আদ্যপ্ৰাণী: এককোষী প্ৰাণী।

আদ্যপ্ৰাণী বা প্ৰ'ট'জ'ৱা (ইংৰাজী: Protozoa; লগতে protozoan, বহুবচনত protozoans) হৈছে এককোষী সংকোষকেন্দ্ৰীৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ নাম। এই জীৱবোৰ স্ব−জীৱি নাইবা পৰজীৱি, যিবোৰে জৈৱ পদাৰ্থ যেনে অন্য সুক্ষ্মজীৱ বা জৈৱ কলা আৰু অৱশেষ আহাৰ হিচাপে গ্ৰহণ কৰি জীয়াই থাকে। ঐতিহাসিকভাৱে আদ্যপ্ৰাণীবোৰ, এককোষী প্ৰাণী বুলি গণ্য কৰা হৈছিল, কাৰণ ইহঁতৰ স্বভাৱ প্ৰাণীৰ দৰে, আৰু উদ্ভিদ বা অন্য প্ৰায়বোৰ শেলাইৰ দৰে ইহঁতৰ কোষ বেৰ নাথাকে। আদিতে ইহঁতক প্ৰাণী বুলি গণ্য কৰা হৈছিল বৰ্তমান যদিও বৰ্তমান ই বৈধ নহয়। বৰ্তমান মুক্তভাৱে জীয়াই থকা পৰপোষী এককোষী জীৱৰ চিনাক্তকৰণত আদ্যপ্ৰাণী শব্দটো ব্যৱহাৰ কৰা হয়।

আদ্যপ্ৰাণী: বৈশিষ্ট, তথ্য সংগ্ৰহ
ঘড়ীৰ কাঁটাৰ দিশত ওপৰৰ পৰা বাঁওফাললৈ: Blepharisma japonicum, এটা ciliate; Giardia muris, এটা পৰজীৱি flagellate; Centropyxis aculeata, এটা amoeba; Peridinium willei, এটা dinoflagellate; Chaos carolinense, এটা নগ্ন amoebozoan; Desmerella moniliformis, এটা choanoflagellate

কিছুমান জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, প্ৰ'ট'জ'ৱা এক উচ্চ-পৰ্যায়ৰ বৰ্গীয় গোট। ১৮১৮ চনত প্ৰথম চিনাক্তকৰণত ইয়াক বৰ্গীকৰণৰ শ্ৰেণী হিচাপে ৰখা হৈছিল, কিন্তু পৰৱৰ্তী সময়ৰ শ্ৰেণীবিভাজনত ইয়াক পৰ্ব, উপৰাজ্য আৰু জগতৰ দৰে উচ্চ স্থানত স্থান দিয়া হয়। থমাছ কেভেলিয়াৰ-স্মিথ আৰু তেঁওৰ সহযোগীসকলে প্ৰস্তাৱ কৰা শ্ৰেণীবিভাজনত ইয়াক ১৯৮১ চনৰ পৰা এক জগৎ হিচাপে স্থান দিছিল। ২০১৫ চনত ৰুজেৰ’ আৰু তেঁওৰ সহযোগীসকলে প্ৰস্তাৱ কৰা সাত−ৰাজ্য পদ্ধতিত প্ৰ'ট'জ'ৱাৰ অন্তৰ্গত বিভাগবোৰ হৈছে: ইউগ্লেন'জ'ৱা, এমিব'জ'ৱা, মেটাম'নাডা, চোৱান'জ'ৱা ছেন্সো কেভেলিয়াৰ-স্মিথ, ল'ক'জ'ৱা, পেৰক'ল'জ'ৱা, মাইক্ৰ'স্পৰিডিয়া আৰু ছালক'জ'ৱা। উল্লেখ্য যে, এই ৰাজ্যত পৰম্পৰাগতভাৱে প্ৰ'ট'জ'ৱাত স্থান দিয়া চিলিয়েট, ডাইন'ফ্লেজেলেট, ফ'ৰমিনিফেৰা, আৰু পৰজীৱি এপিকমপ্লেক্সান্স আদিক বাদ দিয়া হৈছে, এইবোৰক ক্ৰ'মিষ্টা নামৰ অন্য এক ৰাজ্যত অন্তৰ্ভূক্ত কৰা হৈছে। এই পদ্ধতিৰ সংজ্ঞামতে, প্ৰ'ট'জ'ৱা ৰাজ্য প্ৰকৃততে এক প্ৰাকৃতিক গোট বা ক্লেড নহয়, কিন্তু ই এটা পেৰাফাইলেটিক গোট বা বিৱৰ্তিত পৰ্যায় (evolutionary grade), যাৰ পৰা ভেঁকুৰ, প্ৰাণী আৰু ক্ৰ'মিষ্টাৰ সদস্যবোৰ বিৱৰ্তিত হৈছে বুলি ভবা হয়।

বৈশিষ্ট

আকাৰ

পাৰম্পৰিকভাৱে আদ্যপ্ৰাণী বুলি কোৱা জীৱবোৰ ১ মাইক্ৰ'মিটাৰৰ পৰা কেইবা মিলি মিটাৰলৈকে হ'ব পাৰে। ডাঙৰ আকাৰৰ আদ্যপ্ৰাণী বোৰৰ ভিতৰত এককোষী জেন'ফাইঅ'ফ'ৰ (xenophyophores)ৰ কোষৰ ব্যাস ২০ ছেমি পৰ্যন্ত হয়।

আদ্যপ্ৰাণী: বৈশিষ্ট, তথ্য সংগ্ৰহ 
চিলিয়াযুক্ত Spirostomum ambiguum ৩ মিমিৰলৈকে দীঘল হয়।
Species Cell type Size in micrometres
Plasmodium falciparum malaria parasite, trophozoite phase 1-2
Massisteria voersi free-living cercozoan amoeboid 2.3–3
Bodo saltans free living kinetoplastid flagellate 5-8
Plasmodium falciparum malaria parasite, gametocyte phase 7-14
Trypanosoma cruzi parasitic kinetoplastid, Chagas disease 14-24
Entamoeba histolytica parasitic amoebozoan 15–60
Balantidium coli parasitic ciliate 50-100
Paramecium caudatum free-living ciliate 120-330
Amoeba proteus free-living amoebozoan 220–760
Noctiluca scintillans free-living dinoflagellate 700–2000
Syringammina fragilissima foraminiferan amoeboid up to

বাসস্থান

আদ্যপ্ৰাণী সমূহ অলুনীয়া, ক্ষাৰকীয় আৰু লুনীয়া পানীৰ লগতে মাটি আৰু মছৰ দৰে অন্য সেমেকা পৰিৱেশত, আৰু অতিলুনীয়া হ্ৰদ আৰু উপহ্ৰদত বাস কৰে। সকলো আদ্যপ্ৰাণীকে এক সেমেকা পৰিৱেশৰ প্ৰয়োজন হয়; যদিও কিছুমান চিষ্ট (resting cysts) তৈয়াৰ কৰি বহু দীঘলীয়া সময়লৈকে শুকান পৰিৱেশত বাস কৰিব পাৰে।

পোষণ

সকলো আদ্যপ্ৰাণী পৰপোষী, অন্য জীৱৰ সম্পূৰ্ণৰূপে ভক্ষণ কৰি, সিহঁতৰ জৈৱ পদাৰ্থ নাইবা বৰ্জনীয় পদাৰ্থ শোষণ কৰি পোষণ লাভ কৰে।

চলন

চিলিয়া, ফ্ৰেজেলা নাইবা কুটপদৰ দ্বাৰা চলাচল কৰে, কিছুমানে চলাচল কৰিব নোৱাৰে।

পেলিকল

উদ্ভিদ, শেলাই আৰু ভেঁকুৰৰ দৰে আদ্যপ্ৰাণীৰ কোষত কোষবেৰ নাথাকে। ইহঁতৰ কোষৰ চাৰিওফালে পেলিকল নামৰ এখন জটিল আৱৰণী থাকে। ই ইহঁতৰ কোষক সুৰক্ষা প্ৰদান কৰে। সকলো আদ্যপ্ৰাণীৰো পেলিকল নাথাকে।

আদ্যপ্ৰাণী: বৈশিষ্ট, তথ্য সংগ্ৰহ 
চিলিয়াযুক্ত Dileptus viridisৰ চিষ্ট।

জীৱন চক্ৰ

আদ্যপ্ৰাণী: বৈশিষ্ট, তথ্য সংগ্ৰহ 
পৰজীৱি Toxoplasma gondiiৰ জীৱন চক্ৰ

কিছুমান আদ্যপ্ৰাণীৰ দুটা পৰ্যায়ৰ জীৱন চক্ৰ থাকে। সেমেকা পৰিৱেশত সাধাৰণ ভাৱে জীয়াই থাকে আৰু গৰম তথা শুকান পৰিৱেশত চিষ্টৰ ৰূপত থাকে।


তথ্য সংগ্ৰহ

Tags:

আদ্যপ্ৰাণী বৈশিষ্টআদ্যপ্ৰাণী তথ্য সংগ্ৰহআদ্যপ্ৰাণীইংৰাজী ভাষাকোষ বেৰপ্ৰাণীশেলাইসংকোষকেন্দ্ৰীয় জীৱ

🔥 Trending searches on Wiki অসমীয়া:

ৰুদ্ৰ কন্দলীবিপন্ন প্ৰজাতিকামৰূপ জিলামিজোৰামকাৰ্বি ভাষাদুৰ্গা পূজাদৌল গোবিন্দ মন্দিৰসাম্যবাদঅসমীয়া লোক কবিতামহা মৃত্যুঞ্জয় মন্দিৰলীলা গগৈপোৱামক্কাসাত বিহুহেমকোষফাকুৱাভাৰতৰ উচ্চতম ন্যায়ালয়অসমৰ ইতিহাসসংগীত নাটকবিশ্ব গ্ৰন্থ দিৱসমণিৰাম দেৱানভাৰতৰ স্বাধীনতা আন্দোলনচলচ্চিত্ৰসাগৰ দেখিছা (কবিতা সংকলন)হনুমানব্যষ্টিবাদী অৰ্থনীতিমহাদেশৰামায়ণমাটিগমধৰ কোঁৱৰবাঁহী (আলোচনী)সংবিধান দিৱস (ভাৰত)চৈয়দ আব্দুল মালিকঅসহযোগ আন্দোলনলোকসভাজন গণ মনমোহনদাস কৰমচান্দ গান্ধীম'হৰ শিঙৰ পেঁপামানৱ উন্নয়ন সূচককৃষ্ণমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅন্তৰীপ (উপন্যাস)অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামুদ্ৰাইয়াণ্ডাবু সন্ধিজণ্ডিছ২০২১ৰ অসম বিধানসভা নিৰ্বাচনশক্তিআহোম ভাষাঅনুবাদভাৰতৰ ইতিহাসকমলাকান্ত ভট্টাচাৰ্য্যঅব্যয় পদঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫অলিম্পিকপদুমঅসমৰ সমস্যাঅসমৰ তেল শোধনাগাৰগণতন্ত্ৰঅপভ্ৰংশবৰাইল পৰ্বতমিৰি জীয়ৰীৰাষ্ট্ৰসংঘভৌতিক সংস্কৃতিনদীৰাজনৈতিক দলভেঁকুৰসেউজ গৃহ প্ৰভাৱপাৰিপাৰ্শ্বিক সংঘাতমিচিং জনগোষ্ঠীঅসমৰ সত্ৰসমূহৰ তালিকাৰজনীগন্ধামানুহৰ কংকাল🡆 More