জেন গুডঅল

ডেম জেন মৰিছ গুডঅল(ইংৰাজী: Dame Jane Morris Goodall) DBE (/ˈɡʊdɔːl/; জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪), পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু পাৰিবাৰিক দিশৰ অধ্যয়নৰ লগত তেখেত ৬০ বছৰৰ জড়িত হৈ আছিল৷ টাঞ্জানিয়াত থকা গম্বে ষ্ট্ৰিম ৰাষ্ট্ৰীয় উদ্যানলৈ গুডঅল ১৯৬০ চনতে পোনপ্ৰথমবাৰৰ বাবে গৈছিল আৰু চিম্পাঞ্জীৰ মাজত মানৱ-সদৃশ আচৰণ প্ৰত্যক্ষ কৰিছিল৷ ইয়াৰ লগতে তেখেতে গম্বে চিম্পাঞ্জীৰ মাজত সশস্ত সংঘাতো দেখা পাইছিল৷

জেন গুডঅল
Jane Goodall
জেন গুডঅল
২০১৮ চনত টাঞ্জানিয়াত গুডঅল
জন্ম ভালেৰী জেন মৰিছ-গুডঅল
৩ এপ্ৰিল, ১৯৩৪ (৯০ বছৰ)
লণ্ডন, ইংলেণ্ড, যুক্তৰাজ্য
শিক্ষানুষ্ঠান
  • নিউহেম কলেজ,কেমব্ৰিজ
  • ডাৰৱিন কলেজ, কেমব্ৰিজ
ডক্তৰেল পৰামৰ্শদাতা ৰবাৰ্ট হিণ্ডে
জনা যায় চিম্পাঞ্জীৰ অধ্যয়ন, পৰিৱেশ সংৰক্ষণ, জীৱ কল্যাণ
প্ৰভাৱ লুইছ লিকী
উল্লেখনীয় বঁটা
  • কিয়টো বঁটা (১৯৯০)
  • হাবাৰ্ড পদক, ১৯৯৫
  • পাৰিপাৰ্শ্বিকতাৰ সাফল্যৰ বাবে টায়লাৰ বঁটা, ১৯৯৭
  • অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ, ২০০৪
  • টেম্প্লেটন বঁটা, ২০২১
দাম্পত্যসঙ্গী
  • হিউগো ভেন লাৱিক
    (বি. ১৯৬৪; বিবি. ১৯৭৪)
  • ডেৰেক ব্ৰাইচেছন
    (বি. ১৯৭৫; মৃ. ১৯৮০)
সতি-সন্ততি
স্বাক্ষৰ
জেন গুডঅল

তেখেত "জেন গুডঅল প্ৰতিষ্ঠান" আৰু "ৰুটছ এণ্ড শ্বুটছ" কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক৷ বন্যপ্ৰাণীৰ কল্যাণ-সম্বন্ধীয় আৰু সংৰক্ষণৰ লগত জড়িত দিশত তেখেতে ব্যাপকভাৱে কাম কৰিছে৷ ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা "ননহিউমেন ৰাইটছ্ প্ৰজেক্ট"ৰ পৰিষদত তেখেতে ইয়াৰ প্ৰতিষ্ঠাকালৰ পৰাই কাম কৰি আছে৷ ২০০২ চনৰ এপ্ৰিলত জেন গুডঅলক ৰাষ্ট্ৰসংঘই শান্তিৰ দূত আখ্যা দিয়ে৷ গুডঅল বিশ্ব ভৱিষ্যত পৰিষদৰ এগৰাকী সন্মানীয় সদস্য৷

প্ৰাৰম্ভিক জীৱন

লণ্ডনৰ হেম্পষ্টেডত, ১৯৩৪ চনত জেন গুডঅলৰ জন্ম হৈছিল৷জেন গুডঅলৰ পিতৃ মৰ্টিমাৰ হাৰ্বাৰ্ট মৰিছ-গুডঅল (১৯০৭-২০০১) আছিল এগৰাকী ব্যৱসায়ী৷ আনহাতে মাতৃ মাৰ্গাৰেট মাইফানৱে জোছেফ (১৯০৬-২০০০) আছিল এগৰাকী ঔপন্যাসিকা৷ তেখেতৰ ঘৰ আছিল পেমব্ৰুকশ্বায়াৰৰ মিলফৰ্ড হাভেনত৷ মাৰ্গাৰেটে ভান্নে মৰিছ-গুডঅল নামেৰে লিখা-মেলা কৰিছিল৷

পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিলায়টো বাৰ্ণেমাউথলৈ স্থানান্তিৰত হয়৷ ইয়াত গুডঅলে আপলেণ্ডছ্ স্কুলত নামভৰ্তি কৰে৷

শিশু অৱস্থাত পিতৃ মৰ্টিমাৰ হাৰ্বাৰ্টে জেনক পুতলা ভালুকৰ পৰিৱৰ্তে "জুবিলী" নামৰ এটি চিম্পাঞ্জী উপহাৰ দিয়ে৷ গুডঅলে কয় যে-এই পুতলাটোৰ জৰিয়তেই জন্তুৰ প্ৰতি থকা ভালপোৱাৰ বিকাশ সাধন হৈছিল৷ তেখেতৰ ভাষাত-"মোৰ মাতৃৰ বন্ধুমহলে পুতলাটো দেখি আতংকিত হৈছিল আৰু ভাবিছিল যে পুতলাটো মোৰ বাবে দুস্বপ্নৰ কাৰণ হৈ উঠিব৷" পিছে "জুবিলী" আজিও গুডঅলৰ লণ্ডনত থকা ড্ৰেছাৰ ৰূমত অক্ষত অৱস্থাত আছে৷

আফ্ৰিকাত

জেন গুডঅল 
আদ্ৰভূমিত জেন গুডঅল, এগৰাকী বন্ধুৰ সৈতে

গুডঅলৰ সদায়েই জীৱ-জন্তু আৰু আফ্ৰিকাৰ প্ৰতি আকৰ্ষণ আছিল৷ সেই আকৰ্ষণৰ সূত্ৰেই তেখেতে ১৯৫৭ চনত কেনিয়াত থকা বন্ধু এগৰাকীৰ কৃষিক্ষেত্ৰলৈ লৈ আহিছিল৷ ইয়াৰে পৰা জেন গুডঅলে ছেক্ৰেটাৰী হিচাপে নিযুক্তি লাভ কৰিলে আৰু বন্ধুৰ পৰামৰ্শ অনুযায়ী তেখেতে লুইছ লিকীক টেলিফোন কৰিলে৷ লুইছ লিকী আছিল কেনিয়াৰ প্ৰত্নতত্ত্ববিদ আৰু জীৱাশ্মবিদ৷ জেন গুডঅলে ফোনযোগে কথা পাতি লুইছ লিকীৰ সৈতে জন্তুৰ সম্পৰ্কে কথাবাৰ্তা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ লিকীয়ে ভাবিছিল যে বৰ্তমান সময়ৰ কপিকুলৰ অধ্যয়নে প্ৰাৰম্ভিক পৰ্যায়ৰ হমিনয়ডসকলৰ আচৰণৰ বিষয়ে কেতবোৰ কথা জনাত সহায় কৰিব৷ লিকীয়ে সেইসময়ত বিচাৰি আছিল এগৰাকী চিম্পাঞ্জীৰ গৱেষকক৷ অৱশ্যে সেই চিন্তাটো তেওঁ নিজৰ মাজতে ৰাখিছিল৷ ইয়াৰ পৰিৱৰ্তে লিকীয়ে গুডঅলক নিজৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালে৷ নিজৰ পত্নী আৰু সহ-গৱেষিকা পত্নী ব্ৰিটিছ জীৱাশ্মবিদ মেৰি লিকীৰ পৰা অনুমোদন লাভ কৰাৰ পাছত লুইছে গুডঅলক বৰ্তমান সময়ৰ টাঞ্জানিয়া আৰু তেতিয়া টাঞ্জানিয়াকৰ অলদুভাই গৰ্জেলৈ প্ৰেৰণ কৰিলে৷ ইয়াতেই তেওঁ নিজৰ পৰিকল্পনাসমূহ সাজু কৰিলে৷ [উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰাইমেটৰ আচৰণৰ বিষয়ে উইলিয়াম চালৰ্ছ হিলৰ লগত আৰু প্ৰাইমেটৰ দেহতত্ত্বৰ বিষয়ে জন নেপিয়াৰৰ সৈতে অধ্যয়ন কৰিবলৈ লুইছ লিকীয়ে ১৯৫৮ চনত গুডঅলক লণ্ডনলৈ পঠায়৷ এই উদ্দেশ্যে লিকীয়ে পুঁজি সংগ্ৰহ কৰিলে আৰু ১৯৬০ চনৰ ১৪ জুলাইত গুডঅল গোম্বে ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাওনা হয়৷ যাক পৰৱৰ্তী সময়ত বিশ্ববাসীয়ে ট্ৰাইমেটৰ প্ৰথমগৰাকী (ট্ৰাইমেট তিনিগৰাকী হৈছে-জেন গুডঅল,ডায়ান ফচি আৰু বায়ৰুট গালডিকাছ৷ তেওঁলোকে লিকীৰ যথাক্ৰমে চিম্পাঞ্জী, গৰিলা আৰু ওৰাংওটাং অধ্যয়ন কৰিবলৈ গোম্বলৈ ৰাওনা হৈছিল) বুলি অভিহিত কৰে৷ . জেন গুডঅলৰ সংগী হৈছিল তেখেতৰ মাতৃ৷ মাতৃয়ে মুখ্য ৱাৰ্ডেন ডেভিড এণ্টছিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায়ক হৈছিল৷ প্ৰাইমেটলোজীক কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ কৃতিত্ব গুডঅলে তেখেতৰ মাতৃক দিছে৷ কাৰণ, এইখন ক্ষেত্ৰ সেইসময়ত পুৰুষ-কেন্দ্ৰিক আছিল৷ গুডঅল কৈছে যে, ১৯৫০ৰ দশকত, তেখেতে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰা সময়ত মহিলাক গ্ৰহণ কৰা নহৈছিল৷ বৰ্তমান এই ক্ষেত্ৰখনত পুৰুষ আৰু মহিলাক সমানেই দেখিবলৈ পোৱা গৈছে৷ তাৰ আংশিক কৃতিত্ব গুডঅলক দিয়া হয়৷

জেন গুডঅল প্ৰতিষ্ঠান

জেন গুডঅল 
হাংগেৰিয়ান ৰুটছ এণ্ড শ্বুটছৰ সদস্যসকলৰ লগত গুডঅল, ২০০৯ চনত৷

১৯৭৭ চনত, গুডঅলে জেন গুডঅল প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিলে৷ এই প্ৰতিষ্ঠানে গম্বে ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণাক সহযোগিতা কৰে৷ এইক্ষেত্ৰত গুডঅলে চিম্পাঞ্জী আৰু তেওঁলোকৰ বাসস্থানসমূহ ৰক্ষা কৰাৰ বাবে গোলকীয় নেত্ৰী হিচাপে কাম কৰি আছে৷ বৰ্তমান এই প্ৰতিষ্ঠানৰ সমগ্ৰ বিশ্বতে মুঠ ঊনৈশটা কাৰ্যালয় আছে৷ তেওঁলোকৰ বিশ্বজনীন যুৱ কাৰ্যসূচী ৰুটছ এণ্ড শ্বুটছ্ ১৯৯১ চনত আৰম্ভ হয়, যেতিয়া ১৬গৰাকী স্থানীয় কিশোৰ-কিশোৰীয়ে টাঞ্জানিয়াত লগ কৰিছিল৷ পৃথিৱীৰ এশখন দেশত প্ৰতিষ্ঠানটোৰ বৰ্তমান দহ হাজাৰতকৈও অধিক গোট আছে৷

ব্যক্তিগত জীৱন

গুডঅলে এতিয়ালৈকে দুবাৰ বিয়া পাতিছে৷ ১৯৬৪ চনৰ ২৮ মাৰ্চত তেখেতে নেদাৰলেণ্ডৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ হিউগো ভেন লাৱিকৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে৷ তেওঁলোকৰ এটি পুত্ৰ সন্তান হয়-হিউগো এৰিক লুইছ (জন্ম ১৯৬৭)৷ পিছে ১৯৭৪ চনত দম্পতীটোৰ মাজত বিবাহ-বিচ্ছেদ হয়৷ পৰৱৰ্তী বৰ্ষটোত জেন গুডঅলে ডেৰেক ব্ৰাইচেছনৰ লগত নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলে৷ তেওঁ আছিল টাঞ্জানিয়াৰ সদনৰ এগৰাকী সদসয় আৰু দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সঞ্চালক৷ ১৯৮০ চনৰ অক্টোবৰ মাহত তেখেতে কৰ্কট ৰোগত মৃত্যুবৰণ কৰে৷ গুডঅলে কৈছে যে কুকুৰ তেখেতৰ প্ৰিয় জন্তু৷

গুডঅল 'প্ৰচোপেগনেছিয়া'ত আক্ৰান্ত৷ যিয়ে তেখেতক পৰিচিত মুখবোৰ চিনাক্তকৰণ কৰাত অসুবিধাৰ সৃষ্টি কৰে৷

বঁটা-বাহন

  • ১৯৮০: অৰ্ডাৰ অৱ দ্য গোল্ডেন আৰ্ক, সংৰক্ষণৰ বাবে বিশ্ব বন্যপ্ৰাণী বঁটা
  • ১৯৮৭: গোল্ডেন প্লেট বঁটা, আমেৰিকান একাডেমি অৱ এচিভমেণ্ট
  • ১৯৮৯: এনচাইক্লপেডিয়া ব্ৰিটানিকা বঁটা, বৰ্ষটোৰ নৃতত্ত্বিদ
  • ১৯৯৬: লণ্ডনৰ প্ৰাণীবৈজ্ঞানিক সমাজৰ ৰূপৰ পদক,
  • ১৯৯৯: আন্তৰ্জাতিক শান্তি বঁটা
  • ২০০৪: ৰাজহুৱা স্বাৰ্থত বিজ্ঞানৰ বাবে নিৰেনবাৰ্গ বঁটা
  • ২০০৫: চিৰাকাছ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত সন্মানীয় ডক্তৰেট ডিগ্ৰী
  • ২০০৫: আৱিষ্কাৰ আৰু কল্পনা বঁটা
  • ২০১৪: ব্ৰিটিছ একাডেমীৰ পৰা ৰাষ্ট্ৰপতিৰ পদক
  • ২০১৭: আন্তৰ্জাতিক ব্ৰহ্মাণ্ড বঁটা
  • ২০২০: বহনক্ষম বিকাশত টাং বঁটা
  • ২০২১: টেম্পলেটন বঁটা

তথ্যসূত্ৰ

Tags:

জেন গুডঅল প্ৰাৰম্ভিক জীৱনজেন গুডঅল আফ্ৰিকাতজেন গুডঅল ব্যক্তিগত জীৱনজেন গুডঅল বঁটা-বাহনজেন গুডঅল তথ্যসূত্ৰজেন গুডঅলen:Help:IPA for Englishইংৰাজী ভাষাৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষাৰ শব্দসম্ভাৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভূৱন মোহন বৰুৱাঅসমহুমায়ুনৰ সমাধিক্ষেত্ৰউত্তৰ গুৱাহাটীঅসমীয়া ব্যাকৰণসূৰ্যআন্তৰ্জাতিক মানৱ অধিকাৰ আইনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅনুৰাধা শৰ্মা পূজাৰীঅম্বিকাগিৰি ৰায়চৌধুৰীনাগৰিকত্বশকুন্তলামহাকাব্যমানস ৰাষ্ট্ৰীয় উদ্যানলোকভাষাথমাছ আলভা এডিচনঅসমীয়া গীতি সাহিত্যভাস্কৰ (প্ৰথম)নেপোলিয়ন বোনাপাৰ্টযাদৱ পায়েংআধুনিকতাবাদপাঠ্যক্ৰমএ পি জে আব্দুল কালামবিল গেট্‌ছভাৰতৰ উপৰাষ্ট্ৰপতিআহোম জনগোষ্ঠীগড়গাঁওদ্বিতীয় বিশ্বযুদ্ধপ্ৰশান্ত মহাসাগৰঅগ্নিগড়সাপচ্যু-কা-ফাভট্টদেৱযক্ষ্মাসূৰ্যকুমাৰ ভূঞাদুৰ্যোগঅসমত দেখা চৰাইবোৰহীৰেন গোহাঁইপানীমিৰি জীয়ৰীঅলিম্পিকমালিতাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰকামৰূপী উপভাষামোৱামৰীয়া বিদ্ৰোহটুক্ৰেশ্বৰী দেৱালয়ইন্দ্ৰপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ সমস্যাঅসমীয়া কবিতাদিনকামৰূপী লোকগীতকেঁচুচৰাইদেউ জিলাঅপাৰেটিং চিষ্টেমৰঘুনাথ চৌধাৰীশৰৎ ঋতুছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ডি এন এউৎপাদন (অৰ্থনীতি)চ'মাংকানৰাসোৎসৱসৌৰজগতবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণপোৱামক্কাকোচ ৰাজবংশীব’হাগবিয়া নামএইচ.আই.ভি/এইড্‌ছঈয়াৰুইঙ্গমশুৱালকুছি🡆 More