চলচ্চিত্ৰ মাক আৰু মৰম

মাক আৰু মৰম (ইংৰাজী: Maak Aru Moram) ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা এখন সামাজিক অসমীয়া চলচ্চিত্ৰ। নিপ বৰুৱাই ছবিখন পৰিচালনা কৰাৰ উপৰিও ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। সঙ্গীত ব্ৰজেন বৰুৱাৰ। এইখন আছিল নিপ বৰুৱা পৰিচালিত দ্বিতীয়খন ছবি। বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত মাক আৰু মৰম আৰু মৰম প্ৰয়োজনা কৰিছিল ব্ৰজেন বৰুৱাই। ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰিছিল।

মাক আৰু মৰম
Maak Aru Moram
চলচ্চিত্ৰ মাক আৰু মৰম
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য নিপ বৰুৱা
কাহিনী নিপ বৰুৱা
প্ৰযোজক ব্ৰজেন বৰুৱা
অভিনয়ত ব্ৰজেন বৰুৱা
নীৰা চৌধুৰী
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা গোৱিন্দ লাল চেটাৰ্জী
সংগীত পৰিচালক ব্ৰজেন বৰুৱা
মুক্তি
১০ মে' ১৯৫৭
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী

এয়া এজন নিস্থাৱান স্বামী আৰু মৰমীয়াল পিতৃৰ মৰ্মস্পৰ্শী কাহিনী, যিয়ে মৰমী পত্নীৰ আকস্মিক মৃত্যুৰ পাছত পুনৰ্বিবাহ নকৰাবলৈ সিদ্ধান্ত লয়, যাতে সন্তান দুটিক নিজে যতন লৈ ডাঙৰ-দীঘল কৰিব পাৰে। কিন্তু পৰিস্থিতিয়ে তেওঁক সিদ্ধান্ত সলাবলৈ বাধ্য কৰায় আৰু সন্তানৰ সুৰক্ষাৰ বাবে পুনৰ্বিবাহৰ বাবে সন্মত হয়।

ৰমেশে অফিচৰ পৰা ঘৰ পাই পত্নী বুলুক জনায় যে তেওঁ অফিচিয়েল ভ্ৰমণত কলিকতালৈ যাব বুলুৱেও যিহেতু আগতে কেতিয়াও কলিকতালৈ গৈ পোৱা নাই, সেয়েহে তেৱোঁ গিৰিয়েকৰ লগত যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেইমতে ল’ৰা-ছোৱালী দুটা জিতু আৰু জিনাক আইতাক আৰু লিগিৰা ধপচৰ তত্বাৱধানত থৈ দুয়ো কলিকতা পালেগৈ।

দুয়ো কলিকতাত খুব আনন্দ কৰিলে আৰু তাৰ পৰা দাৰ্জিলিং পালেহি। কিন্তু দাৰ্জিলিঙত হঠাৎ বুলু ঢুকাই থাকিল। ৰমেশে ভগ্ন হৃদয়েৰে ঘৰ পালেহি আৰু ল’ৰা-ছোৱালীহালক মাক বেমাৰ হৈ হাস্পাতালত চিকিৎসাধীন হৈ আছে বুলি ক’লে আৰু পুনৰ্বিবাহ নকৰোৱাৰ সিদ্ধান্ত ল’লে।

ৰমেশৰ কলিকতালৈ বদলি হ’ল। এদিন ল’ৰা-ছোৱালীহাল ঘৰৰ বাহিৰলৈ গ’ল। কলিকতাৰ জাক-জমকতাত দুয়ো দিশহাৰা হৈ পৰিল। জিতুৱে দূৰ্ঘটনাৰ সন্মুখীন হ’ল আৰু তাক হাস্পাতাললৈ লৈ যোৱা হ’ল। জিনাকো গুণ্ডাই অপহৰণ কৰিলে।

তেওঁলোকৰ বিশ্বস্ত সঙ্গী এটা এলচেচিয়ান কুকুৰৰ সহায়ত দেউতাকে জিনাক বিচাৰি উলিয়ালে। জিতুও সুস্থ হৈ ঘৰলৈ উভতিল।

ৰমেশে বুজি পালে যে ল’ৰা-ছোৱালীহালৰ সু-যতন ল’বলৈ এজনী মাকৰ অতিকৈ প্ৰয়োজন। সেয়া অকল দেউতাকৰ দ্বাৰা সম্ভৱ নহয়। সেয়েহে তেওঁ পুনৰ্বিবাহ কৰিবলৈ অৱশেষত সিদ্ধান্ত ল’লে।

অভিনয় শিল্পী

চলচ্চিত্ৰ মাক আৰু মৰম 

গীত

ছবিখনত ৬টা গীত আছিল। ইয়াৰে ৩টা হিন্দীত ৰচিত। অসমীয়া গীতকেইটা লিখিছিল দুগৰাকী প্ৰথিতযশা কবি আৰু গীতিকাৰ কেশৱ মহন্ত আৰু হীৰেণ ভট্টাচাৰ্যই। আনহাতে হিন্দী গীতকেইটা লিখিছিল নুৰুল হকে। উল্লেখযোগ্য যে নিপ বৰুৱাৰ প্ৰথম ছবি স্মৃতিৰ পৰশতো হিন্দী গীতৰ অন্তৰ্ভূক্ত কৰা হৈছিল। হিন্দী গীতৰ অন্তৰ্ভূক্তি এক ব্যৱসায়িক কৌশল আছিল।

ক্ৰমিক নংকবি গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
জুৰিটি বাগৰি থমকি ভাগৰি জিৰ জিৰ পুলক জগায়, মৰমী পাপৰি তোমাকে আৱৰি আলফুলে চোঁৱৰ বুলায় কেশৱ মহন্ত ৰমেন বৰুৱা, হিৰন্ময়ী বৰা
সোণৰ বৰণ কন্যা তোমাৰ এঙ্গাৰ বৰণ চুলি, সজল চকু বোলাই ল’লা মেঘৰ কাজল সানি হীৰেণ ভট্টাচাৰ্য হিৰন্ময়ী বৰা
জোনবাই এ চুমা এটি দে, মোৰ সোণৰ সেউজীয়া চকুতে কেশৱ মহন্ত হিৰন্ময়ী বৰা
ভোৰ অৱ ভয়ী ধৰতী জাগী, জাগা হ্যায় আসমান নুৰুল হক
তেৰী জুদাইমেঁ ৰোয়ে ৰাধা কৌন বনাধায়ে ধীৰ, গমকী মাৰী ৰাধা দুলাড়ী বৈঠী যমুনাকে তীৰ নুৰুল হক
য়হ বাত পুৰাণী হ্যায়, পৰ বড়ী সুহানী হ্যায় তেৰীহি কাহানী হ্যায় নুৰুল হক

বঁটা

মাক আৰু মৰম ছবিখনে ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ (১৯৫৭) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা এইখন দ্বিতীয় অসমীয়া ছবি।

তথ্য উংস

Tags:

চলচ্চিত্ৰ মাক আৰু মৰম কাহিনীচলচ্চিত্ৰ মাক আৰু মৰম অভিনয় শিল্পীচলচ্চিত্ৰ মাক আৰু মৰম গীতচলচ্চিত্ৰ মাক আৰু মৰম বঁটাচলচ্চিত্ৰ মাক আৰু মৰম তথ্য উংসচলচ্চিত্ৰ মাক আৰু মৰমইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

সিন্ধু সভ্যতাভাৰতৰ হ্ৰদসমূহৰ তালিকাঅশ্বঘোষজাতনামকৰ'নাভাইৰাছ ৰোগ ২০১৯কম্পিউটাৰআগ্নেয়গিৰিআমেৰিকা যুক্তৰাষ্ট্ৰভাৰত-আৰ্য ভাষা পৰিয়ালশীতল যুদ্ধঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাৰামবহনক্ষম উন্নয়নৰ লক্ষ্যচৰাইকলামিচিং ভাষাবতাহঅন্ধ্ৰপ্ৰদেশঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভূটানবাঁহগোপীনাথ বৰদলৈগাঁওবুঢ়া (নাটক)কুমাৰী নাম আৰু বিবাহিত নামপ্ৰজ্ঞাতাৰালতাকটা ৰণছক্ৰেটিছবিশ্ব সিংহমৌখিক পৰম্পৰাধোদৰ আলিহিউৱেন-চাংনীলপৱন বৰুৱাকেঁচুসাৰমহিম বৰাধাতু আৰু অধাতুমুদ্ৰাস্ফীতিমাতৃভাষামাতা গুজৰিঅসমীয়া ভাষা উন্নতি সাধিনী সভামণিৰাম দেৱানভাৰতৰ নিৰ্বাচন আয়োগকবিতাগোলোকচন্দ্ৰ গোস্বামীনাৰীবাদউপেন্দ্ৰনাথ গোস্বামীকেঁচুসৰ্বশিক্ষা অভিযানৰমন্যাসবাদমাঘ বিহুভাৰতীয় চলচ্চিত্ৰঅনুৰাধা শৰ্মা পূজাৰীমিঠু বৰুৱাভাৰতত মহিলা শিক্ষাহাজোঅসমৰ চিত্ৰকলাৰ ইতিহাসভট্টদেৱৰ গদ্যশৈলীঢোলঁ (চন্দ্ৰবিন্দু)বৃন্দাবনী বস্ত্ৰInternational Standard Book Numberনলিনীবালা দেৱীমোহনদাস কৰমচান্দ গান্ধীডাকৰ বচনশকুন্তলাসাধাৰণ আপেক্ষিকতাবাদউষ্ণতাঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাগুৱাহাটীঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকানগা জনগোষ্ঠীআহোম-মোগলৰ সংঘৰ্ষঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাএপ্ৰিল২৯ মাৰ্চমিডিয়াৱিকিঅসমীয়া কবিতাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাক্ৰিকেট🡆 More