নীলপৱন বৰুৱা: ভাৰতীয় চিত্ৰশিল্পী

নীলপৱন বৰুৱা (ইংৰাজী: Neel Pawan Baruah) (১ জুন, ১৯৩৬ - ২৮ অক্টোবৰ, ২০২২ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। ২০২১ চনত তেওঁক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰে। বৰুৱাৰ কেইখনমান উল্লেখযোগ্য চিত্ৰকৰ্ম হ’ল— ‘গ্ৰীণ বাৰ্ড’, ‘কালীয় দমন’, ‘শংখচক্ৰ গদাপদ্ম’, ‘শায়িত মানুহ’, ‘বৰঢোল’, ‘ভিয়েটনামৰ জয়’, ‘চিঞৰ’, ‘তিনিজন মাতব্বৰ’, ‘পটচিত্ৰ’ আৰু ‘দেৱীৰ তিনিখন মুখ’। ১৯৭০ আৰু ১৯৭১ চনত গুৱাহাটীত, ১৯৭২ আৰু ১৯৭৮ চনত লক্ষ্ণৌত, ১৯৬৫, ১৯৮৬ আৰু ২০১৫ চনত কলকাতাৰ বিৰলা একাডেমী আৰু ভুবনেশ্বৰত বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।

নীলপৱন বৰুৱা
নীলপৱন বৰুৱা: জন্ম, শিক্ষা, কৰ্ম জীৱন
নীলপৱন বৰুৱা
জন্ম ১ জুন, ১৯৩৬
টীয়ক, যোৰহাট, অসম
মৃত্যু ২৮ অক্টোবৰ, ২০২২ (৮৬ বছৰ)
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় চিত্ৰশিল্পী
দাম্পত্যসঙ্গী দীপালী বৰঠাকুৰ
পিতৃ-মাতৃ বিনন্দ চন্দ্ৰ বৰুৱা (পিতৃ)
লাৱণ্যপ্ৰভা বৰুৱা (মাতৃ)

জন্ম

নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ পহিলা জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত। পিতৃ ধ্বনি কবি ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।

শিক্ষা

টীয়ক ৫৪ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰম্ভ কৰা নীলপৱন বৰুৱাই টীয়ক হাইস্কুল, যোৰহাট পলিটেকনিক স্কুল, মৰিয়নী হাইস্কুল আৰু গুৱাহাটীৰ কামৰূপ একাডেমী আদি বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।

হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিৱেশ কৰিম বুলি তেওঁ কলেজীয়া শিক্ষা লোৱা নাছিল। কিন্তু প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ শান্তিনিকেতনত শিক্ষা লোৱাৰ মানসেৰে কলিকতালৈ আহে। প্ৰথমে তেওঁ কৃষি বিষয়ত শিক্ষা লোৱাৰ ইচ্ছা কৰিছিল, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষাৰম্ভ কৰে।

১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেওঁ শ্ৰী নিকেতনৰপৰা glazed pottery বিষয়ত শিক্ষা লয়। পাছলৈ বৰুৱাই নতুন দিল্লীৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।

কৰ্ম জীৱন

১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে।

১৯৬৯ চনত মৰনৈৰ শ্ৰীসূৰ্য পাহাৰত পুৰাতত্ত্ব বিভাগৰ সহযোগত শিল্পৰ কামৰ সৈতে জড়িত হৈ পৰা নীলপৱন বৰুৱাই অসম চৰকাৰক সোণাপুৰ অঞ্চলৰ এটি টিলাত ছবিৰ আৰ্কাইভ খুলিবৰ বাবে এটুকুৰা মাটি বিচাৰিছিল যদিও তেওঁৰ ইচ্ছাই বাস্তৱ ৰূপ নাপালে। ‘বৃন্দাবনী প্ৰাচীৰ’ নাম দি ১৮০ ফুট দীঘল এখন দেৱাল-চিত্ৰ বা ম্যুৰেল আঁকিবৰ বাবেও তেওঁ পৃষ্ঠপোষক বিচাৰিছিল।

১৯৭১ চনত বৰুৱাই অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে, লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।

নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’ত অসমক প্ৰতিনিধিত্ব কৰিছিল।

১৯৮২ চনত বৰুৱাই লোককলা নাম দি এটি লোকশিল্প চৰ্চাৰ কেন্দ্ৰ খুলিছিল আৰু এই কেন্দ্ৰৰ অধীনত অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল। মুখা শিল্পৰ কৰ্মশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত ডিজাইন তৈয়াৰ কৰিছিল। কাগজৰ মণ্ডৰে তৈয়াৰ কৰা ব’ৰ্ডত তেওঁ ৰং সানি ওখ-চাপৰকৈ সজাই তেওঁ চিত্ৰ-ভাস্কৰ্যৰ সমন্বয়ৰে এক নতুন সৃষ্টি প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাইছিল। তেওঁ সেই সময়তে গ্ৰাফিক কৌশলেৰে প্ৰিণ্টিং কৰিছিল আৰু গ্ৰাফিক, পেইণ্টিং, স্কাল্পশ্যাৰ, নীলপৱন এই চাৰি শব্দৰ সমষ্টিৰে এই পদ্ধতিটোৰ নাম ‘গ্ৰাপাস্কাপন’ ৰাখিছিল। এই শৈলীত তেওঁ ব্যুৎপত্তি লভিছিল। কাগজৰ মণ্ডৰে তেওঁ ‘খোলবাদক’, হাতীৰ কম্পোজিচন, নাৰীৰ মুখাৱয়ব আদি সৃষ্টি কৰিছিল। ২০০০ চনত দুহেজাৰ চিত্ৰ আৰু দুহেজাৰ ড্ৰয়িং অংকনৰ কাম তেওঁ সমাপ্ত কৰিছিল।

    চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ

নীলপৱন বৰুৱাই ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেওঁ চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল , যি সময়ত ধূমপান কৰা তেওঁৰ অভ্যাসত পৰিণত হৈছিল।

ব্যক্তিগত জীৱন

অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাৰ সহধৰ্মিনী। জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে ‘মটৰ-নিউৰণ ৰোগ’ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো ‘হুইল চেয়াৰ’ৰ আশ্ৰয় ল’বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল।

সামাজিক জীৱন

বৰুৱা জীৱনকালত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। ১৯৪৫ চনত তেওঁ টীয়কত প্ৰতিষ্ঠিত জয়হিন্দ ছাত্ৰ সংসদৰ মাধ্যমেৰে সমাজ সেৱাত ব্ৰতী হৈ সক্ৰিয় ৰাজহুৱা জীৱনৰ পাতনি মেলিছিল। ১৯৯১ চনত তেওঁ অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ উদ্ধোধন কৰিছিল। নীলপৱন বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ শিল্পী-সাহিত্যিক সাহায্য ন্যাসৰ সভাপতি আছিল আৰু নতুন দিল্লীৰ ললিত কলা একাডেমীৰ অসমৰ প্ৰতিনিধি আছিল। ললিত কলা একাডেমীৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সৰ্ব ভাৰতীয় শিল্পী শিবিৰ নীলপৱন বৰুৱাই পৰিচালনা কৰিছিল।

গ্ৰন্থপঞ্জী

  • অন্য এক গতি (সংকলন)
  • বসুন্ধৰা-১
  • বসুন্ধৰা-২
  • নীলপৱন বৰুৱাৰ ছবি আৰু কবিতা

স্বীকৃতি

২০১২ চনত, নৱকান্ত বৰুৱা ফাউণ্ডেচনে নীলপৱন বৰুৱাৰ প্ৰায় ৮৭ খন চিত্ৰৰে ৰাজ্যিক আৰ্ট গেলেৰীত ‘নীলপৱন বৰুৱা- চিত্ৰৰ প্ৰদৰ্শনী’ শীৰ্ষক এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিল।

২০১৮ ত নীলপৱন বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মাজত হোৱা চুক্তি অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ে আগ্ৰহী কলাৰসিকৰ বাবে ২০২২ চনৰ ৯ এপ্ৰিল তাৰিখে বিশ্ববিদ্যালয় প্ৰাংগণত ‘মডাৰ্ণ আৰ্ট অৱ নীলপৱন’ এটি সংগ্ৰহালয় উন্মোচন কৰে। এই সংগ্ৰহালয়ত নীলপৱন বৰুৱাৰ প্ৰায় ৫৬খন বিভিন্ন মাধ্যমত অঁকা পেইন্টিং প্ৰদৰ্শনৰ বাবে ৰাখিছে। বৰুৱাই চাৰমিনাৰ বাকচত অঁকা অসংখ্য পেকেটেৰে হাতীৰ আকৃতিৰ এক অপূৰ্ব শিল্পকৰ্ম ইয়াত প্ৰদৰ্শিত হৈছে। বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেন্ট অৱ কালচাৰেল ষ্টাডিজৰ অন্তৰ্গত এই কেন্দ্ৰটোৰ বাহিৰৰ বেৰত শিল্পীগৰাকীৰ কেইবাখনো পেইন্টিং ফ্লেক্সপ্ৰিন্টিং মাধ্যমত ছপা কৰি আঁৰি ৰখা হৈছে। কেন্দ্ৰটোৰ ভিতৰভাগত প্ৰদৰ্শিত হৈছে শিল্পীগৰাকীৰ বিষয়ে কলাসমালোচক মৌচুমী কন্দলীয়ে লিখা এটা প্ৰয়োজনীয় লেখা— “এ ৰোমাণ্টিক ইন ছাৰ্চ অৱ এ ছিগনিফিকেণ্ট ফৰ্ম”, লগতে শিল্পীগৰাকীৰ জীৱন আৰু কৃতি সম্পৰ্কে কেতবোৰ তথ্য।

২০১৬ চনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ‘এচিভাৰ এৱাৰ্ডছ’ প্ৰদান অনুষ্ঠানত নীলপৱন বৰুৱালৈ ‘এক্সিলেণ্ট ইন আৰ্ট’ সন্মান আগনঢ়োৱা হৈছিল। ২০২১ চনত অসম চৰকাৰে তেওঁক ‘অসম সৌৰভ বঁটা’ প্ৰদান কৰে।

অন্যান্য বঁটা আৰু সন্মান

বৰ্ষ বঁটা
১৯৮৯ অসম চৰকাৰৰ শিল্পী পেন্সন
২০০৪ প্ৰণৱ বৰুৱা বঁটা
২০০৫ বিষ্ণুৰাভা বঁটা
২০০৭ লিঅ’ এক্সপ’ বঁটা
২০০৮ জ্যোতিৰূপা শিল্পী বঁটা
ৰবীন্দ্ৰ জয়ন্তী শিল্পী সন্মান
২০১৬ চাটক বঁটা
অসম জাতীয় বিদ্যালয়ৰ ফেল’শ্বিপ প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান।

মৃত্যু

২০২১ চনৰ ৫ জুন তাৰিখে বৰুৱাৰ দেহত কভিড' ৰোগ ধৰা পৰে। ক'ভিডৰ পিছত হোৱা স্বাস্থ্য সম্পৰ্কীয় জটিলতাত ভুগি , ২০২২ চনৰ ২৮ অক্টোবৰ, শুকুৰবাৰৰ বিয়লি ৩-১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীলপৱন বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। অসম চৰকাৰে ৰাজ্যিক মৰ্য্যদাৰে বৰুৱাৰ শেষ কৃত্য সম্পন্ন কৰে।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

নীলপৱন বৰুৱা জন্মনীলপৱন বৰুৱা শিক্ষানীলপৱন বৰুৱা কৰ্ম জীৱননীলপৱন বৰুৱা ব্যক্তিগত জীৱননীলপৱন বৰুৱা সামাজিক জীৱননীলপৱন বৰুৱা গ্ৰন্থপঞ্জীনীলপৱন বৰুৱা স্বীকৃতিনীলপৱন বৰুৱা অন্যান্য বঁটা আৰু সন্মাননীলপৱন বৰুৱা মৃত্যুনীলপৱন বৰুৱা তথ্য উৎসনীলপৱন বৰুৱা বাহ্যিক সংযোগনীলপৱন বৰুৱাঅসমঅসম চৰকাৰইংৰাজী ভাষাকলকাতাগুৱাহাটী

🔥 Trending searches on Wiki অসমীয়া:

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰৰাজিয়া চুলতানাঅসমীয়া ভাষা আন্দোলনগোৱালপৰীয়া লোকগীতমনোমতীঢোলবিৰিৰঙিয়া (বিধানসভা সমষ্টি)আজান পীৰৰ দৰগাহজল প্ৰদূষণভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাষাভাৰতীয় জনতা পাৰ্টিবিষুৱ ৰেখাঅসমীয়া লিপিৰ বুৰঞ্জীবেণুধৰ শৰ্মাদেওহাঁহবৰ্মণ ৰাজবংশনগাঁও (লোকসভা সমষ্টি)ইয়াত এখন অৰণ্য আছিলশিৱসাগৰ জিলাফাকুৱাঅসম বিধানসভাসিন্ধু সভ্যতাচৰাইকোষ (জীৱবিজ্ঞান)প্ৰাকৃতিক সম্পদমৃত্যুমাটিঅসমীয়া ভাষাকাতি বিহুযৌন প্ৰৱেশক্ৰিয়াউপন্যাসজৱাহৰলাল নেহৰুপূৰবী বৰমুদৈউদাৰনৈতিকতাবাদউমাচল শিলালিপিসৰ্পগন্ধাগামখাৰুইছলামপদুমবিয়া নামহীৰেন গোহাঁইমুখমৈথুনজোনাকী (আলোচনী)ঋতুভাষাবিজ্ঞানচুতীয়া ৰাজ্যনৈৰাজ্যবাদযুক্তৰাজ্যশোণিতপুৰ (লোকসভা সমষ্টি)এচিদ বৰষুণমোৰো এটা সপোন আছেকলাকপৌ ফুলঅসমৰ সাহিত্যিকসকলৰ তালিকাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাপতঞ্জলিৰ যোগসূত্ৰদেউলকেতেকী ফুলআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডস্বামী বিবেকানন্দকৰ্ণ (অংগ)ডিব্ৰুগড়ব্ৰহ্মপুত্ৰ নদৰবীন্দ্ৰনাথ ঠাকুৰনৰেন্দ্ৰ মোদীশ্ৰী শ্ৰী বটদ্ৰৱা থানকলীয়াভোমোৰা সেতুডাকৰ বচনপূৰ্ণ স্বৰাজফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাঅন্নপ্ৰাশনতলাতল ঘৰহাবুংভটিমা🡆 More