পাইথেগাৰাছ

পাইথেগাৰাছ (ইংৰাজী: Pythagoras; আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০ – খ্ৰীষ্টপূৰ্ব ৪৯৫) আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত। পাইথেগাৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগতভাৱে শাসকৰ আসনত বহুওৱাৰ সলনি গুণী-জ্ঞানী লোককহে তেনে পদত বহুৱাব লাগে। ইয়াৰ ফলত তেওঁ শাসকসকলৰ ৰোষত পৰিল। খ্ৰীষ্টপূৰ্ব ৫৩২ত তেওঁ ছামোছ এৰি ইটালীৰ ক্ৰটন নগৰলৈ যায় আৰু তাত নীতি আৰু ধৰ্মশাস্ত্ৰ অধ্যয়নৰ এক টোল গঢ়ি তোলে।

পাইথেগাৰাছ
Marble bust of a man with a long, pointed beard, wearing a tainia, a kind of ancient Greek headcovering in this case resembling a turban. The face is somewhat gaunt and has prominent, but thin, eyebrows, which seem halfway fixed into a scowl. The ends of his mustache are long a trail halfway down the length of his beard to about where the bottom of his chin would be if we could see it. None of the hair on his head is visible, since it is completely covered by the tainia.
ৰোমৰ কেপিটালিন সংগ্ৰহালয় থকা পাইথেগাৰাছৰ মূৰ্তি
সম্পূৰ্ণ নাম পাইথেগাৰাছ
জন্ম আনুমানিক ৫৭০ খ্ৰীষ্টপূৰ্ব
চাম'চ
মৃত্যু আনুমানিক ৪৯৫ খ্ৰীষ্টপূৰ্ব (বয়স প্ৰায় ৭৫ বছৰ)
either Croton or Metapontum
যুগ Pre-Socratic philosophy
অঞ্চল Western philosophy
ধাৰা পাইথেগাৰাছবাদ
আগ্ৰহ
উল্লেখযোগ্য কৰ্ম
  • Communalism
  • Metempsychosis
  • Musica universalis

Attributed ideas:
  • Five climatic zones
  • Five regular solids
  • Proportions
  • Pythagorean theorem
  • Pythagorean tuning
  • Sphericity of the Earth
  • Vegetarianism
প্ৰভাৱিত হয়
    • Thales
    • Anaximander
    • Pherecydes
    • Themistoclea
    • Orphism
প্ৰভাৱিত কৰে

কোনো কোনোৱে বিশ্বাস কৰে যে পাইথেগাৰাছ থেলিছৰ চিন্তা-চৰ্চাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। থেলিছৰ সমস্ত ৰচনা তেওঁৰ হাতত পৰিছিল বুলিও বিশ্বাস কৰা হয়। পাইথেগাৰাছৰ কোনো ৰচনা বা গ্ৰন্থয়েই পোৱা হোৱা নাই। তেওঁৰ মতে বাস্তৱ জগতখনৰ সকলো তথ্যয়েই আনকি সংগীতকো গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি। জ্যামিতিৰ কেইবাটাও কথা যেনে বিখ্যাত ‘পাইথেগাৰাছৰ উপপাদ্য’ তেওঁ আৱিষ্কাৰ কৰা বুলি কোৱা হয়।

পঞ্চম শতিকাৰ মাজভাগত পাইথেগাৰাছৰ মতবাদৰ বিৰুদ্ধে শাসকগোষ্ঠী আৰু ৰাইজ সজাগ হৈ উঠে আৰু টোলবোৰ ধ্বংস কৰা হয়। পাইথেগাৰাছৰ ছাত্ৰ ফিল’লাউছে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ নানা উদ্ভাৱন কিতাপৰ আকাৰত লেখি উলিয়াইছিল। পাছৰ দাৰ্শনিক এৰিষ্ট'টলে এই সকলো ধাৰণাকে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ সন্মিলিত ধাৰণা বুলি অভিহিত কৰিছে। পাইথেগাৰাছ আছিল অসামান্য প্ৰতিভাৰ অধিকাৰী। তেওঁ আছিল গণিত, দৰ্শন, জ্যোতিবিজ্ঞান আদি সকলোতে পাৰ্গত। পাইথেগাৰাছৰ শিক্ষাত গণিত শাস্ত্ৰ আৰু অতীন্দ্ৰিয়বাদ ধাৰণাৰ সংমিশ্ৰণত দেখা যায়।

তেখেতে গণিতলৈ দুটা অমূল্য অৱদান আগবঢ়াইছে। প্ৰথম, জ্যামিতিৰ প্ৰমেয়ৰ যুক্তিযুক্ত প্ৰমাণ দিয়া আৰু তেওঁ আঢ়ৈহাজাৰ বছৰ পূৰ্বেই অনুভৱ কৰিছিল যে স্বাভাৱিক সংখ্যাসমূহেই যথেষ্ট নহয়। তেওঁ স্বাভাৱিক সংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যথাযথভাৱে বিন্দু সজ্জিত কৰি কেনেকৈ বৰ্গক্ষেত্ৰ আৰু ত্ৰিভুজ নিৰ্মাণ কৰিব পৰা যায়, উদঙাই দেখুৱাই তেওঁ‌ এহাতে সংখ্যাৰ লগত জ্যামিতিৰ সম্বন্ধ স্থাপন কৰিছিল আৰু তাঁৰৰ দৈৰ্ঘ্যৰ সৰল অনুপাত ক্ৰমে সুষম সংগীতধৰ্মী ধ্বনি, যেনে: তৃতীয়, অষ্টক আদি যে সৃষ্টি কৰিব পৰা যায়, সেই কথা আৱিষ্কাৰ কৰি তেখেতে পদাৰ্থবিদ্যাৰ লগত সংখ্যাৰ সম্বন্ধ স্থাপন কৰিছিল। ত্ৰিভুজ, বৰ্গক্ষেত্ৰ আৰু পঞ্চভুজৰ ওপৰত মহাজাগতিক গুৰুত্ব আৰোপ কৰি পাইথেগাৰাছৰ শিষ্যসকলে সমগ্ৰ গ্ৰীক জ্যামিতিৰ ভেটি গঢ়ি তুলিছিল।

তথ্যৰ মতভেদ

পাইথেগাৰাছৰ বিষয়ে থকা তথ্যসমূহৰ মাজত মতভেদ দেখা যায়। প্ৰায়বোৰ জীৱনীতে তেওঁক ঐশ্বৰিক আৰু পবিত্ৰ হিচাপে দেখুওৱা হৈছে। তেওঁৰ শৰীৰৰ পৰা দৈৱিক পোহৰ ওলোৱাৰ কথাও কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

জীৱন

প্ৰায়বোৰ তথ্যৰ মতে তেওঁৰ জন্ম গ্ৰীচ দেশৰ চাম'চত, ব্যবসায়ী নেচৰ্কাচৰ ঘৰত প্ৰায় ৫৭০ খ্ৰীষ্টপূৰ্বত হৈছিল। তেওঁ ক্ৰেওফিলাচ, হাৰ্মদমাচ, বাইআচ, থেলেচ, এনেক্সিমেণ্ডাৰ, ফেৰেচাইদ্‌চ, থেমিষ্টীবা আদিৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিক্ষা অৰ্জনৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ কথা জানিব পৰা যায়। শিক্ষিত হৈ তেওঁ চাম'চ এৰি ক্ৰতনলৈ গ'ল। বিভিন্ন পণ্ডিতে বিভিন্ন কাৰণ দেখুৱাই। ক্ৰতনত তেওঁৰ ঢেৰ শিষ্য আছিল।

পাইথেগাৰিয়ানসমূহ

ক্ৰতনত তেওঁৰ ঢেৰ শিষ্য হ'ল। তেওঁলোকে পাইথেগাৰাছৰ নামত প্ৰতিষ্ঠান খুলিলে। তেওঁলোকে পাইথেগাৰাছৰ তত্ত্বাৱধানত গণিত, ধৰ্ম, বিজ্ঞান আদি চৰ্চা কৰিবলৈ ধৰিলে।

পাইথেগাৰিয়ান সকলৰ ধ্বংস

এবাৰ ক্ৰতন আৰু চাইবাৰিচৰ মাজত যুদ্ধ হ'ল। চাইবাৰিচক পৰাজিত কৰাৰ পিছত ক্ৰতনৰ মানুহবোৰে এখন অধিক গণতান্ত্ৰিক সংবিধানৰ দাবী কৰিলে। পাইথেগেৰাছ সন্মত নহ'ল। সুযোগ বুজি বহিষ্কৃত পাইথেগাৰিয়ান চাইলনে নেনন নামৰ এজনৰ লগত মিলি ৰাইজক উত্তেজিত কৰি প্ৰাৰ্থনা সভাৰ সময়ত তেওঁলোকক দাহ কৰিলে। অনেকৰ মতে পাইথেগাৰাছৰো তাতেই মৃত্যু হ'ল। কিন্তু আন কোনো কোনোৰ মতে, তেওঁ পলাই গ'ল মেতাপ'ন্তামলৈ, য'ত তেওঁ মৃত্যু নোহোৱা লৈকে উপবাস কৰিলে।

পাইথেগাৰাছৰ উপপাদ্য

পাইথেগাৰাছৰ উপপাদ্য পাইথেগাৰাছে প্ৰথম প্ৰমাণ কৰিছিল। ইয়াৰ প্ৰথম প্ৰয়োগ বেবিলোনিয়া আৰু ভাৰতত হৈছিল। পাইথাগৰিয়ান থিয়ৰামৰ মতে এটি ত্ৰিভুজত যদি কোনো অটি এংগ্ল-ৰ জোখ ৯০ ডিগ্ৰী হয়, তেনেহ'লে আতাইতকৈ দীঘল চাইদৰ বৰ্গফল আন দুটি চাইদৰ বৰ্গফল যোগ কৰিলে পোৱা যাব পাৰে। অৰ্থাৎ, যদি তেনে এটি ত্ৰিভুজৰ বাহুসমূহ 'ক','খ' আৰু 'গ' হয়, আৰু 'গ' আতাইতকৈ দীঘল, তেনেহ'লে 'ক'ৰ বৰ্গফল + 'খ'ৰ বৰ্গফল = 'গ'ৰ বৰ্গফল।

তথ্যসংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

পাইথেগাৰাছ তথ্যৰ মতভেদপাইথেগাৰাছ জীৱনপাইথেগাৰাছ পাইথেগাৰিয়ানসমূহপাইথেগাৰাছ পাইথেগাৰিয়ান সকলৰ ধ্বংসপাইথেগাৰাছ ৰ উপপাদ্যপাইথেগাৰাছ তথ্যসংগ্ৰহপাইথেগাৰাছ বাহ্যিক সংযোগপাইথেগাৰাছইংৰাজী ভাষাইটালী

🔥 Trending searches on Wiki অসমীয়া:

মানৰ অসম আক্ৰমণঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবৰপেটা সত্ৰশিৱসাগৰৰ শিৱদৌলআহোম ধৰ্মশিৱনাথ বৰ্মনউৎসৱসমাজবাদস্বাধীনতা দিৱস (ভাৰত)চাণক্যগুপ্ত সাম্ৰাজ্যউদাৰনৈতিকতাবাদৰাম সৰস্বতীএৰিষ্ট'টলমনোবিজ্ঞানপাৰ চৰাইটকা (বাদ্য)ভাৰতীয় জাতীয় কংগ্ৰেছঅসমীয়া জাতিওজাপালিনীল প্ৰজাপতিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাবাথৌ পূজাকীৰ্তন ঘোষা সংকলনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাইয়াণ্ডাবু সন্ধিঅসম চাহব'হাগ বিহুচকৰি ফেঁটী বুৰঞ্জীকালিকা পুৰাণপঞ্চভুজঅসমৰ জিলাসমূহদ্বিতীয় বিশ্বযুদ্ধতলাতল ঘৰগৱেষণাবায়ু প্ৰদূষণকামাখ্যা মন্দিৰন'বেল বঁটাএশিঙীয়া গঁড়অসমীয়া গীতি সাহিত্যহেম বৰুৱাগুৱাহাটী বিশ্ববিদ্যালয়অসমীয়া ভাষা আন্দোলনউপভাষাকোচ হাজোঅসমীয়া সাহিত্যবল্লভভাই পেটেলপাচনভ্ৰাম্যমাণ থিয়েটাৰঅসহযোগ আন্দোলনবৰাইল পৰ্বতজ্ঞানপীঠ বঁটাঅসমীয়া ব্যাকৰণভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগনিৰ্মলপ্ৰভা বৰদলৈকেন্দ্ৰীয় শাসিত অঞ্চলমেদবহুলতাদৰ্শনমৌখিক লোকসাহিত্যঅতুলানন্দ গোস্বামীজতুৱা ঠাঁচপৰিয়ালভাৰতৰ প্ৰধানমন্ত্ৰীঅষ্ট্ৰেলিয়া (মহাদেশ)অসম বিধানসভাঅণুবীক্ষণ যন্ত্ৰজঙ্গমবসন্ত ঋতুসিন্ধু সভ্যতাঅসমীয়া ভাষাৰ শব্দসম্ভাৰচুতীয়া ৰাজ্যপ্ৰফুল্ল দত্ত গোস্বামীকলাঅসমৰ পৰম্পৰাগত সাজ-পাৰভাৰত-ইউৰোপীয় ভাষা পৰিয়ালহোমি জাহাঙ্গীৰ ভাবা🡆 More