ঝৌ ৰাজবংশ

ঝৌ ৰাজবংশ (চীনা: }} ; Old Chinese (B&S): *tiw) এটি চীনা ৰাজবংশ যিয়ে শ্বাং ৰাজবংশৰ পাছত শাসন কৰিছিল। এই ৰাজবংশৰ শাসন ৭৮৯ বছৰলৈকে চলিছিল। ই চীনা ইতিহাসৰ আতাইতকৈ দীৰ্ঘ কালৰ বাবে ৰাজ কৰা বংশ। এই ৰাজবংশৰ উপাধি আছিল জি। তেওঁলোকৰ সামৰিক নিয়ন্ত্ৰণ চলিছিল খ্ৰীষ্টপূৰ্ব ১০৪৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ৭৭১লৈ। এই কালক পশ্চিমীয়া ঝৌ বোলা হয়। তাৰ পাছতো, পৰৱৰ্তী ৫০০ বছৰলৈ তেওঁলোকে সৃষ্টি কৰা ৰাজনৈতিক প্ৰভাৱ বৰ্তি আছিল। ঝৌ ৰাজবংশৰ প্ৰতিষ্ঠাৰ বছৰ খ্ৰীষ্টপূৰ্ব ১০৪৬ বুলি চীন চৰকাৰৰ শ্বিয়া-শ্বাং-ঝৌ কালক্ৰম প্ৰকল্প আৰু ডেভিড পাৰ্কেনিয়েৰৰ দ্বাৰা দাবী কৰা হৈছে। কিন্তু শাস্ত্ৰীয় চীনা ইতিহাস লিখন আৰু মহাজাগতিক পৰিঘটনাৰ কালৰ পৰা লাভ কৰা সাক্ষ্য ব্যৱহাৰ কৰি ডেভিড নিভিছনে কৰা গণনা আৰু এডৱাৰ্ড ছৌঘ্নেছেৰ মতে ঝৌ ৰাজবংশ খ্ৰীষ্টপূৰ্ব ১০৪৫তহে সৃষ্ট।

ঝৌ ৰাজবংশ
খ্ৰীষ্টপূৰ্ব ১০০০ত ঝৌ ৰাজবংশৰ দ্বাৰা শাসিত অঞ্চল

ক্ষমতা

চীনা ইতিহাসৰ বসন্ত আৰু শৰতৰ যুগত ঝৌ ৰাজবংশৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছিল। এই যুগৰ শেষত আহিছিল যুদ্ধৰত ৰাজ্যৰ যুগ, য'ত ঝৌসকলে প্ৰায় সম্পূৰ্ণৰূপেই তলতীয়া ৰাজ্যসমূহৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। এই তলতীয়া ৰাজ্যসমূহ নিজৰ মাজতেই ৰণত ব্যস্ত থাকিছিল। এই কালৰ শেষৰ ফালে চিন ৰাজ্যই আন কেইবাখনো ৰাজ্যক দখল কৰি এক ঐক্যবদ্ধ ৰাজতন্ত্ৰৰ সৃষ্টি কৰিছিল খ্ৰীষ্টপূৰ্ব ২২১ত। যদিও আনিষ্ঠানিক বাবে তাৰ ৩৫ বছৰ আগতহে ঝৌ ৰাজবংশই ক্ষমতা ত্যাগ কৰিছিল, বাস্তৱত তাৰ বহু আগৰ পৰাই ঝৌসকলৰ ক্ষমতা অস্তিত্বহীন আছিল।

সংস্কৃতি

চীনৰ ইতিহাস
পেকিং মানৱ
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
শ্বিয়া ৰাজবংশ
শ্বাং ৰাজবংশ
ঝৌ ৰাজবংশ
শৰৎ আৰু বসন্তৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ
চিন ৰাজ্য
চু-হান যুদ্ধ
হান ৰাজবংশ
তিনি ৰাজ্য
জিন ৰাজবংশ
ষোল্ল ৰাজ্য
ৱেই ৰাজবংশ
লিউ চং ৰাজবংশ
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ
চুই ৰাজবংশ
টাং ৰাজবংশ
চং ৰাজবংশ
জিন ৰাজবংশ (দ্বিতীয়)
মংগোলৰ চীন দখল
য়ুৱান ৰাজবংশ
মিং ৰাজবংশ
চিং ৰাজবংশ
চীন গণৰাজ্য
গণপ্ৰজাতন্ত্ৰী চীন

ঝৌসকলৰ শাসনৰ কাল, অনেকৰ মতে, চীনা ইতিহাসত ব্ৰঞ্জৰ সামগ্ৰী নিৰ্মাণৰ আতাইতকৈ উৎকৃষ্ট কাল। ঝৌ বংশৰ শাসনৰ শেষৰ ফালে কেইবাটাও প্ৰভাৱশালী চীনা দৰ্শনৰ সৃষ্টি হৈছিল, যাৰ অন্যতম কনফুচিয়ানবাদ, টাওবাদ আৰু আইনবাদ। ঝৌ বংশৰ শাসনতেই চীনা লিপিৰ বিকাশ ঘটি ইয়াৰ ৰূপ অৰেকল ব'নৰ পৰা মোহৰ লিপি আৰু তাৰ পাছত প্ৰায় সম্পূৰ্ণৰূপে আধুনিক ধাৰ্মিক লিপি হ'লগৈ। ধাৰ্মিক লিপি যুদ্ধৰত ৰাজ্যৰ সময়ত দেখা গৈছিল।

তথ্য সংগ্ৰহ

Tags:

en:Old Chineseen:Reconstructions of Old Chineseচীনচীনা ভাষাশ্বাং ৰাজবংশ

🔥 Trending searches on Wiki অসমীয়া:

অতুল চন্দ্ৰ হাজৰিকাব'হাগ বিহুমানৰ অসম আক্ৰমণউত্তৰ-পূব ভাৰতগঙ্গা নদী২৪ এপ্ৰিলতৎসমঅসমীয়া ভাষা আন্দোলনপোৱামক্কাৰামধেনুঈয়াৰুইঙ্গমআৰ্যভট্টগগনামানচিত্ৰআলেকজেণ্ডাৰ ফ্লেমিংআগ্নেয়গিৰিপথৰুঘাটৰ ৰণবাঁহী (আলোচনী)ছাইমন কমিশ্যনসম্পাদনাজল সংৰক্ষণমহেশ্বৰ নেওগএডৱাৰ্ড জেনাৰলোক-সংগীতঅসমৰ সাহিত্যিকসকলৰ তালিকাউইলিয়াম শ্বেইকছপীয়েৰমূৰাৰা, ৰঙিয়ামানস ৰাষ্ট্ৰীয় উদ্যানগুৱাহাটী (লোকসভা সমষ্টি)বৌদ্ধ ধৰ্মঅসমীয়া ভাষাৰ শব্দসম্ভাৰমৌখিক ইতিহাসউপভাষাজলবিদ্যুৎবগেজাৰী গীতলোকাচাৰগড়মূৰ সত্ৰসত্যনাথ বৰাৰাজনীতিজয়মতী কুঁৱৰীশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাভাৰতীয় টকাকালিকা পুৰাণমণিৰাম দেৱানচুতীয়া ৰাজ্যকামৰূপী উপভাষাবৃহস্পতি গ্ৰহঅসম বিধানসভাখামটি ভাষাযুধিষ্ঠিৰএশিঙীয়া গঁড়ঘৰচিৰিকাবিশেষ্য পদঅসমৰ জিলাসমূহমুগা (ৰেচম)হাড়খোলমণিপুৰমৰুভূমিপুতলা নাচজিএছটিমাটিআলোচনীইতিহাসঅংগৰাগ মহন্তবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনবেটুপাততথ্য জনাৰ অধিকাৰ আইন, ২০০৫সাহিত্যবৰপেটা (লোকসভা সমষ্টি)ভবেন্দ্ৰ নাথ শইকীয়ালোকবিশ্বাসচক্ৰধ্বজ সিংহ (নাটক)তগৰনিমাতী কইনামাজুলী🡆 More