দ্বীপেন বৰুৱা: অসমীয়া কণ্ঠশিল্পী

দ্বীপেন বৰুৱা (ইংৰাজী: Dwipen Baruah) এগৰাকী অসমীয়া কণ্ঠশিল্পী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। তেখেতে অসমৰ হৈ অসংখ্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট মেচত অধিনায়কত্ব কৰাৰ উপৰিও ৰঞ্জী ট্ৰফীৰ খেলতো অসমক প্ৰতিনিধিত্ব কৰিছিল।

দ্বীপেন বৰুৱা
জন্ম ১৯ নৱেম্বৰ, ১৯৪৫
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা গায়ক
দাম্পত্যসঙ্গী চৈয়দা জোৎস্না ৰহমান

চমু জীৱনী

জন্ম

দ্বীপেন বৰুৱাৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১৯ নবেম্বৰ তাৰিখে গুৱাহাটী লতাশিলত। তেওঁৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। লতাশিলৰ বৰুৱা পৰিয়ালৰ এখেত সৰ্বকনিষ্ঠ পুত্ৰ আছিল। বৰুৱা পৰিয়ালৰ আটাইকেইগৰাকী সন্তানেই অসমীয়া কলা-ক্ষেত্ৰৰ ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে।

শিক্ষা

দ্বীপেন বৰুৱাই প্ৰাথমিক শিক্ষা লাভ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা। পিছত তেওঁ কটন কলেজিয়েট হাইস্কুলত নাম ভৰ্তি কৰে কিন্তু কিবা কাৰণত স্কুল ট্ৰেন্সফাৰ লৈ পুনৰ কামৰূপ একাডেমীত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয় আৰু তাৰেপৰাই ৰাজনীতি বিজ্ঞান আৰু শিক্ষা বিষয়ত বি.এ. পাচ কৰে।

ক্ৰিকেটাৰ জীৱন

দ্বীপেন বৰুৱাৰ দাদা-বাইদেউ সকলোৱে সংগীত, নাটক, বোলছবি জগতত জীৱন আৰম্ভ কৰাৰ বিপৰীতে তেওঁ জড়িত হৈ পৰিছিল ক্ৰিকেট খেলত। ক্ৰিকেটাৰ হিচাপে তেওঁ ১৯ বছৰৰ অনুৰ্ধৰ বাবে অনুষ্ঠিত 'কোচ বিহাৰ ট্ৰফী'ত অংশগ্ৰহণ কৰিছিল। একেখন প্ৰতিযোগিতাতে তেখেতে অধিনায়ক হিচাপে দলক নেতৃত্ব দিছিল। তেখেতে 'পূৱ মণ্ডল'ৰ দলৰ খেলুৱৈ হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশগ্ৰহণ কৰাৰ উপৰিও ৰঞ্জি ট্ৰফী-তো অসমৰ হৈ খেলিছিল। ক্ৰিকেট খেলত দ্বীপেন বৰুৱাই অল ৰাউণ্ডাৰ হিচাপে খেলিছিল।

কণ্ঠশিল্পী জীৱন

১৯৬৮ চনত দ্বিপেন বৰুৱাৰ ককায়েক ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ডক্তৰ বেজবৰুৱা চলচ্চিত্ৰৰ জৰিয়তে তেখেত সংগীতৰ ক্ষেত্ৰলৈ আহে। দ্বীপেন বৰুৱাই খুব ৰেডিঅ'ৰ গান শুনে আৰু গুণগুণাই থাকে। তেখেতৰ মাতটো যে টিউনত আছে, এই কথা তেখেতৰ জ্যেষ্ঠ ভাতৃ সঙ্গীত পৰিচালক ৰমেন বৰুৱাই মন কৰাৰ লগতে তেখেতৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱায়ো মন কৰিছিল। ডক্তৰ বেজবৰুৱা নিৰ্মাণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকা সময়ত এদিন পৰিচালক ব্ৰজেন বৰুৱাই সঙ্গীত পৰিচালক ৰমেন বৰুৱাক ছবিখনৰ গীত দ্বিপেন বৰুৱাৰ হতুৱাই গোৱালে কেনে হয় সুধিলে। আৰু তেনেকৈয়ে তেখেতে ডক্তৰ বেজবৰুৱাত গীত গোৱাৰ সুযোগ লাভ কৰিলে। তাৰ পাছৰেপৰা তেখেতে ক্ৰিকেট খেল বাদ দি সংগীতৰ ক্ষেত্ৰলৈ আহে। ডাক্তৰ বেজবৰুৱাৰ গানসমূহ জনপ্ৰিয় হৈছিল আৰু তাৰ পাছতে দ্বিপেন বৰুৱাই কেইবাখনো ছবিৰ নেপথ্য গায়ক হিচাপে ভূমুকি মাৰে।

দ্বীপেন বৰুৱাই বহু দেৰীকৈ ৬৪ বছৰ বয়সত বিবাহ-পাশত আৱদ্ধ হয়। তেখেতৰ পত্নী জোৎস্না ৰহমানৰ লগত তৰামাই (১৯৭৬) ছবি নিৰ্মাণৰ সময়তে প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল যদিও পৰিয়ালৰ অসুবিধাৰ বাবে বিয়া হোৱা নাছিল। ২০০৯ চনৰ ২১ ছেপ্টেম্বৰত দ্বিপেন বৰুৱা আৰু ছৈয়দা জোৎস্না ৰহমানৰ বিবাহ সম্পন্ন হয়।

দ্বীপেন বৰুৱাই বৰ্তমানলৈ ৫০ খনৰো অধিক অসমীয়া চলচ্চিত্ৰৰ নেপথ্য সংগীত-ত কণ্ঠদান কৰিছে। সংগীত পৰিচালক, ককায়েক, ৰমেন বৰুৱাৰ পৰিচালনাত তেখেতে গোৱা কেবাটাও গান বৰ্তমানেও অতি জনপ্ৰিয়। বৰ্তমানেও দ্বীপেন বৰুৱাই মঞ্চানু্ষ্ঠান, দূৰদৰ্শন অনুষ্ঠান আদিত গান গাই আহিছে।

কণ্ঠদান কৰা চলচ্চিত্ৰৰ তালিকা

দ্বীপেন বৰুৱাই কণ্ঠদান কৰা চলচ্চিত্ৰ সমূহৰ এখন তালিকা:

ছবিৰ নাম ভাষা পৰিচালক সঙ্গীত পৰিচালক বৰ্ষ
ডক্তৰ বেজবৰুৱা অসমীয়া ব্ৰজেন বৰুৱা ৰমেন বৰুৱা ১৯৬৯
বৰুৱাৰ সংসাৰ অসমীয়া নিপ বৰুৱা ৰমেন বৰুৱা ১৯৭০
মুকুতা অসমীয়া ব্ৰজেন বৰুৱা ৰমেন বৰুৱা ১৯৭০
মানৱ আৰু দানৱ অসমীয়া ইন্দুকল্প হাজৰিকা জীতু-তপন ১৯৭১
অৰণ্য অসমীয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱ সুধীন দাশগুপ্ত ১৯৭১
যোগ বিয়োগ অসমীয়া দ্বিবন বৰুৱা ৰমেন বৰুৱা ১৯৭১
উত্তৰ শূন্য অসমীয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱ সুধীন দাশগুপ্ত ১৯৭১
ললিতা অসমীয়া ব্ৰজেন বৰুৱা ৰমেন বৰুৱা ১৯৭২
ওপজা সোণৰ মাটি অসমীয়া ব্ৰজেন বৰুৱা ৰমেন বৰুৱা ১৯৭২
হৃদয়ৰ প্ৰয়োজন অসমীয়া গৌৰী বৰ্মণ ৰমেন বৰুৱা ১৯৭২
উপগ্ৰহ অসমীয়া ভৱেন দাস জীতু-তপন ১৯৭২
উত্তৰণ অসমীয়া মনোৰঞ্জন শুৰ ১৯৭৩
অভিযান অসমীয়া সুজিত সিংহ জীতু-তপন ১৯৭৩
গণেশ অসমীয়া এ কে ফিল্মচ অজিত সিংহ ১৯৭৩
সোণতৰা অসমীয়া নিপ বৰুৱা ৰমেন বৰুৱা ১৯৭৩
পৰিণাম অসমীয়া প্ৰবীন বৰা ৰমেন বৰুৱা ১৯৭৪
তৰামাই অসমীয়া দ্বিবন বৰুৱা ৰমেন বৰুৱা ১৯৭৬
সোণমা অসমীয়া নিপ বৰুৱা ৰমেন বৰুৱা ১৯৭৭
মৰমী অসমীয়া দীজেন্দ্ৰ নাৰায়ন দেৱ ৰমেন বৰুৱা ১৯৭৮
মৰম অসমীয়া দ্বিবন বৰুৱা ১৯৭৮
আশ্ৰয় অসমীয়া দুলাল ৰয় ৰমেন বৰুৱা ১৯৭৯
সোণৰ হৰিণ অসমীয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱ তফজ্জুল আলি ১৯৭৯
মেঘমুক্তি অসমীয়া বন্ধু খগেন মহন্ত ১৯৭৯
আজলী নবৌ অসমীয়া নিপ বৰুৱা ৰমেন বৰুৱা ১৯৮০
ৰজা হৰিশ্চন্দ্ৰ অসমীয়া দ্বিবন বৰুৱা ৰমেন বৰুৱা ১৯৮০
মন আৰু মৰম অসমীয়া দ্বিবন বৰুৱা ৰমেন বৰুৱা ১৯৮০
মানসী অসমীয়া বলাই সেন ৰমেন বৰুৱা ১৯৮১
উত্তৰ শূন্য অসমীয়া দ্বিবন বৰুৱা ৰমেন বৰুৱা ১৯৮১
ৰজনী গন্ধা অসমীয়া প্ৰফুল্ল কুমাৰ বৰুৱা কুমাৰ ৰঞ্জন ১৯৮১
ৰাজা অসমীয়া সমৰেন্দ্ৰ নাৰায়ন দেৱ ৰমেন বৰুৱা ১৯৮২
ককাদেউতা নাতি আৰু হাতী অসমীয়া নিপ বৰুৱা ৰমেন বৰুৱা ১৯৮০
শকুন্তলা আৰু শংকৰ জোচেফ আলি অসমীয়া নিপ বৰুৱা ৰমেন বৰুৱা ১৯৮৩
এণ্টনী মোৰ নাম অসমীয়া নিপ বৰুৱা ৰমেন বৰুৱা ১৯৮৬
দীপজ্যোতি অসমীয়া প্ৰদ্যুৎ বসু ৰমেন বৰুৱা ১৯৮৬
আই মোৰ জনমে জনমে অসমীয়া নিপ বৰুৱা অনুপম চৌধুৰী ১৯৮৮
অজলা ককাই অসমীয়া দ্বিবন বৰুৱা ৰমেন বৰুৱা ১৯৮৯
ইমান মৰম কিয় লাগে অসমীয়া অলক নাথ মনোজ শৰ্মা ২০০২
তুমিয়ে মোৰ কল্পনাৰ অসমীয়া বিপুল কুমাৰ বৰুৱা নয়নমণি বৰুৱা আৰু জয়ন্ত দাস ২০০২

তথ্য সংগ্ৰহ

Tags:

দ্বীপেন বৰুৱা চমু জীৱনীদ্বীপেন বৰুৱা কণ্ঠদান কৰা চলচ্চিত্ৰৰ তালিকাদ্বীপেন বৰুৱা তথ্য সংগ্ৰহদ্বীপেন বৰুৱাঅসমইংৰাজী ভাষাক্ৰিকেট

🔥 Trending searches on Wiki অসমীয়া:

ইৰাকমনোবিজ্ঞানঢোলচন্দ্ৰকুমাৰ আগৰৱালামৃত্যুঞ্জয়অসমৰ পৰম্পৰাগত সাজ-পাৰলখিমপুৰ জিলামানুহকেশৱ মহন্তনিমাতী কইনাশিৱসাগৰ জিলাতামোলবিশ্ব পৰিৱেশ দিৱসঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঠেঙ্গাল কছাৰী জনগোষ্ঠীঅসমীয়া সাহিত্যপ্লাষ্টিকজলবায়ুকামৰূপী উপভাষামণিপুৰ সংঘৰ্ষ ২০২৩চীনা-তিব্বতীয় ভাষাশ্ৰীমদ্ভগৱতগীতাআনে' ফ্ৰাংকনগেন্দ্ৰ নাৰায়ণ চৌধুৰীচ'তস্বাস্থ্যসমাজতত্ত্ববাবৰী মছজিদবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যএশিঙীয়া গঁড়কুচিয়া মাছনীলমণি ফুকন (কনিষ্ঠ)অৰ্থনীতিপ্ৰাক-ইতিহাসলাচিত বৰফুকনমৃত্যু১ এপ্ৰিলমাতৃভাষাডিম্পু বৰুৱাভঠেলিমিচিং ভাষাসাধুকথামুদ্ৰাসাঁচিগছব-দ্বীপকপিলীপৰীয়া সাধুশ্ৰীমন্ত শংকৰদেৱতিৱা জনগোষ্ঠীভাৰতীয় ৰিজাৰ্ভ বেংকজনপ্ৰব্ৰজনবিষ্ণুপ্ৰসাদ ৰাভাগোলকীয় নাগৰিকত্বচন্দ্ৰগুপ্ত মৌৰ্যপতঞ্জলিঅসমৰ ৰাজ্যপালসকলৰ তালিকাচম্পু কাব্যঅৰুণ শৰ্মাশব্দ প্ৰদূষণমহা মৃত্যুঞ্জয় মন্দিৰপৃথিৱীভাৰত চৰকাৰভাৰতহেম বৰুৱাবিহুৰ সাজ-পোচাক আৰু অলংকাৰশ্ৰীনিবাস ৰামানুজনশ্ৰী শ্ৰী বটদ্ৰৱা থানবিশ্ব খাদ্য কাৰ্যসূচীপ্লেটোবিশ্বকোষঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰমই আৰু নেফাপঞ্জাব, ভাৰতকছাৰী ৰাজ্যডিব্ৰুগড়অসমীয়া গদ্য-সাহিত্যৰ গতি-পথড়🡆 More