বক ফুল

বক ফুল (বৈজ্ঞানিক নাম: Sesbania grandiflora; সমাৰ্থক: Aeschynomene grandiflora, Agati grandiflora; ইংৰাজী: vegetable hummingbird, agati বা hummingbird tree; বড়ো: বক বিবাৰ; তাই-আহোম: ব্লক-ঞা-না), লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ গছ৷

বক ফুল
বক ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
গণ: Sesbania
প্ৰজাতি: S. grandiflora
বৈজ্ঞানিক নাম
Sesbania grandiflora
(L.) Poiret
সমাৰ্থক
  • Aeschynomene coccinea L.f.
  • Aeschynomene grandiflora (L.) L.
  • Agati coccinea (L.f.) Desv.
  • Agati grandiflora (L.) Desv.
  • Agati grandiflora var. albiflora Wight & Arn.
  • Agati grandiflora var. coccinea (L.f.) Wight & Arn.
  • Coronilla coccinea (L.f.) Willd.
  • Coronilla grandiflora (L.) Willd.
  • Coronilla grandiflora Boiss.
  • Dolichos arborescens G. Don
  • Dolichos arboreus Forssk.
  • Emerus grandiflorus (L.) Kuntze
  • Resupinaria grandiflora (L.) Raf.
  • Robinia grandiflora L.
  • Sesban coccinea (L.f.) Poir.
  • Sesban grandiflora (L.) Poir. [Spelling variant]
  • Sesban grandiflorus (L.) Poir.
  • Sesbania coccinea (L.f.) Pers.

বিৱৰণ

বক ফুল এবিধ খৰকৈ বৃদ্ধি পোৱা গছ৷ গছজোপাৰ ৩-৮ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ গা-গছৰ পৰা উৎপত্তি হোৱা শাখা-প্ৰশাখাবিলাক সেৰেঙা হয়৷ গছজোপাৰ বাকলি ছাই বৰণীয়া৷

ইয়াৰ পাতবোৰ ডিম্বাকৃতিৰ৷ ফুলৰ বৰণ শুধ বগা৷ সেউজ-বুলীয়া চুপহিৰ ভিতৰফালে বিকাশ লাভ কৰি থকা ডাঙৰ আকাৰৰ পাহিয়ে শামুকৰ বাকলিৰ দৰে পুংকেশৰ আৰু গৰ্ভকেশৰত উৎপত্তি হোৱা ৰেণুবিলাক আৱৰি ৰাখে৷

Sesbania flower, raw
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 113 কিলোজুল (27 কিলোকেলৰি)
শৰ্কৰাসমূহ 6.73 g
চৰ্বী 0.04 g
প্ৰ’টিন 1.28 g
থায়েমিন (ভিটামিন বি) 0.083 mg (7%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.081 mg (7%)
নিয়াচিন (ভিটামিন বি) 0.43 mg (3%)
ফলেট (ভিটামিন বি) 102 μg (26%)
ভিটামিন চি 73 mg (88%)
কেলচিয়াম 19 mg (2%)
লো 0.84 mg (6%)
মেগনেছিয়াম 12 mg (3%)
ফছফ’ৰাছ 30 mg (4%)
পটাছিয়াম 184 mg (4%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

বিস্তৃতি

বক ফুল দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ৷ এই গছ মালয়েছিয়া, ফিলিপিনছ, ব্ৰুনেইৰ পৰা উত্তৰ অষ্ট্ৰেলিয়ালৈকে প্ৰাকৃতিকভাৱে বিস্তৃত৷ ভাৰত আৰু শ্ৰীলংকাৰ বহুঠাইত ইয়াৰ খেতিও কৰা হয়৷ এই গছ গৰম আৰু আৰ্দ্ৰ ঠাইত সাৰুৱা মাটিত ওপজে৷

ব্যৱহাৰ

বক ফুলৰ পাতৰ ৰসত লিন’লেনিক এচিড (linolenic acid) আৰু এছপাৰ্টিক এচিড (aspartic acid) আছে বুলি জনা যায়৷ এইবাবে পাতৰ ৰসে দেহত সৰল শৰ্কৰাৰ সৈতে প্ৰ’টিন যোগ হোৱাত বাধা দি (anti-glycation) ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে৷

বক ফুল দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, শ্ৰীলংকা, লাওছ, থাইলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম, মালদ্বীপ, ফিলিপিনছ আদিত সিজাই বা কেঁচাকৈ খোৱা হয়৷ ভাৰতত সাধাৰণতে আটা বা ময়দা পানীৰ সৈতে গুলি বক ফুল মিহলাই লৈ ভাজি খায়৷

চিত্ৰভঁৰাল

তথ্যউৎস

Tags:

বক ফুল বিৱৰণবক ফুল বিস্তৃতিবক ফুল ব্যৱহাৰবক ফুল চিত্ৰভঁৰালবক ফুল তথ্যউৎসবক ফুল বাহ্যিক সংযোগবক ফুল

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া প্ৰতিদিনভঠেলিতলাতল ঘৰতিনিচুকীয়া জিলাবন্দে মাতৰম্‌ব্ৰাহ্ম সমাজঅসমীয়া যুক্তাক্ষৰভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবিহুগীতঅসমৰ ছপাশালহেমচন্দ্ৰ বৰুৱাপ্ৰথম বিশ্বযুদ্ধঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিচ্যু-কা-ফাআহোম-মোগলৰ সংঘৰ্ষএংকৰ ৱাটকপৌ ফুলদীপা মাযাদৱ পায়েংস্বাস্থ্যকৃত্ৰিম বুদ্ধিমত্তাবাঁহী (আলোচনী)পলিনেছিয়াৰ শ্ৰুতিকথাপৰিৱেশ তন্ত্ৰফেইচবুকফাট বিহুমহিম বৰাআনন্দৰাম ঢেকিয়াল ফুকনগাঁওবুঢ়া (নাটক)মাৰ্ক্সবাদৰাজিয়া চুলতানাঅসমীয়া ভাষা উন্নতি সাধিনী সভাভেঁকুৰআকবৰবতাহভাৰতীয় ৰিজাৰ্ভ বেংকনামেৰি ৰাষ্ট্ৰীয় উদ্যানঅশোকৰ অনুশাসনঅসমীয়া কবিতাফলৰ তালিকাছনেটসংস্কৃত ভাষাইবাঁকু বিচুসৌৰজগতশিক্ষা মনোবিজ্ঞানজাতনামমহা মৃত্যুঞ্জয় মন্দিৰঅসমীয়া জাতিগোলকীকৰণগণিতসমাজবাদআমেৰিকান ডলাৰমুখমৈথুনহাবুংবাংলাদেশমানৱতাবাদসৌৰভ কুমাৰ চলিহাভাস্কো দা গামাশৰ্মা মন্ত্ৰীসভাভটিমাগান্ধী–আৰউইন চুক্তিঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাবাঁহসাহিত্য সমালোচনাপাইথেগাৰাছবৃন্দাবনী বস্ত্ৰশ্ৰী সূৰ্য পাহাৰঈয়াৰুইঙ্গমঅৰুণাচল প্ৰদেশমাৰ্ঘেৰিটা মহকুমা🡆 More