কম্পিউটাৰ বিজ্ঞান

কম্পিউটাৰ বিজ্ঞান হ'ল তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন (processing) সম্বন্ধিত তাত্বিক বিষয়সমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন।

কম্পিউটাৰ বিজ্ঞান
কম্পিউটাৰ

থোৰতে ক’বলৈ গ’লে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰণে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায়। এনে কিছুমান সমাৰ্থক হিচাবে ব্যৱহাৰ কৰা নাম হ’ল কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি, তথ্য পৰিস্কৰণ/সংকলন (data processing) ইত্যাদি।

কম্পিউটাৰ বিজ্ঞান

কম্পিউটাৰ বিজ্ঞান হ'ল তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন (processing) সম্বন্ধিত তাত্বিক বিষয়সমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন।

অধুনিক বহুব্যৱহৃত আৰু বহুচৰ্চিত কম্পিউটাৰ বিজ্ঞান বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক) বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উৎকৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই কম্পিউটাৰ বিজ্ঞান বা সংগণন বিদ্যা বিষয়টো বহু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি ক’ব পৰা যায়। সংশ্লীষ্ট অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি।

কম্পিউটাৰৰ বিভিন্ন পুৰুষ

কম্পিউটাৰত সংযোজিত বিভিন্ন প্ৰচেছৰ (Processor)অনুযায়ী কম্পিউটাৰক বিভিন্ন পুৰুষত ভাগ কৰা হৈছে।

প্ৰথম পুৰুষ (১৯৪০-৫৬) ভেকুৱাম টিউব(Vacuum Tubes)

প্ৰথম পুৰুষত ভেকুৱাম টিউব(Vacuum Tubes) সংযোজিত হৈছিল। কম্পিউটাৰ সমূহৰ আকাৰ বিৰাট ডাঙৰ আছিল আৰু সেইবোৰ ৰাখিবৰ বাবে এক বিৰাট ঠাইৰ প্ৰয়োজন হৈছিল। কৰ্মদক্ষতা যথেষ্ট কম আছিল। মেচিন লেংগুৱেজ(Machine Language) ব্যৱহাৰ হোৱা বাবে প্ৰ’গ্ৰামিং(Programming) কৰিবলৈ কঠিন হৈছিল। উদাহৰণ- ENIAC,EDVAC,UNIVAC

দ্বিতীয় পুৰুষ (১৯৫৬-৬৩)ট্ৰেনজিছটৰ(Transistors)

দ্বিতীয় পুৰুষৰ কম্পিউটাৰত ট্ৰেনজিছটৰ(Transistors) সংযোজিত হৈছিল। প্ৰথম পুৰুষৰ কম্পিউটাৰতকৈ ইয়াৰ আকাৰ সৰু আছিল। হাৰ্ডৱেৰৰ(Hardware)ক্ষমতা বেছি আছিল। কম্পিউটাৰসমূহত এছেম্বলী লেংগুৱেজ(Assembly Language)ব্যৱহাৰ হৈছিল। উদাহৰণ- PDP-8,IBM 1401, IBM 7090

তৃতীয় পুৰুষ (১৯৬৪-৭০)ইনটিগ্ৰেটেড চাৰ্কিট(Integrated Circuits)

তৃতীয় পুৰুষৰ কম্পিউটাৰত ইনটিগ্ৰেটেড চাৰ্কিট(Integrated Circuits) সংযোজিত হৈছিল। দ্বিতীয় পুৰুষৰ কম্পিউটাৰতকৈ ইয়াৰ ক্ষমতা যথেষ্ট আছিল। আগৰ পুৰুষৰ তুলনাত তৃতীয় পুৰুষৰ কম্পিউটাৰক যথেষ্ট কম ঠাই লাগিছিল। উচ্চ পৰ্য্যায়ৰ লেংগুৱেজ ব্যৱহাৰ হৈছিল। উদাহৰণ- NCR 395, B6500

চতুৰ্থ পুৰুষ (১৯৭০- এতিয়ালৈকে) মাইক্ৰ’প্ৰচেছৰ(Microprocessors)

চতুৰ্থ পুৰুষৰ কম্পিউটাৰত মাইক্ৰ’প্ৰচেছৰ(Microprocessors) ব্যৱহাৰ হয়। ই আকাৰত যথেষ্ট সৰু আছিল আৰু কম খৰচী। হাৰ্ডৱেৰৰ(Hardware) যথেষ্ট দক্ষতা আছে। গ্ৰাফিক্স(Graphics)ৰ ব্যৱহাৰ তথা তথ্য আদান প্ৰদান অতি সহজে হৈছে। উদাহৰণ- Apple II, Altair 8800, CRAY-1

পঞ্চম পুৰুষ (বৰ্তমান আৰু ভৱিষ্যতলৈ)কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)

এই ধৰণৰ কম্পিউটাৰ বৰ্তমানেও নিৰ্মীয়মান অৱস্থাতেই আছে। আশা কৰা হৈছে যে পঞ্চম পুৰুষৰ কম্পিউটাৰে সিদ্ধান্ত সমূহ নিজে নিজে ল’ব পাৰিব। ই যথেষ্ট দ্ৰুতগতি সম্পন্ন হ’ব। কোনো ধৰণৰ সমস্যা নোহোৱাকৈ বহুকেইটা কাম একেলগে কৰিব পাৰিব। এক যুগান্তকাৰী উদাহৰণ হ’ব এই পঞ্চম পুৰুষৰ কম্পিউটাৰ


কম্পিউটাৰ‌ৰ‌ ঐতিহাসিক প্ৰয়োগ আৰু উৎকৰ্ষ

দক্ষিণ/মধ্য এচিয়াত বহু পুৰণিকালৰ পৰাই (আনকি এতিয়াও) "এবেকাচ" ব্যৱহাৰ কৰা হয়।

কম্পিউটাৰ বিজ্ঞান 
ৰোমান এবেকাচ

পৰৱৰ্ত্তীকালতো, বিভিন্ন কাৰ্যত প্ৰয়োজন হোৱা ক্ৰমশঃ জটিলতৰ প্ৰয়োগৰ (যেনে কামানৰ গোলাৰ পথনিৰ্দ্দেশন) লগে লগে গণনাৰ বেগ আৰু শুদ্ধতা বৃদ্ধিৰ বাবে নিত্য নতুন উপায় তথা ব্যাৱহাৰিক প্ৰয়োগ উদ্ভাৱনৰ প্ৰয়াসৰ প্ৰাসংগিতাও ক্ৰমশ: বৃদ্ধি পালে। উইলহেল্ম শ্চিকাৰ্ড-এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰ নিৰ্মাণ কৰিলে।

কম্পিউটাৰ বিজ্ঞান 
ডিফাৰেনছিয়েল ইঞ্জিন

ভিক্টোৰিয়ান যুগৰ বিশিষ্ট কম্পিউটাৰ বিজ্ঞনীকসকলৰ ভিতৰত চাৰ্লচ বেবেজ-ৰ নাম বিশেষভাৱে উল্লেখনীয়। "ডিফাৰেনছিয়েল ইঞ্জিন" নামৰ যান্ত্ৰিক কম্পিউটাৰৰ আৱিষ্কাৰক বেবেজক আধুনিক সংগননবিদ্যাৰ জনক আখ্যা দিয়া হয়।

আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ জন্ম

মন কৰিবলগীয়া যে ওপৰোক্ত আৱিষ্কাৰবোৰক আজিৰ‌ যুগত কম্পিউটাৰ‌ বুলিলে আমি যি বুজোঁ সেয়া বুলিব পৰা নাযায়। সেইদৰে কম্পিটাৰ‌ বিজ্ঞানৰ‌ সম্বন্ধিত অধ্যয়নো সেইকালত সীমিত আছিল। দৰাচলতে ১৯২০ মানৰ‌ পৰাহে বৰ্তমান যুগৰ‌ অৰ্থত কম্পিউটাৰ‌ শব্দৰ‌ বহুল প্ৰয়োগ আৰ‌ম্ভ হয়। ১৯২০ চনত এলান টিউৰিঙ আৰু এলঞ্জ' চাৰ্চৰ‌ গৱেষণালব্ধ "চাৰ্চ-টিউৰিং থেচিচ" বুলি জনাজাত এক প্ৰতিপাদৰ‌ জৰিয়তে আধুনিক কম্পিউটাৰ‌ বিজ্ঞানৰ‌ চৰ্চাৰ‌ ভেটি স্থাপন হয়। ইয়াৰ‌ সহায়ত কম্পিউটাৰ‌ৰ‌ এক সৰ‌ল গাণিতিক আৰ্হি তৈয়াৰ‌ কৰিব প‌ৰা যায়। অতি সৰ‌লীকৃত কৰি কবলৈ গ’লে এই ন্যূনতম গাণিতিক কম্পিউটাৰ‌ক ব্যৱহাৰ ‌কৰি কম্পিউটাৰ‌ বিজ্ঞানৰ‌ বিভিন্ন জটিল তত্ত্বসমূহ অধ্যয়ন কৰিব পৰা যায়।

সমসাময়িক অন্যান্য বৈজ্ঞানিক ষ্টীফেন ক্লীন, জে বি ৰ‌জাৰ‌, কাৰ্ল গডেল ইত্যাদিৰ‌ গৱেষণাও এই সম্পৰ্কত উল্লেখনীয়।

বৰ্তমান স্থিতি

১৯৬০ ৰ‌ পৰা বিষয় হিচাবে কম্পিউটাৰ‌ বিজ্ঞানৰ‌ অধ্যয়ন আৰম্ভ হয়। IBM আদি কম্পেনিয়ে উদ্ভাৱন কৰা বিভিন্ন কম্পিউটাৰ‌ যন্ত্ৰই লাহে লাহে বিষয়টোক জনপ্ৰীয় কৰাত সহায় কৰিলেও বিজ্ঞান হিচাবে কম্পিউটাৰ‌ বিষয়টোৰ‌ মান্যতাৰ‌ বিষয়ে অনেক দিনলৈ বিতৰ্ক চলি থাকিলে। লাহে লাহে কম্পিউটাৰে জনজীৱনত বিস্তৰ‌ প্ৰভাৱ পেলাবলৈ আৰ‌ম্ভ কৰিলে। ইয়াৰ‌ পৰিপ্ৰেক্ষিতত কম্পিউটাৰ‌ আৰু সংশ্লিষ্ট বিষয়ৰ‌ যেনে কম্পিউটাৰ‌ গ্ৰাফিক্স, ইনফৰ্মেশ্যন চিকিউৰিটী আদি বিষয়ৰ‌ বৈজ্ঞানিক অধ্যয়নৰ‌ প্ৰাসংগিকতা আৰু জনপ্ৰিয়তা বৃদ্ধি পালে।

কম্পিউটাৰ বিজ্ঞান

কম্পিউটাৰ বিজ্ঞান হ'ল তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন (processing) সম্বন্ধিত তাত্বিক বিষয়সমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন।

বৰ্তমান যুগত কম্পিউটাৰ বিজ্ঞান বুলিলে কেইবাটাও বিষয় সামৰি লোৱা হয়।

  • কম্পিউটেবিলিটি থিয়ৰী বা সংগণনশীলতা তত্ত্ব: ইয়াক কম্পিউটাৰ বিজ্ঞানৰ গাণিতীক ভেটি বুলিব পৰা যায়। "চাৰ্চ-টিউৰিং থেচিচ"-অৰ মূল ভেটিৰ ওপৰত প্ৰতিষ্ঠিত এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়।
  • কম্পিউটেশ্যনেল কম্লেক্সিটি থিয়ৰী বা সংগণন বিশ্লেষণ তত্ত্ব: এই শিতানৰ অধীনত কম্পিউটাৰৰ সহায়ত সমস্যা সমাধানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াক কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ মূল ভেটিও বুলিব পৰা যায়।
  • অন্যান্য উৎপাদিত বিষয়সমূহ: এই শিতানত কম্পিউটাৰ বিজ্ঞানৰ প্ৰত্যক্ষ উপযোগিতাৰ ফলস্বৰূপে উৎপাদিত বিষয়সমূহক ধৰিব পৰা যায়, যথা-

তথ্যসূত্ৰ

Tags:

কম্পিউটাৰ বিজ্ঞান ইতিহাসকম্পিউটাৰ বিজ্ঞান আধুনিক কম্পিউটাৰ বিজ্ঞানতথ্য

🔥 Trending searches on Wiki অসমীয়া:

ৰামকলবনফুলনাৰীবাদকপৌ ফুলফুলঅণুবীক্ষণ যন্ত্ৰসংবিধান দিৱস (ভাৰত)আলোচনীউৎসৱঅম্বুবাচীএ পি জে আব্দুল কালামবাৰেচহৰীয়া ভাওনা মহোৎসৱমদন কামদেৱ দেৱালয়গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাদাঁতগোলকীয় উষ্ণতা বৃদ্ধিঅসমীয়া লোক-সংস্কৃতিগুৱাহাটী বিশ্ববিদ্যালয়চ্যু-কা-ফাপৰ্যাবৃত্ত তালিকাবিত্তীয় বজাৰঅসমত দেখা পোৱা সাপবোৰউইলিয়াম শ্বেইকছপীয়েৰসিন্ধু সভ্যতাচৰিত পুথিব্ৰজাৱলী ভাষামাটিৰ হিচাপমহঅসম চাহঅসমত দেখা চৰাইবোৰৰাতি বিহুক্ষপথৰুঘাটৰ ৰণমৈদামনিৰ্মলপ্ৰভা বৰদলৈমাধৱদেৱপায়ু সংগমবিশ্ব মেলেৰিয়া দিৱসউমাচল শিলালিপিকবিতাসম্পাদনাব্ৰহ্মগুপ্তগণতন্ত্ৰসৌৰভ কুমাৰ চলিহাকবিৰত্ন সৰস্বতীসেউজ গৃহ প্ৰভাৱপাইথেগাৰাছএডৱাৰ্ড জেনাৰবুৰঞ্জী সাহিত্যভট্টদেৱগমধৰ কোঁৱৰগোৱালপাৰাপ্ৰাকৃতিক দুৰ্যোগঅসমীয়া প্ৰতিদিনকাৰ্ল মাৰ্ক্সবিচূৰ্ণীভৱনবাণীকান্ত কাকতিঅসম সাহিত্য সভাহনুমাননলিনীবালা দেৱীৰাষ্ট্ৰসংঘ দিৱসশব্দঅসমৰ সত্ৰসমূহৰ তালিকানৱ-বৈষ্ণৱ ধৰ্মকলিমানেতাই ধুবুনী ঘাটভেঁকুৰআন্তৰ্জাতিক শ্ৰমিক দিৱসৰামধেনু (আলোচনী)ফকৰা যোজনানগাঁও জিলা🡆 More