্ঘটনাবোৰ কূটাঘাট, কাৰিকৰী আৰু পৰিগাঁথনিগত কাৰণৰ উপৰিও মানৱীয় ভুলৰ বাবেও সংঘটিত হৈছে। ভাৰতত ১৭,০০০খন ৰক্ষীবিহীন ৰেলগেট আছে। এইবোৰতো সঘনে দুৰ্ঘটনা সংঘটিত হয়।
  3. ভাৰতীয় ৰেলে নতুন পথ নিৰ্মাণ, দ্বৈত পথ নিৰ্মাণ, গজ পৰিবৰ্তন আদি বহু প্ৰকল্প হাতত লৈছে। ২০১১ চনৰ এপ্ৰিললৈ এনে প্ৰকল্পৰ সংখ্যা ৩৪৭ টা। কিন্তু বহু প্ৰকল্পৰ কাম সময়মতে সমাপ্ত নহয়। ফলস্বৰূপে প্ৰকল্পৰ খৰচ বাঢ়ি যায়। ২০০৭-১২ পঞ্চবৰ্ষ পৰিকল্পনাৰ সময়চোৱাত ভাৰতীয় ৰেলে যদিও ১০,২৮৬ কিঃমিঃ ৰেলপথ নতুনকৈ নিৰ্মাণ, দ্বৈতকৰণ বা গজ পৰিবৰ্তন কৰিছে,এয়া নিৰ্দ্ধাৰিত লক্ষ্যতকৈ বহু কম।

তথ্যসূত্ৰ

প্ৰসংগ


Tags:

ভাৰতীয় ৰেল ইতিহাসভাৰতীয় ৰেল সংগঠনভাৰতীয় ৰেল চলন্ত সম্পদভাৰতীয় ৰেল আয়ভাৰতীয় ৰেল ট্ৰেক আৰু গজভাৰতীয় ৰেল যাত্ৰীবাহী ৰেলৰ প্ৰকাৰভাৰতীয় ৰেল যাত্ৰীবাহী ৰেলৰ শ্ৰেণীভাৰতীয় ৰেল ইউনেস্কৰ বিশ্ব ঐতিহ্য তালিকাত ভাৰতীয় ৰেল কেইখনমান উল্লেখযোগ্য ৰেলভাৰতীয় ৰেল প্ৰতিবেশী দেশৰ সৈতে ৰেল সংযোগভাৰতীয় ৰেল সমস্যা আৰু বিচাৰ্য বিষয়ভাৰতীয় ৰেল তথ্যসূত্ৰভাৰতীয় ৰেল প্ৰসংগভাৰতীয় ৰেলইংৰাজী ভাষাভাৰত চৰকাৰ

🔥 Trending searches on Wiki অসমীয়া:

ডিব্ৰুগড় (বিধানসভা সমষ্টি)ভগ্নাংশ (গণিত)ধানলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীশ্ৰীমন্ত শংকৰদেৱ বঁটাশিৱ পুৰাণঅৰুণাচল প্ৰদেশঅসম আন্দোলনডি এন এফাকুৱাঅসমীয়া লোক-সংস্কৃতিতেজীমলাঅসমৰ পৰম্পৰাগত খেল-ধেমালিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰৰামধেনু (আলোচনী)ঋতুস্ৰাৱস্বৰাজপ্ৰণৱজ্যোতি ডেকামুগা (ৰেচম)ব্যক্তিত্বকোচ ৰাজবংশীঅসমৰ কাঁহ শিল্পঅসমীয়া বান্দৰবহনক্ষম উন্নয়নৰ লক্ষ্যইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসকাতি বিহুভাওনাজীৱনীতথ্যজৱাহৰলাল নেহৰুবন্দে মাতৰম্‌দিল্লীঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাএকচেটীয়া বজাৰমামণি ৰয়ছম গোস্বামীমধ্যাহ্ন ভোজন আঁচনিসামাজিক উপভাষাদশাৱতাৰদেউৰী জনগোষ্ঠীহেম বৰুৱাপাঠ পৰিকল্পনাপ্ৰেমচন্দনামনি অসমকলিকতাডিম্বেশ্বৰ নেওগৰেৱতী মোহন দত্তচৌধুৰীকৰতল কমল কমল দল নয়নৰাজস্থানঅসমবৃক্ষমৰমৰ দেউতাঅসমৰ বাঁহ-বেতৰ শিল্পঅসমীয়া যুক্তাক্ষৰহেম সৰস্বতীকাৰেঙৰ লিগিৰীভাস্কৰাব্দবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅৰূপা পটংগীয়া কলিতাবাগ্‌ধ্বনিআনন্দ চন্দ্ৰ আগৰৱালাচিলাৰায়ওজাপালিঅভিধানব্ৰাহ্মী লিপিজৈন ধৰ্মইয়াত এখন অৰণ্য আছিলঅপৰিমেয় সংখ্যাসোণালী বান্দৰসিন্ধু সভ্যতাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাচুতীয়া ৰাজ্যমৌৰ্য সাম্ৰাজ্যভ্ৰাম্যমাণ থিয়েটাৰ🡆 More