দীপালী বৰঠাকুৰ: ভাৰতীয় গায়িকা

দীপালী বৰঠাকুৰ (ইংৰাজী: Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।

দীপালী বৰঠাকুৰ
দীপালী বৰঠাকুৰ: চমু জীৱনী, সাংগীতিক জীৱন, মৃত্যু
প্ৰাথমিক তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯৪১
নীলমনি বাগান, সোণাৰি, শিৱসাগৰ জিলা
মৃত্যু ২১ ডিচেম্বৰ, ২০১৮ (৭৭ বছৰ)
গুৱাহাটী
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৫৫-১৯৬৯

চমু জীৱনী

১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ (বৰ্তমান চৰাইদেউ জিলা) সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।

১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

সাংগীতিক জীৱন

পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।

শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়। ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড॰ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়। ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’। প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে। নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।

প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছবি লাচিত বৰফুকনত দীপালী বৰঠাকুৰে পৰিবেশন কৰে 'আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে' গীতটি।

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গান:

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
  • জোনধনে জোনালীতে
  • আবেগৰ বোকোচা ব’ব মই নোৱাৰো, যৌৱনে আমনি কৰে (কথাছবি লাচিত বৰফুকন)
  • কণমান বৰশীৰে চিপ (কথা: জয়ন্ত বৰুৱা, সুৰ: বীৰেন্দ্ৰ নাথ দত্ত)
  • চেনাই মই যাওঁ দেই
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা (কথা-সুৰ: ৰুদ্ৰ বৰুৱা)
  • কোন সেই ৰূপৱতী যাই
  • সোণোৱালী বুটা বছা অসমীয়া পাট
  • আগলি কলাপাত লৰে কি চৰে (কথা: নিৰ্মলপ্ৰভা বৰদলৈ)
  • আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া (কথা: নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ: ভৱেন বৰঠাকুৰ)

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ। ' এইখিনি সময়তে দীপালী বৰঠাকুৰ 'মটৰ নিউৰণ ৰোগ'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।

মৃত্যু

২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰ ২২ ডিচেম্বৰ ২০১৮ তাৰিখে নৱগ্ৰহত ৰাজ্যিক মৰ্য্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

বঁটা আৰু সন্মান

  • পদ্মশ্ৰী সন্মান (১৯৯৮)
  • অসম চৰকাৰৰ শিল্পী বঁটা (২০১০)
  • 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)
  • আইদেউ সন্দিকৈ বঁটা (২০১২)

১৯৫৬ চনত 'অসম সংগীত নাটক একাডেমী'ৰ উদ্যোগত অনুষ্ঠিত 'সংগীত সমাৰোহ'ত লাভ কৰে শ্ৰেষ্ঠ গায়িকাৰ সন্মান। ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫, ০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।

তথ্য সংগ্ৰহ

Tags:

দীপালী বৰঠাকুৰ চমু জীৱনীদীপালী বৰঠাকুৰ সাংগীতিক জীৱনদীপালী বৰঠাকুৰ মৃত্যুদীপালী বৰঠাকুৰ বঁটা আৰু সন্মানদীপালী বৰঠাকুৰ তথ্য সংগ্ৰহদীপালী বৰঠাকুৰইংৰাজী ভাষা৩০ জানুৱাৰী

🔥 Trending searches on Wiki অসমীয়া:

গণৰাজ্য দিৱস (ভাৰত)পাঠ পৰিকল্পনাকামৰূপ ৰাজ্যলোকসভাৰ অধ্যক্ষনলিনীবালা দেৱীসংখ্যাজ্যোতিপ্ৰসাদ আগৰৱালাদীপলিনা ডেকাশব্দ (অভিধান)অসমৰ সাধুকথাভেঁকুৰজাপিঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰযোগ দৰ্শনদৰিদ্ৰতাসাহিত্য সমালোচনাঅশোকৰ অনুশাসনব্যক্তিত্বসাপঅসমৰ বনৌষধিলিঅ'নাৰ্ড' দা ভিন্সিআহোম ৰাজবংশচ্যু-পাত-ফায়জীৱনীউপনিষদৰাজনৈতিক দললুৰিন জ্যোতি গগৈআই এম ডি টি আইন, ১৯৮৩ৰাছিয়াযতি-চিনবলবিজ্ঞাপনভাৰত ত্যাগ আন্দোলনইণ্টাৰনেটআনন্দৰাম ঢেকিয়াল ফুকনধৰ্মবিৰিঞ্চি কুমাৰ বৰুৱাৰাষ্ট্ৰসংঘবৌদ্ধ ধৰ্মসদৌ অসম ছাত্ৰ সন্থাপৰিয়াললক্ষ্মীধৰ শৰ্মাআৱাহন (আলোচনী)পৰ্যাবৃত্ত তালিকাভট্টদেৱৰ গদ্যশৈলীচামগুৰি সত্ৰস্বাস্থ্যঅসমীয়া ভাষাঅভিযন্তাবিশ্ব খাদ্য কাৰ্যসূচীপলাশীৰ যুদ্ধভাৰত-আৰ্য ভাষা পৰিয়ালভাৰতীয় চলচ্চিত্ৰআনন্দৰাম বৰুৱাকালিদাসৰূপালীমবসন্ত ঋতুপাইক প্ৰথাচীনা-তিব্বতীয় ভাষাকপৌ ফুলকিতাপবিহুৰ বাদ্যযন্ত্ৰঅসমৰ চলচ্চিত্ৰচকুনৱ-বৈষ্ণৱ ধৰ্মনদীচাণক্যব-দ্বীপউষ্ণতাসেউজ গৃহ প্ৰভাৱঅৰুণোদইঅসমীয়া ভাষাৰ শব্দসম্ভাৰৰং🡆 More