বিজ্ঞান: এক প্ৰণালীবদ্ধ অধ্যয়ন

বিজ্ঞান (Science, লেটিন শব্দ scientiaৰ পৰা যাৰ অৰ্থ জ্ঞান) হৈছে এক প্ৰণালীবদ্ধ অধ্যয়ন য'ত বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰামাণ্য বৈজ্ঞানিক তত্ত্ব বা সম্ভাৱনাৰ ৰূপত সংগঠিত কৰি ৰখা হয়। এটা পুৰণি অথচ আজিও প্ৰাসংগিক অৰ্থ হ'ল এৰিষ্ট'ট'লৰ মত - বৈজ্ঞানিক জ্ঞান এনে নিৰ্ভৰশীল জ্ঞান যাক যুক্তি আৰু কাৰণসহ ব্যাখ্যা কৰিব পাৰি।

বিজ্ঞান: এক প্ৰণালীবদ্ধ অধ্যয়ন
বিজ্ঞান হৈছে প্ৰকৃতিৰ নিয়মবোৰৰ শৃংখলাবদ্ধ বিচাৰ-খোচাৰ আৰু আৱিষ্কাৰ। ওপৰত গ্ৰীক কবিতাৰ দেৱীয়ে প্ৰকৃতিৰ দেৱীক উন্মুক্ত কৰা দৃশ্য

পুৰণি কালত বিজ্ঞানক দৰ্শনৰ লগত ৰিজোৱা হৈছিল। আধুনিক যুগৰ প্ৰথম ভাগত "বিজ্ঞান" আৰু "দৰ্শন" শব্দ দুটা ইংৰাজী ভাষাত সলনাসলনিকৈও ব্যৱহাৰ হৈছিল। ১৭শ শতিকাৰ ফালে "প্ৰাকৃতিক দৰ্শন"ক (এতিয়াৰ "প্ৰাকৃতিক বিজ্ঞান") সাধাৰণ "দৰ্শন"ৰ পৰা পৃথক গণ্য কৰা হৈছিল। কিন্তু "বিজ্ঞান"ক কোনো বিশেষ বিষয়ৰ নিৰ্ভৰযোগ্য জ্ঞান বুজাবলৈ বহল ভাৱত ব্যৱহাৰ কৰা হৈ থাকিল, যেনেকৈ ইয়াক আধুনিক পুথিভঁৰাল বিজ্ঞান বা ৰাজনৈতিক বিজ্ঞানৰ দৰে শব্দত ব্যৱহাৰ কৰা হয়।

আধুনিক যুগত বিজ্ঞানক "প্ৰায়েই ‍‍‘প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞান’ বুলি বুজোৱা হয় আৰু সেইবাবে ই ভৌতিক বিশ্বব্ৰহ্মাণ্ডৰ পৰিঘটনা আৰু তাৰ নিয়মাৱলীৰ অধ্যয়ন সম্বন্ধীয় শাখাতহে সীমাবদ্ধ বুলি ক'ব পাৰি। সাধাৰণ ব্যৱহাৰত ইয়েই এতিয়া মুখ্য অৰ্থ। "। "প্ৰকৃতিৰ নিয়ম" সংজ্ঞা দিবলৈ চেষ্টা কৰা কেপলাৰৰ সূত্ৰ, গেলেলিঅ'ৰ সূত্ৰ, আইজাক নিউটনৰ গতিসূত্ৰ"ৰ(Isaac Newton's law of motion) আদিৰ ফলতহে বিজ্ঞানৰ সংকীৰ্ণ ভাৱৰ বিকাশ ঘটে। এই সময়চোৱাত প্ৰাকৃতিক দৰ্শনক "প্ৰাকৃতিক বিজ্ঞান" বুলি কোৱাটো সুলভ হৈ পৰিল। ১৯শ শতিকা বাগৰি যোৱাৰ লগে লগে "বিজ্ঞান" শব্দটো প্ৰকৃতিৰ শৃংখলাবদ্ধ অধ্যয়ন যেনে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূ-বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ লগত উক্ত হৈ পৰে। তাৰ পিছত ভাষাগত সমস্যা দূৰ কৰিবলৈ মানৱ চিন্তা আৰু সমাজৰ অধ্যয়নক সমাজ বিজ্ঞান বুলি নমাকৰণ কৰা হয়। তেনেদৰে প্ৰায়োগিক বিজ্ঞানৰ দৰে আন আন অধ্যয়ন ক্ষেত্ৰকো "বিজ্ঞান"ৰ বহল অৰ্থাই সামৰি লৈছে।বিজ্ঞানে সকলোকে কু সংস্কাৰ প্ৰতি থকা বিশ্বাস ভঙাত সহায় কৰে।

বিজ্ঞানৰ মূল ভাগসমূহ

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

en:Scienceএৰিষ্ট'ট'লবিশ্বব্ৰহ্মাণ্ড

🔥 Trending searches on Wiki অসমীয়া:

হীৰেন গোহাঁইউইলিয়াম শ্বেইকছপীয়েৰৰোমাণ্টিক কবিতাঅনাভেদী যৌনক্ৰিয়াসাহিত্য সমালোচনানাটকঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাজয়মতী কুঁৱৰীকুচিপুড়িদ্বিতীয় বিশ্বযুদ্ধবিহু নৃত্যলাচিত বৰফুকনচিপাহী বিদ্ৰোহ ১৮৫৭যুগ্ম সংখ্যাব’হাগপানীনেপোলিয়ন বোনাপাৰ্টভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যশিৱসাগৰৰ শিৱদৌলসাধুকথাপৰ্যটনপাঠ্যক্ৰমপদাৰ্থৰ অৱস্থাঅযোধ্যা (পৌৰাণিক নগৰ)অসম সাহিত্য সভামাধৱদেৱভাৰত ৰত্নচাৰি কুমাৰমল্লিকা ফুলৰুক্মিণী হৰণ নাটএমিবাভাৰতৰ মুখ্য ন্যায়াধীশধৰ্মবৰষুণলেটিন ভাষাম’বাইল ফোনকছাৰী ৰাজ্যজুৰি দত্তৰুবুল মাউতভ্ৰাম্যমাণ থিয়েটাৰভীমৰাও ৰামজী আম্বেদকাৰসামাজিক উপভাষাসত্যনাথ বৰাঈয়াৰুইঙ্গমদীপালী বৰঠাকুৰভাৰতৰ স্বাধীনতা আন্দোলনজলসিঞ্চনৰামায়ণপূৰ্ণ স্বৰাজঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাঅগ্নিগড়পৃথিৱীমৌ-মাখিবৰ্মণ ৰাজবংশইংৰাজী ভাষামই আৰু নেফাভট্টদেৱৰ গদ্যশৈলীশীতল যুদ্ধকালিদাস২৫ এপ্ৰিলকলাজাতনামসাঁচিপাতঅসমৰ মাছ ধৰা সঁজুলিঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানপাঠ পৰিকল্পনাইন্দিৰা মিৰিঅসমীয়া প্ৰতিদিনঅনুৰাধা শৰ্মা পূজাৰীতথ্য জনাৰ অধিকাৰ আইন, ২০০৫মৰিগাঁও জিলামিডিয়াৱিকি🡆 More