অসমৰ চাহ জনগোষ্ঠী

অসমৰ চাহ জনগোষ্ঠী বুলিলে অসমৰ চাহ বাগিচাসমূহৰ কৰ্মচাৰী আৰু প্ৰাক্তন কৰ্মচাৰীসকলক বুজায়। কেইবাটাও ভিন ভিন জনগোষ্ঠীৰ অন্তৰ্ভুক্ত চাহ জনগোষ্ঠীৰ লোকসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহ পৰিয়াল ঘাইকৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত প্ৰায় ৮০০ চাহ বাগিচাৰ ভিতৰৰ আৱাসিক এলেকাত বসবাস কৰে। অসম চৰকাৰে তেওঁলোকক আনুষ্ঠানিকভাবে চাহ জনজাতি (ইংৰাজী: Tea tribes) নামেৰে অভিহিত কৰে। তেওঁলোকক ব্ৰিটিছ চৰকাৰে অসমৰ চাহ উদ্যোগ আৰু বাগিচাসমূহত কাম কৰিবলৈ শ্ৰমিক হিচাপে অসমলৈ আনিছিল। তেওঁলোক মূলতঃ ঝাৰখণ্ড, ওড়িশা, ছত্তীছগঢ়, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰৰ জনজাতীয় আৰু আদিবাসীলোক আছিল। ব্ৰিটিছ সকলে ১৮৬০ চনৰ পৰা ১৮৯০ৰ সময়ছোৱাত কেইবাটাও পৰ্যায়ত শ্ৰমিক হিচাপে তেওঁলোকক অসমলৈ আনিছিল। অসমৰ চাহ জনগোষ্ঠী কেইবাটাও বহুভাষী জাতি-জনজাতীয় লোকৰ অসমসত্ত্ব মিশ্ৰণ। চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকল সাধাৰণতে উজনি অসম আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ বেছিকৈ চাহ বাগিচা থকা অঞ্চলত পোৱা যায়। ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, চৰাইদেউ জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, নগাঁও জিলা, শোণিতপুৰ জিলা, ওদালগুৰি জিলা আৰু কোকৰাঝাৰ জিলাত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ জনবসতি অধিক। ইয়াৰ লগতে বৰাক উপত্যকাৰ কাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাতো তেওঁলোকৰ উল্লেখযোগ্য বসতি আছে। অসমৰ মুঠ চাহ জনগোষ্ঠীৰ মুঠ জনসংখ্যা প্ৰায় ৬৫ লাখ। ইয়াৰে প্ৰায় ৪০ লাখ মানুহ চাহ বাগিচাৰ ভিতৰৰ পৰিসৰত অৱস্থিত আৱাসিক এলেকাৰ আৱাসত বাস কৰে। ভিন ভিন জাতি-জনগোষ্ঠীৰ হোৱাৰ বাবে তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য দেখা যায়। তেওঁলোকে চাওৰা,ওড়িয়া, চাদ্ৰী, কুৰমালি, বঙালী, চাঁওতালি, খুৰুখ, খাৰিয়া, কুই, গণ্ডী আৰু মুণ্ডাৰী ভাষা ব্যৱহাৰ কৰে। বৰ্তমান বহুবছৰ একেলগে বসবাস কৰা বাবে তেওঁলোকৰ এক সংমিশ্ৰিত উমৈহতীয়া ভাষা আৰু সংস্কৃতি গঢ় লৈ উঠিছে। যদিও এক নিৰ্দিষ্ট সীমাত জন-সমাজৰ পৰা দূৰত্ব বজাই থকা বাবে ঠাই ভেদে তেওঁলোকৰ উমৈহতীয়া ভাষা আৰু সংস্কৃতিৰো তাৰতম্য দেখা যায়। তেওঁলোকে ঘাইকৈ অসমীয়া আৰু চাদ্ৰী ভাষা মিশ্ৰিত ভাষাক প্ৰচলিত মূল ভাষা বা লিংগুৱা ফ্ৰেনকা হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ লগতে তেওঁলোকৰ আন আন ভাষাৰ শব্দয়ো এই মিশ্ৰিত ভাষাক সমৃদ্ধ কৰিছে।

চাহ জনগোষ্ঠী
অসমৰ চাহ জনগোষ্ঠী
দৰং জিলাৰ কলাইগাঁও অঞ্চলৰ চাহ বাগিচাত চাহ জনগোষ্ঠীৰ শ্ৰমিক
মুঠ জনসংখ্যা
৬৫ লাখ
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসমৰ চাহ জনগোষ্ঠী ভাৰত:
        অসম ৬৫  লাখ
প্ৰধান জিলা: ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, চৰাইদেউ জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, নগাঁও জিলা, শোণিতপুৰ জিলা, ওদালগুৰি জিলা, কোকৰাঝাৰ জিলা, কাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলা
ধৰ্ম

হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, শৰণ ধৰ্ম

অসমৰ বাহিৰত বসবাস কৰা চাহ জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ জাতি-জনগোষ্ঠীৰ কিছুমানে নিজ নিজ অঞ্চলত ভাৰতীয় সংবিধানৰ অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে। তেওঁলোকে নিজকে আদিবাসী বুলি অভিহিত কৰে। বৰ্তমান অসমতো চাহ জনগোষ্ঠীৰ লোকসকলে নিজকে আদিবাসী বুলিবলৈ আৰম্ভ কৰিছে।

জন-গাঁথনি

অসমৰ চাহ জনগোষ্ঠী 
পৰম্পৰাগত সাজত এগৰাকী চাহ জনগোষ্ঠীৰ ছোৱালী

জাতি আৰু ভাষিক সংখ্যালঘু হিচাপে অসমৰ চাহ জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ৬৫ লাখ আৰু অসমৰ মুঠ জনসংখ্যাৰ ১৮%। তেওঁলোকৰ জনঘনত্ব অসমৰ প্ৰতিখন জিলাৰ চাহ বাগিচাৰ সংখ্যাৰ লগত নিৰ্ভৰ কৰে। তেওঁলোকৰ জনবসতি সাধাৰণতে উজনি আৰু মধ্য অসমত বেছি। ব্ৰিটিছসকলে তেওঁলোকক কেৱল শ্ৰমিক হিচাপেই অসমলৈ অনা নাছিল। বহুতো জনজাতি যেনে চাওঁতাল, কুৰুখ আৰু মুণ্ডা সকলক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত বলপূৰ্বকভাবে ছোটা নাগপুৰ অঞ্চলৰৰ পৰা অসমলৈ অনা হৈছিল। তেওঁলোকৰ বেছি ভাগকে ১৮৫০ৰ দশকৰ চাওঁতাল বিদ্ৰোহ আৰু ১৮৯৯-১৯০০ চনৰ বীৰ বিৰসা মুণ্ডাৰ নেতৃত্বত সংঘটিত বিদ্ৰোহত যোগদান কৰাৰ শাস্তি স্বৰূপে নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু দৰং জিলাত নিৰ্বাসন দিয়া হৈছিল।

অসমৰ উজনি অসমত চাহ জনগোষ্ঠীৰ ঘনত্ব বেছি যদিও বৰাক উপত্যকা আৰু বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত জিলা সমূহতো তেওঁলোকৰ উল্লেখযোগ্য বসতি আছে। বড়োলেণ্ডত মুঠ জনসংখ্যাৰ ১৭% আৰু বৰাক উপত্যকাৰ ১১% লোক চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ। চাহ জনগোষ্ঠীত অন্তৰ্ভুক্ত জাতি-জনগোষ্ঠী সমূহ হ'ল: অচুৰ, আৰ্যমালা, বাইগা, বণিয়া, বাঞ্জাৰা, বেদিয়া, ভূমিজ, ভূঁইয়া, ভীল, বিনঝিয়া, বিড়হৰ, বাছপোৰ, বিড়িজীয়া, বাউৰী, ভক্ত, বেলদাৰ, বাৰাইক, বাগতি, বন্দ, ভট্ট, বাছৰ, চামাৰ, চেৰ', চিক বাৰাইক, ধানোৱাৰ, ধাণ্ডাৰী, ধোবি, দুশ্বাদ, দানদাসী, ডোম, গৌড়, ঘাঁছি, গাণ্ডা, গৰাইট, ঘাটোৱাৰ, গণ্ডী, গোঁসাই, গানঝু, গোৱালা, হৰি, হলৰা, জুলাহা, কৰ্মকাৰ, কৈৰী, খাৰিয়া, কালাহান্দি, কাৰমালি, কাৰৱা, কল, কুমহাৰ, খেৰৱাৰ, খণ্ড, খদাল, কয়া, কন্দপান, কহৰ, কিছান, কুদুমী মাহাতো, কেৱাত, লোধি, লোধা, মাহীল, মালাৰ, মাল পাহাৰীয়া, মিৰ্ধা, মোদী, মুণ্ডা, মানকী, মাদগী, মাজৱাৰ, নায়ক, পটনায়ক, নুনিয়া, কুৰুখ, পাৰ্যা, প্ৰধান, পাশি, পাইডি, পানীকা, পত্ৰতাঁতী, পান, ৰাজপুত, ৰাজৱাৰ, ৰাজৱাল, ৰেইলি, ৰেড্ডী, ৰাজবংশী, ৰৌত, ৰাউতিয়া, চাওঁতাল, সোণাৰ, চাভাৰ, চাউৰা, তাঁতী, তান্তবাঈ, তুৰী, তাছা, টেলেঙা, তেলী ইত্যাদি।

ভাষা

অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ নিজা জাতি-জনগোষ্ঠী অনুসৰি ভিন ভিন ভাষা ব্যৱহাৰ কৰে। তাৰে ভিতৰত উল্লেখযোগ্য ভাষাসমূহ হ'ল: চৰা, ওড়িয়া, চাদ্ৰী, কুৰমালি, বঙালী, চাঁওতালি, খুৰুখ, খাৰিয়া, কুই, গণ্ডী, মুণ্ডাৰী ইত্যাদি। ইয়াৰ ভিতৰত আটাইতকৈ বেছি ব্যৱহৃত হোৱা ভাষাটো হল চাদ্ৰী ভাষা। বহুলভাৱে প্ৰচলিত হোৱা বাবে এই ভাষা লিংগুৱা ফ্ৰেনকা হিচাপে ব্যৱহাৰ হয়। এই ভাষাৰ সুৰ আৰু অন্যান্য শব্দৰ সংমিশ্ৰিত ৰূপ ছোটানাগপুৰত প্ৰচলিত চাদ্ৰী ভাষাতকৈ বেলেগ। অসমীয়া ভাষাৰ প্ৰভাৱ পৰিলক্ষিত হোৱা এই ভাষাক অসম চাদ্ৰী ভাষা বুলিও কোৱা হয়। বৰ্তমান শিক্ষা ব্যৱস্থাৰ ফলত নৱপ্ৰজন্মৰ সকলে হিন্দী, অসমীয়া আৰু ইংৰাজী ভাষাও আয়ত্ত কৰিবলৈ সক্ষম হৈছে।

ধৰ্ম

ধৰ্মীয় শ্ৰেণীবিভাজন
ধৰ্ম শতাংশ
হিন্দু ধৰ্ম (শাক্ত, বৈষ্ণৱ)
  
৬০%
ছৗৰি-শাৰণা ধৰ্ম
  
২৫%
খ্ৰীষ্টান ধৰ্ম
(ৰোমান কেথলিক, বাপিষ্ট, লিউথাৰ্ন)
  
১৫%

চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ বেছিভাগেই পাৰম্পৰিক হিন্দু ধৰ্ম আৰু আদিম লোকধৰ্মৰ অন্যতম প্ৰাকৄতিক উপাসনা কৰা ছৗৰি-শাৰণা ধৰ্ম পালন কৰে। তেওঁলোকৰ প্ৰায় ১৫% লোকে খ্ৰীষ্টান ধৰ্ম পালন কৰে।

হিন্দু ধৰ্ম অৱলম্বন কৰা সকলে বিভিন্ন ঋতু অনুসৰি ভিন ভিন দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰে। ইয়াৰ বেছিভাগেই জনজাতীয় লোক দেৱ-দেৱী আৰু তন্ত্ৰ সম্পৰ্কীয় দেৱ-দেৱীৰ পূজা কৰে। বৈদিক হিন্দু ধৰ্মৰ প্ৰভাৱ কম যদিও শক্তি উপাসনা কৰা শাক্ত সম্প্ৰদায়ৰ লোকৰ সংখ্যা অধিক। শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ কিছুমানে একশৰণ নামধৰ্ম গ্ৰহণ কৰিছে। প্ৰাচীন লোক ধৰ্মসমূহৰ ভিতৰত অন্যতম শৰণ ধৰ্ম চাহ জনগোষ্ঠীৰ লোকসকলৰ বহুতে পালন কৰে। তেওঁলোক প্ৰকৃতি উপাসক। কেইবিধো গছক তেওঁলোকে পৱিত্ৰ জ্ঞান কৰে। তেওঁলোকৰ প্ৰতিখন গাঁৱতে সমূহীয়া উপাসনাৰ বাবে মন্দিৰ থাকে। খ্ৰীষ্টান মিছনেৰী সকলৰ প্ৰচেষ্টাত চাহ জনজাতিৰ বহু সংখ্যক লোকে ধৰ্মান্তৰিত হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। খাৰিয়া, চাওঁতাল, কুৰুখ আৰু মুণ্ডা সকলৰ ভিতৰত খ্ৰীষ্টান ধৰ্ম বেছি জনপ্ৰিয়। কেথলিক, প্ৰটেষ্টান, বাপিষ্ট, লুইথাৰ্ন আদি শাখাৰ খ্ৰীষ্টান ধৰ্ম তেওঁলোকে পালন কৰে।

অন্যান্য উৎসৱ-পাৰ্বন

ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদি ৰাজ্যৰ দৰে অসমৰ চাহ জনজাতীয় লোকসকলে ভাদ মাহৰ একাদশী তিথিত কৰম পূজা পালন কৰে। মাদল বজাই সমূহীয়াকৈ কৰা ঝুমুৰ নৃত্য এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। একেদৰে পুহ মাহৰ সংক্ৰান্তিৰ দিনাখন তেওঁলোকে টুচু পূজা পালন কৰে।

চিত্ৰ ভঁৰাল

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

অসমৰ চাহ জনগোষ্ঠী জন-গাঁথনিঅসমৰ চাহ জনগোষ্ঠী ভাষাঅসমৰ চাহ জনগোষ্ঠী ধৰ্মঅসমৰ চাহ জনগোষ্ঠী চিত্ৰ ভঁৰালঅসমৰ চাহ জনগোষ্ঠী তথ্য উৎসঅসমৰ চাহ জনগোষ্ঠী বাহ্যিক সংযোগঅসমৰ চাহ জনগোষ্ঠীঅন্ধ্ৰ প্ৰদেশঅসমঅসম চৰকাৰঅসমীয়া ভাষাইংৰাজী ভাষাউজনি অসমওড়িয়া ভাষাওড়িশাওদালগুৰি জিলাকাছাৰ জিলাকোকৰাঝাৰ জিলাকৰিমগঞ্জ জিলাগোলাঘাট জিলাচাঁওতালি ভাষাচৰাইদেউ জিলাছত্তীছগঢ়ঝাৰখণ্ডডিব্ৰুগড় জিলাতিনিচুকীয়া জিলানগাঁও জিলাপশ্চিম বংগবঙালী ভাষাবিহাৰব্ৰহ্মপুত্ৰ উপত্যকাবৰাক উপত্যকাযোৰহাট জিলাশোণিতপুৰ জিলাহাইলাকান্দি জিলা

🔥 Trending searches on Wiki অসমীয়া:

ভট্টদেৱজৱাহৰলাল নেহৰুনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পমানৱ শৰীৰজৈৱ বৈচিত্ৰ্যফলৰ তালিকাভূমিকম্পবিশ্ব মেলেৰিয়া দিৱসয়অসমীয়া উপন্যাসঅসমীয়া ভাষাৰ শব্দসম্ভাৰএককোষী জীৱঅসমীয়া লোকসাহিত্যপ্ৰদূষণফুটবলফুলগুৰি ধেৱাআগ্নেয়গিৰিকলিকতাভিটামিনপাইথেগাৰাছসাঁচিপাতসাত বিহুমেলেৰিয়াকাল সংহতিমালিনী থানমুগা (ৰেচম)তেজপুৰঅনুবাদশাক-পাচলিভাৰতবৰপেটা সত্ৰসূৰ্যলক্ষ্মীধৰ শৰ্মাচন্দ্ৰকুমাৰ আগৰৱালাসাঁথৰঅসমৰ বাঁহ-বেতৰ শিল্পমিচিং নৃত্য আৰু গীত মাতঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামাতৃভাষাপথেৰ পাঁচালীসন্ধিমৃণাল কলিতাকামৰূপ জিলাঅশোকৰ অনুশাসনথমাছ আলভা এডিচনশিৱসাগৰ জিলামিঠু বৰুৱাভাৰতৰ সংবিধানবৰগীতজাতি লাউমাধৱদেৱযতীন্দ্ৰ নাথ দুৱৰাদৰং জিলাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়বিৰিঞ্চি কুমাৰ বৰুৱাম'হৰ শিঙৰ পেঁপাপ্ৰাক-ইতিহাসঅভিধানআনন্দৰাম ঢেকিয়াল ফুকনইলিয়াডঅসমীয়া প্ৰতিদিনভূগোলকৃষিশৰীৰস্থানফুলছক্ৰেটিছনাগৰিকত্বমিজোৰামঅসমৰ তেল শোধনাগাৰভাৰতীয় ভাষাভাস্কৰ (প্ৰথম)মানুহৰ কংকালস্বদেশী আন্দোলনপ্লেটো🡆 More