আমাৰ ঘৰ: অসমীয়া চলচ্চিত্ৰ (১৯৫৯)

আমাৰ ঘৰ (ইংৰাজী: Amar Ghar) ১৯৫৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। কাহিনী আৰু পৰিচালনা নিপ বৰুৱাৰ। কামৰূপ কলা মন্দিৰৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল অমলেন্দু বাগচীয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। সঙ্গীত পৰিচালক আছিল ব্ৰজেন বৰুৱা। ছবিখনত চাৰিটা গীত আছিল। এই চাৰিটা গীত চাৰিজন বেলেগ বেলেগ গীতিকাৰে ৰচনা কৰিছিল। তেওঁলোক আছিল- তফজ্জুল আলি , পদ্ম বৰকটকী, কেশৱ মহন্ত আৰু লক্ষ্যধৰ চৌধুৰী।

আমাৰ ঘৰ
Amar Ghar
আমাৰ ঘৰ: কাহিনী, অভিনয় শিল্পী, সংগীত
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য লক্ষ্যধৰ চৌধুৰী
কাহিনী নিপ বৰুৱা
প্ৰযোজক অমলেন্দু বাগচী
অভিনয়ত বিজয় শঙ্কৰ
বীণা বৰুৱা
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা
মুক্তি
৪ ডিচেম্বৰ ১৯৫৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী

এই সামাজিক ছবিখনত ঘাইকৈ দেখুওৱা হৈছে যে মাহীমাক মাত্ৰেই বেয়া নহয় আৰু দেখুওৱা হৈছে সমাজৰ ওপৰত ফটিকাৰ কু-প্ৰভাৱ।

প্ৰথমা পত্নীৰ বিয়োগৰ পিছত প্ৰদীপৰ ঘৰ নকৈ পোহৰাবলৈ দীপালীৰ প্ৰৱেশ ঘটিল। চাৰিমহীয়া কেঁচুৱা মণ্টিক দীপালীৰ হাতত গতাই প্ৰদীপ নিশ্চিত হ’ল। দীপালীয়েও নিজৰ সন্তানৰ দৰে মণ্টিক বুকুৰ মাজত সুমুৱাই ল’লে। ঘৰখনৰ সকলোৱে ন-বোৱাৰীৰ প্ৰশংসাত পঞ্চমুখ। কেইদিনমান পিছত দীপালীৰ কোলালৈ আহিল এজনী ছোৱালী- মাইনা।

মসৃণ গতিত গৈ থকা সংসাৰখনত কেনা লগালে বলেনে। নেফাত কেইবছৰমান ঠিকাদাৰী কৰি চহৰলৈ উভতি আহিছে প্ৰদীপৰ বন্ধু বলেন। বলেনৰ সংস্পৰ্শত প্ৰদীপে মদ আৰু জুৱাত হাত দিলে। ঘৰত অশান্তি আৰম্ভ হ’ল। জুৱা-মদৰ পইচা গোটাবলৈ ঘৰৰ দুই এপদ বস্তুও বিক্ৰী কৰা আৰম্ভ হৈ গ’ল। অৱস্থা এনেকুৱাহে হ’লগৈ যে দীপালীয়ে মাইনাক লৈ দেউতাৰ ঘৰলৈ গুছি যাবলৈ বাধ্য হৈ পৰিল। মাহীমাক বুলিয়ে প্ৰদীপে মণ্টিক নিবলৈ নিদিলে।

কিন্তু মণ্টি আৰু দীপালীয়ে ইজনে-সিজনক জানো এৰি থাকিব পাৰিলে? প্ৰদীপৰ হেজাৰ বাধা-ভাবুকিকো নেওচি মণ্টি বাৰে বাৰে দীপালীৰ ওচৰ পায়গৈ। অৱশেষত প্ৰদীপৰ সংশোধন হ’ল। মদ আৰু জুৱাৰ পৰা আঁতৰি অহাৰ শপত খালে। দীপালী মণ্টি-মাইনাক লৈ পুনৰ আপোন ঘৰলৈ উভতি আহিল।

অভিনয় শিল্পী

সংগীত

সংগীত পৰিচালনা ব্ৰজেন বৰুৱাৰ। তেওঁক সহযোগ কৰিছে ৰমেন বৰুৱাই। চাৰিজন ভিন্ন ভিন্ন গীতিকাৰে ছবিখনৰ বাবে চাৰিটা গীত লিখিছে। এইখন ছবিৰ বাবেই পদ্ম বৰকটকীয়ে প্ৰখমবাৰৰ বাবে চলচ্চিত্ৰীয় গীত ৰচনা কৰে।

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "কণকণ জোনাকীৰে কণকণ পোহৰেৰে দীপালীৰ বন্তি জ্বলাই"  তফজ্জুল আলি ৰমেন বৰুৱা, পূৰৱী দেৱী  
2. "শুনা মোৰ জীৱনৰ চাকি, স্বপ্নভৰা জোনাকৰ ৰাতি"  পদ্ম বৰকটকীব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, পূৰৱী দেৱী, পাৰুল দেৱী  
3. "এই জোন জোনালী থুপি থুপি তৰালী জ্বলি জ্বলি জ্বলালি"  কেশৱ মহন্তপূৰৱী দেৱী  
4. "আমাৰ ঘৰলৈ যাওঁ, অকণি মৰমেৰে অকণি চেনেহেৰে মৰতত সৰগ সজাওঁ"  লক্ষ্যধৰ চৌধুৰীপূৰৱী দেৱী, পাৰুল দেৱী  

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

আমাৰ ঘৰ কাহিনীআমাৰ ঘৰ অভিনয় শিল্পীআমাৰ ঘৰ সংগীতআমাৰ ঘৰ তথ্য উৎসআমাৰ ঘৰ বাহ্যিক সংযোগআমাৰ ঘৰঅসমীয়া কথাছবিইংৰাজী ভাষাকেশৱ মহন্ততফজ্জুল আলিনিপ বৰুৱাপদ্ম বৰকটকীলক্ষ্যধৰ চৌধুৰী

🔥 Trending searches on Wiki অসমীয়া:

এডল্ফ হিটলাৰভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগকাৰ্বি আংলং জিলামাটিৰ হিচাপঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅৰুণাচল প্ৰদেশচুতীয়া ৰাজ্য২০২৩খৰ্গেশ্বৰ তালুকদাৰৰামধেনু (আলোচনী)শিৱসাগৰৰ শিৱদৌলমায়ংসাক্ষৰতাআউনীআটী সত্ৰএ পি জে আব্দুল কালামপৰিৱেশ তন্ত্ৰসমাজবড়ো চুক্তি ২০২০দক্ষিণপাট সত্ৰসুতুলীপাণিনিবসন্ত ঋতুলাচিত বৰফুকনম'হৰ শিঙৰ পেঁপামনোমতীঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলআনন্দ চন্দ্ৰ আগৰৱালাবন্দে মাতৰম্‌দিনশব্দ (অভিধান)মহাভাৰতৰ পাত্ৰৰুক্মিণী হৰণ নাটকল১ মে'অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবৰ্ণালী কলিতাপুঁজিবাদঅনিৰুদ্ধদেৱকথা কবিতাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঅসমৰ মহকুমাসমূহৰ তালিকামৃত্যুঞ্জয়বিশ্ব ধঁপাতবিৰোধী দিৱসঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাকৰতল কমল কমল দল নয়নবিদ্যুৎশৰাইঘাটৰ যুদ্ধযোৰহাট জিলাজোনবিল মেলাআলি আঃয়ে লৃগাংৰাছিয়াষড়ভুজভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাসিন্ধু নদীতামিলনাডুশিৱসাগৰঅসমৰ পৰম্পৰাগত সাজ- পাৰগৰ্ভপাতআমেৰিকা যুক্তৰাষ্ট্ৰঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাধূমকেতুবৈষ্ণৱ সাহিত্যধেমাজিসপ্তকাণ্ড ৰামায়ণগাখীৰপাৰ্বতীচকৰি ফেঁটী বুৰঞ্জীবৰাইল পৰ্বতলক্ষ্মীধৰ শৰ্মাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাখামটি জনগোষ্ঠীআইজাক নিউটন🡆 More