ৰমেন বৰুৱা: অসমীয়া সঙ্গীত পৰিচালক

ৰমেন বৰুৱা (ইংৰাজী: Ramen Baruah) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ঊনৈশ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া ভাবে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাত তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন চুপাৰ হিট হোৱাৰ অন্যতম কাৰণ আছিল। তেখেতে মুঠতে ২৭খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰ দুখন বাংলা ছবি। এই ছবিদুখন আছিল অসমীয়া ছবি সোণমা আৰু ককাদেউতা নাতি আৰু হাতীৰ বাংলা ৰূপান্তৰ। ৰমেন বৰুৱাই ৫খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেখেতে প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত নিপ বৰুৱা পৰিচালিত স্মৃতিৰ পৰশ। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ তেওঁ আকাশবাণীৰ মিউজিক কম্পোজাৰ হয়। কেশৱ মহন্ত, অজিৎ বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস, ভূপেন ডেকা আদি বহুতো নবীন-প্ৰবীন গীতিকাৰৰ গীতত তেখেতে সুৰ দিছে। তেখেতে পিছলৈ সুপ্ৰতিষ্ঠিত হোৱা অণিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুণ ফুকন আদি কণ্ঠশিল্পীক ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। তেওঁৰ হাইস্কুলৰ সময়ৰ পৰাই সংগীতত ৰাপ আছিল। তেখেতে কৈশোৰ অৱস্থাতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰিছিল।

ৰমেন বৰুৱা
ৰমেন বৰুৱা: চমু জীবনী, চলচ্চিত্ৰপঞ্জী[2], লগতে চাওক
ৰমেন বৰুৱা, ২০১৭ চন
জন্ম ৬ জুন ১৯৪০
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা সঙ্গীত পৰিচালক, কণ্ঠশিল্পী
দাম্পত্যসঙ্গী বনজোৎস্না বৰুৱা
সন্তান বৰ্নিকা বৰুৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি বিষ্ণু ৰাভা বঁটা (২০০৩) হেমাঙ্গ বিশ্বাস বঁটা (২০০৮) শিল্পপ্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী বঁটা (২০০৯)
তৰুণ দুৱৰা সোঁৱৰণী "অইল ইণ্ডিয়া বঁটা (২০১১)
জীৱন ৰাম মুঙ্গীদেৱী গোৱেঙ্গা সোঁৱৰণী বঁটা (২০১১)
Asomiya Music Award (২০১১)

চমু জীবনী

জন্ম

ৰমেন বৰুৱাৰ জন্ম হৈছিল গুৱাহাটী লতাশিলত, ১৯৪০ চনৰ ৬ জুনত। তেওঁৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। বিখ্যাত বৰুৱা পৰিয়ালৰ তেওঁ দশম পুত্ৰ সন্তান। তেওঁৰ তিনিজন ককায়েক ব্ৰজেন বৰুৱা, নিপ বৰুৱা আৰু দ্বিবন বৰুৱা পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।

শিক্ষা

ৰমেন বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল লতাশিল প্ৰাথমিক বিদ্যালয়ত। পিছত তেওঁ কটন কলেজিয়েট হাইস্কুলত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ মেট্ৰিকুলেশন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয় আৰু তাৰেপৰাই আই এ পাছ কৰে। পিছলৈ বি.বৰুৱা কলেজৰ পৰা বি.এ. পাছ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে কিন্তু পৰীক্ষা অহাৰ আগে আগে কামৰ হেঁচাত পৰীক্ষা দিব নোৱাৰিলে।

চলচ্চিত্ৰপঞ্জী

সংগীত পৰিচালনা

ছবিৰ নাম ভাষা পৰিচালক বৰ্ষ টোকা
আমাৰ ঘৰ অসমীয়া নিপ বৰুৱা ১৯৫৯ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া পৰিচালনা
ডক্তৰ বেজবৰুৱা অসমীয়া ব্ৰজেন বৰুৱা ১৯৬৯
বৰুৱাৰ সংসাৰ অসমীয়া নিপ বৰুৱা ১৯৭০
মুকুতা অসমীয়া ব্ৰজেন বৰুৱা ১৯৭০
যোগ বিয়োগ অসমীয়া দ্বিবন বৰুৱা ১৯৭১
ললিতা অসমীয়া ব্ৰজেন বৰুৱা ১৯৭২
ওপজা সোণৰ মাটি অসমীয়া ব্ৰজেন বৰুৱা ১৯৭২
হৃদয়ৰ প্ৰয়োজন অসমীয়া গৌৰী বৰ্মণ ১৯৭২
উত্তৰণ অসমীয়া মনোৰঞ্জন শুৰী ১৯৭৩
সোণতৰা অসমীয়া নিপ বৰুৱা ১৯৭৩
পৰিণাম অসমীয়া প্ৰবীন বৰা ১৯৭৪
তৰামাই অসমীয়া দ্বিবন বৰুৱা ১৯৭৬
সোণমা অসমীয়া নিপ বৰুৱা ১৯৭৭
মৰমী অসমীয়া দীজেন্দ্ৰ নাৰায়ন দেৱ ১৯৭৮
মৰম অসমীয়া দ্বিবন বৰুৱা ১৯৭৮
আশ্ৰয় অসমীয়া দুলাল ৰয় ১৯৭৯
আজলী নবৌ অসমীয়া নিপ বৰুৱা ১৯৮০
ৰজা হৰিশ্চন্দ্ৰ অসমীয়া দ্বিবন বৰুৱা ১৯৮০
মানসী অসমীয়া বলাই সেন ১৯৮১
উত্তৰ শূন্য অসমীয়া দ্বিবন বৰুৱা ১৯৮১
ৰাজা অসমীয়া সমৰেন্দ্ৰ নাৰায়ন দেৱ ১৯৮২
ককাদেউতা নাতি আৰু হাতী অসমীয়া নিপ বৰুৱা ১৯৮০
শকুন্তলা আৰু শংকৰ জোচেফ আলি অসমীয়া নিপ বৰুৱা ১৯৮৩
এণ্টনী মোৰ নাম অসমীয়া নিপ বৰুৱা ১৯৮৬
দীপজ্যোতি অসমীয়া প্ৰদ্যুৎ বসু ১৯৮৬
অজলা ককাই অসমীয়া দ্বিবন বৰুৱা ১৯৮৯
মনিমা বাংলা নিপ বৰুৱা 'সোণমা'ৰ বাংলা ৰূপান্তৰ
দাদু, নাতি-হাতী বাংলা নিপ বৰুৱা 'ককাদেউতা, নাতি আৰু হাতী'ৰ
বাংলা ৰূপান্তৰ

কণ্ঠশিল্পী

ছবিৰ নাম পৰিচালক সংগীত পৰিচালক বৰ্ষ টোকা
স্মৃতিৰ পৰশ নিপ বৰুৱা ব্ৰজেন বৰুৱা ১৯৫৯
মাক আৰু মৰম নিপ বৰুৱা ব্ৰজেন বৰুৱা ১৯৫৭
আমাৰ ঘৰ নিপ বৰুৱা ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাৰ যুটীয়া পৰিচালনা ১৯৫৯
ওপজা সোণৰ মাটি ব্ৰজেন বৰুৱা ৰমেন বৰুৱা ১৯৭২
অজলা ককাই দ্বিবন বৰুৱা ৰমেন বৰুৱা ১৯৮৯
মানসী বলাই সেন ৰমেন বৰুৱা ১৯৮১

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

ৰমেন বৰুৱা চমু জীবনীৰমেন বৰুৱা চলচ্চিত্ৰপঞ্জী[2]ৰমেন বৰুৱা লগতে চাওকৰমেন বৰুৱা তথ্য সংগ্ৰহৰমেন বৰুৱাঅজিৎ বৰুৱাঅণিমা চৌধুৰীআমাৰ ঘৰইংৰাজী ভাষাককাদেউতা নাতি আৰু হাতীকেশৱ মহন্তগুৱাহাটী অনাতাঁৰ কেন্দ্ৰডক্তৰ বেজবৰুৱানিপ বৰুৱানীলিমা খাতুননৱকান্ত বৰুৱাবাংলা ভাষাব্ৰজেন বৰুৱাভাৰতীয় গণনাট্য সংঘস্মৃতিৰ পৰশ

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ জনগোষ্ঠীৰাজনীতিঅম্বুবাচীনেপোলিয়ন বোনাপাৰ্টপ্ৰাচীন গ্ৰীচজাতীয়তাবাদআহোম ৰাজ্যমাৰ্ক্সবাদঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকাছক্ৰেটিছসামাজিক উপভাষাৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগউজনি অসমঅসম বৈভৱ বঁটাশ্ৰী সূৰ্য পাহাৰজৈন ধৰ্মটকা (বাদ্য)এলক'হলহেমকোষসৰ্বশিক্ষা অভিযানগণিতহেঙুল আৰু হাইতালবাৰেচহৰীয়া ভাওনা মহোৎসৱঅশোকাষ্টমীডিম্পু বৰুৱামণিৰাম দেৱানমনোবিজ্ঞানবীজগণিতদেও লাংখুইবধকাব্যকৃষিবিজ্ঞানসিংহফ্ৰান্সভাৰতৰ স্বাধীনতা আন্দোলননাৰায়ণদেৱশ্ৰীমন্ত শংকৰদেৱমানৱ শৰীৰপথেৰ পাঁচালীঅসমৰ ৰাজ্যপালসকলৰ তালিকাকাঞ্চন (উপন্যাস)ভাষা-বিজ্ঞান (গ্ৰন্থ)নাৰীবাদতেজআৰতি ছাৰিনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহগগনাঅসমৰ সাধুকথাঅসম আৰক্ষীৰামধেনু (আলোচনী)মণিৰাম দেৱান (চলচ্চিত্ৰ)সত্য প্ৰসাদ বৰুৱাগুণাভিৰাম বৰুৱাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমায়ংপ্ৰযুক্তিনিৰুপমা বৰগোহাঞিবাঁহী (আলোচনী)ফকৰা যোজনাভাৰতীয় দৰ্শনসংস্কৃত ভাষাদিনভাষাধ্ৰুৱবাদ২০২২ ফিফা বিশ্বকাপনীলমণি ফুকন (জ্যেষ্ঠ)আবেগনীলপৱন বৰুৱাউত্তৰ-পূব ভাৰতবাৰ্ট্ৰেণ্ড ৰাছেলদশম স্কন্ধৰ আদিছোৱাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ভাৰতীয় ৰিজাৰ্ভ বেংক🡆 More