দৰ্শন: জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা

দৰ্শন (ইংৰাজী: Philosophy) জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা। ফিল’ছফী শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিলে গ্ৰীক চিন্তাবিদ থেলচ্। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ত শব্দটো প্ৰথম ব্যৱহৃত হয়। থেলচ্ এ ফিল’ছফী শব্দটো ব্যৱহাৰ কৰে love of wisdom অৰ্থাত্‍ জ্ঞানৰ প্ৰতি অনুৰাগ হিচাপে। দৰ্শনৰ সংজ্ঞা হিছাপে এই বিষয়টোকেই গ্ৰহণ কৰা যায়। আৰু নিৰ্দিষ্টভাৱে ক’ব গ’লে দৰ্শন জ্ঞানৰ এনে এটা ধাৰা য’ত, মানুহে কিভাবে জীৱন নিৰ্বাহ কৰা উচিত (নীতিবিদ্যা); কোন ধৰণৰ বস্তুৰ অস্তিত্ব আছে আৰু সিহঁতৰ প্ৰকৃতি কি (অধিবিদ্যা); প্ৰকৃত জ্ঞান বুলিলে যি বুজায় আৰু কাৰণ প্ৰদৰ্শনৰ সঠিক নীতি কি কি (যুক্তিবিদ্যা); এই বিষয়সমূহ সম্পৰ্কে আলোচনা কৰে।

দৰ্শন: জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা
পাইথেগাৰাছৰ আৱক্ষ প্ৰতিমূৰ্ত্তি

ফিল’ছফী শব্দটি প্ৰাচীন গ্ৰীক ভাষাৰ পৰা উত্‍পত্তি হৈছে। গ্ৰীক ভাষাত φιλοσοφία (philosophía) শব্দটো φίλος (ফিলছ: বন্ধু, ভালপোৱাৰ পাত্ৰ) আৰু σοφία (ছফিয়া: প্ৰজ্ঞা) শব্দদুটা জড়িত হৈ উত্‍পত্তি হৈছে। ইয়াৰ পৰা স্পষ্টভাৱে বুজা যায় যে, দৰ্শনৰ লগত প্ৰজ্ঞা, আৰু নিৰ্দিষ্টভাৱে ক’ব গ’লে প্ৰজ্ঞাৰ প্ৰতি ভালপোৱাৰ মূল সম্পৰ্ক আছে। জ্ঞান আৰু প্ৰজ্ঞা একেই নহয়। ঘটনা আৰু তথ্য সম্পৰ্কে স্পষ্ট আৰু নিৰ্ভুল ধাৰণাৰ পৰা জ্ঞান লাভ কৰা যায়, কিন্তু দাৰ্শনিক (যিয়ে দৰ্শন চৰ্চা কৰে সেই ব্যক্তিক দাৰ্শনিক বোলা হয়) কেৱল তথ্যগত জ্ঞানৰ ওপৰতে নিৰ্ভৰ নকৰে। দৰ্শনৰ প্ৰধান কাম্য বিষয় প্ৰজ্ঞা। প্ৰজ্ঞাৰ অনুসন্ধান আৰু চৰ্চাৰ মাধ্যমৰে দৰ্শনে বিকাশ লাভ কৰে।

আন এক দিশৰপৰা চাবলৈ গ'লে দৰ্শন শব্দটো সংস্কৃত দৃশ ধাতুৰ পৰা আহিছে যাৰ সাধাৰণ অৰ্থ দেখা পোৱা যদিও ইয়াত দৰ্শন শব্দটোৱে গভীৰ তাৎপর্য গ্ৰহণ কৰিছে।ইয়াত দৰ্শন মানে মাথোঁ দেখা পোৱাই নহয়, ই সত্যৰ সাক্ষাৎ উপলব্ধি অৰ্থাৎ দৰ্শনৰ জৰিয়তে আমি জগৎ আৰু জীৱনৰ সত্যক উপলব্ধি কৰাৰ চেষ্টা কৰোঁ।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে, "দৰ্শন হৈছে বাস্তৱ প্ৰকৃতিৰ তৰ্কমূলক অনুসন্ধান।"(Philosophy is the logical enquiry into the nature of reality.)

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

সাঁচিপাতচৈয়দ আব্দুল মালিকবৰাক উপত্যকাফলৰ তালিকাএইচ.আই.ভি/এইড্‌ছশৰাইঘাটৰ যুদ্ধমে ডাম মে ফিমৌ-মাখিবাণীকান্ত কাকতিমৰুদ্যানক্ৰিকেটসাত বিহুবগেজাৰী গীতঅসমৰ চাহ জনগোষ্ঠীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিহনুমাননীলপৱন বৰুৱাঅসম সাহিত্য সভাগোলাঘাটহীৰেন্দ্ৰ নাথ দত্তপাৰিজাত হৰণ নাটৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসদুৰ্গাঅসমৰ গামোচাভাৰত-চীন যুদ্ধজাতি লাউঅম্বিকাগিৰি ৰায়চৌধুৰীৰামইণ্টাৰনেটঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবৰপেটা (লোকসভা সমষ্টি)দিহানামশিৱহোমেন বৰগোহাঞিউদাৰনৈতিকতাবাদঅপভ্ৰংশস্বাভাৱিক সংখ্যাচাহৰুবুল মাউতপৃথিৱীভাৰত ৰত্নবসন্ত ৰোগঘৰ শালিকানলবাৰী জিলামিচিং নৃত্য আৰু গীত মাতজয়মতী কুঁৱৰীহাঁচতিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যআউনীআটী সত্ৰব্ৰহ্মপুত্ৰ নদমহাসাগৰভাৰতীয় নাগৰিকত্ব আইনৰংবিত্তীয় বজাৰআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিজল প্ৰদূষণআৰ্যভট্টব্ৰহ্মগুপ্তসংশয় ব্যৱস্থাপনাকামৰূপী লিপিকামৰূপী উপভাষাবৰপেটামেঘালয়জন গণ মনসেউজ গৃহ প্ৰভাৱশ্ৰী শ্ৰী বটদ্ৰৱা থানবিষ্ণুৰাম মেধিভূমি প্ৰদূষণএশিঙীয়া গঁড়🡆 More